ফটাঢোল

আঁচনি-ৰূপাঞ্জলি চেতিয়া

: হে’ৰা, ভাস্কৰহঁত আহিব হেনো আজি৷ দুদিনমান থাকিব৷ ৰূম-চোমবোৰ অলপ ঠিক কৰি থ’বা দেই৷

কাম-বন সামৰি দুপৰীয়াৰ ভাতকেইটা খাই অলপ আৰাম কৰোঁ বুলি বহোঁতেই এওঁৰ ফোন৷ আৰামৰ ভাবনা একাষে থৈ উঠি গ’লোঁ৷ কৰ’ণাৰ উৎপাতত কাম কৰা মানুহ নাইকিয়া হোৱা ঘৰখনত ময়েই যোৱা দুবছৰৰ পৰা একমাত্ৰ কাম কৰা মানুহ৷ হওঁতে এওঁ সহায় কৰি দিব নিবিচৰা নহয়, পিচে মইহে নলওঁ সহায়৷ কাৰণ সেই সহায়ৰ মূল্য পৰিশোধ কৰোঁতে মোৰ অৱস্থা তথৈবচ হয়৷ 

মানে, উদাহৰণস্বৰূপে কোনোবাদিনা মই ঘৰ মচি থাকোঁতে যদি পুৱাৰ চাহকাপ এওঁ বনায়, তেতিয়া সেইকাপ চাহ খোৱাৰ আমেজৰ পাছত চাহপাত-চেনিৰ টেমাবোৰ জেগাই জেগাই সজাওঁতে, চাহৰ চচ্‌পেনটো ধোওঁতে, গেছৰ চৌকাত পৰি থকা চাহপাত-গাখীৰৰ সানমিহলি মোহাৰোঁতে মোহাৰোঁতেই শেষ হয়৷ সেয়েহে দুই মিনিটৰ কাম এটাত সহায় লৈ পোন্ধৰ মিনিটৰ কষ্ট বঢ়োৱাতকৈ নিজে কৰাই ভাল বুলি মোৰ অভিজ্ঞতাই কয়৷

আজি আহিব বুলি খবৰ দিয়া ভাস্কৰ এওঁৰ বন্ধু৷ বন্ধু মানে একেবাৰে চীল-মোহৰ লগাই থোৱা কলেজীয়া বন্ধু৷ সৰুতেই মাকক হেৰুওৱা ভাস্কৰক আমাৰ স্বৰ্গীয়া শাহুআয়ে হেনো নিজৰ পেটৰ সন্তানৰ দৰেই মৰম চেনেহ কৰিছিল৷ আনকি কলেজৰ শেষৰকেইটা পৰীক্ষাৰ সময়ত হোষ্টেল এৰি এওঁলোকৰ ঘৰতে থাকি লৈছিল৷ 

পিচে মোৰহে দুৰ্কপাল যে মই আজিলৈকে ভালকৈ লগপোৱা হোৱা নাই তেওঁক৷ কাৰণ ভাস্কৰ তেওঁৰ পৰিবাৰ ৰিমঝিম আৰু আঠবছৰীয়া সন্তান ঋতৰ সৈতে উজনিৰ সীমামূৰীয়া চহৰ এখনৰ বাসিন্দা৷ কলেজ এৰাৰ পৰা গুৱাহাটীলৈ কাচিৎহে অহা হয় হেনো৷ পিচে এইবাৰ কৰ’ণাৰ বাবে ঘৰত সোমাই আমনি লগাৰ বাবে অলপ পৰিস্থিতি উন্নত হোৱা দেখিয়েই চিধাই গুৱাহাটীলৈ যাত্ৰা৷  

আলহী থাকিবৰ বাবে আচুতীয়া কোঠাটো অলপ ঠিক-ঠাক কৰি থাকোঁতেই আকৌ ফোন আহিল এওঁৰ৷ 

: বজাৰ কি কি কৰিম বাৰু? চাবাচোন কি আছে কি নাই৷ হোৱাটচ্এপতে দি থ’বা লিষ্টখন৷

পাকঘৰত কি আছে কি নাই মোৰ নখদৰ্পণত৷ হ’লেও আকৌ এবাৰ টেমাবোৰ জাৰি-জোকাৰি চাই ল’লোঁ৷ দুদিনমান থাকিব যেতিয়া চাউল-দাইল, আটা, মিঠাতেল, আলু-পিয়াঁজ, পাচলি গোটেইবোৰ অলপ বেছিকৈ আনি থ’বলৈ ক’ব লাগিব৷ পিচে, ইমান বছৰৰ মূৰত আহিব যেতিয়া প্ৰথমসাঁজ সুদাই খোৱাম নে কিবা! মাংস আৰু কণী একপ্লেটো লিষ্টত ভৰালোঁ৷ অ’ ল’ৰাকণ বা খোৱা-বোৱাত কেনে? যদি আমাৰ দুটাৰ দৰেই হয়, তেন্তে ভাত-ৰুটীৰ লগত সম্পৰ্ক বৰ এটা ভাল নহ’ব নিশ্চয়৷ সেই ভাবি মেগী আৰু চাওমিনৰ পেকেট দুটামানো লিখিলোঁ৷ লগতে কেইপেকেটমান ক্ৰীম বিস্কুট৷ হৈ যাব!

: কি কৰি আছা মা?

ৰণৰ মাতত মনটো বজাৰৰ লিষ্টৰ পৰা ওলাই তাৰ কাষ পালে৷ ইহঁত দুটাকো আলহীৰ বিষয়ে অলপ আভাস দি থোৱা ভাল৷ 

: আজি আলহী আহিব ৰণ৷ দেউতাৰ বন্ধু আৰু পৰিয়াল৷ তোমালোকে তাৱৈ-আমৈ বুলি মাতিবা৷ মাজনীকো কৈ থ’বা দেই৷ তেওঁলোকৰ ল’ৰা এটাও আছে তোমাৰ সমান৷ খুব খেলিব পাৰিবা তাৰ লগত একেলগে৷

: বাঃ! খুব ভাল হ’ব!

জঁপিয়াই  উঠিল সি৷ কৰ’ণাৰ অচিলাতে হওক বা অইন কাৰণতে হওক, আলহী-দুলহী বৰকৈ নহা ঘৰখনলৈ আলহীৰ আগমনৰ খবৰে নিশ্চিতভাৱেই মোৰ সমানেই উৎফুল্লিত কৰি তুলিছে তাকো৷

°°°°°°°°°°°

সাজ লাগি ভগাৰ অলপ পাছতে এওঁৰ লগত তেওঁলোকৰ তিনিজনীয়া পৰিয়ালটি ঘৰ সোমালহি৷ সন্ধিয়াৰ অতিথি সাক্ষাৎ দামোদৰ! আদৰ-সাদৰকৈ চা-চিনাকি হ’লোঁ৷ আমাৰ পোনা দুটিকো চিনাকি কৰাই দিলোঁ৷

: আমাক আংকল-আণ্টি বুলি মাতিবা দেই৷

ভাস্কৰৰ পৰিবাৰ ৰিমঝিমে কেডবেৰীৰ চকলেট দুটা বেগৰ পৰা উলিয়াই দি মৰমেৰে হাত ফুৰালে দুয়োৰে মূৰত৷ ৰণে মোলৈ চালে৷ চাৱনিত প্ৰশ্ন সুস্পষ্ট৷ : আংকল-আণ্টি নে তাৱৈ-আমৈ?

হয়তো আক’! আজিকালিৰ দিনতনো কোনোবাই তাৱৈ-আমৈ বুলি মাতেনে? 

: হ’ব বুলি কোৱা সোণ৷

মোৰ কথাত সি মূৰ দুপিয়ালে৷ 

: তোৰ মাইনাদুটিও খোৱা-বোৱাত বেয়া হ’বলা আমাৰ ঋতৰ দৰে৷

ভাস্কৰে ৰণ আৰু মাজনীলৈ চাই ক’লে৷ অঁকৰাৰ দৰে মেহেঙা হাঁহি একোটা মাৰিবলৈ চেষ্টা কৰিলোঁ মই আৰু দেউতাকে৷ আমাৰ পোনাদুটিৰ চিৰি-চেহেৰাই সিহঁতৰ খোৱা-বোৱা ভালনে বেয়া তাৰ উমান দি যায়৷ পিচে তেওঁ যে ক’লে ঋতো খোৱাত বেয়া বুলি? ৰণৰ পৰা দৃষ্টি আঁতৰাই ঋতলৈ চালোঁ৷ ভাব হ’ল, ৰণ আৰু ঋত একেলগে থাকিলে ইংৰাজী 10 সংখ্যাটোৰ দৰেই দেখা যাব হয়তো৷

তেওঁলোকৰ ল’ৰা ঋত আমাৰ ৰণতকৈ এবছৰমানহে ডাঙৰ৷ দেখাত পিচে তিনিবছৰমান ডাঙৰ যেন৷ সৰু-সুৰা চুম’ ৰেষ্টলাৰৰ দৰে চেহেৰা, মঙহৰ ভৰত চকু মুদ খাওঁ খাওঁ যেন অৱস্থা৷ এইহেন থুলন্তৰ চেহেৰা খোৱা-বোৱাত বেয়া হ’লে হয় জানো? মনে মনে ভাবি ৰ’লোঁ৷ মই জানো এৱোঁ সেই কথাকে গমিছে মনে মনে৷

চিনাকি পৰ্ব শেষ হোৱাৰ পাছত আবেলিৰে পৰা যতন কৰি ৰন্ধা লুচি-তৰকাৰী, পায়স আৰু অমলেটৰ লগত চাহ যতনাই খাবলৈ মাতিলোঁ৷ ৰণৰ লগত খেলি থকাৰ পৰা লগে লগে উঠি আহি খোৱা টেবুলত বহিল ঋত৷

: আমাৰ ই খোৱাত ভাল নহয় অ’!

খোৱাৰ টেবুলত বহিয়েই ভাস্কৰে বৰ দুখেৰে ক’লে৷ তেওঁৰ কথাত মোৰ আৰু এওঁৰ চকু একেলগে ঋতলৈ গ’ল৷ খাবলৈ মতাৰে পৰা সকলো আহি টেবুলত বহালৈকে হয়তো এক মিনিটো সময় উকলা নাই৷ “খোৱাত ভাল নহয়” বোলা ল’ৰাকণে দুখন লুচি, এবাতি আঞ্জাৰ আধা আৰু অমলেটৰ এফাল শেষ কৰিলেই!

: জাননে, ঘৰত মাকে খোৱাবলৈ লোৱাৰ সময়ত সদায় যুদ্ধ একোখন হয়৷ এতিয়া তহঁতৰ ঘৰত বুলিহে এনেকৈ খাইছে৷ খোৱা বাবা খোৱা! আৰু লাগিলে আণ্টিক খুজি ল’বা দেই৷

আয়ৈ দেহি! বৰ ভোকত আছিল হ’বলা৷ দেউতাকৰ কথাত কাণ দিবলৈ তাৰ সময় ক’ত! 

হিচাপ কৰি লুচিকেইখন বনাইছিলোঁ। এতিয়া যি দেখিছোঁ নাটিবগৈ৷ আৰু দুখনমান কৰিবগৈ লাগিব৷ 

: হে’ৰা, মাজনীক খুৱাই দিয়াচোন তুমি৷ মই আৰু দুখনমান লুচি বনাওঁগৈ গৰমে গৰমে৷

মাজনীক খুৱাবলৈ লোৱা লুচিৰ প্লেটখন এওঁক গতাই দি আকৌ পাকঘৰত সোমালোঁ৷ 

ৰাতিৰ ভাতৰ টেবুলতো একেই অৱস্থা৷

: আমাৰ ই খোৱাত বৰ ভাল নহয় অ’!

বোলাৰ পৰা সকলোৱে খাই শেষ কৰালৈকে আমাৰ টেবুলত চাবলগীয়া দৃশ্য৷ মাংসৰ বাটি ঋতে খালী কৰি গ’ল, মই নাইবা গৃহস্থই ভৰাই গ’লোঁ৷ গধূলিৰ জলপানে আলহীৰ খাৱনৰ আভাস দিলে বুলিহে৷ নহ’লে হয়তো মই আকৌ চৰু পাতিবলগীয়া হ’লহেঁতেন বাকীসকলৰ বাবে৷

: আণ্টি, ময়ো লেগপিচ ভাল পাওঁ জানা৷

ৰণে খাই ভালপোৱা একমাত্ৰ মাংসৰ টুকুৰাটোতো ঋতৰ চকু! অঁকৰাৰ দৰে হাঁহি এটা মাৰি ক’লে এওঁ, 

: কাইলৈ লেগপিচ বেছিকৈ আনিম দেই বাবাটো৷

: মই এইটো নাখাওঁ দেউতা৷

ৰণৰ এইষাৰ মাতলৈহে যেন বাটচাই আছিল ঋত৷ ৰণৰ বাটিটো চোঁচৰাই আনি লেগপিচ পলকতে শেষ! অহেতুক যেন লগা খং এটা উঠি আহিল ৰণৰ ওপৰত৷ জেওৰাৰ কাঠিহেন চেহেৰাটো লৈ ফুৰিবলৈ তই লাজ নাপালেও আমিতো পাওঁ! দেখাক দেখিয়েই অলপ হ’লেও খাচোন! দুগৰাহ দাইল-ভাতেৰেই পেটটো ভৰাই থ’লি যে!

ইপিনে মাক-দেউতাকহালেই শলাগিলে ঋতক৷ লগতে মোকো৷ মই ভালকৈ ৰান্ধিছোঁ বাবেহে হেনো সি ভালকৈ খাইছে৷ 

তাৰ পাছৰ ছটা দিন আমাৰ ঘৰত একেখন চিনেমাই চলিল ৰিপিট টেলিকাষ্ট কৰাৰ দৰে৷ প্ৰথমে মোৰ বেয়ালগা নাছিল বাৰু৷ কিন্তু চকুৰ আগতে নিজৰ পেটৰ পোৱালিৰ ভাগৰ বস্তু আনক দি দিবলগীয়া হোৱাত মোৰ ‘মাকৰ বুকু’ত পোৰণি উঠিবলৈ ধৰিলে৷ ‘খোৱাত বেয়া’ ঋতৰ খাৱন আৰু আমাৰ পোনা দুটিৰ চিৰি-চেহেৰাৰ মাজত সাংঘাতিক সাদৃশ্য৷ দুয়োটাৰে অৱস্থা বহুদিন ধৰি দুৰ্ভিক্ষত ভূগি থকা লোকৰ দৰে একেই৷ 

°°°°°°°°°°°

: হেৰা, মই নোৱাৰিছোঁ আৰু দেই! প্ৰতিদিনে তিনিসাঁজ মাছে-মাংসই ৰান্ধি ৰান্ধি নোখোৱাকৈয়ে মোৰ পেট ফুলি উঠে৷

বিছনাত উঠাৰ আগে আগে মই সোঁৱৰাই দিলোঁ৷ অকল মাছে-মাংসই ভাতসাঁজহে নে! এই বোলে চাহ, এই বোলে মেগী, এই বোলে চাওমিন, লুচি আৰু যে কত কি! এক-দুইঘণ্টাৰ মূৰে মূৰে এইবোৰ যতনাওঁতে যতনাওঁতে কঁকালে কেৰমেৰাই উঠে৷

আজি ছদিন হ’ল৷ তেওঁলোক যোৱাৰ নামেই নলয় দেখোন! উত্তৰ হিচাপে আহিল গৃহস্থৰ এটা দীঘল হুমুনিয়াহ৷ ওপৰলৈ মুখ কৰি আকাশ-পাতাল গুণি আছে৷ মুখ চিন্তাৰ চাপ সুস্পষ্ট৷ পিচে হ’লেও মই এৰাত নাই৷

: শুনিছা নাই? কেতিয়া যাব আলহী? মোৰ হ’লে আমনি লাগিছেগৈ৷

 আকৌ পেৰিলোঁ৷

: তোমাৰ আমনিহে লাগিছে! মোৰ যে চিন্তা হৈছেগৈ৷ বাজেট অ’ভাৰ হ’ল৷ এনেকৈ হ’লে শেষৰফালে কেনেকৈ বাজেট মিলাম?

একেটা পজিছনতে থাকিল তেওঁ৷ 

সঁচাকৈয়ে চিন্তাত পৰিলোঁ ময়ো৷ হয়তো আক’৷ সৰু চাকৰিটোৰ দৰমহাৰে নিৰ্দিষ্ট বাজেট মানি জীৱন চলাই থকা মানুহ আমি৷ এতিয়া আলহী বুলি বাজেটে ৰঙা কাটা চুইছেগৈ৷ আকৌ যোৱাৰদিনা তিনিওকে কিবা একোপদ উপহাৰ যাচিবও লাগিব৷ নিজৰ অজানিতে ময়ো গৃহস্থৰ পজিছনলৈ গৈ হুমুনিয়াহ এটা এৰিলোঁ৷

°°°°°°°°°°°

আজি নগদ আঠটা দিনৰ পাছত আলহী গ’ল৷ ছুটী হেনো শেষ৷ 

: ছেঃ! কিবাকৈ মিলাব পৰাহ’লে!

ভাস্কৰৰ খেদ৷ চেষ্টাও কৰি চাইছিল৷ পিচে নিমিলিল৷ হওক তেওঁ! আমিও কমখন তুতি-প্ৰাৰ্থনা কৰিছিলোঁনে কোনোমতে ছুটী নিমিলক বুলি!

: তোমালোকৰ ঘৰত ইমান ভালকৈ খোৱা-বোৱা কৰিছিল বাবাই৷ ঘৰত যে খাবই নোখোজে৷ এতিয়া আকৌ ক’ৰবালৈ ফুৰিবলৈ নিব লাগিব তাক৷ তেতিয়াহে স্বাস্থ্য ঠিকে থাকিব তাৰ৷

ৰিমঝিমে কোৱা কথাষাৰ বুজোঁতে অলপো দিগদাৰ নহ’ল মোৰ৷ হয় বাৰু কথাটো৷ বহুত ল’ৰা-ছোৱালীয়ে ঘৰত যতনকৈ দিয়া বস্তুও নাখায়, অথচ আনৰ ঘৰত যি পাই তাকেই বৰ হেঁপাহেৰে খায়৷ আমাৰ এওঁৰ ভাষাত ‘ৰাক্ষস’ৰ দৰে খায়৷ 

দুখী হৈ পৰা পৰিয়ালটোৰ বাপেক-পুতেকক চাৰ্ট একোটাৰে আৰু মাকক মেখেলা-চাদৰেৰে বিদায় দি একেবাৰে ট্ৰেইনত তুলি ঘৰলৈ আহি গা-পা ধুই বাহিৰৰ কোঠাতে বহিল এওঁ৷ 

টেমাৰ তলিত বাকী ৰৈ যোৱা চাহপাত-গাখীৰৰ অৱশিষ্টকণেৰে চাহ আধাকাপকৈ বাকি লৈ চোফাত বহি থকা গৃহস্থৰ সৈতে মুখামুখিকৈ বহি ল’লোঁ৷ 

“চাহ খোৱা৷” আগবঢ়াই দিয়া কাপটোৰ ফালে পিচে তেওঁ নাচালেই৷ কিবা যেন গভীৰ চিন্তাতহে মগন!

: হে’ৰা কথা এটা ভাবিছোঁ৷

অলপপৰৰ পাছত মাত দিলে তেওঁ৷ 

“কোৱা?” মোৰ মুখত কৌতুকৰ হাঁহি৷ 

: কেনেবাকৈ তুমিয়ো মই ভবা কথাটোকেই ভাবি থকা নাইতো?

: মানে? আলহী খোৱা কথাটো?

গৃহস্থৰ চকুত বিস্ময় আৰু আনন্দ একেলগে৷ 

: ঠিকেই কৈছা৷ তেনে কৰিলে এই মাহৰ ঘাটি বাজেটো পূৰ হৈ যাব৷

জঁপিয়াই উঠিব যেন এওঁ!

কথাবোৰ পাতিলোঁ৷ শেষত দুয়ো মিলি সিদ্ধান্ত ল’লোঁ৷ এওঁঁৰ অফিচৰ ছুটী মিলাই দীঘলীয়া এনে যাত্ৰাবোৰত আমিয়ো ওলাম৷ কাৰোবাৰ ঘৰত পাঁচদিন, কাৰোবাৰ ঘৰত এসপ্তাহ থাকি আমাৰ পোনাদুটিৰ স্বাস্থ্যোদ্ধাৰ অভিযানত আমিও নামিম৷ হওকচোন, অলপ নিৰ্লজ্জতাৰ বিনিময়ত পোনা দুটিৰ স্বাস্থ্য ভাল হয় যদি! মুঠতে দুয়োটি শকত-আৱত হ’ব লাগে৷ সেয়া ঘৰৰ খাই হওক বা পৰৰ খাই হওক!

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *