ফটাঢোল

শহুৰ জোঁৱাই- অৰবিন্দ গোস্বামী

ৰেৱতীয়ে শাক-পাচলিখিনি কুটি কুটিয়েই গিৰিয়েক ব্ৰজেনক ক’লে——-

:হেৰি শুনিছেনে! মই কাইলৈ ঘৰলৈ যাওঁ বুলি ভাবিছোঁ। পিছে আপোনাক খবৰদাৰ কৰি থ’লোঁ, আমাৰ ঘৰলৈ আপুনি নাযাব কিন্তু ! মই নিজে ঘূৰি আহিব পাৰিম।

: ইঃ! তোৰ ঘৰলৈ যাবলৈ মন গৈছে গৈ থাক।মোৰ আকৌ কি দৰকাৰ পৰিল তোৰ ঘৰলৈ যাবলৈ!”

: অ’ হয়নে ! নকওঁ আৰু।ক’লে বহু কথা ফটা মুখেৰে ওলাই আহিব।”

ব্ৰজেনে এইবাৰ একো নামাতিলে।

ব্ৰজেনৰ চেহেৰাটো বৰ ধুনীয়া।একেবাৰে দেৱতাৰ নিচিনা।ব্ৰজেন সৰু হৈ থাকোঁতেই তাৰ মাক-দেউতাক ঢুকাইছিল আৰু ব্ৰজেন ডাঙৰ হৈছিল ককাকৰ ঘৰত।পিছে ককাকৰ ঘৰতো আন কোনো সদস্য নাই বুলিবই পাৰি।ব্ৰজেনৰ তিনিজন মোমায়েকে বাহিৰে বাহিৰে চাকৰি কৰে।আইতাক আগতেই ঢুকাইছিল।ব্ৰজেনৰ মাক আটাইতকৈ ডাঙৰ আছিল।ককাকে ঘাতমাউৰা ল’ৰাটোৰ দায়িত্ব কান্ধপাতি ল’লে।সৰুৰেপৰা ব্ৰজেনক ককাকে ইমানেই মৰমেৰে ডাঙৰ কৰিলে যে এটা সময়ত গৈ সি নিষ্কৰ্মা আৰু এলেহুৱা  হৈ পৰিল।কোনো কাম কৰি সি ভাল নাপায়।ককাক আছিল শিক্ষক আৰু গাঁৱৰ পুৰুহিত।নাতিয়েকৰ গতি মতি ভাল নেদেখি ককাকে তাক এদিন ক’লে——

: হেৰৌ ব্ৰজেন,তই যে পঢ়ি শুনি কিবা কৰিব পাৰিবি,মই তাৰ আশা এৰিলোঁ।সেয়ে কৈছো বোলো তই পূজালৈ মোৰ লগতে  লগুৱা হৈ ওলাবি।দুই চাৰিটা পূজাত গ’লে দুপইচা পাবি আৰু ঘিঁৱে মৌৱে খাই অকনমান চকুত লগাটো হৈ থাকিবি।

ব্ৰজেনেনো আপত্তি কৰিবনে ! সি ভালেই পালে।

: ঠিকেই কৈছা ককা।শুকান জেওৰা খৰিৰ দৰে ৰস নথকা গণিত, দাঁত ভগা অসমীয়া শব্দৰ যুক্তাক্ষৰ, মৰিশালিৰ সাধুকথা…এইবোৰ পঢ়ি থকাতকৈ মই তোমাৰ লগতে পূজা পাঠৰ লগুৱা হৈ যোৱা কামটোৱেই মোৰ বাবে ভাল।

:বাৰু বাকীকেইটা বিষয়ৰ কথা বুজিলো,এই যে মৰিশালিৰ সাধুকথা…..এইটো কি বিষয়?

; কিয় সেই জমাসবিদ্যাটো আকৌ!

:ৰাম ৰাম ! হেৰৌ জমাসবিদ্যা নহয়,সমাজবিদ্যা।

: সেইটোৱেই,নোৱাৰোঁ দেই মই !

ককাকে বুজি পালে যে তাক স্কুল এৰুৱাই দিয়াটো একো বেয়া কথা হোৱা নাই।ভাল নোপোৱা কামটো জোৰ কৰি কৰাব বিচাৰিলে ভাল ফল পোৱা নাযায়।

সেইদিনাৰপৰা ব্ৰজেনে পঢ়া-শুনা বাদ দিলে আৰু ককাকৰ লগতে পূজা-পাঠলৈ যাবলৈ ধৰিলে।ইউনিফৰ্ম পিন্ধি স্কুললৈ যোৱা ব্ৰজেনে ধূতী পাঞ্জাৱী পিন্ধিবলৈ ধৰিলে।দুদিনমানৰ ভিতৰতে ব্ৰজেনৰ নাম সলনি হৈ ‘সৰু দেউ’ হ’লগৈ।এনেদৰে কিছুকাল কটোৱাৰ পিছত ব্ৰজেনৰ ককাকৰো অসুখ হ’ল।মৃত্যুৰ আগতে তেওঁ নাতিৰ বিয়া চাই যাওঁ বুলি হুলস্থূলখন লগালে।মিতিৰ কুটুম্বে সেয়ে ব্ৰজেনৰ ককাকৰ শেষ আশাটো পূৰণ হওক বুলিয়েই ধৰি বান্ধি ৰেৱতীত সৈতে ব্ৰজেনৰ বিয়াখন পাতি দিলে।বিয়াৰ পিছত ব্ৰজেনে সৰুকৈ গেলামালৰ দোকান এখনো খুলি ল’লে।ককাকৰ মৃত্যুৰ পিছত ককাকৰ ভাগৰ মাটি সম্পত্তিবোৰো পালে।চাকৰি কৰা মোমায়েকহঁতেও কোনো আপত্তি নকৰিলে।মাজে মাজে ব্ৰজেনে দুই এভাগ পূজাও শিকিছিলগৈ।সাতে সোতৰই মিলাই সংসাৰ চলি যায়।পিছে তাৰ এলাহটোৰ বাবেই ৰেৱতীয়ে তাক একেৰাহে গালিখন পাৰি থাকে।দোকানত তাৰ ধ্যান নাই।আনহাতে পুৰুহিত হিচাপে তাক মানুহে বিচাৰি আহে যদিও সি মন গ’লে কেতিয়াবা কৰে আৰু  মন নগ’লে নকৰে।

বিয়াৰ পিছত সি ঘৈণীয়েকৰ লগতে মাজে মাজে শহুৰৰ ঘৰলৈ যায়।থাকিবলৈ ক’লে থাকেও।এনেদৰে দুই এদিনকৈ থাকি থাকি সি সহজে শহুৰৰ ঘৰৰপৰা যেন নাহিবই, তেনেকুৱাখন কৰা হ’ল।প্ৰথম দুদিনমান ৰেৱতীয়ে ভালেই পাইছিল কাৰণ বিয়া হৈ যোৱা কোন ছোৱালীয়েনো মাকৰ ঘৰত দুদিন বেছিকৈ থাকিবলৈ পালে বেয়া পাব।পিছলৈ তায়ো দীঘলীয়াকৈ ঘৰত থাকিবলৈ ভাল নোপোৱা হ’ল আৰু মাকেও তাইক বহুখিনি কথা বুজাই ক’লে।কিন্তু নাচোৰবান্দা ব্ৰজেন।

টেঙৰ ব্ৰজেনে সহজেই শহুৰক হাত কৰি ল’লে।কাণেৰে ভালদৰে নুশুনা শহুৰ দেউতা কিন্তু নিজৰ শৰীৰটোক লৈ বৰ সজাগ।পুৱাই টেক চ্যুট পিন্ধি দহ-বাৰ কিলোমিটাৰ খোজ কাঢ়ে,দৌৰে।ইস্ত্ৰি কৰা লংপেণ্ট চাৰ্ট পিন্ধে।মানে লংপেণ্ট-চাৰ্ট পিন্ধা শহুৰ আৰু ধূতি-পাঞ্জাৱী  পিন্ধা জোঁৱাই! আৰু দুয়োৰে মিলনে মণিকাঞ্চন সংযোগ ৰচনা কৰে।

শহুৰ দেউতা খোৱা বোৱাতো চৌখিন।তাতে জোঁৱাই আহিলে গাত তত নোহোৱা হয়।যেন মাটিত থ’লে পৰুৱাই খাব আৰু মূৰত থ’লে ওকনিয়ে খাব।সেইকেইদিন কেৱল মুৰ্গী,হাঁহ-কোমোৰা,বৰালী মাছ আৰু যে কি কি খাদ্য শহুৰ দেউতাই গোটাব!চতুৰ ব্ৰজেনে মিছাকৈয়ে শহুৰ দেউতাৰ কাষতে বহি শহুৰ দেউতাৰ কথাবোৰ বৰ গুৰুত্ব দি শুনাৰ নিচিনা ভাও ধৰে।শহুৰ দেউতাই সেয়ে ব্ৰজেনক বৰ ভাল পায়।সঁচা কথাটো হ’ল মানুহজন বৰ কথকী।সেয়ে তেওঁৰ লগত মানুহে বৰ কথা পাতিবই নিবিচাৰে।কাৰণ যিহেতু তেওঁ নিজে কাণেৰে নুশুনে গতিকে আনে চিঞৰি কথা ক’বলগীয়া হয়।আপুনি যদি এজন মানুহৰ লগত কথা পাতিবলৈ গৈ নিজে একো ক’বলৈকে নাপায় আৰু ক’লেও চিঞৰি ক’বলগীয়া হয়; তদুপৰি  সেইজনাই যদি বলকিয়েই থাকে,আপুনি কথা পাতি ভাল পাবনে বাৰু?পিছে ব্ৰজেনে ভাল পায়।কাৰণ কাম নকৰাকৈ সি শহুৰৰ ঘৰত অগৰি দগৰি খাবলৈ পায় যেতিয়া শহুৰ দেউতাৰ সেইকণ অত্যাচাৰ সহাটোনো কি বৰ ডাঙৰ কথাটো!

এদিন শাহু আয়ে পুৱাই  ব্ৰজেনক ক’লে—-

“জোঁৱাই বোপা,ঘৰখন খালী খালীকৈ পৰি থাকিলে কেচু ,কুমতি,গুঁই,সাপৰ বাহ হ’ব।আমাৰ ইয়াত থকা কেইবাদিনো হ’ল।আহিলা যে, বৰ ভাল পালো।পিছে এতিয়া ঘৰলৈ যোৱাৰ কথা ভাবা।পিছে পৰে অকৌ আহিবা।”

ব্ৰজেনে লাহেকৈ শহুৰক কথাটো শুনালে।

“আয়ে দেখোন আজি মোক যাবলৈ কৈছে।”

শহুৰ দেউতাই ঘৈণীয়কক চিঞৰি চিঞৰি গালি পাৰিলে——-

“হেৰৌ জহনীমৰতী !! যি দেখিছোঁ তোৰ জী-জোঁৱাইৰ প্ৰতি অকণো মৰম নাই।আলহীক খেদিবলৈ আহিছ?ঐ বাঘেখাতী মোৰ জী জোঁৱাইক খেদিবলৈ তই কোন?তই আজিয়েই মাৰৰ ঘৰলৈ যাগৈ।”

তাৰ পিছত ব্ৰজেনৰ শহুৰ শাহুৰৰ এখন প্ৰচণ্ড বাকযুদ্ধ।ব্ৰজেনে মজিয়াতে লেপেটা কাঢ়ি বহি টেলিভিশ্যনটোৰ ভলিউম ডাঙৰ কৰি লগাই দিলে।ডি.ডি.ৱান চেণ্টাৰৰ সেই বিখ্যাত শব্দবোৰ ভাঁহি আহিল——–

“মিলে চুৰ মেৰা তুম্হাৰা….ত’ চুৰ বনে হামাৰা…..মিলে চুৰ……..”

মাক দেউতাকে কাজিয়া লগা দেখি জীয়েক ৰেৱতীয়ে কান্দি কান্দি অকলেই বাচত উঠি নতুন ঘৰখনলৈ ৰাওনা হ’ল।ইয়াকে দেখি ব্ৰজেনো সেইদিনাই বাৰু ঘূৰি আহিল।পিছে তাৰ শহুৰৰ ঘৰত বিনা কষ্টৰে দকচি খোৱা মাছ মঙহৰ সোৱাদকণে তাক বাৰে বাৰে আমনি কৰি থাকিল।

এইবাৰ ৰেৱতী ঘৰলৈ অকলেই ওলাল।ব্ৰজেনেও এনে দেখুৱালে যেন শহুৰৰ ঘৰলৈ যোৱাত সি তিলমাত্ৰও আগ্ৰহী নহয়।ৰেৱতীয়ে মাকৰ ঘৰলৈ গৈ ৰাতিটো কটাই পিছদিনা আবেলি ঘৰলৈ উলটাৰ কথা।পিছে পুৱাৰ দৃশ্য দেখি ৰেৱতীৰ চকু কপালত উঠিল।গিৰিয়েক ব্ৰজেনে পুৱাই ধুনীয়াকৈ ধূতী পাঞ্জাৱী পিন্ধি হাতত চ্যুটকেচ এটা লৈ শহুৰৰ ঘৰ ওলালহি।যেন সি নাইট চুপাৰত গুৱাহাটীৰপৰাহে আহি পালেহি।মুখত হাঁহি আৰু হাতৰ পলিথিনত কাটা বিস্কুটৰ পেকেট এটা।ব্ৰজেনক দেখি ৰেৱতীয়ে চিঞৰি উঠিল——–

“হেৰি! আপুনি আকৌ কিয় ওলালহি? মই দেখোন আজি গলোৱেইহেঁতেন।”

ব্ৰজেনে তাৰ সেই ত্ৰিভুবন ভুলোৱা হাঁহিটো মাৰি ক’লে——-

“তোমাৰ অবিহনে মোৰ ঘৰত মনেই নবহে।আহিলো যেতিয়া আজি দুয়ো থাকোঁ,কাইলৈ একেলগে যামগৈ।”

শাহু আয়ো হতভম্ব।এইডাল আকৌ  আহিল!এতিয়া আকৌ শহুৰ জোঁৱাই মিলি এমাহমানলৈ মাছ মঙহৰ বেহাখন পাতিব আৰু শেষত শাহু আই আৰু শহুৰ দেউতাৰ এখুন্দা লগাৰ পিছতহে যদি খেলখন শেষ হয়গৈ।

পুৱাই প্ৰিয় জোঁৱাইক দেখা পাই শহুৰ দেউতাৰ মন উলাহে নধৰা হ’ল।শহুৰে জোঁৱাইক লগত লৈ বজাৰ পালেগৈ।বৰ ডাঙৰ বৰালী মাছ,হাঁহ এটা কোমোৰা এটা আৰু বহু কিবাকিবি লৈ দুয়ো উভটিল।

ইতিমধ্যে দুয়ো মাতৃ জীয়ৰী লগ লাগি ব্ৰজেনক খেদিবলৈ বুদ্ধি পাঙিলে।

পিছদিনা পুৱা ঠিক চাৰে চাৰি বাজিছে।আন্ধাৰ কোঠা এটাৰ মজিয়াত ব্ৰজেনে খালী গাৰে ধূতি এখন অসংযতভাৱে মূৰে গায়ে মেৰিয়াই নাক বজাই পৰি আছে।গৰমৰ দিনত ব্ৰজেনে ফেনখন লগাই মজিয়াতেই শুই ভাল পায়।ব্ৰজেনৰ নাকৰ ঘৰ্ঘৰনিত ঘৰৰ মুৰ্গী, হাঁহকেইটাৰো কিজানি টোপনী ক্ষতি হ’ল।এনেতে দৰ্জাত টোকৰ পৰিল।

“উঠা জোঁৱাই।শুনিছানে?ঔ জোঁৱাই ,ব’লা ব’লা….ড্ৰেছ লগোৱা।আজি দুয়ো একেলগে প্ৰাতঃভ্ৰমণ কৰিম।”

প্ৰথমবাৰ জোঁৱায়ে টোপনীৰ জালত কিনো হৈছে ধৰিবই নোৱাৰিলে।শহুৰ দেউতাৰউৎপাতত শেষত উপায় নাপাই ব্ৰজেনেও প্ৰাতঃ ভ্ৰমণ কৰিবলৈ ওলাল।পিছে ব্ৰজেনে বুজি নাপালে যে ইমান দিনে কোনো দিন প্ৰাতঃ ভ্ৰমণ কৰিবলৈ লগ নধৰা শহুৰ দেউতাই ব্ৰজেনক প্ৰাতঃভ্ৰমণ কৰা কথাটোত কিয় ইমানকৈ নেৰানেপেৰাকৈ লাগিল।

প্ৰথমদিনা দুয়ো প্ৰাতঃভ্ৰমণৰপৰা ঘূৰি অহা দৃশ্য আছিল অতি মনোৰম।টেক চ্যুট পৰিহিত শহুৰ আৰু ধূতী পাঞ্জাবী পিন্ধা জোঁৱাই।দুয়ো একেলগে দৌৰিছে।ইফালে জোঁৱাইৰ অৱস্থা কাহিল।জোঁৱাইৰ জিভা বাহিৰ হৈ যোৱা অৱস্থা।ৰাতিলৈ জোঁৱাইৰ গা বিষ।ব্ৰজেন শহুৰৰ ওচৰ পালেগৈ আৰু ক’লে——

“দেউতা কাইলৈ পুৱা মোক নজগাব।মোৰ আজি গোটেই গা বিষ।”

ধুমকলা শহুৰেকে ক’লে——

“কি ক’লা!পুৱা আৰু সোণকালে যাবা।আজি ভাল লাগিল।বাৰু হ’ব,কাইলৈ তিনি বজাতে ওলাবা।”

পিছদিনা শহুৰ তিনি বজাতে হাজিৰ।জোঁৱায়ে কোৱাখিনি ভালদৰে নুশুনি জোঁৱাইক বৰ উৎসাহেৰে বাৰে বাৰে “সোণকাল কৰা” বুলি কৈ থাকিল।সিদিনা শহুৰ দেউতাই জোঁৱাইক আৰু দুই কিলোমিটাৰ বেছিকৈ দৌৰালে।সেইদিনা সন্ধিয়াই ব্ৰজেন ঘৰলৈ যাবলৈ ওলাল।শহুৰ দেউতা অলপ আচৰিত হ’ল।একো বুজিও নাপালে।কিন্তু জোঁৱাই যাবলৈ ওলালেনো শহুৰ দেউতাই কি ক’ব।সেয়ে যাবৰ সময়ত  জোঁৱাইক ক’লে——-

“প্ৰাতঃভ্ৰমণলৈ সদায় যাবা।”

ব্ৰজেন আৰু ৰেৱতী ঘৰলৈ ঘূৰি আহিল।কেইবাদিনৰ মূৰত ৰেৱতীৰ মুখেৰেই প্ৰাতঃ ভ্ৰমণৰ ভেদ ভাঙিবলৈ ব্ৰজেন সক্ষম হ’ল।

ৰেৱতীয়ে কৈ গ’ল———-

“সিদিনা দুয়ো শহুৰ জোৱাই মিলি যে বজাৰলৈ গৈছিল,আহিতো আপুনি দিন দুপৰতে নাক বজাই শুলে।আমি মায়ে ময়ে মিলি দেউতাক বুজালো যে আপোনাৰ ভিতৰি ভিতৰি অসুখ বহুত।ঢোলহেন হৈ পৰা আপোনাৰ পেটটো কমাবলৈ ডাক্তৰে আপোনাক দৈনিক পুৱা ২০ কিলোমিটাৰ দৌৰাৰ পৰামৰ্শ দিছে।নহ’লে আপোনাৰ প্ৰেচাৰ,চুগাৰ,কেণ্সাৰ,এইডচ,কিডনী ফেইল সব একেলগে হ’ব বুলি ডাক্তৰে সঁকিয়াই দিছে।সেয়ে দেউতাই আপোনাক…….”

ব্ৰজেনে চিঞৰি উঠিল———

“বুঢ়া মানুহটোক মিছা মাতিবলৈ তহঁতৰ লাজ নালাগিলনে?”

ৰেৱতীয়ে ক’লে——–

“শহুৰৰ ঘৰত হাঁহ-কোমোৰা,মাছৰ জুতি লৈ লৈ নিজৰ ঘৰখনলৈ আহিবলৈ চিন্তা নকৰা মানুহে আনক কি লাজৰ কথা ক’বলৈ আহে!একদম চুপ থাকক।”

ব্ৰজেন এতিয়াও শহুৰৰ ঘৰলৈ যায়,পিছে ৰাতি নাথাকে।আজিকালি শহুৰ দেউতাৰো জোঁৱাইৰ প্ৰতি মোহ কমিল।বাৰু,ৰক্ষা পালে শাহু মা আৰু ৰেৱতীয়ে।

বছেৰেকৰ পিছত ব্ৰজেনৰ ল’ৰা এটা হ’ল।ৰেৱতীৰ চেষ্টাত ব্ৰজেনে কাম ধামত মন দিলে।ল’ৰা ডাঙৰ হৈ স্কুললৈ যোৱাত ব্ৰজেনেও পঢ়াৰ গুৰুত্ব বুজিলে।কষ্ট কৰিলে ল’ৰাৰ ভবিষ্যতৰ বাবে।আটাইতকৈ ডাঙৰ কথা হ’ল ব্ৰজেনে আজিকালি কিতাপ পঢ়িবলৈ ধৰিছে।আনুষ্ঠানিক শিক্ষা নহ’লেও পঢ়াততো একো আপত্তি নাই।

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *