ফটাঢোল

পৰিবেশ প্ৰেম ইত্যাদি-ধনজিৎ বৰুৱা

পৰিবেশ দিৱসৰ দিনা সকলোৱে গছ লগাইছে। গছ কটা মানুহৰ প্ৰতি বিষাদগাৰ কৰিছে। চেগুন কাঠৰ একমাত্র চকীত বহি সভাৰ পেণ্ডেলৰ মাজত বহা গগনৰ বহু দিনৰ আগৰ এজোপা কটা গছলৈ  মনত পৰিলে। সেই হালি জালি থকা গছজোপা! তামোলৰ গছজোপা!

প্ৰেম অন্ধ। প্ৰেমত বিশ্বাস থাকে। দুয়োটা একেলগ কৰিও কেতিয়াবা ঘটনা সংঘটিত হয়। আপুনি একেলগে ক’ব পাৰে যে প্ৰেমত অন্ধবিশ্বাস থাকে। সেইবাবে মিহিৰ বেজৰ তাত সদায় ডেকা-ডেকেৰীৰ ভীৰ। সেই কালত চাকৰি নহয় বিবাহ বেছি চিন্তাৰ কাৰণ আছিল। বহুলোকে গগনক হেমকোষ লোৱাৰ উপদেশ দিছিল যদিও সি নিজৰ কৃচ্ছ্ৰ সাধনাৰে বহু ছন্দোবদ্ধ শাৰী লগাই ইতিমধ্যে বহু পত্ৰ প্ৰেৰণ কৰিছে। জুই বৰষা ভাষায়ো তাৰ মনৰ ৰূপালীম বৰষাৰ মনৰ হিমশিলা গলাব পৰা নাই। সেইবাবে সি সেইদিনা মিহিৰ বেজৰ তালৈ গৈছিল। 

চুলি, নখ বা বৰষাৰ পিন্ধা কাপোৰৰ টুকুৰা বিচাৰি  ইতিমধ্যে সি শ্বাসৰূদ্ধ, বাকৰূদ্ধ, মূত্রৰূদ্ধ, শৌচৰূদ্ধ আদি কৰি বহুকেইটা গৰিলা সংগ্ৰামৰ অনিৰূদ্ধ কোঁৱৰ হৈ আছে। সি বেজক তাৰ সেই সকলো কথাৰ বিৱৰণ দি আন উপায় বিচাৰিলে আৰু যি লাগে দিম বুলি ক’লে৷

বেজে ৬ নম্বৰৰ পাৱাৰ জোতা এযোৰৰ বিনিময়ত তাক দিলে এটা অপ্ৰতিম বৰ। এটা তাবিজ। বগা হাঁচটিত সোমাই সেন্দূৰেৰে গা ধুই থকা তাৰ আশাৰ দেৱতা। 

পাছদিনা সি সেই টোপোলাটো ল’লে। তিতা গাৰে গাত অৰ্জুন গছৰ উত্তৰ দিশৰ ডাল জলাই প্ৰস্তুত কৰা ছাঁইৰে লেপ লগালে। কপালত সেন্দূৰেৰে বোলালে। নিজৰ হাতেৰে চাৰে তিনি হাতৰ কৌপিন বা লেংটি পিন্ধিলে।

মাজ ৰাতি ১ বাজি ৪৫ মিনিটত বৰষাৰ বাপেকৰ ঘৰৰ আগফালৰ সেই তামোল জোপাৰ তলত ৰ’লহি। হাতত এটা টিপা মাৰিলে জিলিকা ৰেডিয়াম ঘড়ী। লগত বিশ্বস্ত টুটু যি নিজৰ নামটো ক’বলৈ এংগেজ ফোনৰ দৰে তিনিবাৰ শব্দ কৰে। 

ঘড়ীত ২ বজাৰ লগে লগে সি ওপৰলৈ উঠিল আৰু সকলো পাতৰ সেই আৰম্ভণি হোৱা অংশত বেটুপাতৰ বা ঢকুৱাৰ পেট ফালি ৰোপণ কৰিলে তাৰ সেই দিব্য বস্তুভাগি।

স্বস্তিতে সি তললৈ চাই দেখিলে টুটুৱে পা পা পা বুলি ফুচফুচাইছে আৰু চাইকেলত উঠাৰ যো যা কৰিছে। টুটুক সি ক’লে “পাণ সেই জোপা তামোলত নাই।” আকৌ নামিলে অলপ লাহেকৈ। টুটুৱে এইবাৰ লৰচৰ কৰি কৈছে পা পা পা….। সি কৈছে “পানী বটল অনাই নাই।” তলৰ পৰা ১০ ফুট মান থাকোঁতে টুটুৱে চাইকেলত স্পীড দিবলৈ কুঁজা হৈ চেপা মাৰি শব্দটো সম্পূর্ণ কৰিলে “পালেহি ঘ ঘৰৰ কোনোবা….”৷

