ফটাঢোল

ষষ্ঠ ইন্দ্ৰিয়-হিমাংশু ৰাজখোৱা

জখলাবন্ধাৰ ৰেল ক্ৰছিংটো পাৰ হৈ আহি বুঢ়া পাহাৰ উঠা নাই ট্ৰেভেলাৰখন।

হঠাৎ বুকুৰ ভিতৰত কিবা এটাই ধমহকৈ মাৰিলে মোৰ। মনৰ ভিতৰত যেন অগাডেৱা কৰিলে এক অশুভ সংকেতে। ঠিক যেন এক দিব্য দৃষ্টিৰে মই দেখিলোঁ আৰু কাটাই কাটাই দহ মিনিট পাছত বুঢ়া পাহাৰৰ নামনিত থকা সেই বিখ্যাত মণিপুৰী হোটেলখনৰ সন্মুখ পোৱাৰ লগে লগে গাড়ীখনৰ ইঞ্জিনত জুই লাগিব। বিস্ফোৰণত উৰি যাব গাড়ীৰ সন্মুখৰ অংশ। আটাইবোৰ যাত্ৰীৰ মৃত্যু হ’ব। ভাগ্য ভাল থাকিলে হয়তো দুই এজন বাচি যাব বিভৎস শৰীৰলৈ, কিন্তু সেই বাচি যোৱা হ’ব মৰণতকৈ ভয়ংকৰ!

এতিয়া যদি মই এই কথাটো গাড়ীখনত থকা মানুহবোৰক কৈ দিওঁ, মোৰ কথা কোনেও বিশ্বাস নকৰিব! হাঁহি উৰুৱাই দিব মোৰ এই শংকা। অন্ততঃ মোৰ অতীতৰ অভিজ্ঞতাইতো তাকেই কয়।কিন্তু ইমানদিনেতো মই বুজি উঠিছোঁ যে মোৰ এটা বিশেষ ‘পাৱাৰ’ আছে। ষষ্ঠ ইন্দ্ৰিয় বুলি মানুহৰ যিটো বস্তু থাকে, সেইটো মোৰ গাত অনবৰতে সক্ৰিয়। এতিয়ালৈ অন্ততঃ কোনো দিন, মোক মোৰ ষষ্ঠ ইন্দ্ৰিয়ই ভুল বাৰ্তা দিয়া নাই আৰু মাত্ৰ দহ মিনিট! আৰু দহ মিনিট পাছতেই বিস্ফোৰিত হ’ব এই গাড়ীৰ ইঞ্জিন।

গাড়ীখনৰ ভিতৰখন এবাৰ চালোঁ। খালী গাড়ী।কভিড প্ৰট’কল মানি গাড়ীখনত আধা যাত্ৰীহে আহিব পাৰে যদিও, আধাৰো আধা মানুহহে আছে গাড়ীত। গোটেই মানুহবোৰ গাড়ীখনৰ সন্মুখৰ ফালেই আছে, সম্ভৱতঃ থেকেচনিৰ পৰা বাচিবৰ বাবে। পিছফালৰ অংশ তেনেই খালী। অথচ এই মানুহখিনিয়ে থেকেচনিৰ পৰা বাচিবলৈ সন্মুখৰ ফালে নহাহেঁতেন আজি মৃত্যুৰ পৰা বাচিব পাৰিলেহেঁতেন!

কাষতে বহি থকা মধ্যবয়সীয়া ভদ্ৰলোকজনক মই ক’লোঁ,

: দাদা বলক, পিছফালে গৈ বহোঁ৷

মানুহজনে এনেকৈ মোৰ মুখলৈ চালে যেন মই এটা  পকেটমাৰহে। মোৰ মুখলৈ তীক্ষ্ণভাবে চাই তেওঁ কৈ উঠিল,

: কি হৈছে হে তোমাৰ? ইমান উচপিচাই আছা কিয়?

: নহয়,ধৰি লওক এই গাড়ীখনৰ ইঞ্জিনত যদি জুই লাগে তেন্তে সৱতকৈ আগতে আমি দুটা মৰিম। পাছফালে বহিলে কিজানি বাচি যাওঁ!

