ফটাঢোল

কাহিনী মে জেংগো টুইস্ত -অপূৰ্ব কলিতা

বৰ্মন চাকৰিৰ পৰা অৱসৰ হৈছেহে মাত্ৰ, পেন্সনৰ টকা পাবলৈ বা আৰু কিমান তাঁত-বাতি কাঢ়িব লাগে! আৰু পালেও কিমান টকানো পাব? গোটেই জীৱন কষ্টৰে চলি গুৱাহাটীহেন জেগাত মাটি কিনি অলপ অলপকৈ পকা ঘৰটো বনাই আছে। শেষো হ’ব এদিন তেনেকৈয়েই। অৱসৰৰ পিছত একেলগে কিছু টকা পাব, তাৰেই প্ৰথমতে পকা গা-ধোৱা ঘৰ এটা বনাব আৰু ঘৰৰ বাকীখিনি কাম কৰিম বুলি ভাবি থৈছে মনতে। যিখিনি সাচঁতীয়া ধন আছিল ল’ৰাটোৰ বিয়াতেই শেষ হ’ল। ল’ৰাটোৰ বিয়া পাতিব হোৱা নাছিল যদিও, উপায় নাই কি কৰিব? সৰস্বতী পূজাৰ দিনা বাপুকণে আচল সৰস্বতী এজনীকেই লৈ আনিলে মন্দিৰত বিয়া পাতি বাহিৰে বাহিৰে ঘৰলৈ। ল’ৰাৰ লীলাক সমাজৰ সৈতে মিলাবলৈ বিয়াৰ ভোজ দিব লগা হ’ল। কাষৰ ঘৰৰ শৰ্মাই বহুদিনলৈ কৈয়েই আছিল, সেই খাহী মাংসৰ আঞ্জাখনৰ কথা। বৰ্মনৰ পত্নীৰ ফুটনি সেইখিনিতেই। এতিয়া সেই সকলোবোৰ দেখি বুজিও তৎক্ষণাত কেঁচা বাথৰুমটো পকী কৰিবলৈ খেচখেচাই থাকিব লগা হ’ল নে? লগে লগে সকলো কাম কৰা সম্ভৱ নে? কমপ্লেইনটো আৰম্ভ হৈছিল ঠিক বোৱাৰী ঘৰলৈ অহাৰ পৰাই। কিন্তু এই তিনিদিন মান আগতে বোৱাৰীৰ যঁজা ভনীয়েকজনী অহাৰ পৰা ঘৈণীয়েকৰ খেচখেচনি বেছি হৈছে। কোনোবাই হেনো গা-ধোৱা ঘৰৰ বাঁহৰ জলঙাৰে চাই থাকে। কেতিয়াবা ওলোমাই থোৱা কাপোৰ-গামোচাও টানি থাকে। কোনেনো কৰিব সেইবোৰ? মিছামিছি মনৰ ভ্ৰম এইবোৰ। ঘৰত মানুহ বুলিবলৈনো আছে কোন? তেওঁ, তেওঁৰ পত্নী, ল’ৰাটো, বোৱাৰী আৰু আশীৰ ডেওনা পাৰ হোৱা তেখেতৰ দেউতাক। দেউতাকজন বেমাৰী। অনবৰত টিভি থকা কোঠাটোত আৰামী চকীখনত টিভিৰ আগতেই থাকে নাইবা বিচনাত পৰি থাকে কাঁহি কাঁহি। দেউতাকক লৈয়ো ল’,ৰা আৰু পত্নীৰ অভিযোগ বহুদিনীয়া। নতুন টিভি এটা লাগে ঘৰত, বুঢ়াৰ বাবে হেনো একো চাবয়েই নোৱাৰি। অনবৰত ৰিম’ট কণ্ট্ৰোলটো হাতত লৈয়েই থাকে। এই বয়সত চাব লাগে দেশ-বিদেশৰ বাতৰি নাইবা আস্থা , কিন্তু বুঢ়াই চাই থাকে পুৰণি জিতেন্দ্ৰ-ধৰ্মেন্দ্ৰৰ চিনেমা নাইবা ফুটবল খেল। সূৰ্যবংশমখন বোলে মেক্স চেনেলে বুঢ়াৰ বাবেই দিয়ে। এহ, কোনো বাহিৰা মানুহে এনে নকৰে। এই ল’ৰাটোৱেই বোৱাৰীৰ লগত খেলি থাকে হ’বলা। নতুনকৈ বিয়া কৰোৱা ডেকা, কিবাকিবি কৰি থাকে আৰু এইবোৰ। ১০০% ইয়েই হ’ব।

বৰ্মনৰ পত্নীৰ আকৌ টেনচনটো বেছি। ন-বোৱাৰীৰ আগতটো লাজ পালেই এতিয়া তাইৰ ভনীয়েকৰ আগতো লাজত পৰিল। ক’ত গুৱাহাটীত থাকি কেঁচা গা-ধোৱা ঘৰত গা ধুব লগা হৈছে আলহীয়ে। সন্মান বুলিটো এটা  কথা আছে। বোৱাৰীহঁতে আৰু মিছা ক’বনে? কোনেনো এনে কাম কৰিব? কোনোবা ভীমৰতিত পৰা পুৰুষৰেই কাম হ’ব এইটো। আৰু ঘৰতনো পুৰুষ কোন আছে? বৰ্মনৰ বাহিৰে? চিঃ লাজেই লাগে। এই বুঢ়াবয়সত এনে কৰ্ম শোভা পাইনে বাৰু? তেখেতক ক’বও নোৱাৰি নহয়, খং এনে নুঠেই। কিন্তু উঠিলে কোনো সাৰি নাযায়। সেয়ে ভয়ো লাগে সুধিবলৈ। এই ল’ৰাটোৱো ক’ৰবাত সোমাব পাৰিলে দুপইচা আহিলহেঁতেন ঘৰত। সিয়ো দিনটো ক’ৰবাত ক্ৰিকেট খেলি ৰাতিহে ঘৰ পায়। বিয়া কৰাই দায়িত্ববোধো নাহিল একো এটা। কি যে ল’ৰা জন্ম হ’ল এইটো ।

ন-বোৱাৰী আৰু ভনীয়েকজনী দেখাত সাইলাখ একে। মাত্ৰ ন-বোৱাৰীৰ চুলিখিনি চুটি আৰু ভনীয়েকজনীয়ে চশমা পিন্ধে। বচ, দুইজনীক চিনি পাবলৈ সেয়াই অস্ত্ৰ। ভনীয়েকজনী খুব ৰঙীয়াল। মানে ফ্ৰী সকলোৰে লগত। ভনীয়েকজনীয়ে অসমৰ বাহিৰত পঢ়ি আছে। কলেজ বন্ধৰ বাবে বায়েকৰ তাত দুদিনমান থাকোঁ বুলি আহিছে। লগত আনিছে একেলগে থকা আন এজনী ছোৱালী।

বৰ্মনৰ একমাত্ৰ ল’ৰাটো গধূলি ঘৰ আহি পোৱাত বোৱাৰীৰ ভনীয়েকৰ লগৰজনীয়ে টিভি থকা কোঠাত থকা সকলোকে বাহিৰলৈ যাবলৈ ঘোষণা কৰিলে। এতিয়া এটা খেল হ’ব বুলি। সকলোবোৰেই বাহিৰত ওলাল হাঁহি হাঁহি। অলপ পিছত সকলোকে সেই টিভি থকা কোঠাত সোমাবলৈ দিয়াত সকোলো হায়ৰাণ। বিছনাত কপালত সেন্দূৰ লোৱা অৱস্থাত দুজনী একে দেখা বোৱাৰী। দুয়ো মিচিকিয়া হাঁহি মাৰি আছে, সাইলাখ কইনাৰ দৰেই। বান্ধৱীজনীয়ে সকলোকে আচল কইনাজনী উলিয়াবলৈ ক’লে। বৰ্মনৰ পৰা আৰম্ভ হ’ল খেল। এইদৰে হাঁহি খিকিন্দালিৰে গধূলি সময়খিনি ৰঙীন হৈ পৰিল। কাৰোৱেই সম্ভাৱনা সঠিক হোৱা নাই। বহুত দিনৰ পিছত ঘৰখনত এনেকুৱা হাঁহিৰ ৰোল উঠিছে। দুইজনীয়েই একে চুলি ৰাখি একে চশমা পিন্ধিছে। আনকি ল’ৰাটোৱেও নিজৰ ঘৈণীয়েকক উলিয়াব পৰা নাই। এবাৰ যদি ইফালে আঙুলি টোৱাই সিবাৰ আকৌ আনফালে টোৱাই। হঠাৎ কাষৰ কোঠাত শুই থকা বুঢ়াৰ কাঁহৰ মাতত সকলো চুপচাপ হৈ যায়। বুঢ়াই কাঁহি কাঁহি খঙত কলে,

: অই, কুক্কুৰহঁত। তহঁতৰ খেল বন্ধ কৰ, মই টিভি চাওঁ। সিহঁতৰ আঁঠুৰ ওপৰত থকা কটা দাগটো চালেই হৈ যায়। এজনীৰ বাওঁকাষে আৰু এজনীৰ সোঁকাষে আছে।

কোঠাটোত যেন কোনোবাই এট’ম বোমহে পেলালে। সকলোবোৰ নিস্তব্ধ হৈ পৰিল। বহুসময়।

বৰ্মনে মনে মনে ভাৱিলে, 

“কালি ৰাতিপুৱাই গৈ বজাৰৰ চ’কৰ পৰা ৰাজমিস্ত্ৰী এজন মাতি আনিব লাগিব।”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *