ফটাঢোল

পইচা কেনেকৈ পানীত পৰে-কৃষ্টি কেন

এবাৰ এখন গাঁৱলৈ এজন ডাঙৰ উদ্যোগপতি আহিল। আহি তাতেই এটা অফিচ পাতিলে কিবা ব্যৱসায় বঢ়োৱাৰ ক্ষেত্ৰত। গাঁৱৰ মানুহবোৰৰ তেখেতৰ ঐশ্বৰ্য বিভুতি দেখি আচৰ্যৰ সীমা নোহোৱা হ’ল।

দুদিন যোৱাত সেই উদ্যোগপতিজনে ঘোষণা কৰিলে যে, যিয়ে তেওঁক এটা বান্দৰ ধৰি আনি দিব পাৰিব তেওঁ সেইজনক ১০০ টকা দিব।গাঁৱৰ মানুহবোৰৰ মাজত কথাটো প্ৰচাৰ হৈ গ’ল। যিহেতু সেইখন গাঁৱত বান্দৰৰ অভাৱ নাছিল, আৰু গাঁৱৰ সকলো মানুহ বান্দৰৰ উৎপাতত অতিষ্ঠ হৈছিল, তেনেস্থলত সকলোৱে ভাৱিলে এটা বান্দৰৰ বিনিময়ত ১০০টকা দিব? মানুহজন ইমান মূৰ্খ! ভালেই হ’ল আমিও সস্তাতে পইচা পাম।সেইবুলি ভাৱি প্ৰায় গোটেই গাঁৱৰ মানুহে বান্দৰ ধৰাত লাগি গ’ল। যিয়ে যিয়ে বান্দৰ নি উদ্যোগপতিজনক দিলে সকলোকে তেখেতে  ১০০ টকাকৈ দিলে। গাঁৱৰ মানুহবোৰৰ মাজত ফূৰ্তিৰ ঢৌ খেলি গ’ল। এটা সময়ত এইটো বিষয় তল পৰিল।

তেতিয়া উদ্যোগপতিজনে ঘোষণা কৰিলে যে, যিয়ে তেওঁক এটা বান্দৰ ধৰি আনি দিব পাৰিব সেইজনক তেখেতে ২০০টকা দিব। লগে লগে গাঁৱৰ মানুহৰ মাজত আকৌ উৎসাহ লাগি গ’ল।এটা বান্দৰৰ বিনিময়ত ২০০ টকা ধেমালি নেকি! গতিকে ৰাইজে আকৌ বান্দৰ ধৰাত লাগি গ’ল। উদ্যোগপতিয়ে বান্দৰ ধৰি অনা প্ৰতিজনকে ২০০ টকাকৈ দিলে। আগতকৈ বেছি সংখ্যক মানুহে বান্দৰ দিলে এইবাৰ। লাহে লাহে এইটোও কমি আহিল। মানুহবোৰেও পাহৰিলে। কিছুসময় পিছত উদ্যোগপতিজনে ঘোষণা কৰিলে যে এইবাৰ যিয়ে তেখেতক বান্দৰ এটা ধৰি আনি দিব তেখেতে সেইজনক ‍একেবাৰে  ৫০০ টকাকৈ দিব।ৰাইজৰ মাজত হৈ চৈ লাগি গ’ল। এটা বান্দৰত ৫০০টকা! বাপৰে বাপ! সকলো ৰাইজ এইবাৰ উঠিপৰি লাগি গ’ল বান্দৰ ধৰিবলৈ। এইফালে কোনো বিশেষ কাম ওলোৱাত উদ্যোগপতিজন চহৰলৈ যাব লগা হ’ল। তেখেতে নিজৰ এচিচটেণ্ট এজনক সকলো দায়িত্ব দি গাঁৱত থৈ গ’লগৈ।আনফালে গাঁৱৰ ৰাইজে বান্দৰ বিচাৰি হাবি বন সকলো ঠাই বিচাৰি পাত কৰিলে কিন্তু এইবাৰ এটাও বান্দৰ কাৰো হাতত নপৰিল। আগৰ বাৰ  ১০০ আৰু  ২০০ টকাত সকলো বান্দৰ দিয়াৰ পিছত ৫০০ টকাত দিবলৈ বান্দৰ নোহোৱা হ’ল।অৱশেষত সকলো ৰাইজে বান্দৰ বিচাৰি ভাগৰি পৰিল। নিৰাশ হৈ উদ্যোগপতিৰ অফিচ ঘৰটোলৈ গৈ এচিচটেণ্টজনক দুখৰ কথা ক’লেগৈ। কিবা বেলেগ উপায় আছেনে বুলি সুধিলে। তেতিয়া এচিচটেণ্টজনে ৰাইজক এটা বুদ্ধি দিলে যে, আগৰ বান্দৰবোৰ তেওঁলোকৰ তাত মজুত অাছে, গাঁৱৰ ৰাইজে ইচ্ছা কৰিলে তেওঁৰ পৰা  ৪০০টকাৰে কিনি নিয়ক আৰু পিছদিনা উদ্যোগপতিজন অহাৰ পিছত তেওঁক বান্দৰ আদায় দি ৫০০ টকা লৈ লওক। এই প্ৰস্তাৱত সকলো ৰাইজ মান্তি হ’ল। সকলোৰে চকুত ৫০০টকা জিলিকি উঠিল। লগে লগে আনন্দ মনে আটাইবোৰ বান্দৰ ৪০০ টকাকৈ গাঁৱৰ ৰাইজে কিনি লৈ গ’ল। পিছদিনাখন ৰাতিপুৱাই হাতে হাতে বান্দৰ লৈ ৰাইজ উদ্যোগপতিৰ  উপস্থিত হ’ল।কিন্তু..কিন্তু..না তাত উদ্যোগপতি আছিল,না এচিচটেণ্ট,না অফিচ।আছিল মাত্ৰ, বান্দৰ আৰু বান্দৰ!(এটা হিন্দী চুটিগল্পৰ ছাঁ লৈ)

☆★☆★☆

3 Comments

Leave a Reply to ৰ‌ুপম Cancel reply

Your email address will not be published.

error: Content is protected !!