বিড়ি জালাইলে- স্বপ্নালী বৰদলৈ
আগৰদিনৰ বহুতো বয়ঃসস্থ মহিলাই বিড়ি খায়। সৰুতে দেউতাৰ বায়েক মানে আমাৰ জেঠায়ে মনে মনে খোৱা দেখোঁ। আমাৰ ঘৰলৈ থকাকৈ আহিলে জেঠাইক বিড়িৰ কথাটো লৈ লটিঘটি কৰোঁ। মায়ে আমাক ধমকি দিয়ে। পিচে মাৰ ধমকিলৈ কেৰেপ নকৰি মই জেঠাইক কাকুটি-মিনতি কৰি মোৰ সন্মুখত বিড়ি খাবলৈ বাধ্য কৰোঁ। জেঠায়ে লাজ লাজকৈ বিড়িটো এহোপা মাৰে আৰু মই চাই থাকোঁ কেনেকৈ ধোঁৱাৰ কুণ্ডলী পকাই বতাহত মিলি যায় আৰু দি যায় এক ধুনীয়া সুগন্ধ! বিড়িৰ গোন্ধ ভালপোৱা মানুহ আছে নে বাৰু? বেলেগৰ কথা নাজানো মই পিচে গোন্ধটো বৰ ভাল পাওঁ। বৰ্তমান এই পৃথিৱীত জেঠাই নাই। পিচে এতিয়াও ক’ৰবাত বিড়িৰ গোন্ধ পালেই যেন জেঠায়ে খাই আছে মোৰ এনে লাগে।
সৰুকালৰে কথা। এবাৰ আন্ধাৰে-মুন্ধাৰে পদূলি মুখত ৰৈ থাকোঁতে ৰাস্তাৰ কাষত কোনোবা এজনৰ মুখত জুইৰ আঙঠা যেন কিবা এটা পোহৰ দেখিলোঁ। অলপ পিছত পোহৰটো মানুহজনে দলি মাৰি আঁতৰি যায়। মই দৌৰ মাৰি গৈ কি বস্তুনো বুলি চাওঁতেই দেখিলোঁ সেইটো এটা বিড়ি। লগে লগে বুটলি দিলোঁ এহোপা টান মাৰি। আজৈ..! গোটেই ধোঁৱাসোপা ডিঙিলৈকে সোমাই উশাহ ল’ব নোৱাৰা কৰি পেলালে নহয়। যেনে-তেনে উশাহটো ঘূৰাই কাহি কাহি মই লেবেজান। মোৰ কাহ শুনি দেউতাই মোক চিঞৰি মাতিবলৈ ধৰে। দেউতাৰ মাত শুনি মই সেইফালেই তাপ মাৰিলোঁ। কোনোমতে সেইবাৰলৈ সাৰি আৰু কেতিয়াও সেইবিধ মুখত নিদিওঁ বুলি প্ৰতিজ্ঞা কৰিলোঁ।
মোৰ মাৰ ফালৰ ডাঙৰ জেঠাইগৰাকীয়েও বিড়ি খাইছিল। এই বিড়ি খোৱা স্বভাৱটোৰ ঘোৰ বিৰোধী দুয়ো পুত্ৰ। তথাপি সুযোগ পালে কেতিয়াবা মনে মনে খায়। এবাৰ জেঠাইৰ ভৰি ভাঙিলত নাৰ্ছিংহোমত থাকিব লগা হ’ল। নাৰ্ছিংহোমত ধূমপান নিষিদ্ধ। তাতে দুই পুত্ৰ ৰখীয়া। গতিকে জেঠায়ে প্রিয় বস্তুবিধ বহুদিন মুখত দিবলৈ পোৱা নাই। এদিনাখন মই জেঠাইৰ ছোৱালীজনীৰ লগত জেঠাইৰ খবৰ ল’বলৈ গ’লোঁ। ইটো-সিটো বস্তু নি জেঠাইক খোৱাই দিব খুজিছোঁ। পিচে তেওঁ খাবলৈ ইচ্ছা কৰা নাই। সেয়ে সুধিলোঁ ,
: জেঠাই আপোনাৰ কি খাবলৈ মন গৈছে নো?
জেঠায়ে ক’লে,
: বিড়ি এটা খাবলৈ পোৱা হ’লে! জীৱনৰ বিয়লি বেলাত উপস্থিত হোৱা অসুখীয়া নিশকতীয়া মানুহজনীয়ে যি ধৰণেৰে যিটো কৰুণ সুৰত কথাষাৰ ক’লে মই শুনিয়ে লগে লগে থিয় হ’লোঁ আৰু দোকানলৈ যাবলৈ ওলালোঁ। বাইদেৱে ক’লে,
: তই আনিবি ক’ৰ পৰা? আৰু ইয়াত এইবোৰ খোৱা দেখিলে ডাক্তৰে থ’ব আৰু আমাক!
মই বোলো,
: যি হয় হ’ব। মই যেনেতেনে হ’লেও আনি খোৱাই জেঠাইৰ মনৰ হেঁপাহ পূৰ কৰিম।
নাৰ্ছিংহোমৰ পৰা ওলাই আহি চাৰিওফালে চালোঁ। গোটেইবোৰ ৰেষ্টুৰেণ্ট অথবা হাইফাই গেলামালৰ দোকান য’ত বিড়ি ৰখাৰ সম্ভাৱনা কম। তথাপি অলপ দূৰ আগুৱাই গৈ দেখিলোঁ এখন সৰু ঘুমটি। তালৈকে গৈ মই দোকানীজনক ক’লোঁ,
: এপেকেট বিড়ি দিয়কচোন।
মানুহজনে মোক ওপৰৰ পৰা তললৈ অবাক লাগি চাই আকৌ সুধিলে,
: কি লাগে?
: বিড়ি এপেকেট। খুব লাজ লাগিছিল যদিও লাজভাব নেদেখুৱাই মই গহীনত ক’লোঁ।
: কি বিড়ি দিম? মাদাৰ ইণ্ডিয়া নে বান্দৰ বিড়ি?
: মাদাৰ ইণ্ডিয়া দিয়ক।
মানুহজনে মোলৈ চাই চাই বিড়িৰ পেকেটতো কাগজেৰে বান্ধি দিলে। ভাবিছে চাগে ধুনীয়াকৈ সাজি-কাঁচি অহা এই আধুনিকা যুৱতীক বিড়িৰ বা কিয় দৰকাৰ! পইচা দি ওলাই আহিবলৈ খোজোতেই দুজন সুদৰ্শন যুৱকৰ মুখামুখি হ’লোঁ। দুয়োজনেই বোধকৰো মই কিনা সামগ্ৰীবিধ দেখিলে। মুখত মিচিকীয়া হাঁহি এটা লৈ মোৰ মুখলৈ চালে। মই লাজত মৰা যেন হ’লেও অলপো পাত্তা নিদি দোকানখনৰ পৰা ওলাই আহিলোঁ। লৰালৰিকৈ জেঠাই থকা কেবিনটো পালোঁগৈ। বাইদেউক ক’লো,
: আপুনি দৰ্জাখন বন্ধ কৰি বাহিৰত ৰৈ থাকক। যদি ডাক্তৰ, নাৰ্ছ অথবা অন্য কোনোবা অহা যেন দেখে তেন্তে লগে লগে জনাব।
বাইদেউ বাহিৰলৈ গ’ল। মই দৰ্জাখন বন্ধ কৰি জেঠাইক বিড়িটো জ্বলাই হুপিবলৈ দিলোঁ। জেঠায়ে বোধকৰো মোৰ আগত খাবলৈ অকণমান অস্বস্তি পাইছিল। মই লাহেকৈ বাথৰূমলৈ যাওঁ বুলি কৈ আঁতৰি দিলোঁ। জেঠায়ে তৃপ্তিৰে বিড়িৰ ধোঁৱা এৰিলে। খাই উঠি জেঠায়ে ক’লে,
: এতিয়াহে মনটো ভাল লাগিছে অ’।
তেতিয়া মোৰ মনটো কি যে ভাল লাগিছিল। জেঠাইৰ লগত আৰু কিছু সময় কটাই নাৰ্ছিংহোমৰ পৰা যেতিয়া ওলাই আহিছিলোঁ তেতিয়া কোনোবাই পিছফালৰ পৰা চিঞৰি গোৱা শুনিছিলোঁ “বিড়ি জলাইলে… জলাইলে পিয়া…!” লাহেকৈ ঘূৰি চাই দেখিলোঁ সেই ঘুমটিখনত দেখা ল’ৰাকেইজন। মই ঘূৰি চোৱা যেন দেখি সিহঁতৰ গানৰ সুৰ সপ্তমত পালেগৈ। মই কোবাকুবিকৈ আহি গাড়ীত উঠিহে স্বঃস্তিৰ নিশ্বাস ল’লোঁ।
☆ ★ ☆ ★ ☆