ফটাঢোল

আঁহা ঘৰ সাজোঁ- ৰূপাঞ্জলী ডেকা

এই উৎকট গেলা গৰমত দহি দহি দুপৰীয়াৰ ৰন্ধন প্ৰক্ৰিয়া সমাপ্ত কৰিলোঁ। দাঁত নিকটাই হাঁহি থকা বাচনসোপাক চৈধ্য পুৰুষ ধৰি এনেকুৱা গালিৰ বৰ্ষণ কৰিলোঁ যে সময়তকৈ কিছু আগতে বাচনসোপা চাফা হৈ জিকি গ’ল মোৰ মনত চলি থকা নিৰ্বাচনী প্ৰক্ৰিয়াত।

তামোল এখন মিঠা মছলা সহিতে মুখত হেঁচি ঠেলি ভৰাই ল’লোঁ। ভাতৰ লগত ভাতকেৰেলাৰ পিটিকা এখন বনাইছিলোঁ। জিৰাবলৈ বুলি বিছনাত ভাজ এটা দিয়াৰ লগে লগেই কিয় নাজানো পিটিকাৰ ভাত কেৰেলাকেইটালৈহে মনত পৰিল। গৰম ভাত কেৰেলাকেইটাৰ ওপৰত ফুট ফুটীয়া তিলৰ মিশ্ৰণ সনাৰ নিচিনা অৱস্থা এতিয়া মোৰ। ফেনখনেও মৰম দিওঁ বুলিও অলপো মৰম দিবলৈ সক্ষম নাই হোৱা। গৰমত মইৰূপী ভাতকেৰেলাটোৱে সেইবাবেই ভাবিলোঁ ‘এহ্ আজি বিহু গীত এফাঁকিকে শুনোচোন। কিজানি মন ৰাই জাই কৰি গৰমৰ চেপা মৰমক ক্ষন্তেক পাহৰোঁ।’

ভবা মতেই কাম। লগে লগেই ইউ টিউব খুচৰি টিপি দিলোঁ পুৰণি অসমীয়া বিহু গীত। আইয়ৌ গানটো বাজি উঠাৰ লগে লগেই গাটো বিছাই ডকা হেন পালোঁ। ইচাতি বিচাতি কৰি দাঁত কৰচি নিদিয়াকৈ থাকিবই নোৱাৰিলোঁহে। মনতে ভাবিলোঁ, ধেই বইল কেৰেলাটোৰৰ দৰেই কাঁহী অহ্ নহয়, নহয় বিছনাৰ একাষে শুই থকা হ’লেনো কি বেয়া আছিল! অহ্ ইমানখিনিৰ বকলা মেলিলোয়েই যেতিয়া এতিয়া নোকোৱাকৈ নাযাওঁ। 

গানটো আছিল এইটো -“তুমি মই এদিন জানা ঘৰ সাজিমেই।তাত জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰে মইনাই উমলি থাকিব।”

আইয়ৌ এইটো কথানে আচলতে? ঘৰখনত জোন থাকিব, তৰা থাকিব, তাতে মইনাই ওমলি থাকিব। এনে জোন তৰাৰ লগত ওমলা আমাৰ মইনাটো। এই উমলি থকা মইনাৰ অনলাইন ক্লাছ কৰি, ভিন্ন প্ৰজেক্ট কৰি কৰি মইনাক ওমলাই ৰাখি আমি পাগলী নোহোৱাকৈ থকাটো কম কথানে। আৰু এই ঘৰ সাজিবলৈ লোৱাটো একা! ৰহ্ বাপ্পেকে আচল ৰূপ দি গানটো গাওঁ।

“তুমি মই এদিন জানা ঘৰ সাজিমেই, তাতে এখন ডায়েৰী থাকিব, য’ত ইটা, বালি, চিমেণ্ট, মিস্ত্ৰীৰ হিচাপ থাকিব।

তাত এটা মেণ্ঠ’ প্লাছ থাকিবমাজে মাজে ডায়েৰীৰ পাতে পাতে বিচৰণ কৰি মূৰত সানিব।

তাত এখন কেলেণ্ডাৰ থাকিবয’ত চিলিণ্ডাৰৰ হিচাপ থাকিব।

তাত এটা ফ্ৰিজ থাকিবয’ত এসোপা মাছ, মাংস, পাচলি থাকিব, তাত কেইখনমান মুখ থাকিব যিয়েই আজি ইটো খাওঁ কাইলৈ সিটো খাওঁ কৰি থাকিব।

তাতে আমাৰ মইনাৰ এসোপা খেলা বস্তু থাকিব আৰু মাকজনীৰ সেইবোৰ চাফা কৰি কৰি দিনটো নাটিব।

আহ্ আৰু নোৱাৰি দেই। গানৰ পিছৰ অংশখিনিয়েই শুনো যি হ’ল হ’ল আৰু।

“জোনে পোহৰ দিবতৰাইয়ো হাঁহিবজোনাকীয়েও গাব গান।তাৰে মাজে মাজে তোমাৰ মোৰ মাজতে থাকিব মৰমৰে টান।”

আইয়ৌ এইফাঁকি শুনি আকৌ মূৰটো অলপ সময় ফ্ৰিজৰ ভিতৰতে ভৰাই থম যেন লাগিল। 

এইফাকিৰ আচল ৰূপটোকে গাই চাওঁ এবাৰ।

“জোনে তৰাইয়ো কেনেকৈনো কান্দে মাথা মাৰি নাথাকিবি অ’ আই।জোনাকীৰ গানো তই নুশুনিবি মনতে ৰাখিবি এখুন্দা লাগি হ’লেও তয়েই ঘৰৰ ৰাণীকোনোবাই কিবা ক’লেও মাৰিবলৈ নাপাহৰিবি এসোপা কথাৰে অ’ বাণ।”

এইহেন গৰমত আৰু মন নগ’ল ঘৰ সজাৰ গানটো শুনিবলৈ। জোন, তৰা, মৰম, হৃদয়, জেতুকাবুলীয়া হাত শব্দবোৰে বুকুতে দহিলে। মোৰ দেখোন কিবা চেৰেংকৈ আলু, পিয়াঁজ, পাচলি আৰু বাচন ধুই ধুই শুকানকৈ ভজা পাপৰৰ লেখীয়া হোৱা নিজৰ হাত দুখনহে চকুৰ আগত ভাহি উঠিল। আইয়ৌ আৰু নোৱাৰিছোঁ দেই ঘৰ সজা গীতৰ সোৱাদ ল’বলৈ।

ফেনখনৰ গতিবেগ কিঞ্চিৎ কম হৈ অহা যেন অনুভৱ হ’ল। হয় হয়, কমিছে। মোৰ অনুমান আৰু ভুল হ’ব পাৰেনে! ভল্টেজ কমিছে, অ’ তাৰমানে বিজুলীৰ বিদায় অনুস্থান উপভোগ কৰাৰ সময় সমাগত। ভাবটো আনিবলৈ পালোঁহে শ্ৰীমানে টা টা বাই বাই দিলেই। ইফালে আজি কিছুদিনৰ পৰা ইনভাৰ্টাৰ দাদাৰো অভিমান হৈ আছে।

চেহ্ আজি বাৰুকৈয়ে গৰমৰ মৰম সহ্য কৰিব লগা হৈছে। মনতে ভাবিলোঁ অলপ বেলকনীতে বহি ফেচবুক চাওঁ। ফেচবুক খোলাৰ লগে লগেই চিনাকি এজনৰ ষ্টৰীৰ গানটো বাজি উঠিল। আকৌ এবাৰ গাটো বিছাই ডকা যেন অনুভৱ কৰিলোঁ,

“চেঁচা কৰি যোৱা মৃদু বতাহ হ’লাঅজানিতে বুকুত বিয়পিলা।”

পাৰিনে! পাৰিনে ঘামি জামি অৱস্থা নোহোৱাকৈ মৃদু বতাহৰ কথা শুনিব। সূৰ্য দেৱতাৰ মৰমত গছৰ এটা পাতো লৰ চৰ কৰা নাই ইফালে। 

মূৰটো আচন্দ্ৰাই কৰা যেন অনুভৱ কৰি বৰফ কেইটুকুৰামান দিলোঁ মূৰত।

নহ’ব, মোৰ দ্বাৰা ঘৰ সজা বা মৃদু বতাহৰ গান শুনাৰ ধৈৰ্য্য নহ’ব।

ফোনটো বাজি উঠিল। এহ্ ভাগিনীজনীৰ ফোন দেখোন। এবকলা অবতৰীয়া ভাষণ দিয়াৰ সুযোগ এৰিমনে আৰু। দুষাৰিমান বাক্য ক’বলৈ লওঁতেই গ’ল কাট খায়। ময়েই কৰিলোঁ আকৌ। এইবাৰ তাইৰ ফোনটোত বাজি উঠিল এটা গান “তেৰি মেৰি গল্লাই…”

মনতে ভাবিলোঁ আজিৰ কাৰণে গানৰ অনুস্থান ইমানতে শেষ কৰাই ভাল হ’ব নেকি আৰু!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *