ফটাঢোল

মৰহা ফুলৰ সুবাস-শ্ৰুতিমালা মিশ্ৰ

সাৰদা দেৱী আমাৰ স্থানীয় ফুলবাৰী বিদ্যা নিকেতনৰ ৰেক্টৰ। পঞ্চাশোৰ্ধৰ মহিলাগৰাকীয়ে শুদ্ধ বগা চাদৰ-মেখেলা পিন্ধি কপালৰ সোঁমাজতে এটি সৰু কʼলা বিন্দি পৰিধান কৰে৷ ৭০০ সৰু-ডাঙৰ ছাত্ৰ-ছাত্ৰীৰে গিজগিজাই থকা বিদ্যালয়খনৰ এক কথাত কʼবলৈ গ’লে তেঁৱেই মুখ্য চালিকাশক্তি৷ অনবৰতে মুখত বিৰাজমান কঠোৰতাৰে লʼৰা-ছোৱালীহঁতৰ মুহূৰ্ততে কলিজা কঁপাই দিব পৰা ক্ষমতাৰ অধিকাৰিনী৷ কঠোৰ অনুশাসনৰ মাজেৰে এখন জাকতজিলিকা বিদ্যালয় স্থাপন কৰাত তেওঁৰ ভূমিকা সকলোতকৈ গুৰুত্বপূৰ্ণ৷

অংকুমণি অষ্টম শ্ৰেণীৰ পিটকলি লʼৰা৷ প্ৰাক-কৈশোৰকালৰ দুৱাৰদলিত উপস্থাপিত হৈছেহে মাথোন, ওঁঠৰ ওপৰত সৰু সৰু গোঁজ মেলা কঠিয়াৰ দৰে দুই-এডাল গোঁফেও ঠুঁটিয়াবলৈ ধৰিছে। প্ৰদ্যুম্ন শৰ্মা ছাৰৰ ওচৰত টিউশ্যনলৈ যোৱা অংকুমণি, ৰূপম, বিবেক, পাৰ্থহঁতৰ গোটেই গ্ৰুপটোৰ মাজত ন-যৌৱনৰ কাহিলীপুৱাৰ সময়ত হোৱা কৰোবাৰ প্ৰতি কলিজাত ঢিপলিংকৈ যোৱা পূৰ্বৰাগৰ জোঁৱাৰ৷ সেই জোঁৱাৰে দেখাক দেখি গা উঠি মাজে-মধ্যে অংকুমণিৰো কলিজাত খুন্দিয়াবলৈ ধৰিলে৷ খুন্দিওৱাৰ মুখ্য কাৰণ সিহঁতৰ পিছৰ বেটছৰ গোলকৈ সুগঢ়ী মুখৰ, দুয়োফালে দুডাল দীঘলকৈ বেণী গুঁঠি ৰঙা ফিটা মাৰি অহা চয়নিকা৷ চয়নিকাক দেখিলেই অংকুমণিৰ হৃদয় সমুদ্ৰত তীব্ৰ জোঁৱাৰভাটাই অগাডেৱা কৰিবলৈ ধৰে৷

ইফালে মনৰ কথা খুলি ক’ব নোৱাৰি তাৰ চকুৰ টোপনি, মুখৰ মাত হৰিল। চকু মুদিলেও কল্পনাত চয়নিকা, চকু মেলিলেও ভাৱনাত চয়নিকা৷ মুঠতে প্ৰেমৰ গভীৰ সাগৰখনত এবাৰ ডুব নমৰা জীৱই মৰম-চেনেহ নুবুজাকৈ থাকি যোৱাৰ টেনশ্যনতে অংকুমণিয়ে যিদৰে হʼলেও চয়নিকাক মনৰ কথা কʼবলৈ বদ্ধপৰিকৰ হ’ল৷ কিন্তু দুদিনমান সিহঁতৰ টিউশ্যনৰ গ্ৰুপটোৰ পিলিঙাকেইটাৰ লগত বৰআঁহতৰ তলত ৰুদ্ধদাৰ বৈঠক পাতিও একো উপায় বিচাৰি নাপালে৷ তথাপি উক্ত আলোচনালানিৰ পৰা এটা তথ্য উদ্ধাৰ হ’ল যে পাৰ্থৰ লগত লিং-লাং আৰম্ভ হোৱা ছোৱালীজনীৰ পেহীয়েকৰ ছোৱালী হ’ল চয়নিকা। গতিকে এই ক্ষেত্ৰত পাৰ্থক ঘটকৰ ভূমিকাত অৱতীৰ্ণ কৰাই অংকুমণিয়ে নিজৰ মনৰ কথা চয়নিকাৰ আগত প্ৰকাশ কৰিবলৈ থিৰাং কৰিলে।

কথামতেই কাম। পাৰ্থৰ গাৰ্লফ্ৰেণ্ডৰ জৰিয়তে অংকুমণিৰ মনৰ কথা চয়নিকালৈ ৰেফাৰ কৰা হ’ল। লগতে এইটোও কোৱা হ’ল তাইৰ মনত কি আছে সেয়া স্কুলত নকৈ পিছদিনা টিউশ্যনলৈ আহোঁতে বৰআঁহতৰ তলৰ আড্ডাস্থলীলৈ আহিয়েই জনালে হ’ল৷ তায়ো ভাবি-চিন্তি জনাম বুলি কʼলে৷ পিছৰ সপ্তাহত তাই নিজৰ সিদ্ধান্ত শুনাম বুলি অংকুমণিলৈ পাৰ্থৰ গাৰ্লফ্ৰেণ্ডৰ জৰিয়তে বাৰ্তা পঠিয়ালে।

পিছৰ সপ্তাহলৈ ৰৈ ৰৈ অংকুমণিৰ দিন নাযায়-নুপুৱাই যেন হ’ল৷ ইফালে ছোৱালীৰ হাঁ হʼলেতো লগৰকেইটাক কুলফী খুৱাব বুলি আগতীয়াকৈ খাটাং কৰি থোৱা আছিল, আৰু না হʼলে এই জনমলৈ তাইক পাহৰিব নোৱাৰিম বুলি ভবাটোও খাটাং হৈ আছিল৷ আহিল সিদ্ধান্ত শুনোৱাৰ দিনটো৷ শৰ্মা ছাৰে টিউশ্যনত কি পঢ়ুৱালে সকলো তাৰ মূৰৰ ওপৰেদি পাৰ হৈ গ’ল; সময়বোৰো যেন সিদিনা লাহে লাহে পাৰ হʼবলৈ ধৰিছে তেনেকুৱা লাগিল৷ এটা সময়ত টিউশ্যন শেষ হ’ল৷ যিমানেই টিউশ্যনৰ গ্ৰুপটোৰ লগত বৰআঁহতৰ তললৈ আগবাঢ়িছে সিমানেই অংকুমণিৰ বুকুত হাজাৰটামান মাদল একেলগে বাজিবলৈ ধৰিলে। পোন্ধৰ মিনিটমান অপেক্ষা কৰাৰ পিছত ৰিণিকি ৰিণিকি সন্মুখত চয়নিকা আৰু পাৰ্থৰ গাৰ্লফ্ৰেণ্ডজনী আহি থকা দেখিলে৷

চয়নিকা আহি কাষ পায়েই ইফালে-সিফালে অলপ সন্দিহান দৃষ্টিৰে চাই কিবা এটা কʼবলৈ মুখ মেলাৰ আগতেই অংকুৱে মুখ খুলিলে,

: কি ভাবিলা কোৱা৷

চয়নিকা : তাকেই কʼবলৈ আহিছোঁ মই৷ তোমাৰ প্ৰপʼজেলটো ৰিজেক্ট কৰা নাই বাৰু মই৷ কিন্তু তুমি মোৰ বাবে এটা বহুত সাহসী কাম কৰিব লাগিব৷ তেতিয়াহে প্ৰপʼজেল গ্ৰহণ কৰিম মই৷

এইষাৰ কৈয়েই অহা বাটেৰে ঘূৰি যোৱা চয়নিকাৰ খোজৰ ছন্দে ছন্দে দুলি থকা বেণী দুডাললৈ চাই এইবাৰ প্ৰেমকুমাৰ অংকুৰ মূৰৰ নট-বল্টু খুলি পৰিবৰ উপক্ৰম হ’ল৷ এনেকুৱা কি সাহসী কাম হ’ব পাৰে যিটো কৰিলে তাই তাৰ প্ৰপʼজেল গ্ৰহণ কৰিব৷ ইমান সময়ে কি বাৰ্তালাপ হ’ল চয়নিকাৰ লগত তাকেই জানিবলৈ উৎকৰ্ণ হৈ ৰোৱা লগৰকেইটাক এই অদ্ভুত চৰ্তটোৰ কথা কৈ নিজৰ চাইকেলখন বৰআঁহতৰ গাত আঁওজাই লৈ অংকুৱে ভাবি ভাবিও পাত্তা নোপোৱা হ’ল। ইফালে সমানে লগৰকেইটায়ো ভাবিবলৈ ধৰিলে চয়নিকাক ইম্প্ৰেছ কৰিবলৈ অংকুৱে এতিয়া কি সাহসী কাম এটা কৰি দেখুৱাব৷ হঠাৎ যতসৱ কুৎবুদ্ধিৰ ভঁৰাল পাৰ্থৰ মনলৈ এটা মেনটোছ আইডিয়া আহিল। অংকুৰ কাণে কাণে সেই আইডিয়াটো কৈ পাৰ্থৰ মুখত এটা মিচিকিয়া হাঁহি বিৰিঙি উঠিল।

পিছদিনা লেজাৰৰ সময়তে ক্লাছৰূমত বহি ঘটনা এভাগি কৰিলে পাৰ্থ আৰু অংকুৱে মিলি৷ পাৰ্থক কুলফি খুওৱাৰ বিনিময়ত চুপাৰী দি কম্পাছ এডালৰ জোঙটো নোহোৱা কৰি ভোটা হোৱা আগটো বেঞ্চত ঘঁহাই ঘঁহাই অংকুৱে তাৰ হাতত গোট গোট আখৰেৰে চয়নিকাৰ নাম লিখিলে।  এফালে এই গৰম কম্পাছেৰে যʼতেই লিখিছে তাতেই পুৰি পুৰি গৈছে৷ দাঁত কামুৰি সহ্য কৰি গৈছে সি৷ আফটাৰঅল দিল কা মামলা হয়৷ একোবাৰ বিষত দাঁতেৰে তলৰ ওঁঠ কামুৰি ধৰিছে, তথাপিও তাইৰ নামটো হাতত লিখিহে এৰিল সি৷ লগালে নহয় এই গোপনীয় মিছনভাগিৰ বৰ্ণনা ক্লাছৰে কোনোবা শনিয়ে গৈ স্কুলৰ ৰেক্টৰ সাৰদা দেৱীক৷ তেওঁ আহি হাতে-লোটে এই অমৰ প্ৰেমকাহিনীৰ নিচানী অংকুক টানি লৈ গৈ ৰেক্টৰৰ ৰূমৰ বাৰাণ্ডাত নি বেতেৰে হাতে-ভৰিয়ে দিলে সাৰৌপ সাৰৌপ গুৰুদক্ষিণা৷ প্ৰতিটো কোবতে “এই জৱানীৰ যৌশ” বুলি তেওঁ মুখেৰে কৈ যায় আৰু চাৰিটামান কোব অংকুৰ পিঠিত ৰিপিট কৰে৷ ইফালে গোটেই অমৰ প্ৰেমকাহিনীয়ে স্কুলত এক তীব্ৰ চেপা উত্তেজনাৰ সৃষ্টি কৰিলে৷ চয়নিকাৰো কাণত পৰিল উক্ত ঘটনাটো, অংকুক দিয়া প্ৰতিটো বেতৰ কোবত তাইৰো প্ৰেমত সাহসী কাম কৰাৰ প্ৰুফ দিয়াৰ মচলা অলপ অলপকৈ বাহিৰ হ’ল৷

সেই ঘটনাৰ পৰাই স্কুলৰ বহুতৰে ফুকলীয়া বয়সৰ প্ৰেমকাহিনী বুকুতে ৰাখিবলৈ আৰম্ভ কৰিলে, ৰেক্টৰৰ কাণত পৰিলে এইহেন সাপ কোবোৱা খাব লাগিব বুলি ভয়তে বহুদিনলৈ কোনেও‌ প্ৰেমৰ অনুভৱ মনলৈ আহিবলৈকে দিয়া নাছিল। ৰেক্টৰৰ কোব খাই, এইহেন ৭০০মান লʼৰা-ছোৱালীৰ সন্মুখত নিজৰ অমৰ প্ৰেমকাহিনী ভাপ হৈ উৰি যোৱাৰ পাকচক্ৰত পৰি কবীৰ সিং হ’বলৈ যোৱা অংকুমণিৰ প্ৰেমৰ দাস্তানো তাতেই অসফলতাৰে অন্ত পৰিল৷ এইখন স্কুলৰ পৰা নোলোৱালৈকে কোনো ছোৱালীৰ কথাই নাভাবোঁ বুলি গোপাল মন্দিৰত চাকি জ্বলাই অংকুমণিয়ে শপত খাই আহিল৷ প্ৰেমৰ ফুলপাহ ভালদৰে ফুলিবলৈকে নাপালে৷

☆★☆★☆

7 Comments

  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বাপৰে! অষ্টম শ্ৰেণীতেই ইমান?

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল। হ’ব বহুত সময় আছে তাৰ। এই স্কুলৰ পৰা ওলাই গ’লে ডেকা হবগৈ হে। তেতিয়া লৈ ধেৰ প্ৰেম কাহিনী হ’ব বেচেৰাৰ।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    ধন্যবাদ আটাইলৈকে 🥰

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বাপ্পাঐ টুৰু লাব গোটেই। মজা লাগিল শ্ৰুতি

    Reply
  • দীক্ষিতা বৰা

    বেচেৰা প্ৰেমকুমাৰ অংকু । সাৰদা দেৱীয়ে মোল নুবুজিলে দেই এই ‘সাহসী প্ৰেম’ৰ ।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    আন্তৰিক ধন্যবাদ জনালোঁ 😊

    Reply
  • কমলা দাস।

    বেচেৰা অংকু!

    Reply

Leave a Reply to ৰঞ্জিত কুমাৰ শৰ্মা৷ Cancel reply

Your email address will not be published.