ফটাঢোল

শিল্পীৰ পৃথিৱী- দীক্ষিতা বৰা

 

শিল্পৰ পৃথিৱীত মুক্তমনে বিচৰণ কৰি সমাজত কলাৰে ৰহণ চৰোৱা সুন্দৰৰ সাধকসকলক জনসমাজত অধিক ওচৰৰ পৰা চিনাকি কৰি দিয়াৰ উদ্দেশ‍্যে সৃষ্ট এই শিতান ‘শিল্পীৰ পৃথিৱী’। এই শিতানত এইবাৰৰ শিল্পী শ্ৰী লুইতমণি শইকীয়া। ‘নিবনুৱা HUB’ৰ প্ৰতিষ্ঠাতা লুইতমণি, তুলিকাৰ পৰশত মূল‍্যহীনক অমূল্য কৰি তুলিব পৰা লুইতমণি।

গোলাঘাট জিলাৰ সৰুপথাৰ অঞ্চলৰ ১ নং গন্ধকৰৈ গাঁৱৰ নিৱাসী শ্ৰীযুত লীলাধৰ শইকীয়া আৰু শ্ৰীযুতা ভানুপ্ৰিয়া শইকীয়াৰ সুযোগ‍্যা সন্তান শ্ৰী লুইতমণি শইকীয়া। বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ অন্তিম বৰ্ষৰ ছাত্ৰী লুইতমণিৰ সৰুৰে পৰাই আছিল এটি কলাত্মক মন। মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ শিক্ষণ প্ৰক্ৰিয়াত আৰু প্ৰতিযোগিতাৰ ধামখুমীয়াত লাহে লাহে হেৰাই গৈছিল তেওঁৰ ভাল লগা কামবোৰ কৰাৰ অৱকাশ। কিন্তু মনেৰে ভালপোৱাবোৰ জানো নাইকিয়া হৈ যাব পাৰে! অৱসৰ আৰু সুযোগ পালে মানুহে পুনৰ হাতত তুলি লয় ভাল লগাবোৰ। লুইতমণিৰ বাবে সেই সুযোগ আহিল ২০২০ বৰ্ষত। কৰ’ণা মহামাৰীৰ বাবে যেতিয়া দেশত লকডাউন আৰম্ভ হ’ল, সেই অফুৰন্ত আজৰি সময়ক সদ্ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰোঁতেই সামাজিক মাধ্যমে তেখেতক দেখুৱালে শিল্পৰ জগতলৈ নতুন এটি বাট। 

মানুহে সাধাৰণতে পেলনীয়া বুলি ভবা সামগ্ৰী কিছুমানক লুইতমণিয়ে ন-ৰূপ দিয়াৰ চেষ্টা কৰিলে। পুৰণি লেম্প, কাঠৰ টুকুৰা, কাঠৰ হেতা, চামুচ, লাৱৰখোলা, কাচৰ বটল, কেটলি আদিবোৰত তেখেতে পৰম্পৰাগত সমাজৰ কিছুমান দৃশ্য তুলি ধৰিলে, অথবা দিলে আধুনিক চিত্ৰকলাৰ পৰশ। পথৰ কাষত পৰি থকা বটল কিছুমান বুটলি আনি তাত পিন্ধাই দিলে সেউজীয়া একোটা চোলা। ইয়াৰোপৰি  তেখেতে সেউজৰ সৈতে সম্পৰ্ক গঢ়ি ল’লে, ফুল আৰু পাতেৰে নিজৰ কাষতে গঢ়ি ল’লে এখন সেউজীয়া পৃথিৱী। এই কৰ্মসমূহে তেখেতক মানসিক প্ৰশান্তি দিয়াৰ লগতে অধিক যোগাত্মক কৰি গঢ়ি তুলিলে।

 

পেলনীয়া বটলত তুলিকাৰ আঁক-বাঁক দেখি প্ৰথম অৱস্থাত কিছুমান মানুহে লুইতমণিৰ কামত হাঁহিছিল। কিন্তু নিজৰ যোগাত্মক চিন্তাৰে তেখেতে সেই উপলুঙা ওফৰাই আগবাঢ়ি গ’ল। পিছলৈ যেতিয়া তেওঁৰ কামসমূহে এখন মঞ্চ পাবলৈ আৰম্ভ কৰিলে, জনপ্ৰিয়তা বুটলিলে, তেখেতৰ শ্ৰম সাৰ্থক হ’ল। এইদৰে এপদ দুপদকৈ সজা সামগ্ৰীসমূহ এদিন ৰাইজৰ আগত উপস্থাপন কৰিব পৰাকৈ জন্ম হ’ল এটা প্ৰতিষ্ঠান – ‘নিবনুৱা HUB’, য’ত হস্তনিৰ্মিত সামগ্ৰীৰ লগতে বিভিন্ন প্ৰজাতিৰ ফুলৰ পুলি বিক্ৰী কৰা হয়।

কম সময়তে বহুলোকে ‘নিবনুৱা HUB’ক আদৰি লয় আৰু উৎসাহ দিয়ে। সমগ্র ৰাজ‍্যৰ লগতে অসমৰ বাহিৰৰ পৰাও বস্তুৰ অৰ্ডাৰ আহিবলৈ ল’লে। অৰ্ডাৰ অনুসৰি প্ৰতিষ্ঠানত সামগ্ৰীসমূহ তৈয়াৰ কৰি কুৰিয়াৰৰ জড়িয়তে পঠিয়াই দিয়া হয়। এই প্ৰতিষ্ঠানটোৱে শিল্প সাধনাৰ লগতে শিল্পীগৰাকীৰ বাবে স্বাৱলম্বীতাৰ পথো মুকলি কৰি দিছে। দায়িত্বৰ বোজাত কেতিয়াবা ভাগৰি পৰিলেও সেই ধনাত্মক সঁহাৰিখিনিয়েই শক্তি দিয়ে লুইতমণিক এই সাধনাত পুনৰ নিমজ্জিত হ’বলৈ।

লুইতমণি শইকীয়াৰ এতিয়া এটাই মূল লক্ষ্য, ‘নিবনুৱা HUB’ যাতে সকলোৰে অধিক ওচৰ চাপি যায়, এটা অতি পৰিচিত নাম হৈ পৰে আৰু এই সৰু সেউজ পৰিয়ালটোৰ যাতে অধিক বিস্তৃতি হয়। নিজৰ কৰ্ম আৰু পৰিকল্পনাৰ বিষয়ে তেখেতে এইদৰে কয় -“হাতত থকা সময়খিনিৰে যোগাত্মক কিবা এটা কৰাৰ অহৰহ চেষ্টা মোৰ। ভাল লাগে যেতিয়া সকলোৱে প্ৰেৰণা দিয়ে আৰু কয় তোমাৰ পৰা দেখি শিকিছোঁ বা অনুপ্ৰাণিত হৈছোঁ। মোৰ দৰে সাধাৰণ এগৰাকী যুৱতীৰ পৰা যদি অন্য দহজনৰো কিবা সহায় হয়, তেনেহ’লে মই মোৰ প্ৰতি কৃতজ্ঞ হ’ম।” 

“নিবনুৱা HUB – হাতে কামে কৰিলে নিবনুৱাও হ’ব পাৰে বনুৱা” – এই উদ্দেশ্য আগত ৰাখি আৰম্ভ কৰা এই প্ৰতিষ্ঠানটিয়ে অধিক প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰক, লুইতমণি শইকীয়াই ৰাইজৰ আদৰ পাওক, সেয়াই আমাৰ কামনা।

☆ ★ ☆ ★ ☆

2 Comments

  • মুকুট ভট্টাচাৰ্য্য

    ভাল লাগিল জানি লুইতমণিৰ কথা

    Reply
  • দিম্পল

    আগুৱাই যোৱা লুইত

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *