ফটাঢোল

বেংগন কা ভাৰ্তা-জয়ন্ত গগৈ

ক’ভিড, লকডাউন, কাৰ্ফিউ আদি বহুদিনীয়া একঘেমীয়া আৱৰণৰ পৰা মুকলি হৈয়ে শ্ৰীমতীয়ে ঘৰৰ ভিতৰত থাকি ভোগ কৰা অশান্তিকৰ পৰিৱেশৰ মাজৰ পৰা ওলাই গৈ দেওবাৰ এটাত পাহাৰীয়া আকাশ বতাহ চুমি আহিব পৰা ঠাই এটুকুৰালৈ যোৱাৰ প্লেন আতৈয়নীৰ সৈতে কৰিয়েই থৈছিল। সঁচাকৈ, লকডাউন লকডাউন বুলি বহুদিন ঘৰৰ চাৰিবেৰাৰ মাজতে আৱদ্ধ হৈ কিবা অশান্তি ভাৱ এটাই আৱৰি ধৰিছিল। অৱশ্যে বন্ধু আৰু মই, আমি দুয়ো কৰ্মসূত্ৰে সেই সময়তো ওলাই যোৱাৰ সুবিধা পাই থকাৰ বাবেই অলপ হ’লেও মুকলি পৰিৱেশ এটি পাই আছিলোঁ। শ্ৰীমতী আৰু আতৈয়নীৰ প্লেন অনুসৰিয়েই বগীবিল হৈ অৰুণাচলৰ পাহাৰীয়া ঠাই এখনলৈ ওলাই গ’লোঁ। আৱদ্ধতাই আৱৰি ৰখা মনবোৰো মুকলি আকাশৰ বায়ু বতাহ পাই ফৰকাল হৈ পৰিছিল। বিশাল ব্ৰহ্মপুত্ৰৰ ওপৰেদি যোৱা সুদীৰ্ঘ দলঙৰ ওপৰেদি পাৰ হৈ যাওঁতে শৰীৰটো যি চাটি ৰ্নিমল বতাহে চুই গ’ল, দেহ মনৰ সমস্ত অৱসাদ থাওকতে দূৰ কৰি থৈ যোৱা যেন অনুভৱ হ’ল। বিশাল ব্ৰহ্মপুত্ৰৰ সুগভীৰ চঞ্চলা জলৰাশিত পুৱাৰ ৰ’দৰ চিকমিকনিত যিমানে চকু চাট মাৰি ধৰিছিল, দূৰৈৰ সুউচ্চ শুকুলা ডাৱৰ চুমি থকা নীলিম সেউজ পাহাৰৰ সলিল ৰাশিয়ে চকুলৈ সিমানেই আকৰ্ষণ কৰি আছিল। গাড়ীৰ ভিতৰত মৃদু শব্দত বাজি থকা জুবিন গাৰ্গৰ “সেউজীয়া মন, সেউজীয়া প্ৰাণ…, মুক্ত আকাশ, মুক্ত বতাহ…” গীতৰ কলিবোৰে যেন আমাৰ পৰিৱেশটোৰ সৈতে মিলি যাব খুজিছে। আনন্দ আৰু হাঁহিৰে ভৰি পৰা মাক আৰু ল’ৰা-ছোৱালীকেইটাৰ মুখকেইখন দেখি মনটো ভৰি পৰিল। বাৰিষাৰ নদীৰ বুকুত সগৌৰৱে ঠিয় দি থকা বালিৰচৰত কহুঁৱা গছনিৰে ভৰি আছিল আৰু শৰতক আদৰিবলৈ প্ৰস্তুত হোৱা দুই এজোপা কহুঁৱা গছে শুকুলা কপাহী ফুল মেলিছেই। বতাহত হালি জালি পৰা ন কহুঁৱা ফুল দেখি গাড়ীৰ গতি কমাই লাহেকৈ দলঙৰ দাঁতিত ৰখালোঁ। ঋতিষা, ধৃতি, তন্ময়হঁতে দলঙৰ ওপৰত ঠিয় হ’বৰ বাবে, অলপ খোজ কাঢ়িবৰ বাবে উৎপাত কৰি আছিল। মইহে গাড়ীখন ৰখোৱা নাছিলোঁ। সুবিধা বুজি অলপ সময়ৰ পিছত সেই বালি চাপৰিৰ কহুঁৱানিডৰা ওচৰৰ পৰা চাব পৰা ঠাইত ৰখালোঁহি। সুদীৰ্ঘ দলঙৰ ওপৰত শ্ৰীমতী, আতৈয়নী আৰু ল’ৰা-ছোৱালীহঁতৰ ফটো চেশ্বন আৰম্ভ হৈ গ’ল। ঋতিষাই দলঙৰ ৰেলিঙত ধৰি “ঊ …ই….ই…” বুলি জোৰেৰে চিঞৰি দিয়া শব্দটো ধ্বনি তুলি পুনৰ দুই তিনিবাৰ একেই হোৱা কথাটোত ককায়েক ধৃতি আৰু তন্ময়ৰো উৎসাহ বাঢ়িল। সিহঁতৰ চিঞৰৰ প্ৰতিধ্বনিৰ ধেমালিত ঠাইডোখৰৰ পৰিবেশটোৱেই সুকীয়া হৈ পৰিছিল। হাতত সময় কম। আগলৈ বহু দূৰ বাট আগুৱাই যোৱাৰ প্লেন। দলঙৰ ওপৰত লাভ কৰা মাদকতা, অনুভূতিবোৰ সামৰি পুনৰ গাড়ীত উঠি সুদূৰৰ পাহাৰৰ উপত্যকাৰ দিশে আগুৱাই যাব ধৰিলোঁ। পাহাৰৰ এধলীয়া ঠিয় গৰা, সুউচ্চ টিলাৰ টিঙত স্থাপিত থান, এখোপ এখোপকৈ বগুৱা বাই যোৱা দুই-তিনিশটামান পকী খটখটীত উঠা-নমা কৰা, পাহাৰীয়া খৰস্ৰোতা নদীৰ হেংঙিং ব্ৰীজ, মণি-মুকুতাৰ দৰে ৰ’দত চিকমিকাই থকা পাহাৰীয়া নদীৰ পাৰৰ শিল-বালিত খোজকাঢ়ি ফুৰা আদিৰ পিছত সকলোৰে পেটত ভোক এটাই লাহে লাহে ক্ৰিয়া কৰিছিল। উভতনি পথত যাওঁতে চকু পৰা “এসাঁজ জুতি লগাই খাওঁ” নামৰ ফেমিলি ধাবাৰ আগত ৰৈ সকলোৱে ডাইনিং হ’লত বঢ়িলোগৈ। ৱেটাৰে দি যোৱা মেনুত চকু ফুৰালোঁ। পপুলাৰ ডিচ্ হিচাবে “অসমীয়া থালি” অৰ্ডাৰ দিয়া হ’ল। লগত পোৰা মাছ আৰু চিকেন কাৰী।    ৱেটাৰে জনালে – পোন্ধৰ-বিশ মিনিটমান সময় লাগিব। থালিৰ দুটা মান আইটেম গৰমে গৰমে ৰান্ধি দিব। বিশেষকৈ খৰিকাত দিয়া পোৰা মাছ, বেংগন ভাৰ্তা আৰু পোৰা কলডিলৰ পিটিকা আদি। ভাতৰ থালি টেবুললৈ আহে মানে ম’বাইলৰ ফটোবোৰকে লিৰিকি বিদাৰি সকলোৱে চোৱাত লাগিলোঁ। ফটোবোৰ বৰ ধুনীয়াকৈ উঠিছিল। নদী, নীলিম সেউজীয়া পাহাৰ আৰু নীলাভ আকাশৰ শুকুলা মেঘৰ দৃশ্যৰ সমাহাৰ হ’লে ফটো ধুনীয়াকৈ উঠাটোৱে স্বাভাৱিক। ম’বাইল এৰি আতৈয়নী আৰু শ্ৰীমতী বাহিৰলৈ গৈ হাত মুখ ধোৱাৰ চলেৰে চকুত লগাকৈ কাৰিকৰী নক্সাৰে ৰ্নিমিত ধাবাৰ ৰান্ধনীশালখনো ভুমুকি মাৰি চাই আহিলগৈ। ধাবাৰ কাউণ্টাৰ পৰিচালকেও সাদৰেৰে চাওক চাওক বুলি সম্ভাষণ জনালে। আতৈয়ে মোৰ কাষলৈ আহি কাণে কাণে ক’লে – “মোৰ গৰাকীয়ে ৰান্ধনীশালত এনেয়ে ভুমুকি মৰা নাই, ৰহস্য উদঘাটনৰ উদ্দেশ্যেহে প্ৰৱেশ কৰিছে আতৈ!” মই “কি” বুলি কোৱাত আতৈয়ে “পিছত কৈ আছোঁ” বুলি মিচিকিয়া হাঁহি এটি মাৰি মুখ হাত ধুবলৈ বেচিন পালেগৈ। ৱেটাৰকেইজনে গৰম গৰম ভাতৰ থালি ডাইনিঙত লগালেহি। কণজহা চাউলৰ গৰম ভাতৰ পৰা বিয়পি অহা সুগন্ধই পেটৰ ভোকটোক দুগুণে বঢ়াই তুলিলে। মুখ হাত ধুই ভাতৰ থালিৰ ওচৰত বহি পৰিলোঁ। “অসমীয়া থালি”খন সঁচাই মানিব লাগিব। কাঁহৰ কাঁহীৰ চাৰিওকাষে দহ-বাৰটামান বাতিত বিবিধ ব্যঞ্জন। ক’ৰ পৰা আৰম্ভ কৰিম তাকে লৈ ঋতিষা, ধৃতিৰ আব্দাৰ। পোৰা আলুৰ সৈতে পোৰা বেঙেনাৰ পিটিকা। তাতে সৰু সৰুকৈ কুটি দিয়া পিয়াঁজ, নহৰু, কেঁচা জলকীয়া, খাটি সৰিয়হ তেল আৰু ব্ৰহ্ম ধনীয়া দিয়াৰ বাবে ইমান সুস্বাদু হৈছে। মোৰ ল’ৰা তন্ময়ক দুবাতি দৰকাৰ হ’ল। আতৈয়নীয়ে পিটিকাৰ ব্যঞ্জনকেইটা খাওঁ নেখাওঁকৈ অলপমান খোৱা দেখি আতৈৰ মুখত পুনৰ হাঁহিৰ লক্ষণ দেখি মোৰ বুজিবলৈ বাকী নাথাকিল যে আতৈয়ে কাণে কাণে কৈ যোৱা কথাৰ ৰহস্য নিশ্চয়কৈ আছে। ভাবিলোঁ খাই লোৱা যাওক, গাড়ীত উঠাৰ পিছত ৰহস্যৰ কথা পাতিম। বহু দিনৰ মূৰত ঘৰৰ বাহিৰত ভালকৈ উদৰ পুৰাই এসাঁজ খোৱা হ’ল। ভাল লাগিল লগে ভাগে খায়।       ধাবাৰ পৰা ওলাই আহি দলঙৰ সোঁমাজ পালোহি। সকলোৰে মুখত তৃপ্তিৰে উদৰ পুৰাই খাই অহা ব্যঞ্জনৰ কথা। মোৰো ৰহস্যটো জানিবলৈ হেঁপাহ জন্মিছিল। আতৈয়নীৰ ফালে চাই ক’লোঁ – “হয়নে আতৈয়নী, আপোনাৰ বোলে পিটিকাৰ লগত কিবা ৰহস্য আছে বুলি গম পালোঁ।” আতৈয়নীয়ে আতৈৰ ফালে মিচিকিয়া হাঁহি এটি মাৰি কিবা এটা ক’বলৈ লওঁতেই আতৈয়ে কৈ পেলালে – “এই পিটিকা নিজে নকৰিলে, আনৰ হাতৰ পিটিকা নাখায়। ধাবাত সেয়ে ৰান্ধনীশালৰ কাৰিকৰী নক্সা চোৱাৰ চলেৰে পিটিকা কেনেকৈ কৰিছে তাৰহে উমান ল’লেগৈ আতৈ।” “হয় নেকি” বুলি কৈ শেষেই কৰিব নাপালোঁ, আতৈয়ে পুনৰ কৈ গ’ল – “কলেজীয়া দিনত এই লগৰ এজনীৰ লগত পেয়িং গেষ্ট হিচাপে আছিল। মানুহঘৰ বৰ ভাল আছিল। খানা-পিনাও ভাল আছিল। গৃহস্থই ভালৰ ভাল শাক-পাচলিকেই ৰান্ধি খুৱাইছিল। এইৰ আকৌ বেংগন ভাৰ্তা বৰ প্ৰিয় ব্যঞ্জনৰ শাৰীত আছিল। সেই কথা গৃহস্থইও জানিছিল। এবাৰ কি হ’ল জানে আতৈ, ভাত খোৱাৰ টেবুলৰ পৰা এই কিবা এটা কথাৰ বাবে গৃহস্থৰ ৰান্ধনী শাললৈ গৈছিল। ভিতৰত ৰান্ধনীয়ে একান্তমনে বেঙেনা পিটিকা কৰি আছিল আৰু পিটিকা কৰোঁতে ৰান্ধনীৰ হাতৰ আঙুলিত লাগি ধৰা পিটিকাৰ অংশসমূহ মুখত ভৰাই আঙুলিবোৰ এটা এটা কৰি চুপি আছিল আৰু পুনৰ পিটিকা ভগাই কাঁহীত বিলাই গৈছিল। দৃশ্যটো তেওঁ দেখিলে যদিও ৰান্ধনীক অলপো উমান নিদিলে সেই চকুত ধৰা দিয়া দৃশ্যটোৰ কথা। সেইদিনা নিশা ভাত খোৱাৰ ইচ্ছা নাই যোৱা বুলি নোখোৱাকৈ থাকিল। সেইদিন ধৰি এওঁ নিজ হাতে কৰা পিটিকাৰ বাহিৰে আনে কৰা পিটিকা নাখায়!”

: হাঃ..হাঃ…হাঃ…আতৈয়নী! আপুনি কিন্তু ভাল কথা এটি আৱিষ্কাৰ কৰিলে দেই! ময়োতো পিটিকা কৰিলে আঙুলিত লাগি ধৰা পিটিকাখিনি খাবলৈ আঙুলিবোৰ এটা এটা কৰি চুপি পেলাওঁ! 

তামোলৰ মুহুদি কৰি থকা আতৈয়ে খিট খিট কৰি যিটো হাঁহি মাৰিলে, গাড়ীৰ ভিতৰত থকা আটাইবোৰৰে মুখত হাঁহিৰ ধল উঠিল।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *