ফটাঢোল

বৰষা যেতিয়া নামে- স্বাক্ষৰজ্যোতি মহন্ত

দুবৰীয়ে লৰালৰিকৈ বেণীদাল গুথি বেগটোত পানীৰ বটলটো ভৰাই লৈ ছাতিটো ভৰাবলৈ লৈ দেখে যে ছাতিটো নাই৷ তাইৰ তেতিয়াহে মনত পৰিল, কালি তাই ছাতিটো তাপছক দিছিল৷ আচলতে তাই কালি পূৰ্ণিমা বাইদেউৰ লগত স্কুলৰ পৰা ঘৰলৈ খোজকাঢ়ি গৈ আছিল৷ সেইসময়তে আবতৰীয়া বৰষুণজাক আহিল৷ তাই আৰু পূৰ্ণিমা বাইদেউ দুইজনীয়ে ছাতিটো মেলি ল’লে৷ ঘৰলৈ বেছি দূৰ নাছিল৷ সিফালৰ পৰা তাপছ আহি আছিল তিতিবুৰি৷ তাইৰ বেয়া লাগিল৷ তাইৰ ছাতিটো তাক দি দিলে৷ তাই পূৰ্ণিমা বাইদেউৰ ছাতিৰ তলত সোমাল৷

দুবৰী বাহিৰলৈ ওলাই আহিল৷ আকাশলৈ চালে, বৰষুণ নাই যদিও দিব পাৰে৷ তাই ইটো ছাতি চালে, ভাগি আছিল৷ তাই যি হয় হ’ব বুলি ছাতিটো নভৰালে৷ বেগটোৰ চেইনদাল মাৰি থৈ দিলে৷ তাইৰ দেৰি হৈছে৷ মাকো ঘৰত নাই, তাইৰ জন্মদিন বুলি নামঘৰত চাকি এগছি দিবলৈ গৈছে৷ ভায়েক দুটাও স্কুললৈ গ’ল৷ তাই পাকঘৰলৈ আহি লৰালৰিকৈ ভাতকেইটা বাহিবলৈ বুলি লৈ দেখে, কালি ৰাতিৰ বৰষুণজাকত পাকঘৰৰ টিংখনৰ ফুটাকেইটাইদি পানী পৰি পাকঘৰৰ মজিয়াখনৰ আধাফাল তিয়াই থোৱা আছে৷ তাই নাকে মুখে ভাতকেইটা গুজি যাবলৈ ওলাল৷ দুবৰীৰ মনটো বেয়া লাগি গ’ল৷ কিমান যে সমস্যা ঘৰখনত৷ দেউতাকৰ বেমাৰৰ কাৰণে তাই M.sc. কৰিব নোৱাৰিলে৷ ভাল আছিল তাই পঢ়াত৷ B.sc. পাছ কৰি তাই ঘৰখনৰ আধা দায়িত্ব চম্ভালিব লগা হ’ল৷ দেউতাকেও বেমাৰৰ কাৰণে আধাতে চাকৰিটো এৰিব লগা হ’ল৷ বহুত কষ্ট কৰি তাই আৰু মাকে দেউতাকৰ চিকিৎসা কৰিছিল৷ কিন্তু দেউতাকো ঢুকুৱা আজি তিনিবছৰ হ’ল৷ তাই দুবছৰৰ আগতে TET পাছ কৰি শিক্ষকৰ চাকৰি পালে৷ সিহঁতৰ ঘৰখনে সকাহ পালে অলপ৷ ভায়েক দুটা বহুত সৰু তাইতকৈ৷ মুঠতে তাইয়েই ঘৰখন চলাই আছে৷ “দুবৰী”, তাই ঘূৰি চালে৷ পাছাদাৰ দোকানৰ আগত তাপছ৷ সি আগবাঢ়ি আহি ক’লে, “স্কুললৈ যোৱা?”

“অঁ, তোমাৰ কলেজ নাই নেকি?”

“আছে। আজি মই তোমাক ছাতিটো দিম বুলি ভাবি পাহৰি থাকিলোঁ৷ আবেলি নহ’লে তোমাৰ ঘৰত দি থৈ আহিম, হ’বনে?” 

“নাই নালাগে, ছাতিটো পাছত দিলেও হ’ব৷ মই এতিয়া যাওঁ, স্কুললৈ দেৰি হৈছে৷” 

“অ’ দেৰি হৈছেতো তোমাৰ স্কুললৈ, যোৱা বাৰু৷”