গগনৰ হলৌ বান্দৰক লাজ দিয়া এটা জাঁওপ  আৰু এটা চাইকেল ঠেলা নিশব্দ দৌৰ। বহু দেৰি কাৰো মুখত মাত নাই। চাইকেলৰ পাছফালৰ শীতল কেৰিয়াৰৰ পৰশত গগনে গম পালে অভিযান সফল যদিও কৌপিন বা দেহৰ একমাত্র সৰু কাপোৰ কণো থাকি আহিল। টুটুক সি দোষ নিদি কান্ধত হাত দি থপৰিয়াই পিঠিত মূৰটো লগাই ক’লে ” ভাই তই মোৰ”। টুটুৱে সতৰ্কবাৰ্তা দি কৈছিল লেংটিখন যদি কুকুৰক দি শুঙোৱাই। যদিও ভৰিত লেংটি মৰা নাই তথাপি ৰিক্স লোৱা ভাল নহয়। 

ওচৰ চাপি অহাজনে নিচিঞৰাটো আৰু দলিয়াই দিয়া দাখন কিবা নিমিলা যেন লাগিছিল যেনেকৈ নাঙঠ ভষ্ম ধূলাৰে তাৰ গাত থকা ঘড়ীটো৷ ৩ বাজো বাজো। 

টুটু  ৰাতি তাৰ লগত থকাৰ কথা। পুৱাই মৌন হৈ দুয়োটা ওলাই আহিল। বৰষাৰ ঘৰৰ মুখত ঢেৰ মানুহ। তাৰ বুকুত RX100 চলিছে। গোটেই গাঁৱৰ  মানুহে কৈছে “শেষ কৰি দিছে, এইজাকে আমাকো  পালেহি”।

কথা হ’ল সেইদিনা হেনো তিনিটা চোৰে বৰষাৰ ঘৰৰ ওচৰৰ আন বহুতৰ তামোল চুৰ কৰি নিলে। এজোপাতো তামোল নাই। বৰষাৰ খুড়াকে ২ মান বজাত গম পাই মনে মনে আহি দুটাৰ গালৈ দা মাৰিছিল। নালাগিল৷ ভয়ো কৰিছিল চোৰ এটাৰ জাঁপ দেখি। কিন্তু যাৰ কোনো নাই তাৰ ঈশ্বৰ আছে হেনো৷ ঘৰৰ পৰা এক ফাৰ্লং গৈ পোৱা সেই আওহতীয়া ৰাস্তাত সিহঁতে ভাগ বতৰা কৰি থাকোঁতে হেনো কোনোবা ভূতে খেদিলে ভৰি চাৰিটা হাত চাৰিখন পেটত পোহৰ। হঠাৎ ভূত নাই। পাছত দেখিছে এটা নঙঠা ভূত পুখুৰী লৈ নামি গৈছে (সিহঁতে লেংটি শুঙাই কুকুৰ লগাব বুলি পুখুৰীত জুবা মাৰিবলৈ গৈছিল)। এটা ফিট হৈ পৰি গ’ল। বাকী দুটা পলাল। পুলিচক দিলে পথাৰলৈ যোৱা মানুহে। 

(অশ্লীল) হঠাৎ জোৰ পোৱা শব্দটো কৈ “থাকিলেহে  নিবি” বুলি বৰষাৰ খুড়াকে গগনৰ নিশাৰ অভিযানৰ তামোল জোপাৰ গুৰি কাটিবলৈ  ধৰিলে। চাঁওতে চাঁওতে গছ জোপাই আটাহ পাৰি সৰি পৰিল। গগনৰ যেন ভাই আছিল গছজোপা।কালি তাবিজ ভৰাই সি গছজোপাক এটা চুমা দিছিল৷

গগনক মিহিৰ বেজে ৰহস্যৰ হাঁহি মাৰি কৈছিল “এই তাবিজ সিহঁতৰ ঘৰৰ তামোলত বান্ধ, তামোল খোৱাৰ লগে লগে ঘৰ তোৰ মুঠিত৷ যিমানেই তামোলৰ পাত লৰিব, তাইৰ মনে তোক পাবলৈ বিচাৰিব৷”

কটা নিধক চোৰ৷ চুৰ কৰিবলৈ বেলেগ নাপায়৷ কটা নিধক বৰষাৰ খুড়াক। কাটিম বুলিয়ে ইমান লাগনি তামোল কাটি দিয়ে। 

দিন বাগৰি গ’ল। গগনৰ বোধ শক্তি বাঢ়ি গ’ল। গগনে লাহেকৈ মাইক্ৰফোন লৈ ক’লে, তামোল চোৰৰ বাবে আৰু গছ কটা মানুহৰ বাবে কঠোৰ আইন লাগে। মাতত নোপোৱাৰ ক্ষোভ। বৰষাক নোপোৱা গগনৰ। 

টুটুৱে মনে মনে গগনৰ গাড়ীৰ ড্ৰাইভিং ছিটত বহি  নিজকে ক’লে ই ই ই ই ই ই পাহৰিব প প পআই নাই।

☆ ★ ☆ ★ ☆

24 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *