ড_গ্ৰেইট_কনফিউজন- স্বপনজ্যোতি
যোৱাটো লকডাউনৰ পৰা এতিয়াৰ কাৰ্ফিউলৈকে আমাৰ গৃহলক্ষী ডাঙৰীয়ানীয়ে মোক যি সোপাহে ট্ৰেইনিং দিলে নহয় বুজিছে নে….আৰ্মী-চাৰ্মীত হোৱা হ’লে কিজানি এমোনামান মেডেল পালোঁহেঁতেন।
কত যে গভীৰ সূত্ৰ শিকিলোঁ….যেনে, “ঝাড়ু লগালে সদায় লগাই লগাই আগফালে যাব লাগে কিন্তু ঘৰৰ মজিয়া মচোঁতে পিছফালে; মানে বেক গিয়েৰত আহিব লাগে,” “কাপোৰ ধুবলৈ চাৰ্ফৰ পানীত তিয়াই থ’লে, বগা আৰু পাতল ৰঙৰ কাপোৰৰ লগত একেলগে কেতিয়াও কটনৰ ৰঙীন কাপোৰ মিহলাব নালাগে”………..মুঠতে, কৈ থাকিলে ওৰকে নপৰিব! আৰু বুজিছেনে আপুনি, প্ৰেকটিকেলততো মোৰ প্ৰদৰ্শন আজিকালি যথেষ্ট, যথেষ্ট উচ্চ পৰ্যায়ৰ!(বি: দ্ৰ:- কোনোবা অজীণপাতকী, চকুচৰহাই আকৌ হিংসাতে ক’ব পাৰে যে, এইবোৰ সব মই পিঠিত বেলনামাৰী সৰাৰ ভয়তহে শিকিছোঁ বুলি। কিন্তু এই আমুকাই নিজৰ অন্তৰেৰে জানো নহয়…. বিদ্যা মানে বিদ্যাই, লাগে যিকোনো বিষয়ৰে নহওক কিয়। গতিকে মনে মনে থাককহে !)
সব মোটামুটি ঠিকেই আছিল ….. পিচে আজিহে অকণ কিবা কেৰোণ লাগিল। আৰু যত কূটৰ ঘাই হৈছে এই মৰকেলেপ কৰ’ণাটোৱেই। অতদিনে কৰা যুঁজ-বাগৰৰ অন্তত কালি গধূলি গৃহলক্ষীয়ে ভেকচিনৰ বাবে কিবাকৈ নামটো সুমুৱাব পাৰিলে। জেগাটো অৱশ্যে পালে প্ৰায় পোন্ধৰ কিলোমিটাৰ নিলগত অৱস্থিত স্কুল এখনত। তথাপিও দিয়কচোন, …যাবতো লাগিবই! সেইমৰ্মে, আজি ৰাতিপুৱা অইন দিনতকৈ কিছু সোনকালেই উঠি, ট্ৰেইনিঙৰ নিয়ম অনুসৰি মোৰ কামত মই ব্যস্ত হৈ গ’লোঁ। সিফালে আকৌ, তেওঁ তালৈ যাবলৈ বুলি ডেইণ্টিং, পেইণ্টিং, ফেচিয়েল, নাকিয়েল, ভৰিয়েল ইত্যাদি অতিশয় গুৰুত্বপূৰ্ণ কামবিলাক কৰি অঁতাই মানে বাৰ বাজি গ’লেই। সেয়েহে, দৌৰাদৌৰিকৈ চালিৰ তলৰ পৰা স্কুটীখন উলিয়াই নি থাকোঁতে মোক কৈ কৈ গ’ল,
: হেৰা, ..গেছৰ ওপৰত কুকাৰটো তুলি থৈয়েই গৈছোঁ…মোৰ সময় নহ’ব। আপুনি হুইছেল গণি থাকিব আৰু তিনিটা বাজিলেই গেছটো বন্ধ কৰিব।……মোৰ আহোঁতে দেৰী হ’ব পাৰে….ৰ’দত মেলা কাপোৰবোৰ আনি থ’ব।
এইদৰে চিঞৰি বহুত কিবাকিবি কৈ কৈ পদূলিৰে ওলাই গ’লেই গৈ। মই একো হা- না ক’বলৈকে সুযোগ নাপালোঁ। পিচে, তেৰা যোৱাৰ পিছতহে মোৰ চিন্তাটো বাঢ়ি আহিল…. কাৰণ, এতিয়ালৈকে খাদ্য বিভাগত মোৰ তেনে কোনো উচ্চ খাপৰ ট্ৰেইনিং প্ৰাপ্তি হোৱা নাই। চামুচ-বাতি। কেৰাহী, কাঁহী ধোৱাৰ ডিপ্ল’মা অৱশ্যে পাইছোঁ অতদিনে।
যি নহওক যোৱাজনতো গ’লেই আৰু!….ঘড়ী চাই ল’লোঁ, ১২ বাজি ৩৫ মিনিট গৈছেহে। ঘড়ীটো হাততেই লৈ পাকঘৰত সোমাই, কুকাৰৰ কাষতে চকী এখন পাৰি বহি গ’লোঁ, হুইছেল গণনা কৰিবলৈ। ১২৭ টা হুইছেল মৰালৈ সময় এক বাজি চল্লিশ মিনিট হৈছিল। পিচে, তাৰ পিছত বা কি হ’ল জানো! আৰু দেখোন হুইছেল নমৰাই হ’ল। ইফালে ঘড়ীলৈ চাওঁ,….তিনি বাজিবলৈ আৰু বহুত সময় বাকী। পিচে উপায়তো নাই আৰু! তেনেদৰেই তিনি বজালৈ আকৌ প্ৰায় ডেৰ ঘণ্টা সময় কুকাৰৰ কাষতে বহি বহি অপেক্ষা কৰি, ঠিক তিনি বজাৰ লগে লগে গেছটো বন্ধ কৰি থৈ দিলোঁ।
ভোক অলপ লাগিছিল যদিও, গৃহমন্ত্ৰী অহালৈ ৰৈ থাকিম বুলিয়েই থিৰাং কৰিলোঁ; প্ৰায় চাৰি বজাত তেওঁ আহি ওলাল। ঘৰ সোমায়েই দেখোন, “কিনো গোন্ধাইছেহে?” বুলি মোৰ ফালে ঘোপাকৈ চাই, নাকটো কোঁচাই চিধাই পাকঘৰ পালেগৈ। অলপ পিছতে যিকেইটাহে বজ্ৰকণ্ঠৰ গগণফলা চিঞৰ আৰু প্ৰাণঘাতী হুংকাৰ পাকঘৰৰ পৰা ভাঁহি অহা শুনিবলৈ পালোঁ নহয়, মই নিঃকিনৰ খাদ্য গিলাৰ একমাত্ৰ সম্বল; নেলুটো একেচাতে শুকাই খৰখৰীয়া মাৰিলে ঔ! (বি:দ্ৰ:- চকুচৰহাসকলে আকৌ ভয়তে বুলি ভাবিব পাৰে নহয় অ’, ভয়ত নহয়, তেওঁ অন্তৰত কিবা কষ্ট পালে বুলি গভীৰ দুখতহে।) সেয়ে, কিছুসময় অকলশৰীয়াকৈ থাকি তেওঁ নিজৰ আঘাতপ্ৰাপ্ত মনটোক শান্ত কৰক, মই এই কঠিন সময়ত সন্মুখত থাকি মিছাতে দিগদাৰি নিদিওঁ বুলি যিমান পাৰোঁ নিঃশব্দে, ততাতৈয়াকৈ ওলাই ৰাস্তা পালোঁহি।
সেই তেতিয়াৰে পৰা এতিয়াও ৰাস্তাতেই পৰি আছোঁহে; অন্তৰৰ দুখত ঘৰমূৱা হ’ব পৰা নাই। পিচে মই এতিয়াও বুজিব পৰা নাই, তেওঁ বাৰু কিয় ইমান দুখ পাইছে। আপুনি জানে নেকি বাউ? কওকচোন পিলিচ!
☆ ★ ☆ ★ ☆