ফটাঢোল

ভেন হিউজ’ন-যোগেশ ভট্টাচাৰ্য

ইউনিভাৰিচিটিত পঢ়ি থাকোঁতে প্ৰায়েই পিণ্টুৰ ঘৰলৈ গৈছিলোঁ। তাৰ ঘৰ জালুকবাৰীত হোৱাৰ বাবে ক্লাছত পলম হোৱাৰ দিনা ৰাতিও থাকিছিলোঁ মাজে সময়ে। প্ৰথমবাৰ পিণ্টুৰ ঘৰলৈ যাওঁতেই লগ পাইছিলোঁ সেই বৰতাজনক। আমি ঘৰ সোমাওঁতে তেওঁ চ’ৰাঘৰত বহি পিণ্টুৰ দেউতাকৰ সৈতে চাহত চুমুক দি টিভি চাই আছিল।

সেইদিনা টিভিত দেখুৱাই আছিল আমেৰিকাত বানপানী হোৱাৰ খবৰ। বৰতাই কৈছিল, 

: নহ’ব কিয় বানপানী? আণ্ডাৰগাউনত ঘৰ বনাই বনাই পানী আণ্ডাৰগাউন হ’ব নোৱাৰা কৰিছে। সেইবাবে পানীয়ে অভাৰগাউন মাৰি দিছে। গোটেই দেশখন পকী কৰি থৈ দিলে পানী লিক মাৰি তললৈ যাব কেনেকৈ?

মই ভাবিলোঁ, মানুহজনে ঠিকেই কৈছে কথাটো।  পিণ্টুক ফুচফুচাই সুধিলোঁ, : এখেত কোন ঔ? ইংৰাজী অলপ দুৰ্বল হ’লেও আমেৰিকাৰ বিষয়ে জ্ঞান আছে কিছু ন?

পিণ্টুৱে ক’লে,

: ধৈ, এনেই কৈছে এইবোৰ। তেওঁ সকলো বিষয়ৰে পণ্ডিত। আমাৰ ঘৰৰ পৰা তিনিটা প্লট এৰি তেওঁৰ ঘৰ। আমি বৰতা বুলি মাতোঁ।  ৰহ তোক দুটামান ডেমো দিওঁ।

এইবুলি পিণ্টুৱে চেনেলটো সলাই ষ্টাৰ স্পৰ্টচত দিলে। তাত ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ ক্ৰিকেট চলি আছিল। দুই মিনিট খেল চাই পিণ্টুৱে ক’লে যে ইণ্ডিয়া বেয়াকৈ হাৰিব।

বৰতাই লগে লগে মাত দিলে, 

: অষ্ট্ৰেলিয়াৰ বতৰটো ঠাণ্ডা যে, আমাৰ ‘পিল্লাৰ’ (player) বোৰৰ  হাত ঠাণ্ডাত কঁপি থাকে। সেইবাবে বল বেটত ভাল ‘গিৰিপ’ (grip) নাপায়। আমি সৰুতে কিৰকেট (cricket) খেলিছিলোঁ নাৰিকল গছৰ ডালেৰে সজা বেটেৰে। ‘গ্লপচ’, ‘পেড’ একো নাছিল। আজিকালিৰ ‘পিল্লাৰ’ৰ সেই জোচ নাই। 

পিণ্টুৱে মোৰ পিনে চাই ফিচিককৈ হাঁহি মাৰি দি ক’লে, আৰু চাবি ৰহ।

সি এইবাৰ অসমীয়া নিউজ চেনেল এটাত লগাই দিলে। তেতিয়াৰ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ দি আছিল। বৰতাই লগে লগে ক’লে, 

: এই ল’ৰাটোৱেই এদিন অসমৰ ‘চিপ মিনিষ্টাৰ’ হ’ব চাবি। মোৰ ভাই হয়, বুজিছ?

এইবাৰ মই আচৰিত হৈ বৰতাৰ পিনে চাই ক’লোঁ, 

: আপোনাৰ নিজা ভাই নেকি? 

: আৰে, নিজৰ পৰৰ কি আছে? মোক দাদা বুলি মাতে বুজিছ?

মই পিণ্টুক সুধিলোঁ হয়নে কথাটো। পিণ্টুৱে ক’লে, 

: কথাটো মিছা নহয়। এসময়ত বৰতাৰ চাহৰ দোকান এখন আছিল পাণবজাৰৰ গলি এটাত। কটন হেণ্ডিকত পঢ়া বেছিভাগ ল’ৰা-ছোৱালীয়ে তেওঁৰ দোকানত চাহ খাইছিল। হিমন্ত বিশ্ব শৰ্মায়ো খাইছিল চাগে কোনোবা দিনাখন কটনত পঢ়ি থকা সময়ত। চাহ দিবলৈ কওঁতে দাদা বুলিয়েই মাতিছিল নিশ্চয়। সেই হিচাপত ভায়েকেই হ’ব দেচোন। এতিয়া আমাৰ বৰতাক দেখিলে চিনি পাই নাপাই সেইটো বেলেগ কথা। কিন্তু মানুহক কৈ ফুৰে ভাই বুলি।

মই বুজিলোঁ যে বৰতাই নজনা কথা একো নাই আৰু তলৰ লেভেলত কথা কোৱাৰো অভ্যাস নাই। মাত্ৰ তেওঁ কোৱা ইংৰাজী শব্দকেইটা শুনোতাজনে অলপ নিজে আন্দাজ কৰি মিলাই ল’ব লাগে। সেইদিনাৰ পিছৰ পৰা পিণ্টুৰ ঘৰলৈ গ’লে বৰতাক লগ পালেই ইটো সিটো কথা পাতি আমোদ লোৱা কৰিলোঁ। মানুহজন এনেই ভালেই। বিপদত পৰিলে সহায় কৰিবলৈও আগতে ওলায়। কিন্তু সকলো কথাতে ওষ্টাদি মৰা স্বভাৱটোৰ বাবে বৰ টান বিপদত নপৰিলে মানুহে তেওঁৰ ওচৰ নাচাপে। তাৰোপৰি তেওঁৰ অদ্ভুত ইংৰাজী শব্দবোৰেও মানুহক প্ৰায়েই কনফিউজ কৰে।

আন এদিন পিণ্টুৰ ঘৰত বহি থাকোঁতে বৰতা আহি ওলাল। তেওঁ মোক দেখি ক’লে,

: আমাৰ ঘৰ সাজি আছোঁ ৰ’। পুৰা ‘ইষ্টাইল’ লগাই দিছোঁ, চাবি আহ। 

মই আৰু পিণ্টু ওলালোঁ কি ষ্টাইলত ঘৰ বনাইছে চাবলৈ। গৈ দেখিলোঁ ৱালত চিমেণ্ট মাৰি থোৱা আছে। সাধাৰণ পকী ঘৰ দেখিবলৈ যেনেকুৱা, তেনেকুৱাই। মই সুধিলোঁ, 

: বৰতা কি ষ্টাইল কৰিছে? 

: আৰে পাকঘৰৰ পিনে চাবি ব’ল। 

গৈ দেখিলোঁ একো সাংঘাটিক ষ্টাইলত বনোৱা নাই। সাধাৰণ পাকঘৰ এটা, আৰু চেল্ফ এখন বনোৱা আছে, যিটো সকলোৱে বনায়।

: বৰতা, এইটো দেখোন একেবাৰে চিম্পলকৈ বনালে? কি ষ্টাইল কৰাৰ কথা কৈছিল আমাক?

: ঐ কণাহঁত, সৌৱা দেখা নাই ইষ্টাইল? ওপৰচকুৱা নেকি তহঁত?

তেতিয়াহে বুজিলোঁ, বৰতাই টাইলচ লগোৱাৰ কথাহে কৈ আছিল। আমি ‘বঢ়িয়া ইষ্টাইল হৈছে’ বুলি শলাগি আহিলোঁ।

এদিন বৰতাই চাহ খাবলৈ মাতিলে আমাক দুইটাকে। তেওঁলোকৰ চ’ৰাঘৰত বহি টিভিটো অন কৰি দিলোঁ, খেল চাওঁ বুলি। ষ্টাৰ প্লাছত চিৰিয়েল দি আছিল। মই ক’লোঁ,

: বৰতা চিৰিয়েল গুচাই খেলৰ চেনেলটো লগাই দিয়ক না। 

বৰতাই ক’লে, 

: হিম্মত নাই। নিজে উঠি যা।

মই পিণ্টুক সুধিলোঁ,

: বৰতাই বৰমাক ভয় কৰে নেকি ঔ? চিৰিয়েল সলাই খেলত দিবলৈকে হিম্মত নাই যে। আমাকেই উঠি যাবলৈ কৈছে। ইমান মৰমীয়াল মানুহজন। এনেকৈতো কেতিয়াও নকৈছিল। 

পিণ্টুৱে ক’লে, 

: নহয় ঔ। সেই হিম্মতৰ কথা কোৱা নাই। ৰিমট নাই বুলি কৈছে। সেইবাবে উঠি গৈ টিভিৰ চুইচ টিপি চেনেল সলাবলৈ কৈছে। কিমান দিন বুজালোঁ সেইটো ‘হিম্মত’ নহয়, ‘ৰিমট’হে। নাই, বৰতাৰ জিভাই এবাৰ কিবা এটা শব্দ ধৰি ল’লে তাক সহজে এৰি নিদিয়ে। যোৱাবছৰ আমাৰ চুবুৰিৰ মানুহ এজন ‘টিবি’ হৈ ঢুকাওঁতে গোটেই চুবুৰিত কৈ ফুৰিছে ‘টিভি’ হৈ ঢুকাল বুলি। কি কৰিবি আৰু, হোজা মানুহ। আমি শুনি শুনি বুজি পোৱা হৈ গৈছোঁ আৰু।

কলেজ এৰাৰ বহুদিনৰ পিছত এবাৰ পিণ্টুৰ জন্মদিন উপলক্ষে তাৰ ঘৰলৈ গ’লোঁ। গৈয়েই প্ৰথমে বৰতাৰ খবৰ ল’লোঁ। সি ক’লে 

: আহিব ৰ’ অলপ পিছত।

দুপৰীয়া বৰতা আহি ওলাল। 

: বাৰদেত কি খুৱাবি পিণ্টু? পিছবেলা আহিম দেই মই।

: এহ সাধাৰণকৈ বাৰ্থদে পাতিছোঁ।‌ কাকো মতাই নাই। সন্ধিয়া আহিব এপাক। চাহ খাই যাব।

: ‘চেম্পুল’ (simple) চাহ খুৱালে নহ’ব। তোৰ কাৰণে ‘চ্ৰাট’ (shirt) আনি থৈছোঁ মই। ভাল ‘গিফ’ (gift) পাবলৈ হ’লে এটলিচ ( at least) লুচি ঘুগুনিতো খুৱাবই লাগিব। আজি ‘ডেকা থান’লৈ গৈছিলোঁ চাইকেল কিনিবলৈ। আহোঁতে তোৰ বাবে ‘ভেন হুচেইন’ৰ ‘চ্ৰাট’ আনিছোঁ বুজিছ?

বৰতা যোৱাৰ পিছত আমি দুয়ো বহু সময় মাথা মাৰি বুজিলোঁ যে বৰতাই ডিকেথ্লন (Decathlon) গৈছিল হয়তো। পিণ্টুৰ বাবে  ‘ভেন হিউজ’ন’ (Van Heusen) ৰ চাৰ্ট আনি থৈছে। উচ্চাৰণত গোলমাল কৰি নামটো ভুলকৈ কৈছে। মই এনেই কোৱা বুলি ভাবিছিলোঁ, কিন্তু পিণ্টুৱে ক’লে যে বৰতাই বঢ়াই কথা ক’লেও একেবাৰে মিছা নামাতে কিন্তু। সৰু থাকোঁতে খেলাৰ বস্তু প্ৰায়েই কিনি দিছিল তাক। তেতিয়া তেওঁৰ অৱস্থাও ভাল নাছিল। এতিয়া ডাঙৰ দোকান দিছে। ভালকৈ ঘৰ বান্ধিছে। টকা পইচা ইনকাম কৰিছে। গতিকে দামী চাৰ্ট এটা দিয়াটো একো আচৰিত কথা নহয়। মাত্ৰ ইমান দামী দিব বুলি ভবা নাছিল সি। 

বাৰ্থডেত ‘ভেন হিউজ’ন’ৰ চাৰ্ট গিফ্ট দিয়া মানুহক খুৱাবও ভালকৈয়ে লাগিব। সন্ধিয়াৰ বাবে মাংস অলপ আনিবই লাগিব। ‘ভেন হেউজিন’ৰ একেবাৰে কম দামী চাৰ্ট এটাৰ দামো ওঠৰশ দুহেজাৰটো হ’বই। সেইটো হাত পাতি লৈ লুচি ঘুগুনি কেনেকৈ খুৱাই পিণ্টুৱে?

আবেলি বজাৰলৈ ওলালোঁ মই আৰু পিণ্টু। মই কৈছিলোঁ ব্ৰয়লাৰ ল’বলৈ কিন্তু সি ছাগলীৰ মাংস ল’লে। 

: দুহেজাৰ টকীয়া চাৰ্ট গিফ্ট দিয়া মানুহক ব্ৰয়লাৰ খুৱাম নেকি? ৭০০ টকাহে যাব এক কিলো মাংসত। তথাপি লাভত থাকিম বে।

সন্ধিয়া আমি দুয়ো অধীৰ আগ্ৰহেৰে বাট চাই ৰ’লোঁ বৰতাই অনা ‘ভেন হিউজ’ন’ৰ চাৰ্টটোৰ বাবে। সঁচা ক’বলৈ হ’লে ইমান দামী কাপোৰ আমি এজনেও কেতিয়াও পিন্ধি পোৱা নাই। পিণ্টুক মই আগতীয়াকৈ ৰিকুৱেষ্ট এটাও কৰি থ’লোঁ যে সি এসপ্তাহমান চাৰ্টটো পিন্ধাৰ পিছত এদিন ময়ো পিন্ধি যাম। 

অৱশেষত উৎকণ্ঠাৰ অন্ত পেলাই বৰতা আহিল আৰু আমি আশা কৰা ধৰণেই চাৰ্টৰ পেকেট এটা পিণ্টুৰ হাতত দি “হেপ্পি বাদ্দে পিণ্টু” বুলি ক’লে। সিও ধন্যবাদ দি চাৰ্টটো সাউতকৈ ভিতৰত থৈ আহিল। তৃপ্তিৰে লুচি মাংস খাই বৰতা যোৱাৰ পিছত আমি দুয়ো বিছনাত বহি লৈ চাৰ্টৰ পেকেটটো মেৰিয়াই থোৱা গিফ্ট পেপাৰখন খুলিলোঁ। প্লেইন বগা পেকেটটোৰ তলত সৰুকৈ  Van Heusen লিখা আছিল। পেকেট দেখিয়েই অনুমান কৰিব পাৰি ভিতৰত থকা বস্তুবিধৰ ষ্টেণ্ডাৰ্ড। পিণ্টুৱে ক’লে,

: দামী বস্তুৰ এইটোৱেই ষ্টাইল বুজিছ। পেকেটোও কিমান চিম্পল, অথচ গৰ্জিয়াচ। আমি কিনা ফুটপথীয়া কাপোৰবোৰৰ পেকেটৰ দিজাইন চাবিচোন। শ্বাহৰুখৰ ফটো, চলমানৰ ফটো, কিন্তু কাপোৰ ফফফৌ। এইটো চা, কিমান ষ্টেণ্ডাৰ্ড পেকেট। আৰু ব্ৰেণ্ডেড কাপোৰৰ কালাৰ চাবিচোন, কি বঢ়িয়া। কম দামীবোৰত যা তা ৰংটো দিয়েই, লগতে হোৱাই নোহোৱাই ষ্টিকাৰ। কোনোবাটোত ‘ফাইটাৰ’ কোনোবাটোত ‘আমেৰিকান ক্লাব’ বুলি ষ্টিকাৰ মৰা থাকিব। ধৈ ফটুৱাহঁত ক’ৰবাৰ।

মই অনুভৱ কৰিলোঁ যে ইমান দিনে ষ্টিকাৰ লগোৱা চাৰ্ট, স্পৰ্টিং, পেণ্ট পিন্ধা পিণ্টু হঠাৎ মানচেষ্টাৰৰ কাপোৰ ব্যৱসায়ীৰ দৰে অভিজ্ঞ হৈ উঠিছে।  প্ৰয়োজনত কেতিয়াবা কাপোৰৰ ওপৰত মন্তব্য দিবলৈ কামত আহিব বুলি ভাবি মই মুৰুখমতিয়ে গুৰুত্ব সহকাৰে তাৰ কথাখিনি শুনি ল’লোঁ।

অলপ সময় পেকেটটোকেই ওলেটাই ঘূৰাই চাই শেষত পিণ্টুৱে পেকেটটোৰ কভাৰখন গুচালে। আচলতে সি সেই ঐতিহাসিক ঘটনাটো লাহে লাহে উপভোগ কৰিব বিচাৰিছিল। নকৰিব নো কিয়? ঘৰতেই পাঁচ ছয়শ টকাৰ বাজেট বনাই দোকানে দোকানে ঘূৰি ঘূৰি কম দামত জব্দ কাপোৰ বিচাৰি কিনা আমাৰ দৰে ল’ৰাৰ বাবে ভেন হিউজ’নৰ চাৰ্ট এটাৰ মালিক হোৱাটো মহাজাগতিক ঘটনাই আছিল। 

পিচে পেকেটটোৰ পৰা চাৰ্টটো উলিয়াই পিণ্টু অলপ আচৰিত হ’ল। ৰংটো আমি কিনা ফুটপথীয়া কাপোৰৰ দৰেই আছিল। কাপোৰটোও অলপ খহটা আছিল। মই ক’লোঁ, 

: ব্ৰেণ্ডেড কাপোৰ এনেকুৱাই চাগে।

পিণ্টুৱে মোৰ কথালৈ গুৰুত্ব নিদি চাৰ্টটোৰ ডিঙিৰ পিছফালে লাগি থকা ষ্টিকাৰখন ভালদৰে চালে। তাৰ পিছত পেকেটটোৰ কভাৰটোত লিখা নামটো আকৌ এবাৰ ভালদৰে চাই মোৰ পিনে আগুৱাই দিলে। মই চকুৰ ওচৰলৈ পেকেটটো নি ভালদৰে জোটাই নামটো পঢ়ি চালোঁ৷

Van HussainMfd. in Bhagalpur, BiharMRP. 299/-

: ঐ পিণ্টু, বৰতাই ‘ভেন হুচেইন’ বুলি ঠিকেই কৈছিল তাৰমানে?

: অঁ ৰে ভাই, জীৱনত প্ৰথমবাৰৰ বাবে বৰতাই ইংৰাজীত লিখা শব্দ এটা শুদ্ধকৈ ক’লে আৰু তাতেই ঠগ খাই গ’লোঁ বে। 

কথাখিনি এটা হুমুনিয়াহৰ চদ্মবেশত পিণ্টুৰ মুখৰ পৰা ওলাই মহাশূন্যত বিলিন হৈ গ’ল। 

☆ ★ ☆ ★ ☆

2 Comments

  • Deekshita Bora

    বৰতাৰ বেচেৰা ভতিজাক দুটা ??

    Reply
  • ৰাজশ্ৰী শৰ্মা

    অৱশেষত ভেন হুচেইনৰ চাৰ্টটো আহিল মানে??

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *