ফটাঢোল

সম্পাদকীয়- দিম্পল কলিতা

সম্পাদকৰ দৰে গধুৰ দায়িত্ব মোৰ বাবে জীৱনত এয়া প্ৰথম। গতিকে ভয় আৰু শংকাৰ মাজতে মাহটো আৰম্ভ হৈছিল। আজি ইমান মাহে চকুৰ সন্মুখতে এজনৰ পিছত এজন সাংঘাতিক প্ৰতিভাশালী ব্যক্তিৰ সম্পাদনা দেখি আহিছোঁ।  তেওঁলোকৰ মনৰ কথাবোৰ পঢ়িছিলোঁ৷ বহু কথা শিকিছিলোঁ, বহু কথাই মনত বাহ সাজিছিল, কিন্তু মই নিজে তেনে এটি গধুৰ দায়িত্ব ল’ব পাৰিম বুলি আত্মবিশ্বাস গঢ়ি উঠা নাছিল। সেয়ে মোৰ দৰে এজন সাধাৰণ পঢ়ুৱৈৰ বাবে বৰ সহজ নাছিল এই যাত্ৰাটো৷

শব্দৰ ভঁৰাল মোৰ তেনেই খৰাং৷ গতিকে শব্দৰ মালাৰে আপোনালোকক বান্ধি ৰাখিবৰ অপচেষ্টা মই নকৰোঁ। সম্পাদকীয় হয় নে নহয় নেজানো- মাথোঁ এই মুহূৰ্তত মনত বুৰবুৰণি তোলা সৰু সৰু কথাকেইটামান লিখি পেলাব খুজিছোঁ, আশাকৰোঁ পাঠকে তাকে সম্পাদকীয় বুলি আদৰি ল’ব।

কথাবোৰ ভাবি থাকোঁতেই, ওপৰত উল্লেখ কৰা এই "সাধাৰণ পঢ়ুৱৈ" শব্দটোৱে আকৌ এবাৰ মনত দোলা দি উঠিল....এইযে আমি কাৰোবাক সাধাৰণ বা কাৰোবাক অসাধাৰণ বুলি কওঁ, তাৰ মাপকাঁঠি কি? কি কি কৰিলে বা নকৰিলে মানুহ সাধাৰণ লোক হৈয়েই থাকি যায়? আচলতে আমি বাৰু সাধাৰণ হোৱাৰ চেষ্টা কৰিব লাগে নে অসাধাৰণ?

এই বিষয়টোত মোৰ নিজস্ব ধাৰণাটো এনেধৰণৰ, পৃথিৱীৰ প্ৰতিজন মানুহৰ নিজস্ব এক প্ৰতিভা আছে, তেওঁ যিমানেই তথাকথিত সাধাৰণ নহওক কিয়? আমি আনৰ প্ৰতিভাৰ প্ৰতি অতি সচেতন, কিন্তু নিজস্ব যি আছে সেইখিনি চাবলৈ কেতিয়াও যত্নই নকৰোঁ। উদাহৰণ স্বৰূপে ফেচবুকৰ কথাকে কওঁ৷ মই এনে বহু মানুহক লগ পাইছোঁ তেওঁলোকে ফেচবুকত ধুনীয়া গল্প, কবিতা লিখা, নাইবা ভাল আৰ্টিষ্ট এজনৰ লগত কথা পাতিবলৈ ভয় কৰে। তেওঁ নিজে অনুভৱ কৰে তেওঁলোকৰ তুলনাত তেওঁ একো নাজানে, তেওঁৰ প্ৰতিভা আৰু অভিজ্ঞতা সীমাবদ্ধ, আৰু সেই ভাৱখিনিয়ে তেওঁৰ মনত এক ধৰণৰ হীণমন্যতাৰ সৃষ্টি কৰে। আচলতে কথাবোৰ কিন্তু তেনে নহয়। প্ৰত্যেক মানুহৰে নিজস্ব  Zone এটা থাকে, আৰু সেই ক্ষেত্ৰখনতহে সহজে দক্ষতা আৰ্জন কৰিব পাৰে। আৰু সমাজ জীৱনত প্ৰতিটো ক্ষেত্ৰৰে গুৰুত্ব আছে। এজন ভাল পঢ়ুৱৈ, এজন ভাল শ্ৰোতাৰ সিমানেই গুৰুত্ব আছে, যিমান ভাল লেখক এজন বা গায়ক এজনৰ৷ ভাল লেখা মেলা কৰা ব্যক্তিজনে ভাল খেলিব নোৱাৰিব পাৰে। কিন্তু আপোনাক কিজানি গাঁৱৰ পথাৰখনত অকণমানিবোৰে লিয়নেল মেচিৰ লগত তুলনা কৰে! দেশ এখনত  প্ৰধানমন্ত্ৰী এজনৰ যিমান প্ৰয়োজন, ৰিক্সা চালক, চাফাই কৰ্মী এজনৰো সিমানেই প্ৰয়োজন। গতিকে আমি তেনেধৰণৰ হীনমন্যতাৰ পৰা নিজকে আঁতাৰই অনাৰ চেষ্টা কৰাৰ লগতে নিজ কৰ্মৰাজিত নিজকে দক্ষ আৰু আত্মবিশ্বাসী ৰূপে সজাই তোলাৰ চেষ্টা প্ৰতিদিনে কৰা উচিত৷

এটা সাধু শুনিছিলোঁ এদিন, আজি আপোনালোকৰ লগত ভাগ কৰোঁ সাধুটো। এবাৰ এজন বিখ্যাত উদ্যোগপতি অতি পিছপৰা গাঁও এখনলৈ যাব লগা হৈছিল, উদ্দেশ্য তেওঁৰ সেই গাঁওখনত তেওঁ কোম্পানিটোৰ বাবে এটা ফেক্টৰী স্থাপন কৰা। তেওঁ গৈ গৈ এনেকুৱা এডোখৰ ঠাইত ওলাল য'ত সন্মুখত এখন নদী;  আৰু নদীৰ সিটো পাৰেই তেওঁ বিচাৰি অহা গাঁওখন। তেওঁ গাড়ীৰ পৰা নামি আহি খবৰ ল’লে। যদিহে তেওঁ ৰাস্তাৰে যাব লাগে সেই গাঁওখনত উপস্থিত হ’বলৈ সময় ল’ব প্ৰায় ৪-৫ ঘণ্টা। আৰু যদি সোনকালে গাঁও পাবলৈ বিচাৰে নাৱেৰে নদী পাৰ হ’লেই মাত্ৰ ২০ মিনিটত গাঁওখনত উপস্থিত হ’ব পাৰিব। সদাব্যস্ত উদ্যোগপতিজনে নিজৰ সময় বচাবলৈ গাড়ীখন ইটো পাৰত থৈ নাৱেৰে গাঁওখনলৈ যোৱাৰ সিদ্ধান্ত ল’লে৷

নাওখনৰ এটা মূৰত নাৱৰীয়াজন আৰু আনটো মূৰত উদ্যোগপতিজন বহিল। পানীৰ বুকুত বঠাৰ শব্দ তুলি নাওখন গাঁৱৰ দিশে আগবাঢ়িল৷ দুই এটা কথাৰ পিছতে উদ্যোগপতিজনে নাৱৰীয়াজনক সুধিলে,

: তুমি জানানে আজি তুমি নাৱত কাক তুলিছা?

নাৱৰীয়াজনে একমুখে কৈ উঠিল,

: নাই ছাৰ, চিনি পোৱা নাই আপোনাক৷ কোন আপুনি?

উদ্যোগপতি : আৰে তুমি মোক চিনি পোৱা নাই, তুমি বাতৰি কাকত নপঢ়া নেকি? প্ৰত্যেক দুইদিনৰ পিছত মোৰ ফটো প্ৰকাশ পায় কাকতত।

নাৱৰীয়াই কৈ উঠিল,

: ছাৰ মই লিখা পঢ়া একো নাজানো, বহুত সৰু থাকোঁতেই পিতাই ঢুকাই থাকিল। আৰু তাৰ পিছত পিতাইৰ নাওখনৰ দায়িত্ব মই ল’লোঁ। আৰু আজিলৈ তেনেদৰেই ঘৰখন চলাই আছোঁ।

এটি ঠাট্টাসূচক হাঁহিৰে উদ্যোগপতিজনে নাৱৰীয়াক ক’লে

: তুমি সঁচাকৈয়ে পঢ়িব লিখিব নাজানা? আচৰিত! কেনেকৈ পাৰিছা এইদৰে থাকিব?

কথাখিনিয়ে নাৱৰীয়াজনৰ মনত আঘাত দিলে যদিও মুখেৰে একো এষাৰ নক’লে।

কিছুসময় পিছত আকৌ উদ্যোগপতিজনে আঙুলিৰে গাঁওখনৰ দিশে দেখুৱাই ক’বলৈ ল’লে

: সৌ যে গাঁওখন দেখিছা তাত মোৰ বহুত ডাঙৰ ফেক্টৰী এটা বহিব। তাত মোৰ ব্ৰেণ্ডৰ পানীৰ বটল তৈয়াৰ কৰা হ’ব৷

নাৱৰীয়াজনে কথাটো বুজি নাপাই সুধি দিলে,

: কি ছাৰ? কি বনাব ইয়াত?

 উদ্যোগপতিজনে অবজ্ঞাৰে উত্তৰ দিলে

: পানীৰ বটল..... মিনাৰেল ৱাটাৰ তৈয়াৰ হ’ব ইয়াত, ডাঙৰ ডাঙৰ চহৰত বিক্ৰী হ’ব। তুমি চহৰ যাওঁতে দেখা পাইছা চাগে? পানী বটলত বিক্ৰী কৰে যে, দোকানবোৰত থাকে.... তেনেকুৱা পানীৰ বটল৷

: ছাৰ মই কেনেকৈ জানিম৷ মই কেতিয়াও চহৰলৈ গৈ পোৱা নাই৷

 এইবাৰ উদ্যোগপতিজনে জোৰকৈ হাঁহি দিলে,

: তুমি সঁচাকৈ চহৰ দেখাই নাই? এই গাঁৱৰ বাহিৰলৈ গৈ পোৱা নাই? এনেকুৱা জীৱন জীয়াই থাকি কি লাভ?

কথাখিনিয়ে নাৱৰীয়াজনক চিন্তাত পেলালে; সঁচাকৈয়ে তেওঁৰ জীৱনটো একো কামৰে নহয় নেকি? না লিখা পঢ়া জানে! না চহৰ দেখিছে! এই গাঁওখনৰ বাহিৰতো এখন পৃথিৱী আছে বুলি তেওঁ নেজানেই। জীৱনটো মাথোঁ তেওঁ নাও বালে... আন একো কৰাই নহ’ল।

এই খেলিমেলি চিন্তাবোৰ মূৰত চলি থাকোঁতেই নাৱৰীয়াজনে নাওখনৰ নিয়ন্ত্ৰণ হেৰুৱাই এটা প্ৰকাণ্ড শিলত খুন্দা মাৰিলে। ফলস্বৰূপে নাওখনত পানী সোমাল আৰু নাওখন লাহে লাহে ডুবিবলৈ ল’লে। আৰু কিছু সময়ৰ পিছত বুজা গ’ল যে পানীত নামি সাঁতুৰি পাৰলৈ যোৱাৰ বাহিৰে অন্য উপায় নাই।

নাৱৰীয়াজনে পানীত জাঁপ দিবলৈ সাজু হৈ উদ্যোগপতিজনক ক’লে,

: ছাৰ নাওখন ডুবিব। আপুনিও পানীত নামি দিয়ক৷ সাঁতুৰি পাৰ হোৱাৰ বাহিৰে আন উপায় নাই।

উদ্যোগপতিয়ে চিৎকাৰ কৰি উঠিল,

: এয়া কি কৈছা তুমি? মই সাঁতুৰিব নাজানো৷

: আপুনি ছাৰ সঁচাকৈ সাঁতুৰিব নাজানে? এই অকণমান কামটোও নিজে কৰি ল’ব নোৱাৰে? নিজৰ জীৱন ৰক্ষা কৰিবৰ বাবেও?

নাৱৰীয়াজনে কোনোমতে 'এনে জীৱন জীয়াই কি লাভ?’ কথাশাৰী নোকোৱাকৈ থাকিল।

উদ্যোগপতিজনে ভয়তে হাত জুৰিলে-

: তোমাক মই যি লাগে তাকে দিম! তুমি মাত্ৰ মোৰ জীৱনটো ৰক্ষা কৰা।

নাৱৰীয়াজনে সৰলতাৰে তেওঁক ক’লে,

: ছাৰ আপুনি চিন্তা নকৰিব৷ মই অকল সাঁতুৰিব জনাই নহয়, পানীত পৰা মানুহক উদ্ধাৰ কৰিবও জানো। আপুনি মাত্ৰ মোক জোৰকৈ খামুচি ধৰক! 

উদ্যোগপতিজনৰ প্ৰাণ ৰক্ষা পৰিল সেইদিনা

এই কাহিনীটোৱে মোক বহু কথাই শিকালে। জীৱনত আমি কাৰো প্ৰফেচন, কৰ্মক লৈ হাঁহিব নালাগে, আমি নাজানো আমাৰ জীৱনটোত কেতিয়া কাৰ প্ৰয়োজন আহি পৰে। কিন্তু মোৰ বাবে তাতকৈয়ো ডাঙৰ শিক্ষাটো হ’ল- নিজে কৰি থকা কৰ্মটো লৈয়ো আমি আত্মবিশ্বাসী হ’ব লাগে। হয় নাৱৰীয়াজনৰ কোনো বিশেষ প্ৰতিভা বা অভিজ্ঞতা নাই, স্কুল কলেজ গৈ পোৱা নাই। কিন্তু জীৱনে তেওঁক সৎ পথেৰে নিজে চলি থাকিব পৰাৰ লগতে আৰ্তজনক সহায় কৰিব পৰা শিক্ষাখিনিও দিছে। তেওঁক আমি যিডাল স্কেলেৰে জুখি অশিক্ষিত বুলি ‘মাৰ্কা’ মাৰি দিছোঁ- উপলুঙা কৰিছোঁ, সেইডাল স্কেলেই বাস্তৱ পৃথিৱীৰ একমাত্ৰ স্কেল জানো?

সৌ সেইদিনা অলিম্পিক পদক বিজয়ী মণিপুৰৰ মীৰাবাঈ চানুৱে আমাক সেই কথাটোকে আকৌ সোঁৱৰালে। মীৰাবাঈ চানু বিজয়ী হৈ যেতিয়া ঘৰৰ পদূলিত ভৰি দিছিল, অজস্ৰ গুণমুগ্ধই আৱৰি ৰাখিছিল, চৰকাৰী পুৰস্কাৰৰ থ’বলৈ ঠাই নোহোৱা হৈছিল। সকলোৱে মীৰাবাঈক বিচাৰি গৈছিল, কিন্তু মীৰাবায়ে নিজে বিচাৰি ফুৰিছিল কেইজনমান ট্ৰাক চালকক। মীৰাবাঈৰ এই সফলতাৰ পিছত এই ট্ৰাক চালকসকলে অজানিতে এক গুৰুত্বপূৰ্ণ অৱদান যোগাইছিল।  এটা সময়ত মীৰাবাঈ অনুশীলন কৰিবলৈ মণিপুৰৰ তেওঁৰ গাঁওখনৰ পৰা ২৫ কি:মি: দূৰৰৰ 'খুমান লামপাক' ক্ৰীড়া প্ৰকল্পলৈ সদায়ে যাব লগা হৈছিল, সেই ভিতৰুৱা গাঁওখনৰ পৰা যাতায়তৰ একমাত্ৰ মাধ্যম আছিল এই বালি কঢ়িয়াই নিয়া ট্ৰাকবোৰ।

কিন্তু সেই সময়ত সেই ট্ৰাক চালকসকলে জানিছিল জানো- যে তেওঁলোকে মৰমতে ট্ৰাকত বহুৱাই নিয়া সেই সৰু ছোৱালীজনীয়ে এদিন বিশ্বজয় কৰিব, আৰু তেওঁলোকো সেই সন্মানৰ অংশীদাৰ হ’ব!

জীৱন যুদ্ধত সংগ্ৰাম কৰি জীয়াই থকা কোনোজন লোকেই অশিক্ষিত নহয়, কোনোজনৰে জীৱন বৃথা নহয়। আমি আমাৰ এই সীমাৱদ্ধ দৃষ্টিভংগীৰ পৰা বাহিৰ ওলোৱাৰ সময় সমাগত।

ফটাঢোল এটা সৰু প্ৰচেষ্টা, আৰু ফটাঢোলৰ এই যাত্ৰাত বাধা বিঘিণিও বহুত। আমি নিজেও হয়তো নেজানো, এই যাত্ৰাৰ লক্ষ্য কি? বা উদ্দেশ্য কি? আমাৰ দক্ষতাৰ ওপৰতো আমাৰ কিছু সন্দেহ নোহোৱা নহয়। কিন্তু তেনে হোৱা অনুচিত। এই সময়ত আমাৰ কাম হ’ল সততাৰে এই যাত্ৰাপথত আগুৱাই যোৱা৷

ফলাফল ফলদাতা বিভুৰ হাতত...

ফটাঢোল ই-আলোচনী,
পঞ্চম বৰ্ষ,দ্বিতীয় সংখ্যা

☆ ★ ☆ ★ ☆

51 Comments

  • হেমন্ত কাকতি৷

    বহুত সুন্দৰ সম্পাদকীয় দিম্পল৷ বৰ ভাল লগা অনুপ্ৰেৰণামূলক উদাহৰণ দুটামান দিলা৷ বহুত সুখী হলো পঢ়ি৷ সুন্দৰ সম্পাদকীয়ৰ লগতে ধুনীয়া মেগাজিন খন উপহাৰ পাই মজা লাগিল৷ অভিনন্দন আৰু ধন্যবাদ৷

    Reply
  • জ্যোতিৰূপা

    অন্তৰ চুই যোৱা সম্পাদকীয়৷ নিজক লৈ সুখী হ’ব পৰাটোৱে জীৱনক সঁচা অৰ্থ দিয়ে৷ সবজানতা হোৱাতকৈ নিজক জনাটো দৰকাৰ৷
    তোমালৈ বহুত শুভকামনা দিম্পল৷

    Reply
  • অন্তৰ চুই গ’ল৷ মন ভৰি গ’ল৷ অভিনন্দন দিম্পল৷

    Reply
  • মুনমুন

    ল’ৰাটোৱে নোৱাৰোঁ নোৱাৰোঁ বুলি কৈ ভাল সংখ্যা এটা উপহাৰ দিয়াৰ লগতে ইমান অনুপ্ৰেৰণামূলক সম্পাদকীয় এটাও লিখি দিলে দেই। छुपा रुस्तम

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য।

    বৰ বঢ়িয়া সম্পাদকীয়।

    Reply
  • Utpala Bhuyan

    এনেকুৱা সম্পাদকীয় আগতে পঢ়ি পোৱা নাছিলোঁ।তোমাৰ সৎ চিন্তাৰ প্ৰতিফলিত হৈছে।
    আগুৱাই যোৱা।

    Reply
    • দিম্পল

      ধন্যবাদ বাইদেউ আশীৰ্বাদ কৰিব সদায়

      Reply
  • ৰূপাঞ্জলী

    বৰ সহজভাবে, সুন্দৰ সম্পাদকীয় লিখিলে দিম্পল।

    Reply
    • দিম্পল

      ধন্যবাদ বাইদেউ আশীৰ্বাদ কৰিব

      Reply
  • Anonymous

    বৰ ভাল লাগিল

    Reply
  • ডলী

    বৰ সুন্দৰ সম্পাদকীয়। ইমান সুন্দৰকৈ প্ৰেৰণা দিয়া বাৰ্তা দিলি তাৰবাবে বহুত ধন্যবাদ। আৰু আগুৱাই যা। পাৰিবি তই।

    Reply
    • দিম্পল

      ধন্যবাদ বা। আশীৰ্বাদ কৰিব

      Reply
  • দীপ বৰা

    সুন্দৰ আৰু প্ৰেৰণা মূলক সম্পাদকীয় ।সচাঁকৈয়ে ভাল লাগিল ।

    Reply
  • কাবেৰী মহন্ত

    বৰ ভাল লাগিল সম্পাদকীয় দিম্পল! পজিটিভিটিৰ লগতে নিজক বিচাৰি পোৱাৰ সহজে বুজাই দিলা ।
    অভিনন্দন সুন্দৰ আলোচনী খনৰ বাবে ??

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ধুনীয়া সম্পাদকীয় দিম্পল। ভাল লাগিল

    Reply
  • মুকুট ভট্টাচাৰ্য্য

    ইয়াতকৈ ভাল সম্পাদকীয় আৰু কি হব পাৰে ফটাধোল আলোচনীখনৰ বাবে। মন মস্তিষ্ক জোকাৰি দিলা। ধন্যবাদ ও অভিনন্দন তোমাক।

    Reply
  • Dimpee

    সম্পাদকীয়ই চুই গ’ল। অশেষ অভিনন্দন।

    Reply
  • ৰিণ্টু

    পৰিপক্ক হ’লি দেখোন ভাই। অতি সুন্দৰ সম্পাদকীয়, উপস্থাপনশৈলী অনুপম। খুব ভাল লাগিল

    Reply
    • দিম্পল

      সকলো আপোনালোকৰ আশীৰ্বাদ আৰু বিশ্বাসৰ ফল দাদা

      Reply
  • অসমী গগৈ

    খুউব ভাল লাগিল পঢ়ি ডিম্পল।

    Reply
  • সুন্দৰ, ধুনীয়াকৈ লিখিছ। ভাল লাগিল।

    Reply
  • Rimjhim Borthakur

    খুউব ধুনীয়া সম্পাদকীয়। বিৰাট ভাল লাগিল। ধন্যবাদ তোমাক সুন্দৰ এটি সংখ্যাৰ বাবে।

    Reply
    • দিম্পল

      ধন্যবাদ বা । আপোনালোকৰ মৰম আৰু সহায়ৰ ফল

      Reply
  • মন্দিৰা শৰ্মা

    বৰ ধুনীয়াকৈ লিখিলি সম্পাদকীয়টো। প্ৰেৰণা যোগোৱা ঘটনা কেইটাৰ বিৱৰণ দি আৰু আকৰ্ষণীয় কৰি তুলিলি। বৰ ভাল লাগিল পঢ়ি। অভিনন্দন আৰু শুভকামনা জনালোঁ

    Reply
  • আপোনভাৱেৰে লিখা এটা সম্পাদকীয়।
    বহুত ভাল হৈছে।
    শুভকামনা থাকিল ভাই।

    Reply
  • মানসী

    বহু আকাংক্ষিত সম্পাদকীয় আৰু সংখ্যা। বৰ ভাল লিখিলা দিম্পল। খুব ভাল পালোঁ।অতি প্ৰেৰণাদায়ক সম্পাদকীয়।

    Reply
  • এপ’লো

    হয়, “নিজে কৰি থকা কৰ্মটো লৈয়ো আমি আত্মবিশ্বাসী হ’ব লাগে”৷ এটা ভাল সম্পাদকীয় পঢ়িলোঁ৷ শুভেচ্ছা থাকিল বহুতো৷

    Reply
  • Damayanti Nath

    Bor dhunia koi likhila ?? Best wishes and congratulations ??

    Reply
  • দিম্পল

    ধন্যবাদ দাদা। আপোনালোকৰ হাতত ধৰিয়েই দুই এটা কিবা লিখিব শিকিছিলো। আজি আপোনালোকৰ ভাল লগাটো মোৰ বাবে আটাইতকৈ ভাল লগা ।

    Reply
    • Anonymous

      অ সৰু ল’ৰাজন,খুউব সহজকৈয়ে ডাঙি দেখুৱালি সম্পাদকীয় ওজন।লাগি থাক নেৰিবি,প্ৰয়োজনত হৈ চৈৰ দি থাকিম পিচফালে চিঞৰ।জয়তু ফটাঢোল।

      Reply
  • Sankar Jyoti Bora

    অনুপ্ৰেৰণামুলক সম্পাদকীয়৷বৰ সুন্দৰকৈ লিখিলা ভাতৃ৷আলোচনীৰ এটা সুন্দৰ সংখ্যাৰ বাবে তোমালৈ ধন্যবাদ আৰু বহুত বহুত অভিনন্দন৷

    Reply
    • দিম্পল

      বহুত বহুত ধন্যবাদ দাদা আশীৰ্বাদ কৰিব

      Reply
  • ৰাজু কুমাৰ নাথ

    সম্পাদকীয়টো বৰ ভাল লাগিল।তোমাৰ এই সৎ চিন্তা কৰিবপৰা মনটো এইদৰেই সদায় সুন্দৰ হৈ থাকক।

    Reply
    • দিম্পল

      বহুত বহুত ধন্যবাদ দাদা আশীৰ্বাদ কৰিব সদায়

      Reply
  • বন্দিতা জৈন

    বৰ ভাল লাগিল পঢ়ি সম্পাদকীয়টো।

    Reply
  • Anonymous

    দিম্পল, বহুত ভাল লাগিল পঢ়ি

    Reply
  • Papari Barman

    বৰ সুন্দৰ সম্পাদকীয়৷ পঢ়ি সঁচাকৈ বৰ ভাল পালোঁ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল কথা লিখিছা৷

    Reply
  • Diganta

    very inspiring Dimpal, Great.

    Reply
  • মীনাক্ষী কাকতী

    সম্পাদকীয়ও যে ইমান মনোগ্ৰাহীকৈ লিখিব পাৰি -বৰ ভাল লাগিল। একে উশাহতে পঢ়িলো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *