গল্পৰ প্লট বিচাৰি -ৰিমঝিম বৰঠাকুৰ
এইবাৰ আলোচনীৰ সম্পাদকজনৰ বাৰে বাৰে এটাই কথা,
: বা জানেইতো সম্পাদক কেন্নে জুই, গতিকে জুই সম্পাদকক তেনেকুৱাই জুই লিখা এটাহে লাগিব।
মই বোলো- বোপাই জুই, কিমান ডাঙৰকৈ জুইকুৰা জ্বলিব লাগিব?
সম্পাদকে গপচত উত্তৰ দিলে,
: যিমান ডাঙৰকৈ পাৰে জ্বলাওক, খালী জুইকুৰাত পূৰা হাস্য ব্যংগ ঢালিব যাতে হঁহাই জুইৰ তাপতো হাঁহে আৰু এনেকুৱা ব্যংগ দিয়ক যাতে জুয়ে পুৰাদি পুৰি যায় চাল-বাকলি বখলিয়াই যায়।
বপুৰাৰ কথা শুনি কথমপি মূৰ্চা নোযোৱাকৈ থাকিলোঁ। ক’ৰ পৰা মই জুই লিখা দিওঁ। যিহে হাত থৰক বৰক হৈছে জুই উঠাবই নোৱাৰা হৈছোঁ। তাতে আকৌ হাস্য-ব্যংগ। নাই এইবাৰ মই একদম ছিৰিয়াচ গল্প লিখিম। আলোচনীত উঠালে উঠাব নুঠালে নাই। হাস্য-ব্যংগ লিখিবলৈ মগজে ঢুকি নোপোৱা হৈছে। মনতে পণ বান্ধি ল’লোঁ যি হয় দেখা যাব, ভাল গল্পৰ প্লট এটা বিচাৰি এতিয়া লিখাৰহে কথা।
হাস্য ব্যংগ নিলিখি ছিৰিয়াচ গল্প এটা লিখিম বুলি মন বান্ধিলোঁ যেতিয়া এৰি দিয়াত নাই। কঁকালত টঙালি বান্ধি, আঙুলিত সেঁক পোতক দি বহিলোঁ হাতত কলম-বহী লৈ। এটাৰ পিছত এটাকৈ প্লট মনত পৰি গৈছে। লিখিবলৈ কলম ঘঁহাওহে ক’ৰবাৰ পৰা চিঞৰ-বাখৰ অলপ শুনো। ভালকৈ মন দি শুনাত গম পালোঁ মই লিখিবলৈ লোৱা গল্পবোৰৰ চৰিত্ৰবোৰৰহে বিননি দেখোন এইবোৰ। এটা এটাকৈ প্লট বিচাৰি গৈ আছোঁ-
১) নিৰ্যাতিতা বোৱাৰী
নামটো শুনি ইফালে বোৱাৰী ডাং খাই উঠিল “নাই নাই দেই, এটো প্লট লিখি গোটেই গল্পডালত মোক চৰ খোৱা, গতা খোৱা, ঠাট্ট মস্কৰা খোৱা এইসোপা খোৱাই মানুহজনীক উঠিব নোৱাৰা নকৰিব দেই বাইদেউ। দিনটোত এশটামান গল্পত একেটা ৰ’লকে প্লে কৰি কৰি ভাগৰি গৈছোঁ। মোৰ আৰু কাম নাই লোকৰ চৰ ভুকু খাই থাকিবলৈ গোটেই জীৱনটোত!”।
কৃষ্ণহে আইদেউ। নিলিখোঁ দে তোৰ কথা। সেইজনীৰ চিঞৰ-বাখৰত সেইটো প্লট তাতে এৰি মই ঢাপলি মেলিলোঁ আন এফালে।
২) মদাহী গিৰিয়েক
হৰি নামটো ল’বলৈ পালোঁহে ইফালে গিৰিয়েকে গজগজাই আহিলেই। বোলো হ’ল বুলি বাৰে বাৰে মদ খাই মাইকী মানুহৰ গাত হাত তুলি থাকিব পাৰি নেকি? হেৰৌ মদ যেনিবা খালোঁৱেই কিন্তু দামী মদ খালেও তহঁতৰ ভাষাতটো মুতনিসোপাই খোৱা হয়। আৰে ইজ্জতৰ ধজিয়া উৰাই দিয় কিয় তহঁতে? নাই নাই ছ’ৰী মাই ডিয়েৰ আই কাণ্ট প্লে ডিছ ৰ’ল এনিম’ৰ।
গতিকে এইটোও সেইফালেই বাদ পৰিল। এতিয়া বেলেগ এটা প্লট বিচাৰি হাহাকাৰ কৰি ফুৰোঁতে মনত পৰিল আন এটা প্লটলৈ।
৩) দুখীয়া মেধাৱী ছাত্র
লিখিবলৈ লৈছোঁহে ক’ৰবাত উচুপনি শুনি কাণ থিয় কৰাত কোনোবাই কথা কোৱা যেন শুনি আকৌ এবাৰ ভালকৈ চাই দেখিলোঁ দুখীয়া ছাত্ৰ আহি হাজিৰ। “বাইদেউ মোৰ কি মন নাযায় কেতিয়াবা ধনী ল’ৰা হৈ ইনভাৰ্টাৰ পোহৰত পঢ়িবলৈ। মোৰ কি মন নাযায় এটা স্মাৰ্টফোন লৈ পাবজী খেলিবলৈ। সদায় দুখীয়া মেধাৱী ছাত্র বুলি কিমান আৰু ষ্ট্ৰীট লাইটৰ পোহৰত, জোনাকী পৰুৱাৰ পোহৰত পঢ়ুৱাই বহুৱাই থৈ দিয়ে।” বেচেৰাই কান্দি কান্দি কোৱা কথাকেইটাই মোৰ মন গলালে, হয়ো কিমান আৰু বেচেৰাক ফটাচিটা কাপোৰ পিন্ধাই দুখীয়া ল’ৰা সজাম। এইটো প্লটো সেইফালেই সামৰিলোঁ।
৪) দাংকাটি শাহুআই
হৰি হৰি মই এইটো নাম কিয় লৈছিলোঁ। গোটেইজনী জকজকাই উঠিছে একেবাৰে। পাৰিলে যেন কাষতে পালে উতলা গৰম পানী এচৰিয়া মোলৈ মাৰিহে পঠিয়াব। “তহঁতৰ নিচিনা গল্পকাৰৰ উৎপাতত মোৰ নিচিনা সাদৰী শাহুজনীও এতিয়া সমাজৰ চকুত দাংকাটি হ’লোঁগৈ। সেইদিনা মোৰ চকুৰ আগতে বোৱাৰীক কোনোবা এজনীয়ে সুধিয়ে দিলে বোলে শাহু ভাল নে দাংকাটি? কম লাজ পাইছোঁনে মই। প্লীজ এইবোৰ চৰিত্ৰ দি মোক আৰু তললৈ ননমাবিহঁত।”
হমম এইটো প্লটো অকালতে মৰহি গ’ল।
৫) সন্তানহীন মহিলা
এইটো প্লট লিখিম বুলি ভাবি থমকি ৰ’লোঁ। মোক বাৰু এইগৰাকীয়েও মোক বাৰু কুকুৰে কাঁইট নোখোৱাকৈ গালি খেদন ধৰিব নেকি! নাই সেইটো নহ’ল। অলপ সময় ৰৈ কাৰো একো মাত নুশুনি আৰম্ভ কৰিলোঁ। দুশাৰী কি তিনিশাৰী পাইছোঁ সেইসময়তে শুনিলোঁ মিহি মাত এটা- ‘যি লিখে লিখক বাইদেউ। কিন্তু সন্তান নাথাকিল বুলিয়েই একেবাৰে গৃহস্থৰ পৰা আৰম্ভ কৰি ওচৰ-চুবুৰীয়ালৈকে কৰা লেই-চেইবিধ নকৰিব দেই। সন্তানহীন শব্দটো শুনি শুনি অস্বস্তি পাই গৈছোঁ। মানুহবোৰৰ পৰা উপায় নাই বুজিছে। দুই তিনিজনী ছোৱালী জন্ম দিলেও আপত্তি আৰু সন্তান নাথাকিলেও আপত্তি। আৰু আপোনালোকৰ নিচিনা গল্পকাৰবোৰেও সেইটোৰে সুযোগ লৈ হোৱাই নোহোৱাই এসোপামান লিখি পাঠকৰ পুতৌ লয়।’।
অ এইজনীয়ে দেখোন মিহি মিহিকৈ মোক এপালি দি থৈহে গ’ল। ভাবিছিলোঁ শান্ত-শিষ্ট চৰিত্ৰ একো নক’ব! কিন্তু একেবাৰে মূৰতে টাঙোনডাল সোধাই থৈহে গ’ল।
নাই নাই নোৱাৰি আৰু! এনেকৈ ইহঁতৰ গালি-শপনি খাই মই ছিৰিয়াচ গল্প লিখি পাঠকৰ ‘অন্তৰ চুই যোৱা’, ‘হৃদয়স্পৰ্শী’, ‘কন্দুৱাই দিলে’ এইবোৰ কমেণ্ট শুনি নিজকে লেখক বুলি প্ৰতিষ্ঠিত নকৰোঁ। তথাপিও মন যায় দিয়কচোন কিবা এটা লিখি ৰাইজক ক’বলৈ ময়ো এজন লেখক। ফটাঢঝলৰ সম্পাদক মহোদয়, আপোনাৰ মতেই হ’ব। আপুনি বিচৰাৰ দৰেই হাস্য-ব্যংগ সম্পৰ্কীয় কিবা এটা লিখিবৰ কাৰণেই প্লট এটা বিচাৰোঁ।
☆ ★ ☆ ★ ☆
1:24 pm
বঢ়িয়া
2:05 pm
বঢ়িয়া
8:47 pm
বঢ়িয়া ৰিমঝিম৷