ফেইচবুক ষ্টেটাচ-বিনীতা বৰশইকীয়া
লগৰবোৰে সদায় সদায় ফেইচবুকতআপডেটাই থাকে-
“মোৰ সৰু সৰু সুখবোৰ”
“মোৰ এধানি এধানি সুখবোৰ”
চাই চাই ময়ো ভালেই পাওঁ। লাইক কমেণ্টো কৰোঁ। কিন্তু কেতিয়াবা কেতিয়াবা মোৰো সৰু সৰুকে এচকল দুচকল দুখ লাগে দিয়কচোন। মই কথাবোৰ ভাবি ভাবি মন মাৰি থকা দেখি শহুৰৰ পুতেকে সুধিলে,
: কিয় মন মাৰি আছা প্ৰাণেশ্বৰী?
তেনেকৈ সুধি দিয়াত মোৰ সৰসৰাই নিমখীয়াসোপা ওলাই আহি বিয়াৰ পিছতে “আজিৰ পৰা এইটো তোমালোকৰ শোৱনি কোঠা দেই” বুলি চমজাই দিয়া কোঠাটো গোটেই চপচপীয়া কৰি পেলালে। উপায় নাপাই মপডাল আনিবলৈ বুলি উঠোঁতে বৰ বেয়াকৈ চকুপানীতে পিছল খাই পৰি বৰ্তমান কেঁচা হালধিৰ ৰসেৰে চপচপীয়া ভৰি। শহুৰৰ পুতেকে দুখ কৰি ক’লে,
: হ’ব দিয়া ময়ে মোহাৰি দিম।
তেওঁৰ কথাত দুখসোপাই আকৌ হেঁচা মাৰি ধৰাত মোৰ মুখখন দেখিবলৈ তেনেই মালতীহঁতৰ বাৰীৰ মূৰত থকা তাজ্যবৃক্ষ আমজোপাৰ অ’ত ত’ত উৰ্বৰা বুলি চাৰ্টিফিকেটখন ওলোমাই ওলমি থকা পোকেখোৱা আমকেইটাৰ দৰে হৈ পৰিল। আনফালে মজিয়াখনো তেনেই “আজ ব্লু হ্যে পানী পানী” টাইপৰ হৈ পৰিল। মইহেন শহুৰেকৰ কৰ্মঠ জীয়েকজনী থাকোঁতে শহুৰৰ পুতেকক বাৰু কোন সতে মজিয়া মোহাৰিবলৈ দিওঁ কওকচোন? তথাপি শহুৰৰ পুতেকে শহুৰেকৰ জীয়েকৰ বাবে এই কৰ্মভাগি কৰিবলৈ উদ্যত হ’ল। উপায়ো নাই তেওঁৰ। মোৰো ইফালে ভৰিত চেনিগুটিটোৰ সমান বিষ! শেষত যেনিবা সকলো মোহাৰি মেলি মোলৈ চিকেন চুপ এবাতি বনাই আনি মুখৰ আগত দি আকৌ সুধিলে, “বোলে এতিয়া কোৱাচোন? কিনো ইমান দুখৰ আগ্নেয়গিৰিৰ বিস্ফোৰণ ঘটিছে? আকৌ কিন্তু নাকান্দিবা দেই। মজিয়া মোহাৰি মোহাৰি মোৰো কঁকালৰ বিষ হয়হে লাগে।”
মই বোলো, “কৈছোঁ ৰ’বা।”
মোৰ লগৰবোৰে সদায় ফেইচবুকত ইমান ধুনীয়া ধুনীয়া আপডেট দিয়ে। কিবাকিবিত পুৰষ্কাৰ পোৱাবোৰ “মোৰ সৰু সৰু সুখবোৰ” বুলি। মোৰহে একো নাই দিবলৈ। সেয়ে বেদনাৰে মনটো চুনহঁতৰ বাৰীৰ পাতকঁঠালকেইটাৰ দৰে গধুৰ হৈ পৰিছে জানা!
: ইস্! ইস্! তেনেকুৱা কথা নেকি? কিয়নো চিন্তা কৰি আছা? তুমিও তোমাৰ পাকঘৰৰ পৰাই আৰম্ভ কৰি দিয়া।
বচ। হৈ গ’ল। শহুৰৰ পুতেকে দিয়া আইডিয়াটো মোৰ সেই যোৱাবাৰৰ আগৰবাৰৰ অ’ নহয় তাৰ আগৰবাৰৰ পূজাত জেপ লুৰুকি গুলপীয়া শাৰীখন কিনোতে মনটো যিমান আনন্দ লাগিছিল, সিমান আনন্দত মনটো চিলাখনৰ দৰে উৰিবলৈ ধৰিলে।
শুভকামত বিলম্ব! ন’ নেভাৰ। দুখ পোৱা ভৰিটোক ক’লোঁ, অকণ সাহস কৰ। ইজ্জত আছে যদি মোক সহায় কৰ। দুপিয়াই দুপিয়াই ফটাফট পাকঘৰলৈ আহি মোৰ সৰু সৰু সুখবোৰৰ ফটো তুলি ফেইবুকত আপলোডাই দিলোঁ আৰু লাইক কমেণ্ট চাবলৈ মেকুৰীয়ে মাছ জোপাদি জুপি থাকিলোঁ।
তেনেতে শহুৰৰ পুতেকে আহি যিটোহে গেঙনি মাৰিলেহি, কোনোমতেহে সৰুপানীক ভেটা দি ৰাখিলোঁ।
: এইবোৰ ফেইচবুকত কি আপলোড কৰিছা? মোৰ জন্ম সূত্রে পোৱা তিলফুলীয়া নাকটোৰ ‘স্বাহা’ কৰিহে এৰিবা তাৰমানে?
: বোলো, কি কৰিলোঁ মই এইবাৰ?
: এইবোৰ কি আলু, পিয়াঁজ, কঁঠালগুটি, ধান, চাউল, দাইল, তিল, সৰিয়হ দি ফটো আপলোড কৰিছা? আকৌ কেপচন দিছে, “মোৰ সৰু সৰু সুখবোৰ”
: কিয়? তুমিয়েই দেখোন কৈছিলা, পাকঘৰৰ পৰাই আৰম্ভ কৰিবলৈ। পাকঘৰত আলু, পিয়াঁজৰ বাদেনো আৰু কি পায়!
: মই তোমাক ভালকৈ কিবা এটা ৰান্ধিহে ফটো আপলোড কৰিবলৈ কৈছিলোঁ।
: মই কি জানো? সৰু সৰু সুখ কাৰণে ভাবিলোঁ তুমি বজাৰৰ পৰা বাচি বাচি অনা টিলিকা টিলিকা আলু, পিয়াঁজকেইটাৰ বাহিৰেনো আৰু কি আপলোড কৰোঁ। সেয়ে …
শহুৰেকৰ পুতেক বোলে এঘণ্টামান বেহুচ হৈ পৰি থাকিল।
☆ ★ ☆ ★ ☆
10:40 am
হা হা হা, হয়তো কথাটো। সৰু সৰু পিয়াঁজ এটাৰেই দাইল, ভাজি দুয়োখন ৰন্ধাৰ সুখটোৰ তুলনা আছে নেকি ক’ৰবাত! আমাৰ সেইবোৰেই সুখ।