ময়ো কৈ দিলোঁ নহয় – উজ্জ্বল দিপ্লু গগৈ
প্ৰেমৰ বতাহে চুবলৈ আৰম্ভ কৰাৰ বয়স আছিল সেয়া৷ হোষ্টেলৰ লগৰবোৰৰ উৎসাহত ভাল লাগি থকা ছোৱালী এজনীক দুদিনমান পিচিঅ’ৰপৰা ফোন কৰি কৰি এদিন কৈ পেলালোঁ,
: বোলো তোমাক ভাল লাগে৷
আনটো মূৰৰ পৰা তাই সুধিলে,
: ভাল লাগে মানে?
থতমত খাই ক’লোঁ,
: মানে ভাল পাওঁ?
তাই আকৌ সোধে,
: ভাল লাগে নে ভাল পাওঁ?
মই ক’লোঁ,
: ভালকে পাওঁ, মানে বিয়া পাতি ভৱিষ্যতে সংসাৰ কৰিম বুলি ভাবিছোঁ৷
মেট্ৰিকৰ দেওনা পাৰ হৈ হায়াৰ চেকেণ্ডাৰী পাৰ হোৱা ল’ৰাৰ মুখত ভৱিষ্যতে বিয়া কৰাই সংসাৰ কৰাৰ উদ্দীপনা দেখি ফোনৰ আনটো মূৰৰপৰা তাই মোক ‘য়েচ’ দি দিলে৷ জীৱনত প্ৰথমবাৰৰ বাবে কাৰোবাক প্ৰপ’জ কৰাৰ পাছতে য়েচ পাই মনৰ ভিতৰখন ৰসে চৌ চৌ কৰিবলৈ ধৰিলে৷ পৰা হ’লে পিচিঅ’ৰ ভিতৰতে ওলোটা খৰ এটাকে মাৰিলোঁহেঁতেন৷ ৰিচিভাৰৰ ওচৰত কাণ পাতি শুনি থকা লগৰকেইটাই কিৰিলিকে মাৰি পঠিয়ালে দুটামান৷ বাহিৰত চুৰ্চুৰীয়াকৈ ক’ল্ড ড্ৰিংকচৰ পাৰ্টী এটাকে হৈ গ’ল৷ প্ৰেমৰ বাৰ্তালাপবিলাকে গতি ল’লে বিয়া পতাৰ টাৰ্গেট কৰি৷ যাউতিযুগীয়া সেই প্ৰেমৰ তুলবুল নৌকাৰ ৰোমাণ্টিক গতিত ঘৰৰপৰা পঠিওৱা পইচাৰকেইটাৰ শৰাধ হৈছিল হোষ্টেলৰ ওচৰৰ পিচিঅ’টোত৷ কি কৰিছা বুলি সুধি তোমাৰ কথাকে ভাবি আছোঁ বুলি শুনি পোৱালৈকে পিচিঅ’ৰ বিলৰ মিটাৰত টুটকৈ শব্দ এটা হৈছিল৷ প্ৰেমৰ পাৰস্পৰিক আকৰ্ষণে আমাৰ দুয়োকে দুৰ্বাৰ বন্ধনীৰে বান্ধি পেলাইছিল৷ আমি আগুৱাইছিলোঁ, দূৰণিবটীয়া যোৰহাট-তিনিচুকীয়াৰ টেলিফোনৰ তাঁৰে কঢ়িয়াই নিয়া শব্দবোৰে মায়াজাল গুঠিছিল৷ কোনোবা এদিন কোনো এক দুৰ্বল মূহুৰ্তত ফোনৰ আনটো মূৰৰপৰা সুধিছিল,
: এদিন আমাৰো ল’ৰা-ছোৱালী হ’বগৈ ন!
উত্তৰ দিবলৈ গৈ ময়ো ভাবিছিলোঁ,
: হয় কথাটো, দুদিন দেৰি হ’ব পাৰে কিন্তু এদিনাখনটো সংসাৰৰ মায়াত সোমামেই দুয়োটা৷
সময় বাগৰিল৷ লাহে লাহে তাইৰপৰা তাগিদা আহিবলৈ ধৰিলে,
: আমি দুইটাই ইমান দূৰৈত থাকোঁ, তুমি যদি তাত বেলেগকো ভাল পোৱা মই কেনেকৈ জানিম!
সঁচা ভালপোৱাৰ প্ৰমাণ দিবলৈ গৈ মই পাৰেমানে লগৰবোৰৰ লগত চিনাকি কৰাই দিলোঁ৷ লাহে লাহে তাই মোৰ পৰিয়ালৰো সমবয়সীয়াবিলাকৰ নম্বৰবিলাক সংগ্ৰহ কৰি ফোন কৰি সকলোৰে খবৰ লৈ থকা হ’ল৷ খুব কমদিনৰ ভিতৰতে তাগিদা আৰম্ভ হ’ল মোৰ ঘৰত আমাৰ কথাটো কোৱাৰ৷ মই ক’ম বুলি কওঁ কিন্তু পিঠিখন ফটাৰ ভয়ত প্ৰতিশ্ৰুতিবোৰ প্ৰতিশ্ৰুতিৰ ঠাইতে থাকিল৷ তেনেতে এদিন পুৰণি লগৰ এটাক ফোন কৰিছিলোঁ৷ কথাৰ মাজতে ক’লে অমুকীক চাবি কিন্তু দেই, আজিকালি কোনোবা ল’ৰা এটাৰ লগত বৰ হলিগলি কৰা হৈছে৷ মনটো বেয়া লাগি আহিল৷ মোৰ ভালপোৱাৰ বিশ্বাস মানে অকল ফোনত কথা পতা সময়কণেই!! কথাবোৰ স্বাভাৱিক নাছিল মোৰ কাৰণে৷ তায়ো কথা পতাৰ ক্ষেত্ৰত বাহানা মাৰিবলৈ আৰম্ভ কৰিছিল৷ শেষত সিদ্ধান্ত ল’লোঁ যে কেইদিনমানৰ পাছত মোক হোষ্টেলত লগ কৰিবলৈ মা আহিলে কথাখিনি ভাঙি-পিটি ক’ম, লাগিলে গালি খালেও খাম৷
কথাষাৰ তাইক চাৰপ্ৰাইজ কৰি ক’ম বুলি আগতীয়াকৈ নক’লোঁ৷ অৱশ্যে তিনিদিনমানৰ আগৰপৰা তাই ফোনটো ধৰা নাছিল বাৰু৷ ঘৰৰ নম্বৰটোত ফোন কৰিলেও কোনোবা পোৱালি এটাই ফোনটো ৰিচিভ কৰি ‘বা ফুৰিবলৈ গৈছে বুলি কৈ কাটি দিয়ে৷’ যি কি নহওক, সাহস শব্দটোৰ ‘সা’ৰ পৰা ‘স’লৈকে সকলোবোৰ বুকুত বান্ধি দমটো গোট খোৱালোঁ৷ মা যোৰহাটলৈ আহিল৷ ঘৰৰপৰা অনা পিঠা-লাড়ুকেইটা মোক দিলেহি৷ ৰূমটো লেতেৰা কৰি থোৱা কাৰণে ভালকে এজাউৰি দিলে৷ লাহেকৈ মই কথাবোৰ উলিয়ালোঁ৷
: আমাৰ লগৰ অমুকৰ গাৰ্লফ্ৰেণ্ড এজনী হ’ল৷
: তমুকে গাৰ্লফ্ৰেণ্ড থকাৰ পাছতো পঢ়াত বহুত ভাল ৰিজাল্ট কৰিছে৷
: বাকী অমুকৰ বোলে ঘৰত বাপেক-মাকেও গম পায়৷
মোৰ কথাবোৰত সন্দেহৰ অৱকাশ পাই মায়ে সুধিলে,
: তয়ো কাৰোবাক কিবা কৈছ’ নেকি! মোৰ মগজুৱে চিগনেল দিলে,
: বেটা এয়াই চাঞ্চ, কৈ দে কৈ দে৷
ফৎকৈ মুখৰপৰা ওলাই গ’ল মোৰ
: ময়ো কৈ দিলোঁ নহয়…৷
মায়ে সুধিলে,
: কাক ক’লি, কি ক’লি?মই বোলো,
: অমুকৰ জীয়েকক ভাল পাওঁ বুলি৷
কাণতলীয়া আৰু পূৰ্ণহতীয়া সংযোজিত চৰ এপাট আহি মোৰ গালত পৰিলহি৷ কৰ্ফাল খাই দুফুটমান চিটিকি পৰিলোঁ৷ চকু পানী ওলাই আহিল বিষৰ কোবত৷ মাক ক’লোঁ,
: ভালহে পাইছোঁ, পাপ কৰা নাই নহয়৷
চাদৰৰ আঁচলখন মেৰিয়াই তেখেত গৰগৰাই উঠিল,
: পঢ়িছ হায়াৰ চেকেণ্ডাৰীত, পিৰিতিত একেবাৰে বিজুলী হৈ উঠিছ? হেৰৌ মূৰ্খ অমুকৰ জীয়েক আজি তিনিদিনৰ আগত পলাল এটাৰ লগত বুলি নাজান’ নেকি?
আৰু এপাট পূৰ্ণহতীয়া উৰি আহিছিল, মূৰটো তললৈ কৰি দি বাচিলোঁ৷ মূৰটো গৰম উঠি আহিছিল,
“তাই মৰতীয়ে পলাই যাম বুলি আগতে কোৱা হ’লে চৰটো নাখালোঁহেঁতেন নহয়!!”
☆ ★ ☆ ★ ☆
7:57 pm
সাংঘাতিক দুখজনক পৰিসমাপ্তি ?
8:43 pm
বৰ দুখ লাগিল ,,,চৰ টো এনেই খালে
10:49 pm
মালয়া(?) বাইদেউৰ জীয়েকজনী নেকি বাৰু ???
12:34 pm
Very nicely written. love the story telling style.
12:35 pm
Very nicely written. love the story telling style. ji hol hol,moloya baideor jiyek polai gol. Amar ujjwal baasi gol.
10:01 pm
সকলোলৈকে ধন্যবাদ৷
10:39 am
Bor val lagil..?sor tu je khale besera a he2 he dukh palu?