ছয় মাহত মেনেজাৰ- ধূৰ্জ্জটি কাকতি
ডিগ্ৰী পাছ কৰি উঠিছোঁ৷ আচাম ত্ৰিবিউনত চাকৰিৰ ইণ্টাৰভিউ চাই থাকোঁতে হঠাৎ চকুত পৰিলে ‘গেট মেনেজিৰিয়েল পোষ্ট ইন কৰ্পোৰেট অফিচ অনলি ইন চিক্স মান্থ’৷ এডটো দেখি ভাল লাগি গ’ল৷ এনেই বেছিভাগ চাকৰিতে এমবিএ বিচাৰে, ইয়াত অকল গ্ৰেজুৱেচন বিচাৰিছে, তাকো ছয়মাহতে মেনেজাৰ হ’ব পাৰি৷ এড্ৰেচটো চালোঁ ৰিহাবাৰীৰ ফালে অফিচটো আছে৷ পাছদিনা লগৰ এটাৰ লগত তাৰ বাইকতেই অফিচটোলৈ গ’লোঁ৷ ইণ্টাৰভিউৰ কাৰণে আহিছোঁ বুলি কওতে বহিবলৈ দিলে৷ মনটো অলপ উগুল থুগুল, জীৱনত প্ৰথম তেনে ইণ্টাৰভিউ দিম৷ অৱশ্যে অফিচটো কিহৰ, প্ৰদাক্ত কি সেইবোৰ একো নাজানো বাৰু৷ অলপ পাছত ভিতৰলৈ মাতিলে৷ ইণ্টাৰভিউ লোৱাগৰাকী ছোৱালী, বেছি ডাঙৰ নহ’ব আমাতকৈ, ছয়মাহতে মেনেজাৰ হ’ব পাৰি যেতিয়া তায়ো সোনকালেই ভাল পজিচন পাই গৈছে৷ হিন্দীতে কথা আৰম্ভ কৰিলে, হিন্দীৰ উচ্চাৰণ শুনি গম পোৱা গ’ল যে প্ৰকৃততে অসমীয়া ছোৱালীহে, কিন্তু কৰ্পোৰেট ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবই লাগিব৷ গতিকে অসমীয়া সুৰত হ’লেও হিন্দী কৈছে৷ নাম-চাম সোধাৰ পাছত মোক সুধিলে,
: ছহ মহীনে বাদ আপ অপনে আপ কো কাঁহা দেখনে চাহতে হে?”
মই কনফিডেণ্টলি উত্তৰ দিলোঁ,
: আপ কে জগহ পে।
এনেকৈ উত্তৰ দিলে ইণ্টাৰভিউ লোৱাজন ইমপ্ৰেছ হয় বুলি ক’ৰবাত পঢ়িছিলোঁ, মোৰ উত্তৰ শুনি তেখেত ইমপ্ৰেছ হোৱা যেনেই লাগিলে৷ এইবাৰ ক’লে,
: ফিল্ড মে যাকে দেখ লো কাম৷
আমাক ফিল্ডলৈ নিবলৈ মানুহ এজন আহিলে৷ খীণ-মীণ, টাই মৰা৷ আমাক দেখি ক’লে,
: টাই মাৰি অহা হ’লে ভাল আছিলে, কাইলৈৰ পৰা মাৰি আহিবা৷
শুনি ভালো লাগিলে, টাই বাৰু জীৱনত মাৰিয়ে পোৱা নাই, এতিয়া কৰ্পোৰেটৰ ষ্টেণ্ডাৰ্ড ৰাখিবলৈ টাইতো মাৰিবই লাগিব৷ যি নহওক, মই মোৰ লগৰজন আৰু দুজন মুঠ চাৰিজন তেওঁৰ লগত ওলালোঁ৷ গোটেইকেইজন বাছত উঠিলোঁ৷ কিন্তু কামটো আচলতে কি তেতিয়ালৈকে পাত্তা পোৱা নাই৷ টাই মৰাজন যিহে চিৰিয়াচ লুকত আছে বেছি কথা পাতিবও ভাল লগা নাই৷ তেওঁৰ লগত আমি সকলো কাহিলিপাৰা পালোঁহি৷ বুজিলোঁ আমাৰ ফিল্ড ৱৰ্ক কাহিলিপাৰাতেই হ’ব৷ কিন্তু কিহৰ মাৰ্কেটিং সেইটোহে ধৰিব পৰা নাই৷ আমাৰ ট্ৰেইনাৰ গৈ ঘৰ এটাৰ সন্মুখত ৰ’লগৈ৷ কলিং বেল মৰাত মানুহ এগৰাকী ওলাল, লগালগ ট্ৰেইনাৰে উশাহ নোলাৱাকৈ কোৱা আৰম্ভ কৰিলে, “বাইদেউ আমি অমুকৰ পৰা আহিছোঁ, আমি শিশুৰ ষ্টোৰি বুক 50% ডিচকাউণ্টত দি আছোঁ, এইকেইখনৰ মূল্য হয় আঠশ টকা কিন্তু আমি চাৰিশ টকাত দি আছোঁ৷ আপুনি গিফ্ট হিচাপেও দিব পাৰে, ঘৰত সজাবলৈও ভাল৷”
তেতিয়াহে বুজিলোঁ কামটো হৈছে, মানুহৰ ঘৰে ঘৰে গৈ সাধু কিতাপ বেচিব লাগে৷ মানে ড’ৰ টু ড’ৰ সাধু কিতাপ বেচা কাম৷ তাৰপাচত কেইঘৰমান গ’লোঁ৷ কিছুমানে দুৱাৰ মুখৰ পৰাই খেদিলে, দুঘৰমানে ভালকৈ খেদিলে আৰু দুঘৰমানক কামুৰি কামুৰি বিক্ৰী কৰিলে৷ ঘূৰি অহাৰ বাটত ট্ৰেইনাৰে ক’লে, “আজি শিকিলা নহয়, কাইলৈৰ পৰা নিজেই যাব পাৰিবা৷” মই ক’ব খুজিছিলোঁ, অঁ শিকিলো কেনেকৈ টুপি পিন্ধাই মেনেজাৰ হোৱাৰ আশা দি ড’ৰ টু ড’ৰ চেলৰ কামত লগাব পাৰি৷ ছয়মাহত মেনেজাৰ হোৱাৰ আশা লগালগ ভাঙিলে৷ বাছত ঘূৰি আহি অফিচ পোৱালৈকে দেখিলোঁ আমাৰ বাকীকেইটা ল’ৰা আধা ৰাস্তাতে নোহোৱা হ’ল৷ আমাৰ বাইক আছিলে কাৰণে অফিচলৈ আহিব লগা হ’ল৷ ছোৱালীজনীক আকৌ পালোঁ আমাক সুধিলে,
: কেইচা লগা কাম কৰকে?
উত্তৰ দিলোঁ,
: বহুত আচ্ছা, মে তো ছাৰ মহীনে মে হী মেনেজাৰ বন জাওংগা৷
তাইয়ো শুনি বৰ সুখী হ’ল আমিও মেনেজাৰ হোৱা আশা বাদ দি ঘৰমূৱা হ’লোঁ।
☆ ★ ☆ ★ ☆
6:16 pm
ভাল লাগিল পিছে অভিজ্ঞতা টো
7:13 pm
তামাম
8:20 pm
বঢ়িয়া
11:55 pm
ভাল লাগিল পঢ়িম
12:32 am
এই অভিজ্ঞতা টো মোৰ হৈছিল। পাহৰি গৈছিলো। মনত পেলাই দিলে। তেতিয়া মই একো কামত সোমোৱা নাছিলো।খবৰ পাই গৈছিলো কাম কৰিবলৈ।পাঞ্জাবাৰীত আছিল চাগে অফিচ টো।প্ৰেচাৰ কম হোৱা মোজা বিক্ৰী কৰাৰ ট্ৰেইনিং দিছিল বেলতলা ৰ পৰা লখৰা ৰোডলৈ।তাকো খোজ কাঢ়ি। এদিনতে সপোন উৰি গৈছিল ???।
9:26 am
ধন্যবাদ সকলোকে