থিংক বিগ, ডু নাথিং-ভিক্টোৰিয়া হাজৰিকা
নহয়, এনেকৈ থাকিলেতো নহ’ব, লগৰ সকলোৱে লকডাউন বুলি কিবা নহয় কিবা কৰিছে, অন্ততঃ কোনোৱে একো কৰিব নোৱাৰিলেও বিয়াকে পাতি পেলাইছে। অন্য নহ’লে অন্ততঃ ফেচবুকৰ টাইম লাইনতটো জিলিকাইছে যুগ্মজীৱন প্ৰতিছব্বিখন। দহজনৰ মাজৰ আলোচ্য বিষয় হৈছে সিহঁতৰ যুগ্মজীৱন, জীৱনলৈ সলনি আহিছে সিহঁতৰ, ছোৱালীবোৰে বোৱাৰী হৈ ফাৰ্ষ্ট কিটচেন বুলি নহ’লে বা বেষ্ট ইন ল’ বুলি গিৰিয়েকৰ ঘৰৰ মানুহৰ লগত ফ’টো দিছে, ল’ৰাবোৰে মানুহজনী নহ’লে বা ঘৰৰ লখিমী বুলি ফ’টো দিছে। সেইদিনা আনকি সিয়ে টিউচন কৰা দশম শ্ৰেণী ছোৱালীজনীয়ে এচটা সেন্দূৰ আঁকি গিৰিয়েকৰ বুকুত মূৰ গুজি ফ’টো দিছে “life settled, My hubby” বুলি। হে’ৰ সেইজনীয়েতো ভালকৈ ABCD কেইটাকে নাজানে এতিয়া বিয়া হৈ ইংলিছতহে কেপচন দিয়ে। নাই তাৰ ভালে লাগিছে অন্ততঃ তাই অলপ ইম’প্ৰোভ হৈছে। পিচে দুখটো হ’ল সি কেতিয়া চেটেল হ’ব। না কেৰিয়াৰ, না প্ৰেম, না টকা, না চেহেৰা, এই যাকে দেখে তাকে ভাল লাগি যোৱা আৰু আকাশত চাং পাতি আলাসৰ লাড়ু খোৱাৰ হৃদয়খনৰ বাদেটো তাৰ একো নাই। যিটো বয়সত প্ৰেমে জুপুৰি পাতিছিল তেতিয়া কেৰিয়াৰৰ সি অট্টালিকা সাজিছিল য’ৰ ওপৰত সজা চিনটেক্সৰ অভাৰ ফ্ল’ পানী জুপুৰিত পেলাই বিনাশ হৈছিল প্ৰেম জুপুৰি, প্ৰেমটো নহ’লেই কেৰিয়াৰো পাতবেংজনী পৰাদি পৰি ৰ’ল, অট্টালিকা খহি পৰিল কিবা বি ক’ল নামৰ ভূমিকম্পত। Don’t take life seriously, life goes on কিন্তু যেনেকৈ গৈছে তাৰ সহ্য হোৱা নাই। Let it happen, just flow like river। আৰে কেনেকৈ হ’বলৈ দিয়ে সি এইবোৰ, নদীৰ দৰে বৈ যেনিবা গ’লেই পিচে একা-বেঁকা হ’বলৈ সিটো মেৰদণ্ডহীন সাপ নহয়, পিঠিত ধৰে, বুকুত খুন্দা মাৰে ঘাটত এৰি অহা সময়বোৰে। এই ইউটিউবৰ ম’টিভেশ্যনবোৰ শুনিলে তাৰ কেতিয়াবা বৰ খং উঠে, সেই তেতিয়াও legend are single, Smart people are single, single life best life এইবোৰ ছিৰিয়াচকে লৈ প্ৰেমত নপৰিলে, পৰীক্ষাৰ আগদিনাই পঢ়ি পাছ কৰিবলৈ গৈ বেক লগাই be cool টেগ মাৰি কেৰিয়াৰৰ মৰিশালি সাজিছিল। এতিয়া অকলে অকলে বিছনাত পৰি পৰি নেটফ্লিক্স, এমাজনৰ ৱেবচিৰিজত নিজকে সুমুৱাই দিওঁতে সেইবোৰে সি যেন চিৰজীৱন অকলশৰীয়া সেইটো বেছিকৈ অনুভৱ কৰায়। অন্ততঃ গানবোৰ ইনষ্টাত টেগ কৰিবলৈতো কাৰোবাক লাগে। বৰ আমনিদায়ক হৈছেহে সময়বোৰ। লগৰবোৰে পিজি কৰিছে, অনলাইন ক্লাছ কৰিছে, চাকৰি কৰাবোৰেও what’s app status-ত ৱোৰ্কিং ফ্ৰ’ম হোম, ফ্ৰাছটেডেত লাইফ বুলি দিছে। তাৰো মন গৈছে তেনেকে ফ্ৰাছটেডেত হ’বলৈ পিচে তাৰ ওচৰত কৰিবলৈ একো নাই। প্ৰথম ল’কডাউনত সিও চেফ হৈছিল পিচে এইবাৰ গ’লে মাকে হেতাৰে খেদিব, যিহে বস্তুৰ দাম! চাহ একাপ খাবলৈ খুজিলেও দেউতাকৰ চকুৰ চাৱনিত পোলোকা মাৰে। বিপ্লৱ, অঁ অথনিৰ পৰা মই বিপ্লৱৰ কথাই কৈ আছিলোঁ। ধনশিৰিপৰীয়া গাঁৱৰ বিজন দত্তৰ সুযোগ্য সন্তান যাৰ যোগ্যতা লিখিবলৈ গ’লে কলমৰ চিঞাহী এটোপালো অথবা বগা কাগজত এটি দাগ মৰাৰো প্ৰয়োজন নহ’ব। না না মই কোৱা নাই। আৰে মই হেন গাভৰু ছোৱালীজনী এনে ধৃষ্টতা যে এজন মোৰ দৰেই চফল ডেকাৰ যোগ্যতা বিচাৰ কৰিম, কালি নিজে বিজন দত্ত কৈ গৈছে আমাৰ চোতালত,
: বোলে হাজৰিকা, হেৰ’ সত্য নাৰায়ণ পাতি পাতি কপালত যি এটা মিলিল সেইটোৱেও বংশ ইয়াতে যতি পেলাব যেন লাগিছে, হেৰ’ কোনে ছোৱালী দিব তেনে গাহৰি দৰে খাই বৈ থকা এটাক।
পিচে দেউতাকে কোৱাৰ দৰে সি ইমানো অযোগ্য নহয়, যোগ্যতা আছেতো তাৰ। শুনিব শুনক….সি চাগৈ এতিয়াও ভাবি আছে “Believe yourself, Focus on your track” পিচে ভাবে ঠিকেই কিন্তু কমদামী মোবাইলৰ কেমেৰাৰ দৰে মনটো তাৰ, ফ’কাচ নলয়েই। ট্ৰেক সলনি হৈ হৈ ট্ৰেইনবোৰ মিছ কৰি দিয়ে তথাপি হাৰ নামানে আকৌ সন্দীপ মহেশ্বৰীৰ লগত আধাঘণ্টা কটাই ফুল ম’টিভেশ্যনত আহি ষ্টেটাচটো দিয়ে “Do what you love, love what you do” আৰু লাহেকৈ আৰ কেলীৰ “আই বিলিভ আই কেন ফ্লাই” গানটো হেডফোনৰ সিপাৰে লগাই শুই থাকে কাৰণ ভালপোৱাৰ ভিতৰত সি শুই সকলোতকৈ ভালপায়। অঁ তাৰ যোগ্যতাৰ প্ৰমাণ ইয়াত দিব পাৰি অৱশ্যে, সি শুই শুই জীৱনটো জী থাকিব জানে আকাশত উৰিব পাৰে। বিশ্বাস কৰক সি গানৰ গ’টোও নাজানে অথচ চাৰ্লি পুথৰ লগত এইবাৰ গ্ৰেমীত “we don’t talk anymore” গানটো ক’লাব কৰি আহিছে, আমেৰিকা, লণ্ডন, ইউৰোপ, গোটেই ইষ্ট এছিয়া ফুৰিছে সি, তাত চাকৰিয়ো কৰিছে আনহে নালাগে বিল্লী এলিছৰ প্ৰ’পজেলো সি নাকচ কৰি আহিছে কাৰণ সি দেমীকহে ভাল পাইছিল। পিচে দেমীয়ে তাক ফ্ৰেইণ্ড বুলিহে ভাবে। সেয়ে সি ভালপোৱাবোৰক জলাঞ্জলি দিছিল। পিচে এই ৱেব ছিৰিজবোৰে তাক আকৌ প্ৰেমত পৰিবলৈ কাজিয়া কৰিবলৈ, ট্ৰেজেদী কৰিবলৈ বাধ্য কৰাই ফলত ৰাতি দুটা বজাতো সি ট্ৰেজেদীত কান্দে। এনেকুৱা এটা ব্ৰেকআপ কাহিনী সি সাজি লয় যিটো কাহিনী শুনিলে জুবিন দা, অৰিজিত সিং বা এলেন ৱাকাৰহঁতে গানৰ নৈ বোৱাব। ট্ৰেণ্ডিঙত গৈ ছৰ্ট ফ্লিমো সি বনাইছিল যিখন বনোৱাৰ আগতেই ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাৰ সপোন দেখাৰ উপৰিও হঠাতে ব’লিউডত ফেমাচ হৈ স্ক্ৰীপ্ত ৰাইটাৰ আৰু লাহে লাহে ছোৱালীবোৰৰ ক্ৰাশ্ব হোৱাৰো কল্পনাৰ অনুভৱী নৈ’ত জুবুৰা মাৰিছিল। এই আগতীয়াকৈ আহি যোৱা অনুভৱবোৰৰ বাবে আকৌ সি বহুত কাম নকৰাকৈ অনুভৱেৰে সামৰে, যেনে — কলেজত নমীতা, নয়নাহঁতক ভাল লাগিয়ো নিজে অনুভৱ কৰি থৈ দিলে, আকৌ কলেজত ট’প কৰিলে কেনে লাগে সেয়া অনুভৱ কৰি মাক-দেউতাকে তাক মৰম কৰা, যি লাগে তাকে আনি দিয়া সকলোবোৰ অনুভৱতে থ’লে। নকৰিলে তেনেদৰে বহু কামেই সি নকৰে, কাপোৰ কিনা, অথবা ক’ৰবালৈ যোৱা বহুত কাম সি তেনেকৈ থৈ দিয়ে। তথাপি সি এইবাৰ ভাবিছে যে ভাবি থাকিলে নহ’ব কৰিবই লাগিব। Think less Do More. এনেকৈ নিজক ম’টিভেট কৰিয়েইটো সি কেইমাহমানৰ আগত ইউ পি এ চি-ৰ বাবে প্ৰস্তুতি চলাইছিল। দেউতাকে কৈছিল বোলে এ পি এছিটোকে দে এইটো পাৰিবি জানো! পিচে তাৰ অদম্য মনোবল আৰু অগাধ বিশ্বাসৰ ওচৰত দেউতাকে মূৰ দোঁৱালে, সি দেউতাকক মনোভাৱ আৰু সপোন ডাঙৰ দেখিবলৈ পৰামৰ্শ দি কৈছিল,
: Think big to get big দেউতা যাৰ নিজৰ ওপৰত বিশ্বাস আছে তেওঁ নিজৰ ভাগ্য নিজে লিখে। এইবাৰ মই লিখিম মোৰ ভাগ্য, আৰু এবছৰৰ পিছত আই এ এছ হৈ তোমাৰ পদূলিত থিয় দিম।
সেয়াই আৰম্ভণি তাৰ পিছত তিনি ঘণ্টা যদি ম’টিভ হ’বলৈ ইউটিউবত ইউ পি এছ চি টপাৰৰ ভিডিঅ’ নহ’লে লাবাচানাৰ ভিডিঅ’ চাই, ২ ঘণ্টা পঢ়ে আৰু তাৰ এতিয়া ড্ৰীম প্লেছ লাডাখ বা ভাৰতৰ বাহিৰ গুচি লাবাচনা হ’ল। পিচে তাৰ প্ৰস্তুতি মনে মনে। এইবাৰ সি কাকো একো নজনাই কাৰণ সি ক’ৰবাত পাইছিল “Do silently let result make noise”
তথাপি ইনষ্টাগ্ৰামতো বায়’ত Aspirant বুলি কোনেও বুজি নোপোৱাকে দিলে। ঠিকে চলি আছিল, ট’পাৰসকলে কোৱাৰ দৰে সঠিক ষ্ট্ৰেটেজী বনালে, লক্সমিকান্ত, স্পেকট্ৰাম সকলো তাৰ মূৰৰ ওপৰে গ’লেও ৪৫ দিন, ৩০ দিনৰ সময় সীমাত সৱ পঢ়িলে, দ্যা হিন্দু সকলো মহতিয়াইছে যেন গিলি থ’ব সকলো, যেন সি ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ দ্বিতীয়। পিচে কি হ’ব! মগজে নোৱাৰিছে ম’টিভেশ্যন লৈ লৈ দিম’টিভেট হৈছে। স্পেকট্ৰামৰ ইষ্ট ইণ্ডিয়াই যেতিয়া লক্সমিকান্তত চাৰ্টাৰ এক্ট ঘোষণা কৰে বা প্ৰথম ইলেকচন খেলে তাৰ খেলিমেলি হৈ যায়। দ্যা ইক’নমিক্সৰ বাজেটে যেতিয়া পাৰ্লিয়ামেণ্টৰ সদস্যৰ মতামত সাঙোৰ খাই তেতিয়া তাৰ জীৱনৰ দুখৰ দিনৰ হিচাপ বাজেটৰ হিচাপ নিকাচতকৈ বাঢ়ি যায়। নাই কিবা এটা ভুল হৈছে নহ’লে কিয় নোৱাৰিব সি, হতাশ নহ’বলৈ চেষ্টা কৰি ব্যৰ্থ পিচে সি আকৌ ভিডিঅ’ এটাত পালে “Depression is when body said I don’t want to be this character , I need rest”।
ঠিকে তাক আৰাম লাগে হয়তো সি ভুল পথত গৈছিল, এনেও তাৰ ভাগ্যত ব্যৱসায়হে আছে বুলি যোৱাবাৰ মাকে চোৱাওঁতে কৈছিল জোতিষী এজনে। এইবোৰ তাৰ বাবে নহয়। হয় সি বাদ দিলে, সকলো কিতাপ-পত্ৰ আনকি ভিজন আই এ এছ-ৰ টেষ্ট চিৰিজেও ভিজন হেৰুৱাই, অকল্পিত কাহিনীৰ নিৰাশা নামৰ নায়িকাজনী হৈ নায়কৰ অপেক্ষাত পৰি ৰ’ল বুকুত সানি ধূলি চামনি। ব্যৱসায়, ঠিকে সি খুলিব মূৰ্গীৰ ফাৰ্ম, নহ’লে পুহিব জাৰ্চী। কথাটো আলোচনা কৰিলে পিচে কোনে বা ক’লে লাভটো কম কষ্ট বেছি, ঠিকে মাহে লাভৰ ৩০০০০ৰেনো কি কৰিব, এতিয়া ১০ টকাও নাই তাৰ সেইটো বেলেগ কথা। জীৱনত দুখ সদায় নাথাকে সি জানে ভাল দিন আহিব নিশ্চয়। সি চিন্তা কৰে। বুজিছে ঘৰখনৰ কথা, দেউতাকৰ কষ্টৰ কথা, মানুহজনে দিনৰ দিনটো পথাৰত কটাই, এই বয়সতো নিজে হাল বাই, কোৰ মাৰিব লাগে। হাজিৰা লগাবলৈয়ো টকা-পইচাৰ যিহে অভাৱ আৰু সিয়ো সহায় কৰিব নোৱাৰে নহয়, বি এছ চি কৰা ল’ৰাই যদি খেতি কৰে কেনেকৈ হ’ব! সেয়ে সি ঘৰতে সোমাই ভাবি আছে ডাঙৰ কিবা এটা কৰিব লাগিব। সি IPS / IAS হ’লে কিমান ভাল লাগিব পিচে সেইটো তাৰ বাবে নহয়, Don’t waste your efforts in worng thing সি জানে। ডাঙৰকৈ ভাবা, একো নকৰিবা ভাল দিন আহিব। কি ঠিক এককোটিমান হেৰাই পোৱা কল্পনা কৰা। এসাঁজ ধুনীয়াকৈ খাবলৈ মন গ’ল। জমেট’ কৰা পইচা দেউতাই দিব, নহ’লে মাক কোৱা ৰান্ধিবলৈ। বজাৰ দেউতাই কৰিব, নহ’লে অনুভৱ কৰা খোৱাৰ কাৰণ খাবলৈতো ৰান্ধিব লাগিব তুমি নহ’লেও আন কোনোবাই। কিন্তু ভাবিবা ডাঙৰ, শুই শুই।”
☆ ★ ☆ ★ ☆