ফটাঢোল

গায়কৰ দৰ-দাম- সোণটো ৰঞ্জন বৰুৱা

: গায়ক হ’বনে? ভাল বিধৰ?

: কোনবিধ লাগিব বাইদৌ, নতুন নে পুৰণা?

: ভাইয়া, আগৰবাৰ পুৰণা নিছিলোঁ, সৱ জুঠা ওলালে, নতুন দিয়া। 

: কিমান দিম বাইদৌ?

: ঘৰত সৰুকৈ কিবা এটা পাতিছোঁ, ২০-২৫ জনমান মানুহ হ’ব। কিমান ল’লে হ’বগৈ বাৰু?

: তিনি কিলোমানে হৈ যাব,…. “ঐ পোৱালী, বাইদৌক নতুন গায়ক তিনিকিলো পাল্লা কৰি দে… সৰু সৰু দিবি…” 

: সৰু সৰু নালাগে, ডাঙৰ দিয়া। 

: বাইদৌ, ডাঙৰ ল’লে  দুই-চাৰি পিচ উঠিব, সৰু সৰু ল’লে সকলোৰে ভাগত এক-আধা পিচ পৰিব … 

: শিল্পীও লাগিছিল, হ’ব নেকি?

: কিমান লাগিব বাইদৌ, বহুত আছে….. কি বনাব…. ভৰ্টা? 

: ভাবিছোঁ।

: পোৱালী…. বাইদৌক দুইকিলো ডাঙৰ চাইজৰ আৰু এক কিলো সৰু চাইজৰ শিল্পী দি দে। আৰু বাইদৌ? 

: অভিনেতা অভিনেত্রী হ’ব নেকি?

: বহুত ভেৰাইটিত আছে বাইদৌ… কিটি পাৰ্টি, যাত্ৰা পাৰ্টিৰ পৰা সৱ আছে। লেটেষ্ট লকডাউনত চ’ছিয়েল মিডিয়া পাৰ্টিত বহুত বঢ়িয়া মাল আহিছে … চাই লওক… 

: কিটি পাৰ্টি ভেৰাইটিটো দেখুওৱা। 

: পোৱালী……. 

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *