ফটাঢোল

প্ৰেয়সী- নিলাক্ষী কাকতি

: আস্! বিকাশে পিঠিত এটা বিষ অনুভৱ কৰি জাঁপ মাৰি বিচনাৰ পৰা উঠিল৷ দেখে যে অসীমে ঝাড়ুদাল লৈ তাৰফালে চাই আছে৷

: কি হ’ল বে? শান্তিত শুবও নিদিয় নেকি? ইমান ঝাকাচ সপোন এটা দেখি আছিলোঁ৷ আমাৰ কলেজৰ প্ৰিয়াৰ লগত বেলিভিউৰ ফালে ফুৰিবলৈ গৈ আছিলোঁ বাইকত৷ উফ্‌! কি যে মজা সপোন আছিল৷ চাল্লা তই সৱ বৰবাদ কৰি দিলি৷

: ঐ বান্দৰ৷ বাইকত প্ৰিয়াৰ লগত পিছতো ফুৰিবি, যদি তাইৰ বয়ফ্ৰেণ্ডে তোৰ হাত-ভৰি নাভাঙে৷ পিচে বুঢ়া ৰৈ আছে৷ কি কৰিবি এতিয়া? তোক বিচাৰি এতিয়ালৈ দুবাৰ আহিলে৷ আজি যে একো বাহানা নচলিব খাটাং৷ তোক আগতেই কৈছিলোঁ পেয়িংগেষ্টৰ ভাড়াখিনি উৰুৱাই নেপেলাবি বুলি৷

: আব্বে কি হ’ব এতিয়া? তোৰ প্ৰবচন পিছতো শুনাবি৷ আজি মই শেষ৷ ঐ তই এবাৰ তললৈ চাচোন বুঢ়া আছে নেকি? মই পলাই দিওঁ৷

: পাগল নেকি? বুঢ়া দৰ্জাৰ সিটো পাৰে৷ যা কিবা এটা কৰগৈ৷

অসীম আৰু বিকাশ দুয়ো একেখন কলেজত ডিগ্ৰী ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ৷ দুয়ো জগত বৰুৱাৰ ঘৰৰ প্ৰথম মহলাত পেয়িংগেষ্ট হিচাপে থাকে৷ ঘৰখনত জগত বৰুৱা আৰু তেওঁৰ পত্নী সাদৰী বৰুৱা৷ তেওঁলোকৰ একমাত্ৰ পুত্ৰ কৰ্মসূত্ৰে আমেৰিকাত থাকে৷ বিশাল ঘৰটোত সেয়ে প্ৰথম মহলাত দুয়ো পেয়িংগেষ্ট খুলি লৈছে৷ 

: অ’ বৰতা৷ এই ৰাতিপুৱাই আহিল যে? মই আপোনাক লগ কৰিম বুলি ভাবিয়েই আছিলোঁ৷ দৰ্জাখন খুলি চকুৰ কোণৰ ফেচকুৰিখিনি চাফা কৰি কৰি বিকাশে ক’লে৷

: অঁ ৰাতিপুৱাই ওলালোঁ৷ মানে আমাৰ দৰে বুঢ়া মানুহৰ আকৌ ৰাতিপুৱা কাউৰীয়ে কা কৰোঁতেই হয়৷ তোমালোকৰ দৰে ৰাতিপুৱা আকৌ দহ-এঘাৰ বজাত নহয় নহয়৷ পিচে মোক লগ কৰিম বুলি যে ভাবি আছিলা বুলি ক’লা মোক লগ কৰিবলৈ বাচ নে ট্ৰেইনৰ অপেক্ষাত আছিলা? 

: হেঃ হেঃ বৰতা৷ আপুনিও বৰ ধেমালি কৰে৷ মোৰ সেই কাৰণেই আপোনাক বৰ ভাল লাগে৷

: বাৰু মোক পিছতো ভাল লগাই থাকিবা৷ পিচে দুমাহ হৈ তিনিমাহ হ’বলৈ গৈ আছে৷ তোমাৰ ভাড়াৰ টকা কেতিয়ালৈ দিবা? তুমি কেতিয়া ৰূমৰ পৰা ওলোৱা কেতিয়া সোমোৱা একো ধৰিবই নোৱাৰোঁ৷ দেশৰ প্ৰধানমন্ত্ৰীৰ মাতো আজিকালি টিভি, ৰেডিঅ’ত শুনিবলৈ পাওঁ৷ তোমাৰতো মাতটোও শুনিবলৈ পোৱা নাযায়৷ মন্ত্ৰী-এমেলেকো পাঁচ বছৰৰ মূৰত দেখা পোৱা যায়৷ তোমাকহে দেখা নাযায়৷ মই আকৌ ভাবিছিলোঁ মই তোমাক লগ কৰিবলৈ ক’ৰবাত আৱেদনেই কৰিব লাগিব নেকি!

: ইচ! কেলেইনো এনেকৈ কৈছে বৰতা? মোৰ মানে টকাখিনি লগত আছিলেই৷ লগৰ এজনৰ হঠাৎ গা বেয়া হোৱাত হস্পিতালত ভৰ্তি কৰাব লগা হ’ল৷ মানে তাতেই মোৰ টকাখিনি খৰচ হৈ গ’ল৷ মই সি টকাকেইটা দিলেই এই দুদিনতে আপোনাক ভাড়াখিনি দি দিম৷

: অ’ হয় নেকি? বৰ পৰোপকাৰীহে তুমি৷ পিচে ডেকা ল’ৰা দুদিনৰ ভিতৰত ভাড়াটো ক্লিয়াৰ কৰিবা৷ নহ’লে আকৌ মোৰো গা বেয়া লাগিব পাৰে৷ তেতিয়া আকৌ মোৰ গা ভাল লগাবলৈ বেলেগ ল’ৰাক ইয়াত থাকিব দিব লগাও হ’ব পাৰে৷ অ’ আৰু এটা কথা৷ আমাৰ পিছফালৰ নলাটোত কোনোবাই বিয়েৰৰ বটল দুটামান পেলাই থৈছে৷ কেনেবাকৈ সেয়া তোমালোক নহয়তো? মানে ডেকা বয়সত অলপ ফূৰ্তি কৰিবলৈ সকলোৰে মন যায়েই দিয়াচোন৷ বাৰু আহোঁ৷ দুদিন পিছত মই নাহোঁ তোমাক টোপনিৰ পৰা জগাবলৈ৷ তুমিয়েই যাবাচোন মোক জগাবলৈ৷ লগৰজনে হস্পিতালৰ পৰা আহিল নে খবৰটোও দি যাবা৷ আহিছোঁ দেই৷

: চাল্লা খৰুচ বুঢ়া!

দৰ্জাখন জোৰেৰে মাৰি বিকাশে আকৌ বিচনাখনত পৰিল৷ অসীমে ইতিমধ্যে পেটত ধৰি হাঁহি হাঁহি বাগৰি পৰিছে৷

: তোৰ কিহে পাইছিল ৰিমঝিমক ইম্প্ৰেচ কৰিবলৈ মিছাকৈয়ে বাৰ্থডে পাতি অতসোপা টকা খৰচ কৰিবলৈ? মই আগতেই জানো তোৰ টকা বেকাৰ যাব৷ ৰিমঝিমে অচিন্ত্যৰ টোপ গিলিব বুলি আগতেই চিউৰ আছিলোঁ৷

: হয় ৰে৷ মোৰ কিহে পাইছিল? এই দীপক মই এইবাৰ যেতিয়াই লগ পাম তেতিয়াই তাৰ নাক ভাঙিম৷ সি মোক জেক দি দি দুটা বিয়েৰো সৰকালে৷ চাচোন তাক ক’লোঁ যে বটল দুটা ক’লা পেকেটেৰে মেৰিয়াই বাহিৰৰ ডাষ্টবিনত পেলাই দিবলৈ৷ সি (অশ্লীল শব্দ) পিছফালৰ নলাটোত পেলাই থৈ আহিল৷ সৱ ঝেং মানে মোৰ লগতহে হয় চাল্লা! আকৌ মাদাৰ ইণ্ডিয়াক প্ৰজেক্টৰ বাবে লাগে বুলি টকা খুজিব লাগিব৷ বচে গম পালেতো মোৰ পিঠি ফালিব৷ মাক অলপ এইবাৰ বেমাৰৰ বাহানাও দিব লাগিব৷ পিচে আকৌ ইয়াত আৱিৰ্ভাৱ হৈ যায় বুলিহে ভয় লাগে৷

: কথা ক’বলৈ আহিছ? ছোৱালীৰ নামত খৰচ কৰোঁতে চিন্তা লগা নাছিল? 

: হ’ব প্ৰভু৷ আপোনাৰ দৰে মহাপুৰুষ হ’ব নোৱাৰোঁ এই জনমত৷ 

টক্‌৷ টক্‌৷ 

: ঐ৷ এইবাৰ আকৌ কোন আহিল? চাচোন৷ হৰি দোকানিও হ’ব পাৰে৷ তাৰ দোকানতো মোৰ ৰজনীগন্ধা আৰু শিখৰৰ পইচা দিব আছে৷

: হে হৰি! অসীমে দৰ্জাখন খুলি দিলে৷ দৰ্জাৰ সন্মুখত এজনী মৰমলগা ছোৱালী৷ গোলপীয়া ৰঙৰ দীঘল ফ্ৰক এটা পিন্ধিছে৷ বৈ পৰা চুলি আৰু টনা টনা চকুৰে ছোৱালীজনীক অপূৰ্ব দেখাইছে৷ 

: নমস্কাৰ৷ মই–মানে মই এইখন ঘৰৰ মালিকৰ ভায়েকৰ ছোৱালী৷ জগত বৰুৱা মোৰ বৰতা হয়৷ মানে মই ওপৰলৈ কাপোৰ মেলিবলৈ আহিছিলোঁ৷ বোধকৰো আপোনালোকৰ গামোছা এখন পৰি আছিল৷ এইখন হয়নে?

মিঠা মাতটো শুনি বিকাশেও দৰ্জাৰ ওচৰলৈ আহিল৷ আহি ছোৱালীজনীক দেখি তাৰ মুখ মেল খাই গ’ল৷ 

: হয় হয়৷ এইখন মোৰেই৷ ধন্যবাদ৷ 

: বাৰু আহিছোঁ৷ 

ছোৱালীজনী তললৈ নামি যোৱলৈ বিকাশে থৰ হৈ চাই ৰ’ল৷

: আব্বে৷ ছোৱালীৰ নামত টকা বতিয়াই আছোঁ৷ ইফালে তোৰ বৌৱেৰ দেখোন এইখন ঘৰতেই আছে! কিয় জানো বুঢ়াক মোৰ ভাললগা হৈ আহিছে৷

: হেৰৌ৷ আহি গ’লিনে ফৰ্মত? যা মুখ ধুই ল৷ মোৰ ক্লাচ আছে মই যাওঁ৷

: ঐ শুন শুন৷ এইৰ নামটো জানিব লাগিব৷ মোৰ প্ৰেম হৈ গ’ল ৰে৷ মাক ফোন কৰোঁ৷ মনত ৰাখিবি৷ মোৰ দুটা প্ৰজেক্ট আছে আৰু মোৰ অলপ জ্বৰ হৈছে যাৰ বাবে মোক টকা লাগে৷ মায়ে তোক ফোন কৰিলেও তেনেকৈয়ে ক’বি৷ মোক শুভেচ্ছা দে মাত্ৰ৷ আজিৰ পৰা অইন সকলো ছোৱালী মোৰ ভনী নাইবা বাইদেউ৷

***

এইকেইদিন বিকাশৰ মনটো ৰণবীৰ সিঙৰ সাজ-পোচাকৰ দৰে ভিন্নৰঙী হৈ পৰিছে৷ কেৱল জগত বৰুৱাৰ ঘৰৰ দুৱাৰখনতেই তাৰ চকু৷ আনকি তাৰ কলেজৰ এঞ্জেল প্ৰিয়া, পাপা কি পৰী কেইজনীকো চাবলৈ মন নোযোৱা হৈছে৷ মনত মাত্ৰ এটাই প্ৰশ্ন৷ কি নাম তাইৰ? তাইৰ লগত চিনাকি হ’বলৈ এইকেইদিন সি যে কি কৰা নাই! কোনোবাই ঠিকেই কৈছিল বোলে প্ৰেমত পৰিলে প্ৰেমিকাৰ ঘৰৰ ফপৰা কুকুৰটোও মৰমলগা হৈ পৰে৷ সি এদিন জগত বৰুৱাৰ পিছে পিছে গৈ বজাৰ কৰা বেগো দাঙি দিলে৷ দুমাহৰ ভাড়া দি এজনৰ পৰা ধাৰ লৈ আৰু এমাহৰ এডভাঞ্চো দিলে৷ মুঠতে মহাদেৱে কৃপা কৰিলেই হয়৷ 

: ঐ অসীম৷ তই মন দি থাকিবি৷ তাই ওপৰলৈ কাপোৰ মেলিবলৈ অহা যেন পালেই মোক ইচাৰা কৰিবি৷ আজি হয় গুৱাহাটী নহয় ৰঙামাটি৷ আজি চিনাকি হ’বই লাগিব৷

: হ’ব দে৷ জানো পাই তই কি কৰিবলৈ ওলাইছ! চাবি আকৌ, এইবাৰ ভতিজীক খেপ দিয়া বুলি গম পালে বুঢ়াই তোক ৰকেটৰ আগত বহুৱাই চিধাই তোৰ ঘৰৰ পদূলিত পঠিয়াই নিদিলেই হ’ল৷

: হ’ব৷ তই গাঁতত সোমাই থাক৷ তোৰ দৰে মৰকেলেপকেইটাৰ কাৰণেই বৰলা সন্থাত ভীৰ বাঢ়িছে৷ ঐ চেণ্ডেলৰ শব্দ শুনিছোঁ৷ মন কৰ৷

: অঁ অঁ তায়েই৷ 

বিকাশে চিধাই চাঁদৰ ওপৰত গৈ ব্যায়াম কৰাত লাগিল৷ প্ৰথমে একো যেন মনেই কৰা নাই ভাৱত ব্যায়াম কৰি থাকিল৷ মাত্ৰ মনত এটাই ভাৱ- 

” আহা মইনা কলিজা৷ আজি তোমাৰ হ’ব লগা মানুহজনৰ লগত তুমি চিনাকি হ’বা৷”

: আপুনি সদায়ে ব্যায়াম কৰে? 

এটা মিঠা মাত৷ সি যেন শুনাই নাই! কি কৰিব সি এতিয়া? লগে লগে উত্তৰ দিব নে অলপ ৰ’ব? উত্তৰ নিদিলে আকৌ তাই অভদ্ৰ বুলি ভাবিব৷ নাই উত্তৰ দিব লাগিব৷ ভৱিষ্যতৰ সিহঁতৰ হ’ব লগা সংসাৰখনৰ কথা আছে৷

: মোক সুধিছে? 

: হয়৷ আপুনি সদায়ে ব্যায়াম কৰে?

: হয়৷ কৰোঁ৷ আচলতে মোৰ সৰুৰে পৰা অভ্যাস৷ কাহিলি পুৱাই উঠি অলপ ব্যায়াম নকৰিলে মোৰ গাটো বেয়া লাগে৷ তাৰপিছতহে গৰমপানীৰ লগত নেমু আৰু মৌ খাওঁ৷

: ৱাহ৷ ভাল কথা৷ মানুহে স্বাস্থ্য সচেতন হ’ব লাগে৷ মই আকৌ ৰাতিপুৱা উঠি অলপ ৰেৱাজ কৰোঁ৷ ক্লাচিকেল মিউজিক শিকি আছোঁ যে৷

আস! তাই গানো গায়৷ কি যে সংগীতময় হ’ব সিহঁতৰ সংসাৰ৷ 

: বৰ ভাল কথা৷ এদিন শুনাব লাগিব দেই…৷ অ’ মই আকৌ আপোনাৰ নামটোৱেই সোধা নাই৷ মই বিকাশ মহন্ত৷ আপুনি?

: মই পৰিণীতা বৰুৱা৷ ঘৰত সকলোৱে পাহী বুলি মাতে৷

কি যে সুন্দৰ নাম! সিয়ো পাহী বুলিয়েই মাতিব৷ বিকাশৰ পাহী৷

: বাৰু মই আহোঁ দেই৷ বৰমা আৰু মই কাইলৈৰ বাবে বজাৰলৈ যাম৷ তেওঁ ৰৈ আছে৷ 

: বাৰু৷ লগ পাম৷ পিচে কালি কিবা আছে নেকি? 

হাঁহি এটা মাৰি সি ক’লে৷ আকৌ মনত ভাব আহিল তাৰ, বেছি খৰধৰ কৰিছে নেকি সি! প্ৰেম আৰু ষ্টক মাৰ্কেটত ব্ৰেইন আৰু টকা ইনভেষ্ট কৰোঁতে বহুত ভাবিবলগীয়া হয়৷ কাৰণ দুয়োটাতে ৰিস্ক বেছি৷ এনেয়ো দৌৰাদৌৰিৰ কাম চয়তানৰ৷ 

: অঁ৷ কাইলৈ কিবা এটা আছে৷ গম পাব ৰ’ব৷ 

লাজলাজকৈ হাঁহি এটা মাৰি তাই চিৰিয়েদি নামি গ’ল৷

কি আছে কালি? তাইৰ জন্মদিন নহয়তো? যদি জন্মদিনলৈ তাক মাতে কি উপহাৰ দিব সি? ছেঃ! তাই কি পঢ়ি আছে তাৰ সোধাই নহ’ল৷ একো নাই৷ প্ৰথম চিনাকিত সি ষ্টাৰ মাৰ্ক লৈয়ে উত্তীৰ্ণ হোৱা যেন লাগিল৷

***

: ঐ দৰ্জাখন খোল না অসীম৷ কোনোবা আহিছে৷ বাগৰ সলাই বিকাশে ক’লে৷

: কিয় মহাৰাজ? মই তোৰ চাকৰ নেকি? ময়েই যে সদায় দৰ্জা খুলিব লাগে! তই খুলিব নোৱাৰ নেকি?

বিকাশে ভোৰভোৰাই ভোৰভোৰাই দৰ্জাখন খুলি দিলে৷

: বৰমা! এই ৰাতিপুৱাই? কিবা হৈছে নেকি?

বৰমা শব্দটো শুনাৰ লগে লগে বিকাশেও বিচনাৰ পৰা উঠি দৰ্জাৰ মুখ পালেহি৷

: নাই মানে তেনে বিশেষ একো নহয়৷ বৰতা বজাৰ গৈছে৷ আমাৰ আজি কেইজনমান আলহী আহিব৷ ইফালে কি জানো হ’ল আমাৰ পাকঘৰৰ বেচিনটোৰ পাইপডাল লিক হৈ আছে৷ অকণমান চাই দিব লাগিছিল৷ তোমালোক দুজনৰ কোনোবাই অকণমান সহায় কৰি দিব পাৰিবানে?

: বৰমা কি কয়? কিয় নোৱাৰিম? আমাৰ ঘৰত তেনে কিবা সমস্যা হ’লে ময়েই থিক কৰোঁ৷ ব’লক মই চাই দিম৷ ৰ’ব মই স্পৰ্টিং এটা পিন্ধি লওঁ৷ 

অসীমক চকু টিপিয়াই সি ইংগিত দিলে যে সি যেন তাৰ ৰাস্তাত নাহে৷ 

: এয়া বৰমা৷ বিশেষ একো নাই৷ পঁইতাচোৰাই পাইপডাল অলপ নষ্ট কৰিছে৷ দুদিনমান চলিব পৰাকৈ ঠিক কৰি দিলোঁ৷ মাত্ৰ নতুন এডাল সোনকালে লগোৱাৰ ব্যৱস্থা কৰিব৷ সি কথাটো সাদৰী বৰুৱাক উদ্দেশ্যি ক’লে যদিও তাৰ চকু ঘৰটোৰ চাৰিওপিনে ঘূৰি থাকিল৷

: অ’৷ কৰিম কৰিম৷ বেলেগ পাইপ এডাল কালিয়েই আনিম৷ মাত্ৰ আজিৰ দিনটো গ’লেই হ’ল৷ অ’ তোমাক কথা এটা কওঁ৷ তুমি অসীমকো ক’বা৷ আজি দুপৰীয়া দুয়ো আমাৰ ঘৰতেই ভাত খাবা৷

: বৰমা আজি কিবা আছে নেকি? মানে কিবা পাতিছে নেকি? সি নিশ্চিত হ’ল আজি পাহীৰ জন্মদিন বুলি৷

: হেঃ হেঃ৷ মানে তোমাৰ পৰানো কি লুকুৱাম? ঘৰৰেই ল’ৰাৰ দৰে তোমালোক৷ মানে পাহীৰ মাক-দেউতাক সৰুতেই ঢুকালতো৷ সেয়ে আমি দুজনেই তাইৰ মাক-বাপেকৰ দৰে৷ দুমাহমান আগতে তাইৰ বাবে ডুলীয়াজান ৰিফাইনেৰীত কাম কৰা ইঞ্জিনীয়াৰ এজনে তাইৰ বাবে বিয়াৰ প্ৰস্তাৱ দিছিল৷ আমি বোলো তাই সৰু ছোৱালী৷ ডিগ্ৰী পাচ কৰিবলৈও এবছৰ বাকী৷ কেনেকৈ দিওঁ? পিচে ল’ৰাৰ ঘৰৰ পৰা প্ৰস্তাৱ দিছে যে দুয়োৰে আঙুঠি পিন্ধোৱা কামটো কৰি থোৱা হওক৷ তাৰপাছত পাহীয়ে ডিগ্ৰী পাচ কৰিলে বিয়াখন পাতিলেই হ’ল৷ বিয়াৰ পিছতো পঢ়ি থাকিব পাৰিব বোলে তাই৷ আমিয়ো মানি ল’লোঁ৷ সেয়ে আজি তাইৰ আঙুঠি পিন্ধোৱা পাতিছোঁ৷ হৈ চৈ কৰা নাই৷ ল’ৰাৰ মাক-দেউতাক আৰু বায়েকহে আহিব মাত্ৰ৷ বাৰু চাহ একাপ খোৱা৷ দুপৰীয়া দুয়ো আহিবা৷

: নাই৷ নাই বৰমা৷ নালাগে৷ মোৰ আজি ব্ৰত আছে৷ মই আজি পানীও নাখাওঁ৷ মই যাওঁ৷

সাদৰী বৰুৱাই কিবা কৈ আছিল৷ বিকাশে ভালদৰে শুনা নাপালে মানে তাৰ কাণ দুখন গৰম গৰম লাগি অহা যেন অনুভৱ হ’ল৷

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.

error: Content is protected !!