এই কথা শুনি এইবাৰ মানুহজনে চাগে মোক পাগল বুলি ধৰি ল’লে। অন্ততঃ তেওঁৰ চকুৰ চাৱনিত সেইটো দেখা গ’ল। এটা শেষ চেষ্টা কৰি চালোঁ,

: দাদা, মোৰ কথা শুনক আৰু অলপ সময়ৰ পাছতে এই গাড়ীখনত জুই লাগিব।

মানুহজনে এইবাৰ মোৰ ফাললৈ ভালকৈ ঘূৰি লৈ ক’লে,

: হেৰা ডেকা ল’ৰা শুনা, ফিল্টাৰ চিগেৰেটত গাঞ্জা ভৰাই হুপাৰ সময়ত মনত ৰাখিবা যাতে ধঁপাত আৰু গাঞ্জাৰ মিকচাৰটো ফিফটি ফিফটি হয়। গাঞ্জাটো চেভেণ্টি পাৰ্চেণ্ট দিলে এনেকুৱা ভাব কিছুমান মনলৈ আহেই। একো নাই বাৰু, নৰমেল কথা, চুপচাপ বহি থাকা।

ধুৰ চাল্লা, ঠাট্টাহে কৰিলে বে!  বেটাই গমেই পোৱা নাই অলপ সময়ৰ পাছত ই যদি বাচিও যায় তেন্তে এই টাইপৰ ঠাট্টা কৰাৰ লায়ক হৈ যে নাথাকিব। অৱশ্যে বাচি যোৱাৰ সম্ভাৱনা নায়েই বাৰু।

আৰু মাত্ৰ সাত মিনিট আছে। সন্মুখৰ চিটৰ ছোৱালীজনীয়ে ফোনত কাৰোবাৰ লগত অথনিৰে পৰা মেছেজ মেছেজ খেলি আছে। মুখত দুষ্টালিৰ হাঁহি। বয় ফ্রেণ্ড চাগে ফোনৰ সিটো মূৰত। অ, অবশ্যে, জাষ্ট ফ্রেণ্ড হোৱাৰ সম্ভাৱনাও আছে। ছোৱালীজনী ধুনীয়া। ছেঃ, অলপ সময়ৰ পাছত এই ধুনীয়া ছোৱালীজনীও নাথাকিব।

ছোৱালীজনীৰ কাষতে এগৰাকী মহিলা। মহিলাৰ কোলাত এটা বাচ্চা। ধেত্তেৰি, দুটা জীৱন একেলগে! মহিলা গৰাকীৰ স্বামীয়ে বাৰু এই ধাক্কাটো কেনেকৈ সহিব! বৰ কষ্ট পাব বেচেৰাই! বাচ্চাটোৱে বাৰু কি ক’বলৈ শিকিছে প্ৰথম! প্রথমে দেউতা বুলি কৈছে নে মা বুলি! হয়তো ভীষণ সুখৰ সংসাৰ তেওঁলোকৰ। বাচ্চাটোৱে কাক বেছি ভাল পায় সেই কথাটো লৈ চাগে কিমান মধুৰ কাজিয়া গিৰিয়েক ঘৈণীয়েক হালৰ!  ভাবিয়েই বুকু ফাটি গ’ল মোৰ। কিন্তু মোৰ আৰু কৰিব লগা আছেনো কি?

ট্ৰেভেলাৰখনৰ ইঞ্জিনটোত জুই লাগিবলৈ আৰু পাঁচ মিনিট মাত্ৰ। আমাৰ পিছৰ ছিটত দুটা ল’ৰা।বন্ধু চাগৈ দুয়োটা। বিশ বাইছ বছৰমান বয়স হ’ব।কিবা এটা কথাত দুয়োটাই খুব হাঁহি হাঁহি আহিছে। আঃ! এই হাঁহিয়েইতো কয় মানুহে যে আসন্ন মৃত্যুৰ একো উমান নাপায়।

আৰু মাত্ৰ দুই মিনিট আছে। নাই নাই, মোৰ হাতত আৰু সময় নাই। নিজকতো ৰক্ষা কৰিবই লাগিব। পাছত কি হয় দেখা যাব। বাকীবোৰ মানুহৰ  বাবে অন্তৰেৰে কন্দাৰ বাদে মইনো আৰু কৰিব পাৰোঁ কি! মোৰ চিটৰ পৰা উঠি বাছৰ একেবাৰে পাছলৈ গুচি গ’লোঁ। পিছৰ একেবাৰে দীঘলীয়া চিটটোত গৈ বহি ল’লোঁ। কাষৰ ভদ্ৰলোকজনে অবাক হৈ মোৰ মুখলৈ চালে। একেবাৰে পিছৰ চিটটোত বহি পিঠিখন পিছফালে পাৰোঁ মানে হেঁচি ধৰিলোঁ। ইয়াত এনেকৈ বহিলে হয়তো মোৰ একো নহ’ব। শেষটো অৱশ্যে ভগৱানৰ ওপৰত।

আৰু মাত্ৰ এক মিনিট! ষাঠি চেকেণ্ড!

ইয়াৰ পাছতেই ট্ৰেভেলাৰখনৰ ইঞ্জিন বিস্ফোৰিত হ’ব। সকলোৰে মৃত্যু হ’ব, খুব সম্ভৱ মই বাচি যাম।

আৰু ত্ৰিশ চেকেণ্ড!

সন্মুখৰ চিট দুটাত দুয়োখন হাতেৰে জোৰকৈ ধৰিলোঁ। পিঠিখন পাছফালে জোৰকৈ হেঁচি ধৰিলোঁ, ধাক্কাৰ পৰা বাচিব লাগিব।

আৰু দহ চেকেণ্ড! গাড়ীৰ সকলো মানুহ ৰিলেক্স!

আৰু পাঁচ চেকেণ্ড! চাৰি, তিনি, দুই, এক। 

ধুওওওম!!

এটা প্ৰচণ্ড শব্দত মই বহি থকা চিটৰ পৰা উফৰি পৰিলোঁ। পিঠিখনত প্ৰচণ্ড বেদনা অনুভৱ হৈছে। সন্মুখৰ ফালে চালোঁ, জুই দেখা নাইচোন! ট্ৰেভেলাৰখন ৰৈ গ’ল। অলপ প্ৰকৃতিস্থ হ’বলৈ মোক কেইচেকেণ্ড মান লাগিল। বুজি পালোঁ, গাড়ীৰ ইঞ্জিন ব্লাষ্ট হোৱা নাই। এখন মাল ভৰ্তি দাম্পাৰেহে আমাৰ গাড়ীখনৰ পিছফালে খুন্দা মাৰিছে।

সৰু এক্সিডেণ্ট এটা। কাৰো একো হোৱা নাই। মাত্ৰ মই একেবাৰে পাছফালে বহি থকা বাবে পাছফালৰ পৰা খুন্দাটো মোৰ পিঠিত বাৰুকৈ লাগিছে। পিছফালৰ আইনা ভাঙি টুকুৰা পিঠিত সোমাইছে। আগফালে হামখুৰি খাই পৰি মূৰত অলপ কষ্ট পাইছোঁ। মূৰটো ফাটিছে চাগৈ! সন্মুখৰ ফালে বহি থকা গাড়ীখনৰ আটাইবোৰ যাত্ৰীয়ে মোলৈ অবাক হৈ চাইছে।

সকলোৱে ধৰা ধৰিকৈ গাড়ীৰ পৰা মোক নমাই আনিছে। ছোৱালীজনীয়ে ফোনটো কাণতলৈ এশ আঠ মতা শুনিছোঁ। সকলো ব্যস্ত, মাত্ৰ মোৰ কাষতে বহি অহা সেই মধ্যবয়সীয়া ভদ্ৰলোকজনে মোৰ কাণৰ কাষলৈ তেওঁৰ মুখখন নি সৰুকৈ ক’লে,

: অথনি কৈছিলোঁ নহয় গাঞ্জাৰ পৰিমাণ চিগেৰেটত ধঁপাতৰ লগত ফিফটি ফিফটি হ’ব লাগে। আগলৈ মনত ৰাখিবা৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *