ফটাঢোল

নোৱাৰোঁ মৰিব তোমাৰ বাবে- অৰ্চন শৰ্মা

“দেউতাই মোৰ পচন্দৰ কোনো ভাল ল’ৰাৰ কথা সুধিছে, আপোনাৰ আপত্তি নাথাকিলে আপোনাৰ কথা ক’ব পাৰোঁ…”

ইমানকণ পঢ়িয়ে বুকুখন চিৰিংকৈ মাৰিলে। ডিচেম্বৰ মাহৰ প্ৰৰোচনাত পৰি তিনিদিন ধৰি গাত পানী অকণো নিদিয়া কথাটো পাহৰি এক্কেজাঁপে বিছনাৰ পৰা উঠি গোঁসাইঘৰ পালোঁগৈ নিজৰ সলনি শিৱলিংগতে তিনি ঘটি পানী ঢালি দীঘল দি পৰিলোঁ,

: প্ৰভু তুমি গ্ৰেট! অৱশেষত তুমি চকু মেলি চালা, চাবা আৰু শেষৰকণ, যাতে হ’বলগীয়া শহুৰজন নহ’বলগীয়া নহয়গৈ, সকলো ঠিকে-ঠাকে হৈ গ’লে বিশটা ভঙুৱাক তোমাৰ নামত  গাঞ্জা পাৰ্টি দিম, তুমি মাত্ৰ ৰাজী হোৱা প্ৰভু।

মোৰ ভক্তিমূলক প্ৰাৰ্থনাৰ সকলো ফিলিংছৰ এইছি কি তেইছি কৰি পিছফালৰ পৰা ভাঁহি আহিল প্ৰচণ্ড চিৎকাৰ,

: ঐ হতশ্ৰী হোৱা, তিনিদিনৰ নোধোৱা গাৰে গোঁসাইক পানী ঢালি দিলি? খালি ঐ খালি, হে ভগৱান ক’তে মৰো মই,,,  মাদাৰ ইণ্ডিয়াৰ গালিৰ ভাণ্ডাৰ শেষ হোৱাৰ আগতেই মই পলালোঁ, চিঠিখন যে আধা পঢ়িয়ে পেলাই থৈ আহিছিলোঁ এতিয়াহে মনত পৰিল, সেইখন কিবা প্ৰকাৰে মাৰ হাতত পৰিব লাগিলে মোৰ ডিঙিত ফুলৰ মালা পৰাৰ আগতে মোৰ ফটোত পৰাটো খাটাং, দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি আকৌ কাগজখন মেলি ল’লোঁ।

“কাইলৈ সদায় লগ পোৱা ঠাইতে আপোনাক লগ পাম, যদি আপোনাৰ সন্মতি আছে কাইলৈ মোৰ ঘৰলৈ লৈ যাম, মই মোৰ কথাখিনি পোনপটীয়াকৈ জনাই দিলোঁ বাকী আপোনাৰ ইচ্ছাৰ কথা।”       অকণমানি চিঠিখন তাতেই শেষ, আলফুলে চিঠিখন জপাই পকেটত ভৰাই থলোঁ, সদায় লগ পোৱা ঠাইখন ভাঁহি আহিল চকুৰ আগত, সদায় দেখি অহা সেই আহতজোপাই যে মোৰ জীৱনলৈ এই সুযোগ আনি দিব সেয়া সপোনতো কল্পনা কৰা নাছিলোঁ মই ।

কিছুমান মানুহ এই পৃথিৱীত আছে, সিহঁত কিয় আছে আজিলৈকে বুজি নাপালোঁ, সিহঁতক লগ পোৱাৰ পাছত মোৰ দৃঢ় বিশ্বাস হ’ল যে ভগৱানেও ভুল কৰে, মোৰ লগৰটোও তাৰে মাজৰ এটা ভুল, ভুলটো ভুলেই লগতে মস্ত কুফা প্ৰাণী। গতিকে পুৱাতে তাৰ ফোনকলটো পাই বুজিলোঁ আজিৰ দিনটো নিৰ্ঘাত বেয়া হ’ব মোৰ, চূড়ান্ত অনিচ্ছাস্বত্বেও ফোনটো ৰিচিভ কৰিলোঁ।

:হেৰৌ ক’লা মেকুৰী, ৰাতিপুৱাই তোৰ ফোনটো পাই দিনটো নষ্ট হ’ল মোৰ, ক এতিয়া কিয় ফোন কৰিছিলি ?

সি ফায়াৰ হৈ গ’ল মোৰ কথাত।

: হেৰৌ তোৰ দৰে অহৌ বলিয়া এটাক এনেই ফোন কৰিবলৈ মোক ভূতে পোৱা নাই, পিছবেলা হাঁহ এটা মাৰিম, তোৰ আজি নাইট শ্বিফ্টহে আছে চাগে, দুপৰীয়া মায়ে মাতিছে তোক ভাত খাবলৈ।   ফোনটো থৈ দিলে সি, এনেই ল’ৰাটো ইমান বেয়াও নহয় বাৰু, তাতে হাঁহৰ নামত মই  হিটলাৰৰ দ্বিতীয় অৱতাৰ। মোৰ বছৰ সৈতেও ছয় ঘণ্টা ডিউটি কৰিবলৈ সাজু ।

দুপৰীয়া সিহঁতৰ ঘৰলৈ সময়তে ওলালোঁ। অলপ দূৰ বাট। সিহঁতৰ ঘৰ পোৱাৰ ছয় কিলোমিটাৰমান আগত এজোপা আহতৰ গছ আছে। তিনিটা ৰাস্তা লগ হৈছে তাত। সেই তেতিয়াই প্ৰথমবাৰৰ বাবে দেখিছিলোঁ তাইক। বগা চুৰিডাৰ, এটা সৰু বেগ, ধুনীয়া এহাল চকুৰে ধুনীয়া মুখৰ তাইক। অসহায় যেন দেখা গৈছিল তাইক, মই বাইকৰ গতি সামান্য মন্থৰ কৰিছিলোঁ।

: ৰ’ব চোন অকণ!  তাই মাতিছিল হঠাৎ

: হয় কোৱাচোন?   বাইক ৰাখিছিলোঁ মই, মোতকৈ সৰু হ’ব বুলি ধৰিব পৰিছিলোঁ তাইক, সেয়েহে চিধাই তুমি।

: বেয়া নাপাই যদি মোক অকণ আগবঢ়াই দিব পাৰিব নে, কাম এটাত আহিছিলোঁ কিন্তু আজি গাড়ী ক’ম সেয়েহে…   ধুনীয়া চকুযোৰৰ আব্দাৰ মই বাৰু কেনেকৈ না কৰিব পাৰোঁ!

: কোন ফালে যাবা তুমি?

: এই বাওঁফালে, বেছি দূৰ নহয় বাৰু বাইকত, পাৰিবনে ? অসুবিধা হয় যদি নালাগে দিয়ক।  বিমোৰত পৰিছিলোঁ মই, মই যাব লাগে সোঁ ফালে, তাই যাব বাওঁফালে, এফালে হাঁহৰ মাংসৰ আহ্বান আনফালে সুন্দৰীৰ মোহিনী বাণ, এপলক চিন্তা কৰি কৈ উঠিলোঁ,

: বহা  আফটাৰ অল মেন ৱিল বি মেন ।

আশীৰ পৰা সেইদিনা বিশলৈ নামি গৈছিল বাইকৰ গতি, মোৰ শৰীৰৰ মাজেৰে প্ৰবাহিত ৰক্ত প্ৰৱাহৰ গতিহে বাঢ়িছিল।স্বাভাৱিক কথা।

প্ৰায় তিনি কিলোমিটাৰ যোৱাৰ পাছত বাইক ৰখাই তাই নামি গ’ল সৰু বাট এটাৰে, মোৰ বুকুলৈকো সৰু বাট এটা কাটি থৈ গ’ল তাই।   সেইদিনা সিহঁতৰ ঘৰ পাওঁতে বহু দেৰি হ’ল, কিন্তু সেইদিন ধৰি সিহঁতৰ ঘৰলৈ যোৱাটো সঘন হ’ল মোৰ। দোষ্টি বুলিও কথা এটা আছে ন? সিতো বহুত আহে আমাৰ ঘৰলৈ। মোৰহে যোৱা নহয়। গতিকে তাৰ বছৰ জোৰা উজৰ-আপত্তিৰ সকলো হিচাপ শেষ কৰি দিব পৰাকৈ, সি আচৰিত নোহোৱা নহয়। কিন্তু তাক কেনেকৈ কওঁ যে মই কাক লগ কৰিবলৈ যাওঁ। লগ মানে কি আৰু তাইক প্ৰায়ে লগ পাওঁ। ঘৰলৈকে আগবঢ়াই দিওঁ, ঘৰৰ কথাও সকলো গম পালোঁ তাইৰ। মনৰো উমান পালোঁ। পিচে তাইৰ ফোনটোহে বেয়া, নেটৱৰ্ক কাহানিও নাথাকে সেয়ে নম্বৰ লোৱা নহৈছে বাৰু। তিনিমাহৰ চিনাকি আৰু আজি এইখন চিঠি।

চিঠিখনক বুকুত সাৱটি লৈ লগৰটোলৈ মেছেজ এটা কৰি দিলোঁ।

: কাইলৈ ঘৰত থাকিবি নহয়, কাম এটা আছে গৈ আছোঁ সেইফালে। লগ কৰিম তোক!      তাই সঁচাই ৰৈ আছিল, আনদিনাৰ দৰেই, কিন্তু আজি অকণ বেছিয়ে ধুনীয়া লাগিছে তাইক।

: বহা!  হাঁহি মাৰি কলোঁ তাইক।

তাই লাজকুৰীয়া হাঁহি এটা মাৰি উঠি ল’লে, লাজ লাজকৈ মোৰ কান্ধত হাতখন থ’লে, গাটো শিৰশিৰাই গ’ল মোৰ।

: ইমান দূৰ নহা হ’লেও হয়, মই দেখোন ৰাস্তাটো চিনিয়ে পাওঁ, সেই গলীটোত ৰৈ থকা হ’লেও হয়।

: আজিৰ কথাটো অকণ বেলেগ দিয়ক, অকণ সোনকালে বলক দেউতাক কৈ থৈছোঁ আপুনি আহিব বুলি।

: কিন্তু ইমান চিয়’ৰ কেনেকৈ হ’লা, মোৰ উত্তৰ যদি বেলেগ হ’লহেতেঁন তেতিয়া?

: মনে কেতিয়াও মিছা নকয়, জানিছিলোঁ আপুনি আহিব।  আৰু অকণ কাষ চাপি আহিল তাই, মই ৰোমাঞ্চিত হৈ পৰিলোঁ, জীৱনৰ প্ৰথম অভিজ্ঞতা, পুলকিত হোৱাতো স্বাভাৱিক। সৰু গলিটোৰে বাইকখন কিছুদূৰ সুমুৱাই নিয়ে সিহঁতৰ ঘৰটো দেখিলোঁ, অসম আৰ্হিৰ ঘৰ এটা, আগফালে এখন ফুলনি, বৰ সুন্দৰ।

: আহক

বাইকৰ পৰা নামি আগবাঢ়িল তাই, মই তাইৰ পিছে পিছে। প্ৰথম আহিছোঁ সিহঁতৰ ঘৰলৈ ভয়ো নলগা নহয় বাৰু। 

: অকণমান বহক, মা পিছফালে আছে, দেউতাই কথা পাতিব আপোনাৰ সৈতে।  চোফাখনলৈ দেখুৱাই কৈ উঠিল তাই । এয়াহে শেনৰ এজাত। কথা নাই বতৰা নাই চিধাই ইণ্টাৰভিউ, দহ মিনিটৰ আগৰ ৰোমাঞ্চ কৰ্পূৰৰ দৰে উৰি গ’ল। এতিয়া ভয়হে লাগিছে দেখোন, কিবা অগ্নিগড়ত সোমালোঁ নেকি ?

: বোপাই আহিলা!  গুৰু গম্ভীৰ মাতেৰে সম্ভাষণ জনাই এক্সটাৰনেল সোমাই আহিল। গোটেইজন এক্সটাৰনেলেই আৰু, তাৰ পিছত ননষ্টপ প্ৰশ্ন। বেলেগ বেলেগ নম্বৰৰ বাবে, যথাযথ উত্তৰ দি গ’লোঁ।

কি নাম, ক’ত থাকোঁ, কি কৰোঁ, ঘৰত কোন কোন আছে, পৰিয়ালৰ মানুহৰ সবিশেষ। মোৰ উত্তৰত বুঢ়া সন্তুষ্ট হোৱা যেন লাগিল, অৱশেষত গল হেকাৰি মাৰি বুঢ়াই জীয়েকক মাতিলে, তাই আহিল, লগতে মাক, বুঢ়াই কৈ গ’ল,

: চোৱা বোপাই, কথাটো খোলাখুলিকৈ কওঁ, মাজনীৰ কথাত মোৰ মত নাছিল যদিও, তুমি ল’ৰাটো ভাল, মাত্ৰ মোৰ এটাই চৰ্ত আছে মানিব পাৰিবানে কোৱা ?  মানে শেষ প্ৰশ্ন, এইটোৰ উত্তৰতে চাকৰি মানে চ’কৰি নিৰ্ভৰ কৰিছে, বিশেষ নাভাবি কৈ দিলোঁ,

: হয় বর্তা, কওকচোন!

বুঢ়াই এবাৰ চাৰিওফালে চালে, তাৰ পিছত মোৰ ফালে অদ্ভুত চাৱনি এটা দি কৈ উঠিল,

: চোৱা বোপাই, তাইক বিয়া দিয়াত মোৰ আপত্তি নাই, কিন্তু বিয়াখন হোৱাৰ আগতে তুমি আমাৰ দৰে হ’ব লাগিব। 

মই থতমত খালোঁ, বুঢ়াই মোৰ ধৰ্ম সলনি কৰিব বিচাৰিছে নে কি? মই জনাত তেওঁলোকৰ নাম উপাধি সকলো মিলিছে তেন্তে সমস্যাটো ক’ত ?

মই বুজি নোপোৱাকৈ তেওঁৰ ফালে চালোঁ, মই বুজি নোপোৱা যেন দেখি তেওঁ কৈ উঠিল,

: চিধা কথা বোপাই, তুমি মৰিলেহে এইখন বিয়া হ’ব পাৰিব, তুমি আমাৰ ফালে ভালকৈ চোৱাচোন এবাৰ।  মই উচপখাই উঠিলোঁ, বুঢ়া পগলা হৈছে নে কি?  মই তাইৰ ফালে চালোঁ, তাই হাঁহিছে দেখোন, মাকেও হাঁহিছে, হাঁহি হাঁহি তিনিওটা প্ৰাণী বতাহত নোহোৱা হৈ গ’ল!    এয়া কি? মানুহবোৰ নাই, ঘৰটোও নাই, মোৰ চাৰিওফালে অতব্য হাবি, বাইকখন ছিটভোলোঙা খাই পৰি আছে দূৰত! চকুৰে আন্ধাৰ দেখিলোঁ মই, মূৰটো ঘূৰোৱা যেন অনুভৱ হ’ল চকু দুটা মুড খাই আহিল অজানিতে ।

: মা   তীব্ৰ চিঞৰ এটা ওলাই আহিল মোৰ মুখৰ পৰা ।

: অ’ তই মৰা নাই মানে, ধেৎ মই আকৌ চেটেপ হ’লি বুলিয়ে ভাবিছিলোঁ।   লগৰটোৰ মাতষাৰ শুনি ঘূৰি চালোঁ, হাবিত নহয় সিহঁতৰ ঘৰৰ বিছনাত হে পৰি আছোঁ মই ।

মই কিবা কোৱাৰ আগতেই সি কৈ উঠিল,

: সেই তিনিআলিটোৰ আহতজোপাৰ তলতে পৰি আছিলি তই, আমাৰ ঘৰৰ কাষৰে এজনে দেখি খবৰ দিলে, ডক্টৰ আহি চাই গৈছে দে, দুখ পোৱা নাই ক’তো, বাইকখন পৰি আছিল। ওচৰতে তই, আজিকালি দিনতে ভাং খাবলৈ ল’লি নে কি ?    মই একো ভাবি নাপালোঁ, মইতো সেই ঠাইত নাছিলোঁ, তালৈ কেনেকৈ আহিলোঁ?     সি উঠি যাবলৈ লওঁতেই মই মাত দিলোঁ, 

: ঐ শুনচোন, সেই আহতজোপাৰ পৰা সোঁফালে অলপ গৈ ঘৰ এটা আছে দেখিছনে তই, আচাম টাইপৰ। ফুলনি আছে যে। সি আচৰিত হৈ মোলৈ চালে।

: পগলা হ’লি নেকি তই? আজিৰ পৰা চাৰিবছৰ আগতেই আছিল তাত ঘৰ। জুই লাগিছিল তাত। মাক, বাপেক, জীয়েক সব মৰিল। এতিয়া সেইফালে মৰিশালিহে আছে। ভাল হৈ ল, তোকো তাতে পুতি থৈ আহিম।   সি গুচি গ’ল, মই চকু দুটা মুদি দিলোঁ, চিলমিলিয়া টোপনি আহিছিল হ’বলা। তেনেতে কাণৰ কাষত কোনোবাই ফুচফুচাই কৈ উঠিল,

: বোপা ঔ কথা দিলাই যেতিয়া এতিয়া পিচে কাহানিকৈ মৰিম বুলি ভাবিছা?

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.

error: Content is protected !!