ব্ৰেকআপ- বিদিশা শইকীয়া
কিমানলৈকে মানুহে ক্ষমা কৰিব পাৰে। অন্তৰে কিমানখিনিলৈকে আঘাত সহিব পৰা ক্ষমতা আছে মানুহৰ। কিমান? এইকেইদিন এইটো প্রশ্ন নিজকেই বহুবাৰ কৰিলোঁ। উত্তৰো বহুত পালোঁ। কিন্তু মোৰ লগত যি হ’ল, ইমানখিনিৰ পিছতো সকলো পাহৰি সম্পৰ্ক এটি ধৰি ৰাখিবৰ অনুমতি কোনো এটা উত্তৰতেই নাহিল।
সেয়ে সিদ্ধান্তটো একপক্ষীয়ভাৱে লৈয়েই পেলালোঁ। এনেয়ো, মানুহ এনেকৈ জীয়াই থাকিব নোৱাৰে। এদিনটো শেষ কৰিবই লাগিব।
সেয়ে আজিয়েই সকলোবোৰ খুলি কৈ দিলোঁ।
: এদিন ইমান স্বাৰ্থপৰ হ’বাগৈ বুলি ভবা নাছিলোঁ। মোৰ এটা ভুলৰ কি ইমান ডাঙৰ শাস্তি দিবা।
তীক্ষ্ণ প্রশ্ন মোলৈ। সহজকৈ উত্তৰ দিলোঁ।
: ভুল এটাই, কিন্তু বাৰেপতি হৈছিল। প্রথমে মাজে-সময়ে আৰু এতিয়া সদায়েই। যি কি নহওক, এইবোৰ আগেয়েই ভাবিব লাগিছিল। এতিয়া ভাবিবলৈ, নতুনকৈ কিবা কৰিবলৈ সময় শেষ হৈ গৈছে।
মই সিদ্ধান্ত লৈ পেলাইছোঁ।
: আৰে, ইমান বছৰৰ সম্পৰ্ক এটা কি এনেকৈ শেষ কৰি পেলাবা নেকি? আমাৰ সময়বোৰ এবাৰ মনত পেলাই চোৱা। কিমান সুখী আছিলোঁ আমি দুয়ো একেলগে। তোমাক আৰু মোক একেলগে দেখিলে যে আটায়ে কৈ উঠিছিল,
“আয়ৈ দেহি। ইমান ধুনীয়া।”
তুমিতো বহুত গৰ্বও কৰিছিলা মোক লৈ ।
মোক আৱেগিক কৰিবৰ চেষ্টা। আকৌ স্থিৰ হৈ থাকিয়েই উত্তৰ দিলোঁ।
: আমি সুখী আছিলোঁ কেৱল মোৰ বাবে। তোমাৰ অনবৰতে যত্ন লৈছিলোঁ মই। মোৰ যত্ন আৰু তোমালৈ থকা মৰমবোৰেহে মানুহক আমাক দেখিলেই ক’বলৈ বাধ্য কৰাইছিল, ইমান ধুনীয়া বুলি।
: তেনেহ’লে ক’ত গ’ল আজি সেই মৰমবোৰ। তোমাৰ আঙুলিৰ ফাঁকেৰে কৰা সেই ধেমালিবোৰ, মোৰ আজিও মনত আছে। সেই মৰমবোৰ আজি ক’ত হেৰাল কোৱা।
উফৰি আহিল এটি প্রশ্ন? উত্তৰ দিলোঁ।
: শেষ হৈ গ’ল। সৱ শেষ হৈ গ’ল। আৰে, একপক্ষীয়ভাৱে সম্পৰ্ক এটা নচলে। ইমান বছৰে আমাৰ সম্পৰ্ক মজবুত ৰাখিবলৈ কেৱল মই চেষ্টা কৰিছিলোঁ। তুমিতো সুবিধা পালেই মোক এৰি গুচি যোৱা। বাৰেপতি গুচি যোৱা। দিনে-ৰাতিয়ে মই মাথোঁ তোমাক হেৰুৱাই নেপেলাবৰ কাৰণে বুদ্ধি বিচাৰি ফুৰোঁ। তুমি যাতে কষ্ট নোপোৱা এই কথা ভাবোঁ। কিন্তু এতিয়া বহুত হ’ল। মই ভাগৰি পৰিছোঁ। ময়োতো মানুহহে।
তুমি অলপ অলপকৈ প্রতিদিনে মোৰ পৰা আঁতৰি যোৱাতকৈ এতিয়া তোমাক মই একেবাৰতেই সম্পূৰ্ণকৈ বিদায় দিব খুজোঁ।
: মানুহে কি ক’ব, ভাবিছাঁ? হাঁহিব তোমাক।
আন এটি প্রশ্ন। সকলো প্রশ্নৰ উত্তৰ দিম আজি।
: হাঁহিবলৈ দিয়া। সিহঁতে আমাক দূৰৰ পৰা ভাল দেখে। ভিতৰি আমাৰ সম্পৰ্কটো কিমান বিষাক্ত সেয়া মইহে জানো।
: তাৰমানে আজিয়েই সকলো শেষ।
আৱেগিক মুহূৰ্ত। দুখ লাগিছে মোৰো বহুত। কিন্তু ময়ো নিৰুপায়। চমুকৈ উত্তৰ দিলোঁ।
: উমম।
আৰু কিবা কোৱাৰ সুযোগ মই নিদিলোঁ। বাজনীলৈ চাই মিচিকিয়াই হাঁহি তেওঁক অনুমতিটো দি চকুযুৰি মুদি দিলোঁ।
খচচ্খ….চচ্….খচচ্…কেঁচীৰ শব্দ এটা কাণত পৰিল। সম্বন্ধৰ সূতাবোৰ চিঙি গৈছে এফালৰ পৰা, মোৰ আৰু মোৰ চুলিকোছাৰ। ইমান যত্ন লোৱাৰ পিছতো প্রতিদিনে ফণী লগালেই মুঠি মুঠিয়ে সৰি মোৰ মনক ইমান দিনে যি কষ্ট দি আছিল, সেই কষ্ট আজি একেবাৰেই শেষ কৰি পেলালোঁ। কি কৰা নাছিলোঁ মই, কষ্ট পাব বুলি ৰাসায়নিক একো ব্যৱহাৰ নকৰি, মনিছাল, জবা ফুলৰ পাত, আমলখিৰ ৰস বিচাৰি হাবাথুৰি খাই ফুৰিছিলোঁ। তথাপি মোৰ সকলো মৰম নেওচি আঁতৰি যাব খুজিছিল সদায়েই, সেয়ে একেবাৰেই বিদায় দিলোঁ।
আজিৰ পৰা মই মুক্ত। বছৰৰ পুৰণি সম্পৰ্কটো শেষ কৰি ব্ৰেকআপৰ অন্তত মই সুখী। এতিয়া এটা নতুন হেয়াৰ ষ্টাইলে মোক জিলিকাই তুলিছে। আইনাখনত নিজকে চালোঁ। চুটী চুটী চুলিবোৰ ডিঙিলৈকে পৰি আছে। ধুনীয়া লাগিছে মোক। ফ্ল’ৰত পৰি থকা অতীতৰ মৰমবোৰলৈ উভতি চাবলৈ মোৰ সাহস নহ’ল। দেখিলে হয়তো দুখ লাগিব নতুবা বতাহত ঢৌ খেলাই সিহঁতে ওমলি থকা দিনবোৰলৈ মোৰ আঙুলিৰ ফাঁকেৰে কৰা ধেমালিবোৰলৈ মনত পৰিব। নাচাওঁ, বহুত দুখ দিছে সিহঁতে মোক। পাৰ্লাৰৰ বাজনীৰ হাতত টকাটো দি খৰধৰকৈ বাহিৰলৈ ওলাই আহিলোঁ।
আইচক্রীম খাওঁগৈ, বৰ গৰম পৰিছে আজি।
☆ ★ ☆ ★ ☆