দুবৰী যিমান পাৰে সোনকালে আতৰি আহিল৷ তাপছ আৰু তাই একেলগে পঢ়িছিল গুৱাহাটীত৷ তেতিয়া সিহঁত দুটা ভাল বন্ধু আছিল৷ কিন্তু তাৰপাছত তাই ঘৰলৈ গুচি আহিব লগা হ’ল৷ তাপছ চোকা আছিল৷ সি M.Sc. পাছ কৰি লগে লগে JRF Clear কৰি সিহঁতৰ গাঁৱৰ ওচৰৰ কলেজখনত সোমাইছেহি নতুনকৈ৷ কলেজত থাকোতে তাইৰ তাক ভাল লাগিছিল৷ হয়তো তাৰো৷ কিন্তু কাৰো একো কোৱা নহ’ল৷ আজি ৫ বছৰ ধৰি একো যোগাযোগ নাই সিহঁতৰ মাজত৷ কিন্তু তাই তাক এসপ্তাহমানৰ আগতে লগ পালে ইয়াতে৷ কিন্তু এতিয়া কথাবোৰ বহুত সলনি হ’ল৷ তাইৰ লাজেই লগা হ’ল তাৰ লগত কথা পাতিবলৈ৷ সেইকাৰণেই ইচ্ছা কৰিয়েই তাই তাক সিহঁতৰ ঘৰলে নামাতিলে৷ সিহঁতৰ ঘৰৰ যিহে অৱস্থা, সি চাগে দেখিলে তাইক পাছত মাতিবলেও ইচ্ছা নকৰিব৷ তাই কথাবোৰ ভাবি ভাবি কিবা অনামী ক্ষোভত শিলগুটি এটা গোৰ মাৰি দিলে৷ শিলগুটিটো সিহঁতৰ হেডছাৰৰ বাইকত লাগিল৷ তাই লাজ পালে৷ কোনেও নেদেখিলে, তাই লৰালৰিকৈ স্কুলত সোমালগৈ৷

 শনিবাৰ কাৰণে স্কুল সোনকালে ছুটি হ’ল৷ তাই ঘৰলৈ সোনকালে আহিছিল, কিন্তু বৰষুণ অহাৰ বাবে পূৰ্ণিমা বাইদেউৰ ঘৰত সোমাব লগা হ’ল৷ ৰ’দটো অলপ ওলোৱা দেখি তাই গুচি আহিল৷ ঘৰৰ বাহিৰত দেখে বাইক এখন৷ ভিতৰত মাকে কাৰোবাৰ লগত কথা পাতি আছে৷ মাতটো চিনাকি যেন দেখি তাই পাকঘৰলৈ সোমাই গ’ল৷ ভিতৰলৈ গৈ দেখে তাপছে টেবুলৰ ওপৰত চকী এখন জোৰা দি তাৰ ওপৰত উঠি সিহঁতৰ টিঙৰ ফুটাটোত কিবা বান্ধি আছে৷ দৃশ্যটো দেখি দুখ আৰু লাজত তাইৰ মৰি থাকো যেন লাগিল৷ তাপছে হয়তো জীৱনত এনেকুৱা ঘৰ দেখি পোৱা নাই৷ ইতিমধ্যে তাপছে ফুটাটো মাৰি জাপ মাৰি নামিল৷ টিঙৰ পানীৰে তাৰ গোটেই মূৰটো তিতিল৷ মাকে ক’লে “বোপা তুমিচোন তেনেই তিতিলা”৷ দুবৰীক দেখি মাকে ক’লে, “অ’ মাজনী তই আহিলি। যাচোন বোপালে গামোচা এখন লৈ আহ৷” তাই থৰ হৈ ৰৈ থাকিল৷ তাপছে কলে “বেঙীজনী হৈ কি চাই আছা! দেখিছা কিমান ধুনীয়াকে ফুটাটো মাৰিলোঁ৷ আমাৰ ঘৰৰ টিঙৰ ফুটোবোৰ চব মই তেনেকেই মাৰােঁ৷ আৰু বাইদেউ আপোনাক জন্মদিনৰ শুভেচ্ছা জনালোঁ দেই৷ তোমাৰ জন্মদিনটো মোৰ মনত আছে, এইটো লোৱা৷” সি তাইৰ হাতত উপহাৰৰ টোপোলা এটা তুলি দিলে৷ মাকে চাহ একাপ আৰু পকৰীৰ প্লেটখন তাৰ আগত থলেহি আৰু তাইক ক’লে “যা আক’ গামোচা এখন আন৷” তাই হচকিত হ’ল৷ গামোচাখন ভিতৰৰ পৰা লৈ আহিল৷ মাকে তাপছক ক’লে “চাহকাপ খাই লোৱা, নহ’লে তোমাৰ পানী লাগি জ্বৰ হ’ব, ৰঙা চাহ খোৱা নহয়!” 

“খাওঁ খাওঁ খুৰী৷ সৰুৰে পৰা ৰঙা চাহেই খাই আহিছোঁ দেখোন৷ ঘৰত গাখীৰ কেতিয়াবাহে থাকে৷” সি হাঁহি দিলে৷ তাইৰ মনটো বহুত পাতল হৈ গ’ল৷ তাই তাক গামোচাখন আগবঢ়াই দি ক’লে, “আকৌ বৰষুণ কেতিয়া আহিব!”

(সৰুতে মৌচাকত পঢ়া গল্প এটাৰ ছাঁ লৈ লিখা)

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *