ফটাঢোল

ডলী ক্ৰিয়েশ্যনৰ বিংশতম নিবেদন, গোলাপীৰ গুলপীয়া প্ৰেম- ডলী তালুকদাৰ

পৰিচালনা, কাহিনী, চিত্ৰনাট্য, সংলাপ, সংগীত, নৃত্য :  ডলী তালুকদাৰ

প্ৰযোজনা : নীলাক্ষি কাকতি 

কেমেৰা : দেৱজিত শৰ্মা

 লাইট : তবিবৰ ৰহমান

 মুৱা : নিতাশ্ৰী নেওঁগ

 পোষ্টাৰ ডিজাইন : যোগেশ ভট্টাচাৰ্য 

সংগীত : মৃদুল নাথ

অভিনয়ত : আৰাধনা বৰুৱা, ৰাজশ্ৰী শৰ্মা, কমলা দাস, মিনতি মহন্ত, ইলি তালুকদাৰ, ৰূপাঞ্জলী ডেকা, মিৰাণ্ডা কাকতি, ৰঞ্জিত শৰ্মা, হেমন্ত কাকতি, ধূৰ্জ্জটি কাকতি, বিজয় মহন্ত, দিম্পল কলিতা, নয়নমণি হালৈ।

ৰোমাণ্টিক যুটি : আৰাধনা বৰুৱা, ধূৰ্জ্জটি কাকতি

আৰাধনা : গোলাপী

ধূৰ্জ্জটি : হৰেণ 

ইলি তালুকদাৰ : পদুমী( গোলাপীৰ মাক)

ৰাজশ্ৰী : ৰাজোমাই ( গোলাপীৰ ভনীয়েক)

মিনতি মহন্ত : আবু ( গোলাপীৰ আইতা)

ৰঞ্জিত শৰ্মা :  বসন্ত ডেকা (গোলাপীৰ দেউতাক)

কমলা দাস : কমলা বাই( গোলাপীৰ বায়েক)

নয়নমণি হালৈ : নেত্ৰধৰ ( গোলাপীৰ ভায়েক)

দিম্পল কলিতা : দিপু ( গোলাপীৰ মাহীৰ ল’ৰা)

ৰূপাঞ্জলী : মালতী ( বান্ধবী)

শ্ৰুতিমালা :  মীনা(বান্ধবী)

হেমন্ত কাকতি : মণ্ডল

বিজয় মহন্ত : বিজু ( হৰেণৰ বন্ধু)

মুকুট ভট্টাচাৰ্য :  শইকীয়া( হৰেণৰ ভাৰা ঘৰৰ মালিক)

চৈয়দা ফৰিজা আফ্ৰিন : মালিকনী

মিৰাণ্ডা কাকতি : তৃষা (শইকীয়াৰ ভনীয়েক)

চিত্ৰলেখা দেৱী : গোলাপীৰ মাহীয়েক চিত্ৰা

বিশেষ ভূমিকাত : ৰিণ্টুমণি দত্ত

১ম দৃশ্য :

(কাহিনী আৰম্ভ হ’ব নামনি অসমৰ এখন ঠাই নলবাৰী  জিলাত। দুটি ডেকা গাভৰুৰ প্ৰেমৰ মিঠা কাহিনীৰে চিনেমাৰ আৰম্ভ হয়। কাহিনীৰ পটভূমিৰ বাবে দুই এটা নামনি অসমৰ শব্দ ব্যৱহাৰ হ’ব)

পুৱতি নিশাৰ দৃশ্য দেখুওৱা হ’ব। সময় চাৰিমান বাজিব। এন্ধাৰ পোহৰত দেখুওৱা হ’ব এখন ডাঙৰ চোতাল। এমূৰে এটা গোহালি। গৰু, ছাগলীৰে ভৰি থাকিব। আনটো মূৰে এটা ডাঙৰ খেৰৰ ঘৰ। কাষতে লাগি থাকিব ডাঙৰ পাকঘৰ। ডাঙৰ ঘৰটোৰ পিছফালে তামোল, নাৰিকল, আম, ক‌ঁঠাল, কৰ্দ্দৈৰে ভৰা বাৰীখন আৰু এটা ডাঙৰ পুখুৰী বাৰীখনৰ শেষত। কেমেৰা আহি লাহে লাহে বাহিৰৰ পৰা ঘৰৰ ভিতৰলৈ আহিব আৰু এটা কোঠালি দেখুৱাব। এখন টেবুলত এটা লেমৰ পোহৰেৰে কোঠাটো পোহৰ হৈ থাকিব। য’ত এজনী জাপৰী চুলিৰে পোন্ধৰ ষোল্ল বছৰীয়া ছোৱালীয়ে টোপনীয়াই বহি থাকিব। (এই চৰিত্ৰটো কৰিব ৰাজশ্ৰী শৰ্মাই)। কাষৰ কোঠাৰ পৰা হঠাত এগৰাকী বয়সস্থ মহিলাই মাত লগাব।

ডায়লগ :

কেৱল মাতহে শুনা যাব।

ৰাজো এ ৰাজোমাই। বাহিৰত কোনোবাই ফুচফুচাই কথা পাতা যেন পাইছোঁ। চাচোন উঠি।

 (এয়া ৰাজোৰ আইতাকৰ মাত)

ৰাজো: কোনো নাই এ আবু। তোৰ কাণ বাজিছে।

 আবু: ইহ…মোৰ কাণ ইমান দূৰ্বল নহয় দে। সঁচাকে শুনিছোঁ। ব’লচোন দুয়ো চাই আহোঁ।

ৰাজো: শুই থাক আবু। একো নাই দে। মই পঢ়ি আছোঁ। দিগদাৰ নিদিবি।

(ৰাজোৰ কোঠাৰ বাঁহৰ দৰ্জাখন কেৰেককৈ শব্দ হয় আৰু আবু উঠি আহে। আবুই এখন পাতল গৰম কাপোৰ গাত উৰি আহে। (এই চৰিত্ৰটো কৰিব মিনতি মহন্তই) আবুই হাতত এটা চিচাৰ বটলত কেৰাচিন আৰু ফটাকানিৰ সীহাৰে চাকি। ৰাজোক টানি বাহিৰলৈ নিয়ে।

 আবুই কাণখন পাতি শুনে আৰু কয়….

: গোহালিৰ পিছফালে শুনচোন ৰাজো। কোনোবাই কথা পাতা যেন লাগা নাই?

 ৰাজো: হেই বুঢ়ী, মই একো শুনা নাই। তই কেৱল লোকৰ কথাহে শুনা পাৱ? বেছি আনৰ কথা শুঙি ফুৰ যে সেইকাৰণে এই গতি তোৰ। মই যাওঁ ভিতৰলৈ।

এনেতে কোনোবা ছোৱালীয়ে হি হি কৈ হঁহাৰ শব্দ হয়।  ৰাজোৱেও চক খায়। তাই যাবলৈ ওলোৱাত আবুৱে ৰাজোৰ হাতত থাপ মাৰি ধৰে আৰু পিছফালে আঙুলিৰে দেখুৱাই আৰু ইফালে সিফালে চাই কাষত থকা এটা মজলীয়া পাথৰ দেখি তুলি লয় আৰু ৰাজোক গোহালিৰ পিছফালে টানে। ৰাজোৰ মুখখন ভয় খোৱা দেখুৱাব।

ৰাজো: অ’ আবু মনত পৰিছে মোৰ। আচলতে গোহালিৰ গৰু, ছাগলীকেইটাই কথা পাতিছে।

আবু: কি? গৰু ছাগলীয়ে কিয় কথা পাতিবয়ে? মই লেখা পঢ়া নহ’লেও বুৰ্বক নহয়দে নামাই।

ৰাজো: সঁচা। মই বিজ্ঞানৰ কিতাপত পঢ়িছো‍ঁ। ৰাতি মানুহবোৰ শোৱাৰ পিছত গোহালিৰ গৰু, ছাগলীয়ে কথা পাতে। কাৰণ দিনত সিহঁতে সুযোগ নাপায় যে!

আবু: মানুহৰ দৰে কথা নকয়দে সেইবুলি? তোক আনিবই নালাগিছিল। গোলাপীকে মাতো‍ঁ ৰহ।

ৰাজো: হাৰে, মানুহৰ লগত থাকি মানুহৰ ভাষাটো আয়ত্ব কৰি লয়। আমি নলবাৰীৰ যে নলবেইৰা কয়। যদি শিৱসাগৰত থাকিল হয় তেন্তে লিখিত ক’লে হয়। মডাৰ্ণ যুগৰ কথা তই নুবুজ? 

আবু : নাজ্নো দে মাই!

আজিকালি মড্ডান যুগৰ কথা। কিন্তু আপীচলিৰ মাত শুনা পাইছোঁ যেন লাগিছে?

ৰাজো :  উফ…এই আবুজনী মানে অঁকৰা মৈত উঠিলে নামিব নোখোজে? হাৰে গৰুৰ পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ আছে নহয়।

আবু : কি লিঙ্গ? মই শিৱ লিঙ্গহে জানো দে।

ৰাজো: মানে মতা মাইকী। কিজানি আমাৰ নতুনকৈ পোৱালী দিয়া গাইজনীয়ে হাঁহিছে। তাইৰ মাতটো ছোৱালীৰ দৰে হ’ব ন? ঠিক আছে আবু তই যা ভিতৰলৈ। মই চাওঁ দে। অলপ পোহৰ হৈছে। ভয় নকৰোঁ দে মই। তোৰ অসুখ হ’ব বতাহ খালে। যা।

আবু ভিতৰ সোমায়..ৰাজো লাহে লাহে গোহালীৰ পিছফালে যায়।

ৰাজোৱে চাকিটো আগবঢ়াই দিয়ে। চাকিৰ পোহৰত এহাল ডেকা গাভৰুক দেখা যাব। এজনী ধুনীয়া গাভৰুৱে গোহালিৰ বেৰখনত আউজী লাজ লাজকৈ হাঁহি তলমূৰকৈ থিয় হৈ থাকিব। আৰু সমুখত   ডেকা এজন থিয় হৈ চাই থাকে তাইলৈ একে থৰে।

ছোৱালীজনীয়ে ক’ব….

: যাওঁ নেকি ঘৰলৈ? তুমিও যোৱা হৰেণ কা। ৰাতি পুৱালে। কোনোবাই দেখিলে বিপদ হ’ব।

(এই চৰিত্ৰটো কৰিব আৰাধনা বৰুৱাই)

লগে লগে লাইট পৰিব ল’ৰাজনৰ মুখত। আৰু ডায়লগ দিব (এই ৰ’লটো কৰিব ধূৰ্জ্জটি কাকতিয়ে)

হৰেণ: তোমাক যে কিমান দিনৰ মূৰত দেখিলোঁ! মই দিয়া কাপোৰযোৰত ইমান ভাল  লাগিছে। চায়েই আছোঁ। যাবলৈ মন যোৱা নাই অ’ তোমাক এৰি গোলাপী।

গোলাপী: সোনকালে যোৱা। পিতা উঠিবয়ে অলপ পিছত, পুৱা উঠিয়ে পিতায়ে গোহালিলৈ আহে। গৰু, ছাগলীকেইটা ঠিকে আছেনে চায়। তাতে পথাৰতে যাব নহয় আৰু গাঁৱৰ বাকী মানুহো উঠিছেই এজন দুজন। কোনোবাই দেখিলে বদনাম হ’ব?

হৰেণ: কি ক’ব? হৰেণে গোলপীক ভাল পায় তাকে ক’ব। আৰুনো কি ক’ব কলিজা?

ৰাজো হঠাত থিয় দিব আৰু কাহ মাৰি দিব দুটা। সিহঁত দুয়ো চক খাই উঠে।

ৰাজো: কোনেও একো নক’লেও পিতাই হাইলাৰ লৰুৰে দুয়োৰে পিঠিৰ ছাল ছিঙিব। আৰু আবু আৰু মাই মোৰ চুলি ছিঙিব;

গোলাপী: ৰাজো তই?

ৰাজো: অঁ মই! তহঁতৰ কাৰণে মোৰো শান্তি নাই? ইমান সময় কথা পাতিব লাগেনে? আবুৱে আহিছিলে বিচাৰি। আৰু ইমান জোৰত হাঁহিব লাগেনা তই বাই? বুদ্ধি কৰি আবুক পঠাইছোঁ। ব’ল ভিতৰত।

ৰাজোই গোলাপীৰ হাতত ধৰি টানে। গোলাপীয়ে হৰেণক ঘূৰি চায়।

ৰাজো: হৰেণ কা, তই গৈছনে সোনকালে? পিছত মই দুয়োকে লগ কৰাৰ সুবিধা কৰি দিম যা? আৰু শুন বাৰীৰ ফালেৰে যা। কোনেও গম নাপায়। নহ’লে এবাৰ যে পিতাই চোৰ বুলি পিটিছিল।

হৰেণ লাহে লাহে ওলাই যায়।

২ য় দৃশ্য :

চোতালত পীৰা এখনত বহি  ৰাজোমাই আবুৱেকৰ ওকণি চাই থাকে। কাষতে মাকে সূতাৰ লেচা এটা ঘূৰাই থাকে। 

ৰাজো : ইমান ওকণি হৈছে আবু তোৰ? তোৰ লগত শোওঁতে মোৰো মূৰত ওকণি উঠিছে যেন পাইছোঁ। খজুৱাই থাকে মূৰটো। আজিৰ পৰা নোশোওঁ মই তোৰ লগত। চেম্পু দি ধুব নোৱাৰনে মূৰটো?

আবু: চেম্পু দি ধুলে চুলি পকে। খাৰ চবোন দি ধুই থাকোঁ দেখোন?

ৰাজো : এনেয়েও তোৰনো কেঁচা চুলি আছে কেইডাল?

ৰাজোৰ কথাত মাক পদুমীয়ে তাইৰ ফালে খঙেৰে চায়। এই ৰ’লটো কৰিব ইলি তালুকদাৰে।

পদুমী: তোৰ মুখখন অলপ বেছি বাঢ়িছে ৰাজো! বৰ মুখে মুখে জবাব দিয় আজিকালি। পঢ়িব এৰি কি কৰি আছ ইয়াত? আৰু মাই আপুনিও তাইক কিয় কামত লগাইনো?

আবু: ক’তনো কামত লগালোঁ এ বেটি? ওকণি চাব তাই নিজে আহিছে পঢ়িব এৰি? যাহ ৰাজো উঠ কাষৰ পৰা। তোৰ ধৰি মই কথা শুনো সদায়।

আবু উচাত মাৰি ওলাই যাই ৰাস্তাৰ ফালে।

মাক : উহ… আকো এটা এওঁক ক’বাই নৰি। অলপতে ঠেঁহ লাগে। এতিয়া যোগেশৰ আউবাকৰ ( আইতাকৰ) লগত বহি মোৰ বদনাম গাবো। 

ৰাজোই তেতিয়াও সৰু আইনা এখন লৈ মুখখন জুপি চাই থকা দেখি খঙত ক’ব…

“ঐ অপেশ্বৰী। জানে দে তই কিমান সুন্দৰী। উঠ ইয়াৰ পৰা। আৰু এই ক’ত গোলাপী? ঘৰটোত নিটিকে যে? ক’ত ঘূৰি থাকে গাভৰু আপীতুই?  মাতি আন নহ’লি পিতায়েৰে ভাত খাব আহি এই দুপৰীয়া নেদেখিলে পিঠি ফালিব।

ৰাজো: সব কাম ময়ে কৰিব লাগে। ওকণি চোৱাৰ পৰা পহৰা দিয়ালৈ। সৰু আপীতো সেইকাৰণে খটুৱায় সৱে।

মাক: গ’লিনে সোনকালে নে চুলি ঘটালোঁ।

ৰাজো পদূলি মূৰলৈ আহে। মাকে সূতাখিনি বান্ধি কাষতে থকা তাঁত শালত বান্ধি থয়। খৰিখিনিৰ পৰা কেইডাল মান বাচি উলিয়ায়। হঠাত ৰাজো দৌৰি আহে।

ৰাজো: মাই…মাই। মণ্ডল খুড়া আহিছে আৰু লগত এসোপা মানুহ।

মাক: কি? এসোপা মানুহ লৈ কিয় আহিছে? সুত দি আছোঁ দেখোন আমি সময়ত। মাটি দুবিঘাও বন্ধকৰ পৰা উলিয়াইছোঁ। যাচোন যা। ভিতৰৰ পৰা চকী মূঢ়া উলিয়াই আন। কি বা হ’ল আকৌ?

এইবুলি ওৰণিখন দীঘলকৈ টানি লয় মাকে। 

এনেতে কেইবাজনো মানুহৰ লগতে গাঁৱৰে হেমন্ত মণ্ডল সোমাই আহে। ৰাজোই চকী আৰু মূঢ়াকেইটা আনি দি মাকৰ কাষত থিয় হৈ থাকে। 

হেমন্ত মণ্ডলে সোমোৱাৰ লগে লগে হাত দুখন ওপৰলৈ দি দীঘলকৈ নমস্কাৰ দিয়ে। তেওঁৰ পিন্ধনত পাটৰ কুৰ্তা, নতুন ধুতি, ডিঙিত পাটৰ গামোছা, ভৰিত চামৰাৰ জোতা, চকুত ক’লা চশমা। (এই চৰিত্ৰটো কৰিব হেমন্ত কাকতিয়ে)।

ৰাজো: মাই …মণ্ডল খুৰাই দেখোন কিবা দৰা সাজি অহাৰ দৰে আহিছে এ?( ফুচফুচাই মাকক কয়)

মাক: মনে মনে থাক। আবুক মাতি লৈ আহ। পিতাৰেও আহি পোৱা নাই।

মণ্ডল: খুড়ী মই কিয় আহিছোঁ গম পোৱা নাই চাগে ন?

ৰাজো: হো মাই! আজি মণ্ডল খুড়াই তোক কিয় খুড়ী মাতিছে? আগতে বৌ বুলিহে কৈছিল?

মাক: তাকেতো, কি বা হ’ল আজি? 

তেনেতে আবু সোমাই আহে।

আবু: হাও, মণ্ডল বাপা দেখোন?

কি  সকামত ভৰি দিলা বা আমাৰ দৰে গৰীবৰ চোতালত? কিবা ভুল কৰিলোঁ নেকি হা বাপা? না পইচা নিবা আহিছা সুতৰ? আমি দেখোন দি আছোঁ সময়ত? ন গোলপীৰ মাক।

মণ্ডল: ইচ আবু! কি কয়? মই কিবা পইচাৰ সকামহে আহিব পাৰোঁনে? এনেয়ে নোৱাৰোঁ নেকি কিবা? আপোনালোক মোৰ আপোন মানুহ। পিচে গোলাপী নাই নেকি ঘৰত? ( ইফালে সিফালে চাই মণ্ডলে)

আবু:  তাইক ছাগলীকেইটাক পানী খুৱাবলৈ পথাৰলৈ পঠাইছোঁ ৰ’বা। আৰু তাইৰ লগৰ মালতীৰ তাতে বোলে মাকোটো আনিব যাব তাঁতশালৰ। পিচে বাপা, তুমি মোক আবু ক’লা যে? আগতে দেখোন জেঠিমা বুলি কৈছিলাহা? আৰু বোৱাৰীকো খুড়ী বুলি মাতা শুনিলোঁ।

ৰাজোই খুক খুককৈ হাঁহে।

মণ্ডল: হেই আবু… মই বিয়াই কৰোৱা নাই নহয়। গতিকে বয়সো বেছি হোৱা নাই দিয়কচোন? কইনা বিচাৰিয়ে আছোঁ। 

এনেতে গোলাপী সোমাই আহে হাতত মাকো আৰু ফুল তোলা ৰিং লৈ। বাহিৰত মণ্ডল আৰু মানুহবোৰ দেখি অলপ উচপ খাই উঠে। তাই নীলা মেখেলা চাদৰ এযোৰ পিন্ধি থাকে। ৰ’দত গোলাপীৰ গাল দুখন ৰঙা পৰি আৰু ধুনীয়া দেখা হয়। মণ্ডলে ৰ লাগি চাই থাকে।

লাজ লাজকৈ গোলাপী ভিতৰলৈ যাব খোজাত মণ্ডলে দেখি মাত লগায়।

মণ্ডল:  গোলাপী আহিলা? তোমালৈকে বাট চাই আছিলোঁ? নামাতকে যাব ওলাইছিলা কিয়? 

গোলাপী: নহয় মানে ….মানে খুড়া। মই ভিতৰত এই বস্তু কেইটা থ’বলৈ গৈছিলোঁ।

মণ্ডল: এহ…খুড়া বুলি নক’বাচোন? আজি মায়েৰে আৰু আবুকো কৈছোঁ মোৰতো বেছি বয়স হোৱা নাই? চুলি অলপ কমিল কাৰণে ডাঙৰ দেখি।  তুমি  দেখোন আৰু ধুনীয়া হৈছা অ’? পিচে মই কিয় আহিছোঁ জাননে?

ৰাজো: কেনেকে জানিম? তেতিয়াৰ পৰা আপুনি বয়সৰ কথাহে কৈ আছে।

গোলাপী আৰু আবুৱে হাঁহে মুখটিপি। মণ্ডলে নুশুনা ভাও জোৰে আৰু লগৰ মানুহ এজনৰ পৰা এখন পোষ্টাৰ দিয়ে ৰাজোৰ হাতত।

ৰাজো: হাও, আপোনাৰ ফটো দেখোনহে খুড়া? কিবা নেতাৰ দৰে নমস্কাৰ দি আছে। অঁ কিবা লিখাও আছে তলত।

মণ্ডল: পঢ়ি শুনাচোন?

ৰাজো: অমুক নং ৱাৰ্ডত বৰসৰকুচি গাঁৱৰ পৰা শ্ৰীহেমন্ত মণ্ডলে এইবাৰৰ পঞ্চায়তৰ মেম্বাৰ পদৰ বাবে থিয় দিছে। সেয়েহে সকলোৱে তেওঁক ভোট দি জয়যুক্ত কৰক। আপুনি পঞ্চায়ত খেলিব খুড়া? পিচে আপোনাৰ উপাধিটো মণ্ডলে দিলে যে?

মণ্ডল: হে হে হে….মোক মণ্ডল ক’লেহে চিনি পাই মানুহে। (মণ্ডলে থিয় হয় আৰু নমস্কাৰ ভঙ্গীত) গতিকে আপোনালোক সকলোৰে ভোটকেইটা পাম বুলি আশা কৰিলোঁ। 

আৰু গোলাপী তয়ো অলপ লাগি দিবি মোৰ লগত প্ৰচাৰত? 

আবু: হা দিম দে বাপা ভোট। কিয় নিদিম? পিচে তই জিকাৰ পাছত আমাৰ ধাৰখিনি মাফ কৰি দিবিনে? (আবুৱে কৰুণ ভাবে কয়)।

ৰাজো, গোলাপী আৰু মাক পদুমীৰ চকুতো বিষাদ ফুটি উঠে। ভায়োলিনৰ কৰুণ সুৰ বাজি উঠে এটা।

গোলাপী: আবু কি কথা সোধনো এইবোৰ?  এখেতৰ ভোটৰ লগত আমাৰ ধাৰৰ কি সম্বন্ধ আছেনো?

মণ্ডল: আবু মই মেম্বৰ হ’লে সবকে সহায় কৰিম। আৰু তহঁতে ঘৰৰে দেচোন। সহায় নকৰিমনে কিবা? ন গোলাপী? 

গোলাপীয়ে নামাতে।

মণ্ডল : পিচে মই উঠো এতিয়া। ই নেত্ৰ ক’ত গ’ল? আৰু খুড়াকো দেখা নাই যে? শুই আছে নেকি? পিত্তৰ বেমাৰটো আৰু হৈছে নেকি?

মাক: সি নাই। টাউনত মানুহ এঘৰৰ মাটি পেলোৱা কাম এটা পাইছে ঠিকাত। তাকে কৰিব গৈছে। সিয়ে টুকটাককৈ চলাই আছে ঘৰখন। পিতাকে পথাৰত আছে। হাল জুৰিছে  আজি।

মণ্ডল : তাক মোৰ ওচৰলৈ পঠাই দিবিচোন খুড়ী। কাম আছে অলপ। তাৰো সহায় হ’ব লগতে মোৰো। আৰু গোলাপী তুমিও আহিব লাগিব। তুমি প্ৰচাৰ কৰিলে মোক ভোট দিবই মানুহে। মই জিকিলে তোমাক পাটৰ কাপোৰ দিম দিয়া এযোৰ। মণ্ডলে লেনিয়াই কয়।

গোলাপী : মই নোৱাৰিম যাব। মোৰ বিহুলৈ গামোছা, চাদৰ ব’বলৈ আছে। আৰু মোক একো নালাগে।

মণ্ডলে হাঁহে।

মাক : হা মই এংকে গাভৰু আপী নপঠাং দিয়া। আপ্নি বৈয়া নাপাব। নয়নে যাই যদি যাব।

তেনেতে গোলাপীৰ পিতাক সোমাই আহে(ৰঞ্জিত কুমাৰ শৰ্মা)। মণ্ডলেও নমস্কাৰ দিয়ে। বাপেকে নুবুজি অকৰাৰ দৰে চাই  থাকে। 

মণ্ডলহঁত যায়। আবু, ৰাজোই ভিতৰত সোমায়। মাকে খৰিকেইডালমান গোটাই আকৌ।

গোলাপী : মাই, মোক কিন্তু জোৰ নকৰিবি এইবোৰত যাবলৈ। মোৰ ভাল নালাগে মণ্ডলক।

মাক : নপঠাওঁ দে। যাহ..ভাতত লাগ। পিতেৰে আহি পাবো। মই শাককেইডালমান বাৰীৰ পৰা তুলি আনো। ( চিঞৰি) ৰাজো খাৰেটু (খৰাহী) আনচোন। শাক তোলো আ বাৰীত।

মাক বাৰীৰ ফালে যায় আৰু গোলাপীয়ে খৰি লৈ ভিতৰত সোমায়। ৰাজোই ভিতৰৰ পৰা বাঁহৰ খৰাহী এটা আনে আৰু কয়..

“সব কাম মোক কৰিব দিয়ে সৰু বাবে”

৩য় দৃশ্য :

পথাৰ দেখুওৱা হ’ব। গৰু, ছাগলী চৰি থাকিব। এডাল গছৰ তলত ৰাজোই ছাগলীকেইটাক গছৰ পাত খুৱাই থাকিব। 

গোলাপীয়ে গৰু দুটাক পানী খাবলৈ দি ৰৈ থাকে। এনেতে হৰেণে চাইকেল এখন চলাই আলিৰে আহি থাকে।

ৰাজোই লগে লগে সুহুৰি মাৰি বায়েকক ইংগীত দিয়ে। গোলাপী আগবাঢ়ি আহে। হৰেণে চাইকলখন গছ ডালত আওজাই থয়।

হৰেণ: বাহ ৰাজো সুন্দৰী! সুহুৰি মাৰা কোনে শিকালাক হা?

ৰাজো: তোমাৰ পৰা শিকিলোঁ দিয়া হৰেণ কা। গোলাপী বাইক যে সুহুৰি মাৰি পুখুৰীৰ পাৰত মাতি থাকা! মোৰো ট্ৰেইনিং হৈ গ’ল। হি হি হি।

গোলাপী আহি পায়। হৰেণে তাইৰ ফালে চাই আৰু সি দিয়া কাপোৰযোৰ পিন্ধাত ধুনীয়া লাগিছে বুলি ইংগীত দিয়ে।

ৰাজোই নেদেখা ভাও জোৰে আৰু ছাগলীৰ পোৱালী এটা কোলাত তুলি লয়।

ৰাজো: তহঁতে কি কথা পাতিব আছে পাত সোনকালে। মই সেই হোলাত মাছ মাৰি থকা সৰু চলিকেইটাৰ কাষৰ পৰা আহোঁ।

হৰেণ: কিহে? আজিকালি মণ্ডলৰ বোলে তুমি মূখ্য প্ৰচাৰক? ভালেই হ’ব দিয়া তুমিও অহাবাৰ পঞ্চায়ত খেলিব পাৰিবা। তাতে মণ্ডল বোলে আজিকালি বৰকৈ আহে তোমালোকৰ ঘৰলৈ?

গোলাপী : কোনে দিয়েহে ইমান খবৰ? আৰু মই এদিনহে গৈছিলোঁ তাকো মালতী আৰু মীনাই জোৰ কৰি নিছিল। ঘৰতো পিতাক মণ্ডলে জোৰ কৰাত যাবলৈ দিলে উপায় নোহোৱাত। যিমান নহ’লেও ধৰুৱা হৈ আছোঁ মণ্ডলৰ। 

হৰেণ: আৰু বোলে এসপ্তাহে সদায় গৈছা তুমি। ঘৰে ঘৰে মানুহক ভোট খুজিছা মণ্ডলৰ লগত? মোক মালতীয়ে কৈছে।

গোলাপী: আৰু তুমি তাকে বিশ্বাস কৰিছা? মালতী আপোন নে মই?  যাওঁ মই। 

গোলাপীয়ে মুখ ফুলাই আহিবলৈ ওলায়। হৰেণে তাইৰ হাতত থাপ মাৰি ধৰে।

হৰেণ: ধেই পাগ্লী। এনাই জকেচু হা (জোকাইছোঁ হে)।  মই কি তোমাক নাজানো নেকি? এই হৰেণে নিজক বিশ্বাস নকৰে কিন্তু গোলাপীৰ কথা শিলৰ ৰেখা।

গোলাপী: হ’ব যোৱা! মালতীয়ে কেনেকে ইমান কথা ক’বলৈ সাহস পাই তোমাক? আৰু তাইৰ লগত কিয় ইমান মিতিৰালি তোমাৰ? 

হৰেণ: ধেত পাগ্লী! গাঁৱৰে আপী গতিকে মাতা যাবই দিয়াচোন? তাতে এনেকে ভুল নাভাবে নহয়?

গোলাপী: মই তাইক মাতিবলৈ আগতেও মানা কৰিছোঁ। আজি শেষবাৰ কৈছোঁ। যদি আৰু তাইৰ লগত মাতবোল গম পাওঁ সেইদিনাই সব শেষ আমাৰ মাজত।

গোলাপীয়ে অভিমান কৰিয়ে থাকে। হৰেণে মৰমেৰে ওচৰলৈ আনে। এইখিনিতে গান এটিৰ দৃশ্যায়ণ কৰা হয়।

গোলাপীয়ে হৰেণক ঠেলা মাৰি দৌৰি যাব আৰু পিছে পিছে হৰেণ দৌৰি যাব। গান বাজিব আৰু গোলাপীয়ে লিপচ দিব।

মিছাকৈ নক’বি 

            সঁচাকৈ সুধিছোঁ

                  আৰু কিমানজনী আছে।

হৰেণ: বুকুৰে মাজতে

              আছ তয়ে মাথোঁ

                 তোৰে যে নাম লিখা আছে

গোলাপী: হায় বুকুত ঠাই নিদিবি

                 মোৰ বাদে আন কাৰোবাক

                         তই বাপেকী হ’লে মই

                               হ’ম পোনা কেইটিৰে মাক

হৰেণ: ও মৰম দি মৰমকণ লৈয়ে যা

              কলিজা দি কলিজা লৈয়া যা

                 ও মৰম কইনাজনী হৈয়ে যা

এনেতে ৰাজোই দূৰৰ পৰা ককায়েক নেত্ৰক( নয়নমণি হালৈ) আহি থকা দেখিব। তাই দৌৰি আহি আকৌ সুহুৰি বজায়।

হৰেণ আৰু গোলাপী সাৱধান হয়।

ৰাজো: দাদাক দেখিছোঁ এইফালে আহি থকা। কৈ  দিব সি পিতাক। হাতখন এৰা হৰেণ কা বাইৰ।

গোলাপীয়ে লাজৰ হাঁহি মাৰি গৰুক পানী খুৱাব অনা বাল্টিটো আনিবলৈ যায়। হৰেণে মূৰটো খজুৱাই হাঁহে।

এনেতে নেত্ৰ আহি কাষ পাইহি  আৰু হৰেণ, ৰাজোক দেখি চাইকেলখন ৰাখে।

নেত্ৰ: কি কৰিছ তই ইয়াত ৰাজো? এই ভৰ দুপৰীয়া এনেকে পথাৰত আহিছ যে? হো হৰেণকা দেখোন হা? তুমি ইয়াত?

ৰাজো: আমি গৰু আৰু ছাগলী পোৱালীকেইজনীক পানী খুৱাব আহিছোঁ। আৰু হৰেণকাক দেখি ৰখালোঁ। ন হৰেণকা?

হৰেণ: ইহঁত দুয়ো পানী খুৱাবলৈ আহিছিল পথাৰত। মোৰ সিখন গাঁৱত কাম আছিল। সেইকুন্তে( সেইকাৰণে) মোক ৰখালে। দুপৰীয়া ভুত  ওলাব বোলে? হাঃ হাঃ। পিচে তুমি পথাৰৰ মাজত  কিয়?

নেত্ৰ: আমাৰ  ৰাজোতকে ডাঙৰ ভুত কোনো নাই? (এইবুলি ৰাজোৰ চুলিত টানে)

ময়ো ইফালেৰে চুটি ৰাস্তা উলিয়াইয়ে যাব খুজিছিলোঁ। ভোক লাগিছে বহুত।

ৰাজোই মুখ বেকটাই দিয়ে।

ৰাজো: তই অলপ বেছি কৰা দে দাদা।

গোলাপী আহে কাষত। হৰেণে তাইক আঁৰ চকুৰে যাওঁ বুলি কৈ নয়ন, ৰাজোক মাত দি গুচি যায়।

তিনিও ভায়েক ভনীয়েক আহে ঘৰলৈ। ৰ’দ চোকা হৈ আহে।

 

 

৪ৰ্থ দৃশ্য :

গাঁৱৰ ৰাস্তা দেখুৱাব। দূৰৰ পৰা শুনা যাব “হেমন্ত মণ্ডল জিন্দাবাদ। মেম্বৰ খুড়া জিন্দাবাদ।”গাঁৱৰ ৰাইজে মণ্ডলে পঞ্চায়তত মেম্বৰ উঠাত প্ৰচাৰ কৰি ফুৰে। সকলোতকৈ আগত দুজনী গাভৰুৱে ডিঙিৰ শিৰ ফুলাই চিঞৰি আহে (এই চৰিত্ৰ দুটা কৰিব শ্ৰুতিমালা আৰু ৰূপাঞ্জলীয়ে। চৰিত্ৰ  মালতী আৰু মীণা)

মালতী: ৰাইজ সকল, মণ্ডল খুড়া জিন্দাবাদ। হেমন্ত মণ্ডলক ভোট দিয়ক।

মীণা: যদি খুড়াক জিকাব পাৰে মামাই গাঁৱত ঘৰে ঘৰে স্কুটি আৰু চাইকেল দিব।

সিহঁতৰ কথা শুনি পিছে পিছে অহা নেত্ৰই তাইক চুপ থাকিব দিয়ে।

নেত্ৰ: কি বকিছা এইবোৰ? জিকিবয়ে তেওঁ আৰু স্কুটি নহ’লে চাইকেল দিব বুলি কিয় কৈছা, যদি নিজিকে? 

মালতী: যদি জিকে? তেতিয়া?

নেত্ৰ: জিকিলে ভাল হ’ব কিন্তু গোটেই গাঁৱৰ মানুহক কেনেকে স্কুটি দিবহে?

মীণা: চাইকেল দিব বুলি কৈছোঁ সেইকাৰণে?

নেত্ৰই একো নকয়। ভাবে “এই বৰ কৈথেনী দুজনীৰ লগত কথা পাতি লাভ নাই।  অৱশ্যে স্কুটি পালে লোকচান নাই। জিকক দে মণ্ডল”।

আজি ফলাফল দিলে। মণ্ডল জয়ী হ’ল। চাৰিওফালে হৰ্ষধ্বনি। গোলাপীৰ ঘৰলৈ মিঠাইৰ টোপোলা মণ্ডলে নিজে লৈ আহে।  গোলাপীৰ দেউতাকে বাহিৰত বাঁহৰ কামি চাঁচি থাকে। মণ্ডলক দেখি তেওঁ থিয় হয় ( ৰঞ্জিত কুমাৰ শৰ্মা, চৰিত্ৰ বসন্ত)।

বসন্ত: মণ্ডল দেখোন আহা আহা। বহা এই বুলি চকীখন আনি দিয়ে। গোলাপী ….মাই গোলাপী চাহ বনাব কচোন মায়েৰক। মণ্ডল আহিছে।

মণ্ডল: এহ…খুড়ীকনো কিয় কষ্ট দিব লাগে? গোলাপীকে কওক বনাবলৈ। তাইৰ হাতেৰে খাওঁ চাহ।

পিতাকৰ মাত শুনি গোলাপী ওলাই আহে আৰু মণ্ডলক দেখি অলপ বেয়া পোৱা যেন কৰে। 

গোলাপী: পিতা মোক মাতিছিলি?

লগে লগে মণ্ডলে মাত দিয়ে

মণ্ডল: গোলাপী মই জিকিলোঁ দিয়া। প্ৰথম খবৰটো পায়েই তোমাৰ ওচৰত মানে তোমালোকৰ ঘৰলৈ আহিছোঁ। তুমি আৰু নেত্ৰই যিমান কৰিলা সেইবাবে জিকিলোঁ। লোৱা মিঠাইখিনি। তোমাৰ হাতেৰে প্ৰথম চাহ খাম মেম্বৰ হোৱাৰ পিছত।

বসন্ত: অঁ  আই।  আমাৰ মণ্ডল জিকিল নহয়। সেইকাৰণে চিধাই মিঠাই লৈ আমাৰ ঘৰলৈ আহিছে। যাহ ভালকৈ চাহ বনাগৈ। 

গোলাপী: মই কি কৰিলোঁ। এদিনহে গৈছোঁ। বাকী নেত্ৰইহে অলপ কষ্ট কৰিছে।

মণ্ডল: এদিনেই যথেষ্ট।

মাক পদুমীয়ে ইতিমধ্যে চাহ লৈ আহে। 

মাক: মই মণ্ডল অহা গম পাই চাহ বনালোঁ দিয়ক। গোলাপীয়ে তই ভিতৰত গৈ প্লেটত এওঁ আনা মিঠাই আৰু কালি যে তই নাৰিকলৰ লাৰু আৰু তিলৰ পিঠা বনাইছিলি সজাই লৈ আহ। আৰু বাপুকলেগি দুটামান লাৰু আৰু পিঠা কাগজত বান্ধি দিবি।

মণ্ডল: গোলাপীয়ে বনোৱা পিঠা?

গোলাপী পাকঘৰলৈ যায়। ভিতৰত ৰাজো বহি থাকে  পীৰাত জুই ফুঁৱাই। চৌকাত বেঙেনা আৰু আলু পুৰিব দিছে তাই। মিঠাইৰ পেকেট দুটা বায়েকৰ পৰা থাপ মাৰি নিয়ে।

ৰাজো: দি এ! আইও ইমান মিঠাই? মই দুটা খাম।

গোলাপী:  মোৰ ভাগৰো খাবি। আগতে সেই মণ্ডলটোক দি সোনকালে বিদায় দিওঁ। হুহ ..ইমান কষ্ট কৰি লাৰু, পিঠা বনাইছোঁ।  হৰেণ কাই খাবই নাপাব। মাই গটাই সবকে দিব। বান্ধিও দিব দিছে।

ৰাজো: হ’লেও যে আমাক পাহৰা নাই ন মণ্ডল খুড়াই। হোঁ বাই, তই বেছি মণ্ডলক নামাতিবি। মণ্ডলে বাচা তোক ভাল পায়।

লগে ধপ..ধপ…ধপ…..শব্দ জোৰেৰে শুনা যায় আৰু গোলাপীৰ মুখখন ক্ল’জআপত ভয় খোৱা দেখুৱায়।

গোলাপী: কি? তোক কোনে ক’লে?

ৰাজো: হে মণ্ডলৰ যে এজন মস্ত বদমাছ ভাগিন আছে। অভিজিত নে কি? সি কৈছে। মোক লগ পাইছিল ভোটকেন্দ্ৰত। কৈছে তুমি মোৰ মাহী হ’বা দিয়া দুদিন পিছত। বায়েৰে মামী হ’ব। তাৰ পিছত যি হাঁহি তাৰ! তাৰ বোলে  লাজ লাগি গৈছে ভাবি মোক মাহী মাতিব লাগিব বাবে।

গোলাপী: ৰাজো, এই মিঠাইৰ প্লেট লৈ যা তই বাহিৰলৈ। 

বাহিৰত মণ্ডলে মাক পদুমী আৰু পিতাক বসন্তক কিবা কৈ থাকে। দুয়ো চিন্তিত অৱস্থাত থাকে। ৰাজোই ট্ৰেখন আনে মিঠাইৰ।

মণ্ডল: চাহ খোৱা হ’লেই  আমাৰ। কিন্তু লাৰু আৰু পিঠা খাম মই।  

ৰাজো: ৱাহ খুড়া। জিকিলে আপুনি। মোক কিবা পুৰস্কাৰ দিব কিন্তু।

মণ্ডল: তই বোলে এইবাৰ মেট্ৰিক দিবি? ভালকে পাছ কৰিলে গুৱাহাটীত পঢ়িবলৈ পঠাম মোৰ খৰছত আৰু তোক স্কুটি দিম দে এখন। 

ৰাজো: সঁচা। পঢ়িম দিয়ক ভালকে।

মণ্ডল: ঠিক আছে। মই যাওঁ। ৰাইজ ৰৈয়েই আছে। মইহে ইয়ালৈ আহিছোঁ। গম পালে গঁঞা ৰাইজে বেয়া পাব। তাতে এইবাৰ আমাৰ গাঁৱৰ বিহুৰ মেলাখনো ডাঙৰকে পাতিম। আলোচনা কৰিব লাগিব।

মণ্ডল উঠে তেনেতে কোনোবাই জোৰকৈ চিঞৰি চিঞৰি ঘৰলৈ সোমাই আহে লগতে কেইবাটাও শিশুৰ কলকলনি।

“মাই  ….ও মাই….মাই…ক’ত আছানো”

তেনেকে মাতি কোলাত এটি কেঁচুৱা লৈ লগত আৰু চাৰিজনী সৰু ছোৱালীৰে তিৰোতা এগৰাকীৰ প্ৰবেশ হয়। (এই চৰিত্ৰটো কৰিব কমলা দাসে। ডাঙৰ বায়েক কমলা। তেওঁৰ ল’ৰা ছোৱালীৰ ভূমিকাত ৰাজশ্ৰীৰ ছোৱালী দুজনী, ডলীৰ ছোৱালীজনী, ৰিণ্টুমণি দত্তৰ ছোৱালী আৰু কেঁচুৱাৰ ভাওত দত্তৰ সৰু ল’ৰাটোৱে কিছু সময় স্ক্ৰীণত ওলাব।)

সৰু ছোৱালীকেইজনী দৌৰি পদুমী আৰু বসন্তৰ ওচৰলৈ দৌৰে আৰু কয়…

“আবু….আতা…ৰাজো মাহী আমি আহি গ’লোঁ।”

ৰাজো: ডাঙৰ বাই আহিছে। 

তাই দৌৰি গৈ বায়েকৰ কোলাৰ পৰা কেঁচুৱাটো টানি নিজৰ কোলাত লয়। 

মাক: হঠাত খবৰ নিদিয়াকে আহিলি দেখোন?

কমলা বাই: কি খবৰ দিবা লাগে এ? মাইথেক হে আহোঁতে?

হঠাত মণ্ডলক দেখি..

হো খু্ড়া দেখোনহে? কি খবৰ?

মণ্ডলে একো নামাতে। অলপ খং উঠে খুড়া কোৱাত।

ৰাজো: ডাঙৰ বাই, খুড়াৰ খবৰ মস্ত ভাল। এতিয়া খুড়া পঞ্চায়তৰ মেম্বৰ। আৰু দাদা মাতিবি এতিয়াৰ পৰা। 

গোলাপী বাহিৰত হাল্লা শুনি ওলাই আহে। মণ্ডলে বিদায় লয়। কমলা বাইৰ বেগটো ৰাজোই উঠাই ভিতৰলৈ নিয়ে। আইতাকে বাবুটোক কোলাত লৈ সোমায়।

ছোৱালীকেইজনী আতাকৰ (ককাকৰ) লগত বাহিৰত ধেমালি কৰি থাকে।

এনেতে আবু ক’ৰবাৰ পৰা আহে আৰু ছোৱালী কেইজনীক দেখি হাঁহি মাৰি কাষলৈ যায়।

৫ম দৃশ্য :

গোলাপী গাঁৱৰ মেলালৈ গৈ থাকে।

লগত ৰাজো আৰু কমলা বাই। গোলাপীৰ কোলাত ভাগিন ল’ৰাটো। ৰাজোই দুজনী ভাগিনীয়েকক হাতত ধৰি থাকে আৰু আগে আগে গৈ থকা মাকৰ হাতত ধৰি দুজনী ছোৱালী গৈ থাকে। কমলা বাই গিৰিয়েকে দিয়া নকিয়া ফোনটো কাণত লৈ কথা পাতি গৈ থাকে।

কমলা: কৰবাত গ’লে দুৱাৰ, খিৰিকী ভালকে জপাব নাপাহৰিব কিন্তু। আৰু কাষৰ ঘৰোত যাই মেল মাৰি নাথাকিব। চাব কিন্তু বাৰীত লগোৱা জলকীয়া, বেঙেনাৰ পুলি লোকৰ গৰু, ছাগলীয়ে খালে সুদাই নেৰিম মই।

গোলাপী: হ’ব দে অ’। কিনো চিঞৰি কথা পাত? কি ক’ব মানুহে শুনিলে? লাজো নাপাৱ তই কিবা?

কমলা : ইহ..নিজৰ সংসাৰখনৰ কথা নাভাবিম নেকি? ভিনিহিয়েৰে যিহে হোলাৰ ভাই মোলা। সব পাহৰে। মই খেয়াল নাৰাখিলে বৰ্বাদ।

গোলাপী: তই মাহে মাহে ফুৰি থাকিলে হ’বই ন তেনেকুৱা? ঘৰত নাথাকই দেখোন? আহিলে দুই তিনিমাহলৈ নাযাৱ! মাইনাহঁতৰ স্কুলো খতি হয় ইমান?

কমলা: মাইথেৰ (মাহঁতৰ) ঘৰ বুলি আহোঁ। তই যদি বেয়া পা নাহোঁ দে। 

কমলা গপগপাই গুচি যাব আগলৈ।

ৰাজো: এই ডাঙৰ বাইক একো ক’ব নোৱাৰি। অপৰাধ লাগে নাউমানতে।

তেনেতে গৈ এঘৰৰ পদূলি মুখত দুজনী ছোৱালী ৰৈ থাকিব সাজি-কাঁচি। 

এজনীয়ে চিঞৰিব,  “হো কমলা বাই, কেতিয়া আহিলা?”

কমলাই ঘূৰি চায়।

কমলা: হাও, মিনা আৰু মালতী দেখোনে? কি খবৰ? আহ মেলা চাব যাওঁ।

ছোৱালী দুজনী আহে।

ৰাজো: মীনা বাই মস্ত থৌগা দেখা হৈছে তোমাক?

মীনা: হয় না? তোকো থৌগা লাগিছে দে।

গোলাপী: মালতীৰ শাৰীখন বৰ ধুনীয়া লাগিছে? নতুন নেকি?

মালতীয়ে হাঁহিব।

মালতী: এ আই! ক’তনো নতুন পাবি? আমাকতো দিওঁতা নাই কোনো তোৰ দৰে। পুৰণি শাৰীয়ে। সৰু বাইদেউৰ পৰা খুজি আনিছোঁ।

গোলাপী: মোকনো কোনে দিয়ে বুলি ক’লে তোক?

মালতী: কিয় হৰেণকা থাকোঁতে আৰু কোনে দিবনো? শুনিছোঁ আজিকালি মণ্ডলেও বোলে দিয়ে কিবাকিবি? ভায়েৰেক বোলে বাইক দিছে হয়নে? 

গোলাপী: মিছা কথা।

মালতী: পঞ্চায়ত জিকাৰ পাছত তোক বোলে পাটৰ শাৰী দিছে হয়নে? মায়েৰে আৰু আবুকো বোলে উৰা কাপোৰ দিছে শুনিছোঁ?

এনেতে মীনা কাষত আহে।

মীনা: কি কথা পাতিছ দুয়ো ইমান গহীনকৈ?

মালতী: গোলাপীৰ ভাগ্যখনৰ কথা কৈছোঁ ৰহ। 

মালতীয়ে চকু টিপ মাৰি দিয়ে মীনাক।

গোলাপীয়ে একো নামাতে। 

মীনা: অঁ তোৰ বৰ কপাল দে। গাঁৱৰ গোটেই ডেকাবোৰে তোকে পচন্দ কৰে।  হৰেণকা হেন ইমান গহীন গম্ভীৰ চলিটুকো ফঁচালি। আমি বাট চাই থাকোঁতে গ’ল।

মালতী: ইহ..হৰেণকাহে নে কিবা? আমাৰ মণ্ডল খুড়া মানে মেম্বৰ  খুড়াও গোলাপীৰ লাভত পৰিছে। নহ’লেনো আমি ইমান খাটনি কৰাৰ পিছতো আমাক গোল্লা, চিংৰাতে সন্তুষ্ট কৰিছে। গোলাপীক পাটৰ শাৰী দিছে বাচা! নেত্ৰকো বোলে বাইক দিছে। ৰাজোক পঢ়াব বোলে পুৰা খৰছ কৰি?

মীনা: ক’ত গম পালি তই ইমান?

মালতী: অভিজিতে কৈছে।  ভাগিনিয়েকে মিছা কিয় ক’ব?

গোলাপী: মিছা কথা সব। মোক কোনো শাৰী দিয়া নাই আৰু তহঁতে মোৰ বদনাম কিয় কৰি আছ মণ্ডল খুড়াৰ লগত? হৰেণ কাই শুনিলে কি ভাবিব? 

মীনা: ইহ..শাৰী নিদিয়াকে কমলা বাই সেইখন কি পিন্ধি আহিছে? বাই নিজে কৈছে আমাৰ গোলাপীক দিছে। আজি ময়ে পিন্ধিলোঁ।

মেলাৰ থলী পায়। গোলাপী খঙেৰে আঁতৰি যাব খোজে। মালতী আৰু মীনাই একেমুখে কয়…

: হো গোলাপী, তই মেম্বৰনী হ’লে হৰেণকাৰ চিন্তা কৰিব নালাগে যা? আমি আছোঁ নহয় যত্ন ল’বলৈ।

দুয়ো খিলখিলাই হাঁহে।  গোলাপীৰ খং উঠে আৰু উচাত মাৰি যায়।

গোলাপী: মুখ চম্ভালি কথা ক’বি। কাক মেম্বৰৰ লগত যোৰা লগাইছ? নিজে যা তহঁতে।

মীণা: ইহ…বাহাদুৰী চাচোন? নজনা ভাও জুৰিছে। 

মালতী: ইহ..বেটি মেম্বৰণী..বেটি মণ্ডলনী।

পিছে পিছে আহি থকা ৰাজোৱে শুনে।

ৰাজো: তহঁতৰ মুখ ভাঙিম মই আৰু যদি বেছি কোৱা কিবা?

মালতী: ইহ..বেটি মেম্বৰৰ খুলাশালী।

মীণা: মাৰুতিত উঠিব পাৰিবি দে ভিনিহিৰ লগত। হৰেণকাক বাদ দিব দি বায়েৰেক।

মেলাৰ থলী পায়। সকলো সোমায়।  এফালে মেলাৰ উদ্ধোধনী অনুষ্ঠানত মণ্ডল আৰু গাঁৱৰ মান্য লোক বহি থাকে। কমলা বাই লচপচকে গৈ তাত পাৰি থোৱা চকীত বহে লগতে মাকো। গোলাপী, ৰাজো মেলাত বহা দোকানবোৰলৈ যায় ভাগিনকেইজনীক লৈ। তাইৰ চকুৱে কাৰোবাক বিচাৰে।

মালতী আৰু মীণাই লক্ষ্য কৰি থাকে। এপাকত গোলাপীয়ে দোকান এখনত খাৰু মণি চাই থাকোঁতে কোনোবাই তাইক টানি লৈ যায়। তাই ভয় খাই চিঞৰিব খোজোঁতে দেখে হৰেণ।

গোলাপী: ইমান ভয় খালোঁ? তুমি মানুহ মাৰিবা দে? আৰু এনেকে টানি আনিছা? কোনোবাই দেখিলে কি হ’ব?

হৰেণ: কি হ’ব? কাকো ভয় নকৰে হৰেণে? প্ৰেম কৰিছোঁহে, চুৰ কৰা নাই। বাদ দিয়া আৰু চকু মুদা আৰু ব’লা মোৰ লগত।

হৰেণে গোলাপীক একো ক’বলৈ সুযোগ নিদি তাইক লৈ যায় কিছু দূৰলৈ। গোলাপীয়ে চকু মেলি চাই দেখে মেলা হোৱা ঠাইৰ কিছু দূৰত থকা পুখুৰীটোলৈ।

গোলাপী: মই যাওঁ। কোনোবাই দেখিলে বৰ বেয়া কথা হ’ব?

হৰেণ: যাবা ৰ’বা। তাৰ আগতে এইটো লোৱা। 

হৰেণে এটা ৰূপৰ আঙঠি গোলাপীক পিন্ধাই দিয়ে।

গোলাপীয়ে আঙঠিটো চাই থাকে আৱেগত আৰু আঙঠিটোত চুমা খায়।

হৰেণ: আজি বহাগৰ প্ৰথম দিন। তোমাৰ জন্মদিন। এই ৰূপৰ আঙঠিটোকে পিন্ধালোঁ। এনেকুৱা বহাগতে এদিন সোণৰ আঙঠি পিন্ধাই তোমাক মোৰ কৰি ল’ম চিৰদিনৰ বাবে জান।

গোলাপী আৰু হৰেণে ইজনে সিজনক চাই থাকে আৰু সপোনতে গান এটিৰ দৃশ্যায়ণ হ’ব।

দুয়ো সপোনৰ পৰা উভতিব আৰু গোলাপীয়ে ডায়লগ দিব…

গোলাপী: সোনকালে আমাৰ ঘৰত জনোৱা দুয়োৰে কথাখিনি। মোৰ কিন্তু দৰা আহি আছে। আবুৱেও অলপ সন্দেহ কৰে আজিকালি। 

হৰেণ: কি সন্দেহ?

গোলাপী: মই কেতিয়াবা তোমাৰ কথা ভাবি বহি থাকিলে কয়, “কিনো ফাৰামৰ মূৰ্গীৰ দৰে বহি থাকা এ আদো? কাবাৰ প্ৰেমত পৈচ্চা না কি? আমি কিন্তু বৰ চাইছোঁ তোৰ। যদি কোনোবা আছে কবি আই। পিছত নাকান্দিবি।”  তুমি সোনকালে কিবা কৰা। মণ্ডলেও আজিকালি কিবা বেলেগ চাৱনি দিয়ে। মাই আৰু পিতায়ো মণ্ডলক ভাল পোৱা হৈছে। কমলা বাই মাইক মণ্ডল বেয়া নহয়, জোঁৱাই হ’লে মিলিব আমাৰ গোলাপীৰ লগত, এনেকে কোৱা মই শুনিছোঁ।

হৰেণ: মণ্ডলে একো কৰিব নোৱাৰে। তুমি টেনশ্যন নল’বা। মই সোনকালে কিবা কৰিম। আগতে অলপ নিজৰ ভৰিত খোপনি পুতি ল’ব দিয়া।

গোলাপী: তেনেকে কৈ আজি আঠ বছৰ হ’ল আমাৰ প্ৰেম। সোনকালে কিবা নকৰিলে মই কিন্তু কিবা কৰি পেলাম। তথাপি মণ্ডলৰ নহওঁ।

হৰেণ: হ’ব হ’ব। সকলো ঠিক হ’ব। মই সোনকালে যাম তোমাৰ ঘৰলৈ। ব’লা এতিয়া।

দুয়ো মেলাৰ ঠাইলৈ আগবাঢ়ে। তাতে হৰেণে গোলাপীক পাপৰ ভজা আৰু বুট ভজা কিনি দিয়ে লগতে খাৰু এজাপ কিনি পিন্ধাই দিয়ে। 

এনেতে পিছফালৰ পৰা ৰাজো আৰু কমলা বায়ে মাত লগায়। হৰেণে সিহঁতকো ঘুগুনী, কণী ভাজা খুৱায়। কমলা বায়ে তিনিপ্লেট ঘুগুনী খায় চাঞ্চতে।

মেলাৰ ভীৰ, চকৰী আদি দেখুওৱা হয়।

৬ষ্ঠ দৃশ্য :

গোলাপীৰ ঘৰৰ পৰা হৰেণে খঙত ওলাই আহে। পিছে পিছে গোলাপী আহে। মাকে ‘ক’ত যাৱ’ বুলি তাইক বাধা দিয়ে। গোলাপী দৌৰি আহে।

গোলাপী: হৰেণ কা শুনাচোন? এনেকৈ নাযাবা।

 

হৰেণ: গোলাপী আজি মোক যি অপমান কৰিলে তোমাৰ ঘৰত মই নাপাহৰোঁ। মোৰ মাইক তোমাৰ মা আৰু বায়েৰে যিমান কথা শুনাইছে মই বহুত দুখ পাইছো‌ঁ। এই হৰেণৰ সন্মান আছে ধন নহ’ব পাৰে।

আৰু তোমাক মোতকৈ কোনেও বেছি ভাল পাব নোৱাৰে। (হৰেণে চকুপানী মচে)। 

গোলাপী: হৰেণ কা……

হৰেণ: মই যাওঁ গোলাপী। কালিলৈ ৰাতিপুৱাৰ গাড়ীতে গুৱাহাটীলৈ যাম আৰু যিদিনা নিজক উপযুক্ত কৰিম সেইদিনা আহিম। মোক আজি বহিবও নক’লে তোমাৰ ঘৰত। 

হৰেণ যায়। গোলাপীয়ে ঘৰলৈ আহি তাইৰ কোঠাৰ বিছনাত পৰি হুৰাওৰাৱে কান্দে। গান বাজিব….

          হঠাতে হেৰাল কেনিনো মোৰ 

                    চোতালৰে জোনাক

আনফালে হৰেণ গৈ থাকোঁতেও বেকগ্ৰাউণ্ডত বাজে গানটো।

হৰেণে বাটত নেত্ৰক লগ পায় আৰু গুৱাহাটীলৈ যোৱা কথা কয়।

  

     

পিছদিনা কাহিলী পুৱাতেই গাঁৱৰ চাৰিআলিত থকা বাচ আস্থানত হৰেণ ৰৈ থাকে কান্ধত বেগ এটা লৈ। সি বাৰে বাৰে দূৰলৈ চাই মাজে মাজে। বাচ আহিবৰ সময় হয় আৰু দূৰত বাচৰ শব্দ শুনাও যায়। এনেতে গোলাপী আৰু ৰাজো দৌৰি দৌৰি আহে। হৰেণৰ দুচকুত হাঁহিৰ লগতে কৰুণতা বিয়পি পৰে। গোলাপী কাষলৈ আহে। 

হৰেণ: তুমি নাহিবা বুলিয়ে ভাবিছিলোঁ মই।

গোলাপী: সেইটো কেতিয়াও নহয়। মই তোমাৰ বাবে সকলো দূৰ্গ ভেদ কৰিম। এইখন লোৱা বুলি গোলাপীয়ে হৰেণক গামোছা এখন দিয়ে। 

ৰাজোৰ হাতৰ পৰা মোনা এখনো দিয়ে। 

হৰেণ : কি এইবোৰ? মই নিনিওঁ আৰু তুমি ইমান কষ্ট কৰি কিয় আনিছা এইবোৰ ধুনু। মই তোমাকহে যোৱাৰ আগতে চাব বিচাৰিছিলোঁ।

গোলাপী :  ইয়াতে লাৰু, পিঠা দুটামান আছে খাবা। বাৰীতে পৰা মালভোগ কল দুআশী আছে। দুদিন পিছত পকিব তেতিয়া খাবা। আৰু মই হাতে বোৱা বিছনা চাদৰ, আৰু চিলাই কৰা গাৰুৰ গিলিপ দুটা আছে। অলপ বগৰীৰ মিঠা আচাৰ আৰু ঘৰৰে আলু, মূলা পাচলি দিছোঁ। তুমি গৈয়ে ক’ত বজাৰ কৰিবা। অচিনাকি ঠাই তাতে চহৰ আৰু পইচা হিচাপ কৰি চলিবা। যি টি বন্ধুৰ লগ নহ’বা। 

হৰেণ : ধুনু মই আহিম সোনকালে। তুমি মোৰ বাবে অপেক্ষা কৰিবা। তোমাৰ ঘৰলৈ গৈ কইনা সজাই লৈ আহিম। মাত্ৰ কেইদিনমান সময় দিয়া।

গোলাপী : মই তোমাৰ বাবে বাট চাম। তোমাৰ বাহিৰে মই কাৰোৱে নহওঁ। মোক পাহৰি নাযাবা।

 

হৰেণে গোলাপীক সাৱতি ধৰে আৰু তেনেতে বাচখন আহে। ৰাজো কাষ চাপি আহে।

ৰাজো: হৰেণকা, ভালকে যাবা। চিঠি দিবা গোলাপী বাইক। মোৰ স্কুলৰ এড্ৰেচত দিবা। কোনেও গম নাপায়। আৰু ছোৱালীৰ নামেৰে দিবা। হীৰা নামেৰে লিখিবা। মোৰ এনেয়েও বহুত পত্ৰবান্ধবী আছে। ৰণেন মানে ৰীণা নামৰ গুৱাহাটীৰ বান্ধবী এজনী আছে মোৰো। আমি দুয়ো বহুত চিঠি লিখো‌ঁ। তুমিও দিবা বাইক চিঠি।

হৰেণ: হ’ব দে। তই পঢ়িবি ভালকৈ। বায়েৰৰ দৰে গেৰা মাৰিলে নহ’ব মেট্ৰিকত। আৰু মোৰ  গোলাপীক চাবি ভালকৈ।

বাচখন আহে আৰু হৰেণে বেগটো ডিকিত দিয়ে। গাড়ীত উঠি চিৰিত থিয় হয়। বাচ চলিবলৈ ধৰে লাহে লাহে। হৰেণে তাতে থিয় হৈ চাই থাকে গোলাপীক আৰু গোলাপীও বাচখনৰ লগত কিছুদূৰ দৌৰে হাত জোকাৰি। এসময়ত বাচখন জোৰেৰে যায় আৰু গোলাপী একেথৰে থিয় হৈ থাকে।

ক্ল’জআপত গোলাপীক দেখুৱাব। চকুপানী বৈ থাকিব আৰু আনফালে গাড়ীৰ চকা ঘূৰি থকা দেখুৱাব। 

বেকগ্ৰাউণ্ডত বাজিব খগেন মহন্তৰ গান 

“যায় ও কাণু বায় বেণু

                                                                   দূৰণিৰ মথুৰালৈ যায়”

বেলিটো ৰঙা হৈ পূবে ওলায়। ৰাজোই আহি বায়েকৰ হাতত ধৰি লৈ যায়।

  

টিং টং….টিং টং….কলিং বে’লৰ শব্দত হৰেণে চক খাই উঠে। লাইটটো জ্বলাই দি ঘড়ীলৈ চাই দেখে সন্ধিয়া পাঁচ বাজিছে। তাৰমানে দুপৰীয়া ভাত খাই সি বিছনাত বাগৰোঁতে টোপনি আহিছিল আৰু ইমান সময়ে সি সপোন দেখি আহিছিল অতীতৰ।

দৰ্জাখন খুলি দেখে কোনোবা এজনে বুঢ়া তামোল খাই গুণগুণাই থিয় দি আছে পিছমুৱা হৈ। হাতত দুটা টোপোলা। দৰ্জা খোলা শুনি ঘূৰি দিয়ে তেওঁ আৰু কেমেৰাই প্ৰথমতে তেওঁৰ হাঁহিটো দেখাব। আৰু তেওঁৰ হৰেণক আগবঢ়োৱা টোপোলা দুটাৰে হাত দুখন।

হৰেণ: বিজু তুমি?

লগে লগে তেওঁৰ মুখখন দেখুৱাব সম্পূৰ্ণকৈ। আৰু হাঁহি দিব তেওঁ। তেওঁক দেখুওৱাৰ লগে লগে বাজিব ডিলেৰ মেহেন্দিৰ বিখ্যাত গানটো 

“হায়ো ৰাব্বা….হায়ো ৰাব্বা…”  লগতে মিউজিকটো” টেন টেনা টেনা  টেন…” ( চৰিত্ৰটো কৰিব বিজয় মহন্তই)

বিজু: হেঃ হেঃ মোৰ বাহিৰে তোমাৰ কোন আছে গুৱাহাটীত বাউ? আজি দেওবাৰ নহয় জানো? ৰাতি তোমাৰ লগতে পাৰ্টি কৰিম বুলি ভাবিলোঁ। সেইকাৰণে মই মাছ, মাংস বজাৰ কৰি আনিছোঁ। পুৰ্ ৰা এপোৱা মাংস আৰু মিছামাছ এপোৱা। দুইজনে দকচি খোৱাহে কথা আউ।

হৰেণ: একপোৱা মাংস ….একপোৱা মাছ? আৰু দক্চি খাবা?

বিজু: ধেই… তুমি মাজে মাজে কি শব্দ কোৱা নুবুজোঁ দেই। ব’লা ভিতৰলৈ যাওঁ। 

কৈ আকৌ ওলাই আহি বাহিৰত মালিকৰ ঘৰৰ ফালে চায়। 

হৰেণ: কি হ’ল?

বিজু:  চিট পখিলীজনী আছে নাই বাউ? তোমাৰ মালিকৰ ভনীয়েকজনী? হিঃ …হিঃ..

হৰেণ : চিধা ৰূমত সোমোৱা। এইবোৰ শুনিলে খেদিব মোক। নহ’লে যোৱা তুমি।

বিজু : ধেই এইটো! ইমান ধুনীয়া ছোৱালীজনীক চিট পখিলা কোৱা যাবই দিয়াচোন ন? তুমিহে আজি দুমাহ থাকিও একো কৰিব পৰা নাই। মোৰ দৰে স্মাৰ্ট ল’ৰা হ’ব লাগিছিল।

হৰেণ: তোৰ তামোল খোৱা ৰূপ দেখি পলালেহেঁতেন!

বিজু: কি?

হৰেণ: ব’লা ভিতৰলৈ।

দুয়ো সোমাই যায় আৰু হৰেণে দৰ্জা জপাই দিয়ে।

৭ম দৃশ্য :

গুৱাহাটী মহানগৰৰ এটি আধ্যৱন্ত অঞ্চল। এটা হালধীয়া বিল্ডিং দেখা যাব। এখন ডাঙৰ লোহাৰ গেট। গেটত এখন ফলকত “Prof. Saikia” বুলি লিখা থাকে। চৌহদটো গছ গছনিৰে ভৰা সুন্দৰ পৰিৱেশ। ঘৰটোৰ পিছফালৰ পৰা পুৰণি আসাম টাইপৰ ঘৰটোৰ পৰা হৰেণ ওলাই আহে। কেমেৰাই হৰেণৰ ভৰিৰ লগে লগে মালিকৰ ঘৰৰ দুৱাৰমুখ দেখুৱায়।  গ্ৰীল বন্ধ থাকে। বাৰাণ্ডাত বাতৰি কাকতেৰে মুখ ঢাকি মানুহ এজন বহি থাকে। তেওঁৰ কাষত মুখত হালধী-চন্দন সানি আৰু চকুত তিয়ঁহ দুটুকুৰাৰে ঢাকি এজনী মহিলা বহি থাকিব। হৰেণে বেলটো বজোৱাত মানুহজনে মুখখন দেখুৱাব (মুকুট ভট্টাচাৰ্য, চৰিত্ৰ শইকীয়া)। লগে লগে মানুহজনীয়ে তিয়ঁহ গুচাব চকুৰ পৰা আৰু হাঁহি মাৰি ভিতৰলৈ দৌৰিব।

শইকীয়া: হৰেণ দেখোন? আহা ভিতৰলৈ। (হাঁহি ক’ব) আমাৰ আজি ৰূপচৰ্চা চলিছে। কাইলৈ বিয়া এখন আছে। 

হৰেণ: নবহোঁ দাদা। ভাৰাটো দিবলৈ আহিছিলোঁ। দেৰি হ’ব।

শইকীয়া: বহাচোন! দেৰি নহয় দিয়া। চাহ খোৱা। তোমাৰ লগত ভালকে কথাই হোৱা নাই। ছমাহ হ’বৰে হ’ল। 

হৰেণ: পিছত খাম দাদা। ভাৰাটো লওক বুলি পইচা আগবঢ়ায়।

“পিছত কিয়? এতিয়া কিয় নোখোৱা” বুলি এজনী ধুনীয়া মহিলাই হাতত চাহৰ ট্ৰে লৈ আহে।

 (এই চৰিত্ৰটো কৰিব ফৰিজা আফ্ৰিনে, মিচেচ শইকীয়া)।

শইকীয়ানী: খোৱাচোন চাহ একাপ। তুমি অহাৰ পৰা ভালকৈ কথাই পতাই নাই। দেখাও নাপাওঁ সিমান?

হৰেণ: মোৰ চিফ্ট ডিউটি থাকে বৌ। এসপ্তাহ ৰাতি আৰু এসপ্তাহ দিনত। সময়ে নাপাওঁ।

শইকীয়া: ক’ত কৰি আছা কাম?

হৰেণ: এটা এপাৰ্টমেণ্টত  চিকিউৰিটি হিচাবে কাম কৰিছোঁ দাদা। কিন্তু এৰিম। বৰ কষ্ট হয়।

শইকীয়া : তোমাৰ পঢ়া শুনা কিমান বাৰু? কিজানি মই ভাল কাম দিব পাৰোঁৱেই বা?

হৰেণ: বি.এ. পাছ কৰিছোঁ কোনোমতে।

শইকীয়ানী: হেৰা এওঁ দেখোন মোৰ দাদাৰ কনষ্ট্ৰাকশ্যন কোম্পানীতে কাম কৰিব পাৰে। সিহঁতক হিচাব চোৱা মানুহ এজন লাগে। এওঁ পাৰিব শিক্ষিত যেতিয়া।

শইকীয়া: পাৰিব। মই আজিয়ে কথা পাতিম। 

শইকীয়ানী: তিয়ঁহ দুটুকুৰা দিয়ক পেলাই দিওঁ।

শইকীয়া: কি তিয়ঁহ?

শইকীয়ানী: কিয় চকুত লগাব যে দিছিলোঁ মোৰ লগত?

শইকীয়া: ইয়ে লগাব দিছিলা নেকি? মই আকৌ খাবলৈ দিয়া বুলি খালোঁ নহয়!

হৰেণে চৰ্চৰণী খায়। এনেতে গেটত শব্দ হোৱাত ঘূৰি চাই দেখে এজনী ধুনীয়া, বগা ছোৱালীয়ে হাইহিল পিন্ধি খট্ খটায় আহে( মিৰাণ্ডা মিৰাণ্ডা) 

 শইকীয়ানী: তৃষা দেখোন? তাই কালিহে অহাৰ কথা আছিল! 

 হাই বৌ…হাই দাদা….। বুলি বৌৱেকক সাৱতি ধৰে। 

শইকীয়া: তই কাইলৈহে অহাৰ কথা আছিল?

 তৃষা: আছিল কিন্তু এদিন আগতে আহিলোঁ। কিন্তু আগতে পানী এগিলাচ দিয়া খাবলৈ।

 শইকীয়ানীয়ে দিয়ে। পানী খাই তাই কয়…

তৃষা: আমাৰ হোষ্টেলৰ মেৰামতি কৰিছে। কলেজ খোলা আছে।

 হৰেণ যাবলৈ ওলায়।

 তৃষাই বৌৱেকক চকুৰে সোধে কোন? 

বৌৱেকে চিনাকি কৰি দিয়ে। “আমাৰ নতুন ভাৰাতীয়া। লগ পাবা দিয়া পাছত।”

শইকীয়া ভিতৰলৈ যায়। তৃষাই হৰেণ যোৱাৰ ফালে কয়…He is soo hot”.

শইকীয়ানী: But he is not your type…

বৌৱেকৰ কথা শুনি তৃষাই হাঁহে। “হৈ যাব বৌ”। দুয়োজনী হাঁহি হাঁহি ভিতৰলৈ যায়।

 হৰেণে বাটত ভাবে, “এইজনী চিটপখিলা বুলি বিজুৱে এনেই কোৱা নাছিল।”  

৮ ম দৃশ্য :

তৃষা আৰু হৰেণৰ বন্ধুত্ব বাঢ়ি যাব। হৰেণৰ ৰূমত তৃষাই আলোচনী এখন লুটিয়াই থাকিব। হৰেণে মাংস বনাই থাকে। হঠাত আলোচনীৰ মাজত এখন ফটো ওলাব। তৃষাই ভালকে চাব আৰু হৰেণক সোধে কোন বুলি! হৰেণে তাৰ প্ৰেয়সী গোলাপী বুলি কোৱাত তাইৰ মুখখন ক’লা পৰে। হৰেণে গোলাপীৰ কথা কৈ থাকে হঠাত তৃষাই হৰেণৰ আগত  বেলেগ কথা উলিয়ায়।

তৃষা: হৰেণ তুমি ইমান স্মাৰ্ট হয়। তোমাৰ প্ৰেয়সী মিলা নাই তোমাৰ লগত?

হৰেণ: কি মিলা নাই?

তৃষা: হাৰে তুমি মডাৰ্ণ হয়। দুদিন পিছত মডেল হ’বা। তোমাৰ প্ৰেমিকা যদি ইমান কম স্মাৰ্ট হয় কেনে লাগিব। আৰু নামটোও যে কি গোলাপী। হাঃ হাঃ।

হৰেণ:  তাই বৰ ধুনীয়া। একদম গোলাপ ফুলৰ দৰেই কোমল।

তৃষা: পঢ়া শুনা কিমান? 

হৰেণ: মেট্ৰিক পাছ কৰি নপঢ়িলে আৰু।

তৃষা: অ’ মাই গড। তুমি বি.এ. পাছ আৰু তাই মেট্ৰিকে পাছ কৰা নাই? তুমি মানুহৰ আগত কেনেকে পৰিচয় দিবা তাইৰ?

“এইজনী গোলাপী। হৰেণৰ ধুনু” 

হঠাতে বিজু আহি কয়। তৃষাই বিজুক দেখি বেয়া পায়।

বিজু: আৰে আমাৰ হৰেণ দূৰ্দান্ত প্ৰেমিক। এবাৰ কি হ’ল জানে? হৰেণে গোলাপী নবৌক লগ কৰিবলৈ সন্ধিয়াতে গৈছিল আৰু গোহালিতে লুকাই আছিল কাপোৰ এখনেৰে মুখ ঢাকি।

হৰেণ: বিজু বন্ধ কৰা হা! এগ্লা পুৰণি কথা। লাজ লাগে বাপাহাৰে।

তৃষা: ক’ব দিয়া তোমাৰ প্ৰেম কাহিনী। কিয় মানা কৰিছা? কোৱা বিজু।

বিজু: গোলাপী নবৌ আহিব পৰা নাছিল ওলায়। এওঁ আকৌ মহৰ কামোৰত ৰ’ব নোৱাৰি জঁপিয়াই দিলে। সেই সময়তে আবু আহিছিল বাহিৰলৈ। মানুহৰ ভৰিৰ শব্দ শুনি চোৰ বুলি হাল্লা লগালে। দেউতাক আৰু ভায়েকে পিটিলে ঠিকছে। গোলাপী নবৌৱে জানিব পাৰি কোনোমতে বচালে আৰু এওঁ পলালে।

হৰেণেও হাঁহিত যোগ দিয়ে। তৃষাই মুখখন বেঁকা কৰে আৰু বিজুৰ চকুত পৰে।

তিনিও ভাত খায়। হৰেণে ভাত খাই  উঠি কাপোৰ বেগত ভৰায়। তৃষাই সোধে ক’ত যাব? হৰেণে গোলাপীক লগ ধৰিবলৈ যাম বুলি কয়। তৃষাই মনে মনে গোলাপীলৈ কিনা শাৰীখন লুকুৱাই থয়।

কেমেৰাই বাচ এখন অহা দেখুৱায়। ভৰ দুপৰীয়া বাচখন ৰখে। প্ৰখৰ ৰ’দ। কোনো মানুহ নাই। হৰেণ নামে। পাণ গুমতিখনলৈ চায়। বন্ধ দেখি অলপ পাণ গুমতিখনৰ বাৰাণ্ডাত হৰেণ ৰয়। হঠাতে পিছফালৰ পৰা কোনোবাই তাৰ চকু ঢাকি ধৰে। হাতৰ পৰশ  চিনি পায় সি। “গোলাপী” বুলি হৰেণে কয় আৰু গোলাপী সমুখলৈ আহে।

গোলাপী: তুমি চিনি পালা মোক? যদি কোনোবা বেলেগ হ’লহেঁতেন?

হৰেণ: হৰেণে গোলাপীক নাপাহৰে। 

গোলাপীয়ে মোনাত লৈ অহা বটলৰ পৰা নেমু চৰ্বট দিয়ে তাক।

হৰেণে খায়। দুয়ো যায়।

পিছদিনা নদীৰ ঘাটত দুয়ো লগ ধৰে। হৰেণে গোলাপীলৈ অনা সকলো বস্তু উলিয়াই দিয়ে। কেৱল শাৰীখন নোপোৱাত আচৰিত হ’ল।

গোলাপী: ইমান ধুনীয়া সকলোবোৰ? চেলো‍ৱাৰযোৰ আৰু ভাল।

হৰেণ: চেলোৱাৰযোৰ মই পচন্দ কৰা। বাকী সকলো তৃষাই কৰিছে।

গোলাপী: তৃষা কোন? 

হৰেণ:  মালিকৰ ভনীয়েক। বৰ ভাল ছোৱালী। ধুনীয়াও আৰু লংপেণ্ট, ফ্ৰক সব পিন্ধে। মই বোলে মডেলিং কৰা চেহেৰাৰ। মই যে বাঁহী বজাওঁ তাই  মোক বহুত প্ৰশংসা কৰে।

হৰেণে তৃষাৰে কথাকে কৈ থাকে অনৰ্গল। গোলাপীৰ  অনুভৱ হয় যেন হৰেণে তাইৰ লগত কথা পতাতকৈ তৃষাৰ কথাহে বেছি কৈছে। হৰেণৰ যেন তাইৰ প্ৰতি থকা হেঁপাহটো কমিছে। অজানিতে তাইৰ চকুৰে দুটোপাল পানী পৰে। কিন্তু হৰেণৰ চকুতে নপৰে। দুয়ো কথা পাতি নৈৰ পাৰৰ পৰা আহে।

৯ম দৃশ্য :

হৰেণে গাঁৱৰ পৰা আহি পায়। তৃষাই তাক আজিকালি প্ৰায়েই সকলোতে লৈ যায়। 

শ্বপিং মলটোৰ পৰা হৰেণ আৰু তৃষা ওলাই আহে। 

তৃষা: বাপৰে গাঁৱত গৈ তুমি নাহিবা বুলিয়ে ভাবিছিলোঁ জানানে? মই বোলো খেতিতে ধৰিলা নেকি? নে গোলাপীয়ে বান্ধিয়ে থ’লে? 

হৰেণ: ধেত..গোলাপীয়ে কিয় বান্ধিব? তাইৰ বাবেই আহিছোঁ গুৱাহাটীলৈ। আৰু খেতি কৰিবলৈ মাটিও লাগিব নহয়? যিখিনি আছে টুকটাক চলিব পৰা।

তৃষা: তুমি গাঁৱৰ মাটি বেছি দি একেবাৰে উঠি আহা ইয়ালৈ।

হৰেণ: মায়ে নামানিব। মাই থকালৈ নহ’ব আৰু গোলাপীয়েও নামানিব।

তৃষা: গোলাপীয়ে দেখিছে চহৰৰ আভিজাত্য? তোমাৰ গোলাপী গাঁৱতে থাকিব। কাৰণ তাইৰ উচ্চাকাংক্ষা নাই। 

কিন্তু তোমাৰ আছে। বুজিছা?

হৰেণ : তোমাক জমনী কথা কওঁ ৰ’বা এটা?

তৃষা: কি?

হৰেণ : মই যে চুলি দীঘল কৰিছোঁ আৰু ইমান ষ্টাইলিচ দ্ৰেচ পিন্ধি গৈছোঁ! মোক গাঁৱত চিনিয়ে পোৱা নাছিল বহুতে। আনকি মায়েও।

তৃষা: কি?

হৰেণ: গোলাপীহঁতৰ ঘৰলৈ যাওঁতে মই পিছমুখ কৰি আছিলোঁ চাৰপ্ৰাইজ দিবলৈ। হঠাত  ভায়েকে  দৰ্জা খুলি ভিতৰলৈ দৌৰে। মই শুনিবলৈ পাইছিলোঁ বায়েকক কৈছে, “কোনোবা হটঙা চেহেৰাৰ খোপা বন্ধা লংপেণ্ট পিন্ধা ছোৱালী আহিছে” 

হাঃ হাঃ।

তৃষা: O M G ছোৱালীয়ে লংপেণ্ট পিন্ধে নাজানে নেকি?

হৰেণ: ধেই আমাৰ গাঁৱত নিপিন্ধে যে সেইবাবে আচৰিত হৈছে। তাৰপিছত শুনা? গোলাপীয়ে আহি কৈছে কাক লাগে বাইদেউ? মই ঘূৰি দিয়াত তাই থৰ পৰিল। ইমান হাঁহিছোঁ দুয়ো। 

তৃষা: তোমাৰ গোলাপী বেহুচ নহ’লনে?

হৰেণ:  নাই ..নাই। মোৰ চুলিখিনিত তাই তেলো সানি দিলে। আৰু বেণী গুঠিও দিলে। গোলাপীৰ কথাই বেলেগ।

তৃষা: তোমাৰ গোলাপীৰ বাহিৰে আন কথা নাই নেকি? সব কথা গোলাপীতে শেষ হয় যে?

হৰেণ: গোলাপীক কিয় বেয়া পোৱা তুমি?

তৃষা: কাৰণ তাই তোমাৰ উপযুক্ত নহয়। তাইৰ যোগ্যতা নাই তোমাৰ লগত থাকিবলৈ।

তৃষা আঁতৰি আহে। হৰেণে আচৰিত হৈ যায়। হঠাত ৰাস্তাৰ সিপাৰে  বিজুক দেখে। সি দুয়োক দেখি হাত জোকাৰে। 

তৃষা: এইটো ক’ৰপৰা ওলাল? বৰ অশান্তি পাওঁ ইয়াক?

হৰেণ: ময়ে মাতিছিলোঁ তাক। একেলগে লাঞ্চ কৰোঁ বুলি?

তৃষা: মই লাঞ্চ নকৰোঁ। তোমালোকে কৰাগৈ। মোৰ মূৰ বিষাইছে।

হৰেণ: আমিও নাখাওঁ তেন্তে।

বিজু আহি বহে পিছফালে। তৃষাই মুখখন ঘূৰাই দিয়ে।

বিজু: চেধা আছে নি হৰেণ?

তৃষা: চেধা? সেইটো কি বস্তু?

হৰেণে মনে মনে থাকিবলৈ ইঙ্গীত দিয়ে। কিন্তু বিজুই নেদেখা ভাও ধৰি কয় আকৌ….

“চেধা যে ….চূণৰ লগত মলি খায়”

তৃষা: কি? তোমালোকে তাৰমানে চাধা খোৱা?

হৰেণে নামাতে একো।  

গাড়ী আহি ঘৰৰ ভিতৰত সোমায়। হৰেণে ৰূমৰ চাবিটো বিজুক দি তৃষাৰ লগত বজাৰৰ বেগবোৰ লৈ যায়। বাৰাণ্ডাত শইকীয়ানীয়ে বহি চাহ খাই থাকে। হৰেণ আৰু তৃষাক দেখি বেঁকা হাঁহি মাৰে।

শইকীয়ানী: আহিলা? ধেৰ বজাৰ কৰিলা ন? হৰেণ আজিকালি বেলেগ হৈ গ’লা দেই। কাম কৰি আছা ন ভালকৈ?

হৰেণ: হয় বাইদেউ। কৰি আছোঁ।

শইকীয়ানী: তুমি ভাল বুলি কৈছে দাদাই। এই তৃষাৰ লগত ঘূৰি বেছি কাম খতি নকৰিবা। তাইতো ফুৰিবলৈ পালে ভালেই পায়।

হৰেণে একো নামাতে। তৃষাই হাঁহে।

হৰেণ: কালি ক’ৰবালৈ যাবানে?

তৃষা: সময়ত জনাম বাৰু! এতিয়া যোৱা তুমি।

 

হৰেণে যায়…

শইকীয়ানী: তৃষা। তুমি আজিকালি হৰেণৰ লগত বৰকৈ হলিগলি কৰিছা। কিবা প্ৰেম চেমৰ খেলা হোৱা নাইতো? চাবা কিন্তু দাদাই গম পালে কি হ’ব?

তৃষা: বৌ, তুমি কোনটো এংগলেৰে হৰেণক মোৰ বয়ফ্ৰেণ্ড ভাবিলা? ক’ত সি আৰু ক’ত মই? আৰু এনেও মইতো সদায় অসমত নাথাকো‌ঁ। সি মোৰ টাইম পাছ….উপচ বন্ধুহে।

শইকীয়ানী: কি? চাবা কিন্তু তোমাৰ বাবে যাতে এজন সহজ সৰল ল’ৰাই দুখ নাপাই মনত।

তৃষা: No…no…একদম চিন্তা নকৰিবা বৌ। ব’লা কি কি কিনিলোঁ চাবা। তোমাৰ বাবেও কিনিছোঁ কিবা।

তৃষা ভিতৰত যায়। বৌৱেকে চাই থাকে সন্দেহেৰে।

হৰেণে আহি দেখে বিজয়ে এসোপা চিঠি গণি আছে। হৰেণে খঙতে টানি আনে চিঠিবোৰ।

হৰেণ: বিজু তোমাৰ এইবোৰ স্বভাৱ বেয়া পাওঁ মই। লোকৰ চিঠি যে নপঢ়ে তুমি নাজানা? এইবোৰ কৰিলে নাহিবা তুমি।

বিজু: মই লোকৰ চিঠি নপঢ়ে বুলি জানো বন্ধু। কিন্তু তুমি যে এই চিঠিবোৰ দুবছৰ হ’ল খোলাই নাই। মই সেইটোহে হিচাব কৰিছোঁ। 

হৰেণ: মোৰ সময় হোৱা নাই। যেতিয়া মন যাব খুলিম। 

বিজুৱে চিঠিবোৰ সামৰি হৰেণৰ হাতত দিব। 

বিজু: বন্ধু সময় থাকোঁতে পঢ়িবা। নহ’লে সময় ৰৈ নাথাকে কাৰো হাতত। যিদিনা হয়তো পঢ়িবা সেইদিনা সময় বহুত দূৰ আগুৱাই যাব পাৰে।

বিজু ওলাই যায়। হৰেণে পিছমুৱা দি থাকে। 

চহৰৰ আভিজাত্য দিনে দিনে বাঢ়ি যায়। হৰেণেও চহৰৰ আভিজাত্যৰ 

মাজত নিজকে বিলাই দিয়ে লাহে লাহে।

১০ ম দৃশ্য :

ৰাজো মেট্ৰিক পাছ কৰা দুবছৰ হ’ল। ফাইনেল পৰীক্ষা দি ঘৰতে আছে। পাছ কৰিলে গুৱাহাটীলৈ যাব আগলৈ পঢ়িবলৈ। বায়েকৰ কথামতে  স্কুলৰ পৰা খবৰ লৈ  আহিছে। গোলাপীয়ে তাইক চিঠি আহিছে নে সোধাত নাই অহা বুলি কয়। গোলাপীয়ে মনটো বেয়া কৰে। চকুৰ পলকতে দুটা বছৰ পাৰ হয় হৰেণ গুৱাহাটীলৈ যোৱা। ৰাজোই বুজায়। বাহিৰত মণ্ডলৰ মাত শুনা যায়। নেত্ৰক বিচাৰি আহে।

ৰাজো: এই মণ্ডলজনে একো দাদাক নিবিচাৰে। তোক চাব আহে বুদ্ধি কৰি আৰু মাই পিতাক ভুলাব আহে। আৰু কমলা বাইৰো বেছি আদৰ সাদৰ হয়। এনেই কূটা এখন নকৰে কিন্তু মণ্ডল আহিলে কি চাবি তাইক?

গোলাপীয়ে নামাতে। এনেতে কমলা বাই সোমাই আহে।

কমলা: আহ গোলাপী হেমন্ত আহিছে। মাত এষাৰ দি। তোৰ মৰমতে মৰে সি। আহ চাহকাপ তয়েই দিয়াহি।

গোলাপী: বাই তই সকলো জানিও কিয় এইবোৰ কৰি থাক? মই মণ্ডলক ভাল নাপাওঁ ভালকৈ জান তই। কিয় জোৰ কৰি থাক?

ৰাজো: ডাঙৰ বাই, তোৰ বেয়া নালাগে সৰু বাইৰ লগত এইবোৰ কৰিব?

কমলা: মই গোলাপীৰ ভালৰ বাবেহে কৰিছোঁ। তাইৰ সংসাৰখন সুখৰ হওক বুলি। কি বেয়ানো মণ্ডল?

গোলাপী: তই তোৰ সংসাৰৰ কথা ভাব। বছৰটোৰ আধা দিন মাইৰ ঘৰতে থাক তই! মোৰ কথা নাভাবিবি।

কমলা: হা তোৰ ভালৰ কথা চিন্তা কৰোঁতে মোক মাইৰ ঘৰত থাকা উদাহৰণ দিয়া। এইখন ঘৰত মোৰো সিমান অধিকাৰ যিমান তহঁতৰ আছে। তই সেই হৰেণৰ কাৰণে এইবোৰ কৈছা জানো মই। আজি এবছৰে সি তোৰ খবৰেই লোৱা নাই। আৰু নলয়ো যা।

কমলা বায়ে বিছনাত বহি কান্দিবলৈ ধৰে। গোলাপীয়ে অসহায় হৈ থিয় দি থাকে। ৰাজোই খঙেৰে চাই থাকে।

মাকে ভিতৰত হাল্লা শুনি দৌৰি আহে। 

মাক: কি হৈছে তহঁতৰ? বাহিৰত মানুহ আছে নাজান?

কমলা: ময়ে বেয়া দে মাই। মই যামগৈ আজি ঘৰলৈ।

মাক: সেইটো তই সদায় কৱ ৰহ! পিচে মানা নকৰোঁ। নাতিনীকেইজনী অকলে আছে ঘৰত। জোঁৱায়ে লৈ গৈছে। কি বা খাইছে? মাক লগত থাকিলে ভাল।

কমলা: কালিয়ে যামগৈ মই। আৰু নাহোঁ।

এনেতে বাহিৰত কোনোবা মহিলাৰ মাত শুনা যায়।

 ” বাই….বাই….ও বাই”

 ” জেঠি….ও জেঠি…।

 ৰাজো: মাই এ, চিত্ৰা মাহী আৰু দিপুৰ মাত দেখোন? 

ৰাজো দৌৰি যায় আৰু মাহী বুলি চিঞৰে। দিপু তয়ো আহিছ? 

লগে লগে কেমেৰাই মাক পুতেক এহালক দেখাব।( অভিনয় কৰিব চিত্ৰলেখা দেৱী আৰু দিম্পল কলিতা)

ভিতৰৰ পৰা কমলা আৰু মাক আহে।

বাহিৰত গোলাপীৰ পিতাক বসন্ত, আবু, মণ্ডল আৰু নেত্ৰই কথা পাতি থাকে।

বসন্ত: খুলশালি দেখোন! কি খবৰ? হঠাতে ওলালালি যে?

চিত্ৰা:  ইমান ভাল খবৰ শুনি ৰৈ থাকিমনা ভিনি? খবৰটো পায়েই গুচি আহিলোঁ।

মাক: কি খবৰে চিত্ৰা? আহ আহতে বহি ল? 

নেত্ৰ: কি খবৰে মাহী? আমিয়ে গম নাপাওঁ। তই পালি?

দিপুৱে বেগটো ভিতৰলৈ লৈ যায়।

চিত্ৰা: কিয় গোলাপীৰ যে বিয়া ঠিক হৈছে সেইটো? তহঁতে নক’লেও কমলাই সব কৈছে আমাৰ দিপুৰ মোবাইলত ফোন কৰি। সেইকাৰণে আহিছোঁ।

মাক পিতাকে কমলাক চাই অলপ খঙত। কমলাই সেমেনা সেমেনি কৰে। 

চিত্ৰা: দৰা বোলে গাঁৱৰে? মস্ত ধনী মানুহ। গাড়ী, মাটি সব আছে। পঞ্চায়ততো জিকিছে। ভালে দে আমাৰ গোলাপীৰ ভাগ্যখন?

মণ্ডলে শুনি অলপ গপচত বহে।

মাকে  মাহীয়েকক কাষলৈ আনি কয় সেইজনে দৰা। সৰুকৈ ক।

মাহীয়েকে ঘূৰি চাই মণ্ডলক দেখি লাজ পায়।

চিত্ৰা: বাই এ, বয়স হ’ব দেখোন এ। আৰু চুলিও নাই বাপাহাৰে। 

মাক: ধেই পুৰুষৰ বয়স নাচায় দে! গুণ চাব লাগে।

দিপুৱে আহি শুনে।

দিপু: এইজন দৰা নিমিলে আমাৰ গোলাপী বাইৰ লগত। এইজন দেখোন মণ্ডল খুড়া। সৰুতে আমি টিভি চাব গৈছিলোঁ এখেতৰ তাত। ন খুড়া? চিনি পাইছেনা?

মণ্ডলে একো নামাতে। বসন্তই ধমকি দিয়ে। 

চিত্ৰা: ই মানে যি পাই তাকে বকে। অ’ ভিনি ইয়াক কিবা গতি কৰক। পঢ়া শুনা নকৰে। আপোনালোকৰ ঘৰতে থাকি মেট্ৰিকটো দিয়ক লগতে কিবা কাম পালে কৰক।

মণ্ডলে মাত দিয়ে।

“মোৰ দোকানখন চাব পাৰিব যদি বিচাৰে। মোৰ সময় নাই। ভাগিনটোৱে চাইছিল। কিন্তু সি চাকৰি পাই বাংগালোৰলৈ গ’ল। দৰমহা দিম।”

সকলোৱে সন্মতি দিয়ে। মণ্ডল যায়। মাহীয়েকে কয়, “এনেকুৱাহে হ’ব লাগে জোঁৱাই”।

কমলা: তাৰ পিছতো ময়ে বেয়া। এতিয়া গম পালেনে সবে?

১১ দৃশ্য :  

কেলেণ্ডাৰৰ পাতবোৰ ওলোটাই থকা দেখুৱাব। আৰু দুটা বছৰ পাৰ হ’ব। ৰাজো দ্বাদশ পাছ কৰি গুৱাহাটীত পঢ়িবলৈ যায়। গোলাপীহঁতৰ খেৰৰ ঘৰ পকী হ’ব। ভায়েক নেত্ৰ সৰু ঠিকাদাৰ হ’ব। আবুয়ে চশমা ল’ব। মাকৰ চুলি অলপ পকিব। দেউতাকৰ চেহেৰাটো অলপ ভাল হ’ব। মণ্ডলে গু‍ৱাহাটীৰ ডাক্তৰৰ ওচৰত চিকিৎসা কৰাব।  মণ্ডলৰ দুখন চাৰিচকীয়া হ’ব, দুমহলীয়া ঘৰ হয়। দোকান ডাঙৰ হয়। মুঠতে সলনি হয় সকলো কেৱল গোলাপীৰ বাহিৰে। কিন্তু তায়ো সলনি হ’ব বুলি নিজক কথা দিয়ে। যেতিয়া ৰাজোৰ মুখৰ পৰা কথাবোৰ শুনে। ফ্লেচবেক দেখুওৱাব।

  ১…..২….৩

পেণ্টালুন শ্বপিং মলৰ পৰা এহাল ডেকা গাভৰু ওলাই আহে। হাতত বহুতো বেগ। ছোৱালীজনীয়ে হাঁহি হাঁহি ডেকাজনৰ হাতত ধৰি আহিব। ডেকাজনেও হাঁহি হাঁহি কিবা কৈ কাৰোবাক খুন্দা মাৰে। ঘূৰি চাই দেখে নেত্ৰ আৰু দিপু। লগতে ৰাজোও। ডেকাজনে উচপ খাই উঠে।

নেত্ৰ আৰু ৰাজোই ডেকাজনক তলৰ পৰা ওপৰলৈ চায়। ডেকাজনৰ পিন্ধনত টাইট পেণ্ট, টি চাৰ্টৰ ওপৰত চাৰ্ট, দীঘল চুলি ৰবৰেৰে বন্ধা আৰু কাণত কাণফুলি। চকুত ক’লা চশমা, ডিঙিত চেইন মুঠতে মডেল যেন চেহেৰা। 

নেত্ৰ আৰু ৰাজো একেলগে

: হৰেণকা???….

দিপু: হাও, হৰেণকা দেখোন? মই সৰুতে দেখিছিলোঁ। মোক চিনি পাইছানে? মই দিপু। আজিকালি গোলাপী বাইহঁতৰ ঘৰত থাকোঁ।

হঠাত গোলাপীৰ নাম শুনি বহুদিনৰ মূৰত অপ্ৰস্তুত হৈ পৰে হৰেণ। কাষত থকা তৃষাইও গোলাপীৰ নাম শুনি অলপ খং উঠা যেন কৰে।

হৰেণ: নেত্ৰ, ৰাজো।

নেত্ৰ: হৰেণকা দেখোন?  ভালে আছানে? বহুদিনৰ মূৰত দেখিলোঁ।

হৰেণ:  অঁ। মোৰ ভালেই। ৰাজো বহুত ডাঙৰ হ’লি দেখোন? কলেজ পালি চাগৈ ন?

ৰাজো: কলেজ পাছোঁ কৰিম এইবছৰ। চাৰি বছৰ হ’ল কলেজত পঢ়া। 

ৰাজোৱে অলপ বেৰসত উত্তৰ দিয়ে।

দিপুৱে ৰাজোৰ কাষত আহি তৃষাক দেখুৱাই কয়….

“ইমান ডাঙৰ ছোৱালীজনীয়ে কি নাউমান ফ্ৰক পিন্ধিছে” হিঃ …হিঃ…

ৰাজো: মনে মনে থাক। আজিকালি চহৰৰ  ছোৱালীয়ে পিন্ধেই।

তৃষাই শুনি খঙেৰে চায় দিপুক।

দিপু: হৰেণকা তোমাৰ চুলি একদম তেৰেনাম কাটিঙতকৈও বেলেগ হৈছে। মেৰেনাম হৈছে মানে  আমাৰ ৰাজো বাইতকৈও দীঘল হৈছে। ঠিক গোলাপী বাইৰ সমান।

পুণৰ গোলাপীৰ নাম শুনি হৰেণৰ মুখখন ৰঙা চিঙা পৰে আৰু তৃষাই বিৰক্তিৰে কয় 

“ব’লা যাওঁ”।

হৰেণেও যাওঁ বুলি কৈ আহে। নেত্ৰ, ৰাজো আৰু দিপুৱে চাই থাকে। 

হঠাত ৰাজো দৌৰি আহে হৰেণৰ ওচৰলৈ। হৰেণ আৰু তৃষা আচৰিত হয়।

ৰাজো: হৰেণকা তোমাক এটা খবৰ দিব পাহৰিছিলোঁ। আমাৰ গোলাপী বাইৰ বিয়া। অহা মাহত আঙঠি পিন্ধাব। আমি বজাৰলৈ আহিছোঁ। 

হৰেণে কিবা ক’বলৈ লওঁতে তৃষাই জোৰেৰে গাড়ীৰ হৰ্ণ বজাই দিয়ে।

পুণৰ উভতি আহে গোলাপী বাস্তৱলৈ। তাই ৰাজোক কোৱা কথাখিনি দেখু্ৱাব।

ৰাজো: মই খঙতে মিছাকৈ ক’লোঁ বাই। মাফ কৰি দে।

গোলাপী: ঠিকেই কৰিলি।

১২ নং দৃশ্য :

বাহিৰত  কমলা বায়েক, মাক-পিতাকে বহি আলোচনাত ব্যস্ত তাইৰ বিয়াৰ। ইতিমধ্য মণ্ডলে গোলাপীক বিয়াৰ বাবে প্ৰস্তাব দিছে কেইবাবাৰো। তাই হৰেণৰ কথা কোৱাৰ পিছতো মণ্ডলৰ কোনো আপত্তি নাই বুলি কৈছে।

পিতাকে যৌতুকত একো দিব নোৱাৰিম কোৱাত মণ্ডলে গোলাপীক কইনা সজাই দিলেই হ’ব বুলি কয়। গোলাপীৰ ঘৰৰ মানুহ ৰাজী হয়।

আজি চাৰি বছৰ হ’ল হৰেণে খবৰ নোলোৱা। এই চাৰি বছৰত সি তাইক মাত্ৰ তিনিবাৰহে লগ ধৰিছে। আৰু  দুবাৰত মাকৰ ওচৰৰ পৰা আহি গৈছে। মাকৰো খবৰ ল’বলৈ নহা হ’ল। তায়েই খবৰ লয়। মাকৰ বৰ আশা আছিল গোলাপীক বোৱাৰী কৰাৰ।  

শালত ফুল বাচি থাকোঁতে দুবছৰ আগৰ কথা গোলাপীৰ চকুৰ আগত ভাঁহি উঠিব।

হৰেণৰ লগত নদীৰ পাৰত বহি কথা পতা, নাৱত উঠি হাঁহি হাঁহি পানী চটিয়াই দিয়া, মেলাত চকৰীত উঠা, সিহঁতৰ ঘৰত পুখুৰীৰ পাৰত পুৱতি নিশালৈকে কথা পতা, হৰেণে আঙঠি পিন্ধোৱা, গুৱাহাটীত যোৱাৰ সময়ত হাতত ধৰি প্ৰতিশ্ৰুতি দিয়া সকলো মনত পৰে।

গোলাপীয়ে শালতে মূৰ থৈ কান্দে। দূৰৰ পৰা আবু আৰু ৰাজোই চাই থাকে।

বেকগ্ৰাউণ্ডত বাজে পুলক বেনাৰ্জীৰ গান…

   ” ও ও সোঁৱৰণী নিদিবি আমনি

         হেৰোৱা দিনৰে নিকৰুণ কাহিনী”।  

আবুৱেকে আহি মূৰত হাত বোলাই  তাইক লৈ যায়।

আবু: আই অ’ ..কালি তোৰ শুভদিন। আঙঠি পিন্ধিবি। এনেকে কান্দি নাথাকে। অলপ দেহাৰ যতন লচোন। আয়তীবোৰ খবৰ ল’ব আহি আছে। কি ভাবিব? মণ্ডল বেয়া নহয় ব’ল। আজি চাৰিবছৰে তেওঁ  আমাক কৰা উপকাৰ পাহৰিব নোৱাৰি। কেতিয়াবা জীৱনত  জীয়াই থাকিলে কিছুমান এৰাধৰাৰ মাজতো চলিব লাগে।

মাক পদুমীও আহে সেইসময়ত। মাকেও গোলাপীক সাবতি ধৰে।

মাক: আই, আমি তোৰ অহিত নিচিন্তো। দূৰলৈ যোৱাটোক লৈ দুখী হোৱাতকৈ হাত মেলি পোৱাটোত আনন্দ কৰিব লাগে। মণ্ডলে তোক বহুত আদৰ কৰিব মাজনী। ব’ল, মুখ হাত ধুই কিবা খাবি।

গোলাপীয়ে মাকৰ বুকুত পৰি কান্দে।  তিনিও আহে।

১৩ নং দৃশ্য :

ৰাতিপুৱাব। গোলাপীৰ ঘৰত উথপথপ লাগিব। চোতালত আয়তী আহি গীত গাব আৰম্ভ কৰে। নেত্ৰ আৰু দিপুৱে খোৱাৰ ব্যৱস্থা চাই আছে। আঙঠি পিন্ধোৱাৰ আগতে সৰুকৈ গণেশ পূজা আৰম্ভ কৰিছে। ইতিমধ্যে মৰিগঁঞা শৰ্মা বাপু আহিছে। বহু বছৰ ধৰি তেওঁ নলবাৰীতে আছে। মৰিগাঁৱৰ বাবে মৰিগঁঞা বাপু বুলিয়ে মাতে তেওঁক। 

আবুই বাৰাণ্ডাতে বহি আছে। মাক পদুমীয়ে ব্যস্ত ইটো সিটো যোগাৰত। পিতাকে বামুণৰ লগতে আছে। চিত্ৰা মাহীয়ে তামোল কাটি বটাত সজাই আছে। আৰু কমলা বায়ে মণ্ডলৰ পৰা গোলাপীৰ লগতে তেওঁৰ বাবেও খুজি লোৱা পাটৰ কাপোৰযোৰ পিন্ধি পুতেকক কোলাত লৈ পাইতাৰা দি আছে।

মণ্ডল তেওঁৰ আত্মীয় সকলৰ লগত আহি পায়। পিতাকে, ভায়েকে আদৰি আনে। দিপুৱে এপাকত গৈ ভালৰি লগাই মণ্ডলক কয়….

দিপু: মই দোকানখন ভালকে চলাইছোঁ ভিনি।

   মণ্ডলে ঘোঁপাকৈ চায় আৰু কয়..

“মই শুনিছোঁ, গাঁৱৰ বোলে দুনীয়াৰ ছোৱালীবোৰক তই ফ্ৰিতে লিপষ্টিক, কাজল, স্নো দিয়? সঁচানে?”

দিপু: (জিভা কামুৰি) সবকে নহয়। বেষ্টি কেইজনীক।

মণ্ডল: বেষ্টি???

দিপুৱে পলায় তাৰ পৰা।

শৰ্মা বাপুৱে আঙঠি পিন্ধোৱাৰ সময় হ’ল বুলি কৈ চোতালত শান্তি পানী চটিয়াই দিয়ে। কইনাক আনিব দিয়ে।ৰাজো গৈ বায়েকক মাতিব। ভিতৰত  গোলাপীক ধুনীয়াকৈ কইনা সজাই থাকে মালতী আৰু মীণাই। দুয়োৰে ইতিমধ্যে বিয়া হৈছে। মীণাৰ কোলাত কেঁচুৱাও আছে।

ৰাজোক দেখি মালতীয়ে  হাঁহি মাৰি  কয়…..

মালতী: অৱশেষত তোৰ বায়েৰে মেম্বৰণী হ’ল দে। 

মীণা: অঁ…ভালে হৈছে দে গোলাপী। ভাগ্যত যি আছে তাকে হ’ব। তোৰো ভাগ্যত হৰেণকা নাই আৰু আমাৰো ভাগ্যত নাছিল।

গোলাপীয়ে একো নামাতি থিয় হয় আৰু ৰাজোই লৈ আহে বাহিৰলৈ।

গোলাপী চোতালৰ ঢাৰিত বহে। মণ্ডলেও সমুখত বহে। গোলাপীৰ ৰূপ দেখি মণ্ডলে থৰ লাগি চাই থাকে। আঙঠি পিন্ধাব পাহৰে। দিপুৱে চিকুটি দিয়াত জাঁপ মাৰি উঠে। আয়তীবোৰে হাঁহে। মণ্ডলে আঙঠি পিন্ধাই দিয়ে আৰু গোলাপীৰ চকুৱেদি টপ টপকৈ চকুপানী সৰে।

১৪ নং দৃশ্য :

হৰেণৰ কামৰ ব্যস্ততা বাঢ়ে। পদোন্নতিও হয়। আজিকালি কামৰ বাবে দিল্লী, কলিকতাটো যাব লাগে প্ৰায়ে। বচে হৰেণকে লৈ যায় তাৰ কামত সন্তুষ্ট হয়। এক কথাত হৰেণ মালিৰ চেক্ৰেটৰী হৈছে। কামত সচেটন, সততা আৰু পৰিশ্ৰমী বাবে মালিকে হৰেণক বহুত ভাল পায়। কষ্টও কৰে সি নিজক প্ৰতিষ্ঠা কৰিবলৈ। অতীতক পাহৰি বৰ্তমান আৰু ভৱিষ্যত গঢ়িবলৈ সি চেষ্টা কৰে।

কেমেৰাই শইকীয়াৰ ড্ৰয়িং ৰূম দেখাব। শইকীয়া অলপ খঙত বহি থাকিব।  ঘৈণীয়ৰক আৰু ভনীয়েকক খঙেৰে মাতিব। দুয়ো উধাতু খাই আহে।

শইকীয়ানী: কি হ’ল? কিয় চিঞৰিছে এনেকৈ? মানুহে শুনিলে কি ক’ব?

শইকীয়া: মানুহে শুনাতকৈ আমাক দেখি কি ক’ব ভাবা? ক’ব নহয় কৈছেই?

তৃষা: কোনে কি কৈছে?

শইকীয়া: সকলো তোৰ বাবে হৈছে। হৰেণৰ লগত তোৰ কি চলিছে? আৰু তুমি বৌৱেকজনী থাকোঁতে কিয় এইবোৰ হৈছে?

শইকীয়ানী: মই গম নাপাওঁ। আৰু মোৰ চকুত পৰা নাই দেখোন? হৰেণ ল’ৰাটো ভালেই, অমায়িক।

শইকীয়া: গাভৰু ছোৱালী এজনী দিনে, ৰাতি ডেকা ল’ৰা এজনৰ লগত ঘূৰি থাকিলে ভাল দেখি? চকুত নপৰিব মানুহৰ? সিদিনা মোক ৰাজখোৱাই সুধিছে লগ পাই হৰেণ কোন হয়? ভন্তীৰ বিয়া ঠিক কৰিছোঁ নেকি তাৰ লগত?

শইকীয়ানী: ৰাজখোৱা মানে ডিফুত যে চাকৰি কৰে তেওঁ? তেওঁ  নাথাকে দেখোন ইয়াত? নিশ্চয় ৱাইফে কৈছে তেওঁক।

শইকীয়া: মোৰ এটা ষ্টেণ্ডাৰ্দ আছে চ’ছাইটিত। কাৰোবাৰ ভদ্ৰতা চাই মই মোৰ ভনীৰ সম্পৰ্ক নকৰোঁ। হৰেণে বোলে ৰাজখোৱাৰ আগত মই ভন্তীক বিয়া দিমনে সুধিবলৈ কৈছে?

তৃষাই কান্দে। বৌৱেকে মনে মনে থাকিবলৈ কয়।

শইকীয়া: কান্দি দেখালে নহয়। মই যাতে আৰু হৰেণৰ লগত তোক নেদেখোঁ। সেইফালে গম পালে কি হ’ব? আৰু মাত্ৰ কেইটামান মাহহে আছে?

শইকীয়া ওলাই যায়।

শইকীয়ানী: মই তোমাক আগতে মানা কৰিছিলোঁ। বেচেৰা হৰেণে চিৰিয়াছলি লৈছে। তুমিহে নুশুনিলা?

তৃষা: তাক মই চিৰিয়াছলি লোৱা নাই কেতিয়াও। সি মোক তেনেকে ভাবিলে মোৰ কি দোষ? ফাইন…মই তাক চিধা কৰিম। সি দাদাৰ আগত মোক বিয়া কৰোৱাৰ কথা কয়?

শইকীয়ানী:  উহু….ধৈৰ্য ধৰা। খঙেৰে নহয় বুধিৰে কৰিব লাগিব কামটো। হাজাৰ হওক ভুল তোমাৰে। হৰেণ ল’ৰাটো ভাল, সহজ সৰল। আমাৰ লগত নিমিলিব পাৰে। কিন্তু তাৰ দৰে সৎ ল’ৰা খুব কম। তাৰোপৰি যদি মনত দুখ পাই কিবা কৰি দিয়ে তুমিয়ে ফঁচিবা। 

তৃষা :  হ’ব বৌ। তুমি চিন্তা নকৰিবা। এইয়া মোৰ বাওঁহাতৰ খেল। আগৰ  পাঁচজন বয়ফ্ৰেণ্ডকো মই বুধিৰে ব্ৰেকআপ কৰিছোঁ। আৰু কোনেও মোক বেয়া পাই থকা নাই আজিলৈ।

কিছুদিনৰ পৰা হৰেণে লক্ষ্য কৰিছে আগৰ দৰে তৃষাই তাক গুৰুত্ব নিদিয়ে। তাৰ লগত নুফুৰেও। আগতে সকলো সময়তে ফোন কৰা, আব্দাৰ কৰা তৃষা কিছু সলনি হৈছে যেন। হয়তো পঢ়াৰ দায়িত্বৰ বাবে হৈছে বুলি সি ভাবে।

কেইবাদিনো ফোন কৰাৰ পিছত আজি তৃষাই হৰেণক লগ ধৰিব বিচাৰিছে। 

ৰেষ্টুৰেণ্টৰ ভিতৰত হৰেণ ৰৈ থাকে। তৃষা কিছু সময় পিছত আহে। একেলগে আহিব খোজাত তাইৰ কাম আছে কয়। তৃষাই বহে সমুখৰ চকীত।

হৰেণ: কি হ’ল? আজিকালি তুমি মোক লগেই নকৰা যে? ফোন কৰিলেও বিজি পাওঁ।

তৃষা: ব্যস্ত জানা বহুত। পঢ়াৰ কামৰ লগতে ভিজাৰ কামো কৰি আছোঁ। তাৰোপৰি বজাৰ।

হৰেণ: ভিজাৰ কাম? বজাৰ? ক’ৰবাত বিদেশত যাবা নেকি ফুৰিবলৈ?

তৃষা: ফুৰিব নহয় বুদ্ধু! থাকিবলৈ।

হৰেণ:  মই গম নাপাওঁ যে? 

তৃষা: তোমাকনো কি ক’ব লাগে? আৰু ক’লোঁহেঁতেন লাহে লাহে। আচলতে আজিকালি বিজি জানানে? পাহৰি যাওঁ সৰু কথাবোৰ।

হৰেণে নামাতে একো। তৃষাই কেঁৰাকৈ চাই তাক।

তৃষা: তোমাক যি কামৰ বাবে মাতিলোঁ কোৱাই নাই। চকু মুদাছোন? চাৰপ্ৰাইজ আছে। 

হৰেণ: কিয়? আৰু তুমি যে কাৰোবাক চিনাকি কৰি দিম কৈছিলা মোক? কোন?

তৃষা: তেওঁকে আনিছোঁ। চকু মুদাচোন?

হৰেণে চকু মুদে। তৃষাই বেগৰ পৰা এখন ডাঙৰ ফটো উলিয়ায়।

হৰেণৰ চকুৰ সমুখত দাঙি ধৰে। হৰেণে চকু মেলি দেখে এজন হেণ্ডচাম মানুহৰ ফটো। 

হৰেণ: কোন হয় এখেত?

তৃষা: কেনে দেখিছা কোৱা আগতে?

হৰেণ: বৰ ধুনীয়া মানুহজন। কোন?

(ক্ল’জআপত দেখাব ফটোখন। ৰিণ্টুমণি দত্তৰ ফটো)

তৃষা: এওঁ মোৰ হ’বলগীয়াজন। বিদেশত থাকে। দাদাই যোৱা বছৰ আমাৰ বিয়া ঠিক কৰিছে। দুমাহ পিছত আমাৰ বিয়া। 

হৰেণ:  কি? যদি তোমাৰ বিয়া ঠিকেই হৈছিল তেন্তে ইমান দিনে মোৰ লগত কি কৰিছিলা? মোৰ লগত ঘূৰা ফুৰা এইবোৰ কি?

তৃষা: সেয়া বন্ধুত্ব আছিল। তুমি মোৰ খুব ভাল বন্ধু। মই যে তোমাক ইমান মিচ কৰিম নহয়!

হৰেণ: কিন্তু তৃষা মই যে তোমাৰ বাবে কাৰোবাক বহুত……হৰেণৰ মাত থোকাথোকি হয়।

তৃষা: তুমি কিন্তু বিয়াত থাকিব লাগিব আৰু দাদাক সহায় কৰিব লাগিব। এতিয়াই ক’লোঁ। মই যাওঁ হা। তেওঁ চাগে অহা সপ্তাহত আহিব। অলপ পাৰ্লাৰলৈ যাওঁ, বজাৰ কৰোঁ। বাই….ই…ই।

তৃষা ওলাই যাই খৰকৈ। বাহিৰত ফোন কৰি বৌৱেকক কয়…”বৌ মিশ্যন চাকছেচ।”

হৰেণৰ মূৰটো ঘূৰোৱাৰ দৰে হয়। বাহিৰলৈ ওলাই আহে আৰু হঠাতে বৰষুণ দিয়ে। হৰেণে বৰষুণত তিতে। 

স্ক্ৰীণত তিনিখন মুখ ভাগ কৰি দেখাব। 

হৰেণে দুহাত মেলি আকাশলৈ চোৱা মুখ। আনফালে গোলাপীয়ে পুখুৰীৰ পাৰত বহি হৰেণে পিন্ধোৱা আঙঠিটো চাই থকা আৰু দুয়োৰে মাজত ফেচপেক সানি পাৰ্লাৰত হাঁহি হাঁহি গান শুনি থকা তৃষা।

হঠাত বৰষুণত তিতি থাকোঁতে হৰেণে  কাৰোবাৰ হাত কান্ধত স্পৰ্শ কৰা যেন পাব। ঘূৰি চাই দেখে বিজু। বিজুক সাবতি ধৰি সি কান্দে।

   

১৪ নং দৃশ্য :

কাহিলি পুৱাতে হৰেণ আৰু বিজু বাচষ্টেণ্ডত বহি থাকে। বিজুৱে পানীৰ বটল এটা দিয়ে হৰেণক। বাচৰ হৰ্ণ বাজে।  বাচত উঠিবলৈ খোজোঁতে হৰেণক বিজুৱে হাতখনত ধৰি কয়….

বিজু: বন্ধু হৈ যোৱাবোৰ পাহৰি যোৱা। আহিবলগীয়াটো আদৰা। 

হৰেণ: দোস্ত, মই বৰ দুখীত। তোমাক ভুল বুজিছিলোঁ। লাজ পাইছোঁ নিজৰ ওচৰত আজি। মাফ কৰি দিয়া ভাই বুলি।

বিজু: বন্ধুত্বত মাফ নোখোজে। ক্ষমা মোক নহয় আন কাৰোবাক খোজাগৈ। শুভকামনা থাকিল।

হৰেণে বাচত উঠে। খিৰিকিৰে মুখ উলিয়াই সি আকাশলৈ চায়। বেলিটো ৰঙা হৈ জিলিকি উঠিছে। বাচৰ চকা ঘূৰে।

লাহে লাহে কেমেৰাই বাচৰ চকা ঘূৰা দেখুৱাই গাঁৱৰ ৰাস্তা দেখুৱাব। তাৰপিছত গোলাপীহঁতৰ পদূলিটো। বাঢ়নীৰে সাৰি পদূলিটো চাফা কৰি থকা দেখুৱাব গোলাপীক। তাই কঁকালটো চিধা কৰি আকাশখন চাব। আকাশখন ধুনীয়া নীলা, ফৰকাল দেখুৱাব। এজাক বগলী জাক পাতি উৰি যাব। গোলাপীৰ মুখত নিজে হাঁহি এটি বিৰিঙে।

হঠাতে মণ্ডলৰ ফোন আহিব ভায়েকলৈ। সি মাক আৰু পিতাকক চিঞৰি ক’ব,

“মাই …পিতা…গোলাপী বাইৰ বিয়াখন অনিৰ্দ্দিষ্ট তাৰিখলৈ পিছুৱালে ক’ৰণাৰ কাৰণে। যেতিয়ালৈকে ক’ৰণা ভালকে শেষ নহয় তেতিয়ালৈ মণ্ডল ভিনিয়ে বিয়া নাপাতে বোলে।”

                 ৷৷সমাপ্ত॥

☆★☆★☆

12 Comments

  • ধূৰ্জ্জটি

    চিনেমা চুপাৰহিট, বাকী মোৰ ভালদিন চলি আছে, দুজনী ধুনীয়া হিৰোইন পাইছো৷

    Reply
  • Rupanjali deka

    কি বঢ়িয়া চিনেমা। মোৰ ডায়লগ কেইটা মজা হৈছে।

    ইতি মালতী

    Reply
  • কমলা দাস

    ঘেনপেইনা চ’লি পলি কেটা লৈ মাইথেক আহু অলপ সুখ পাবাক লেগি। পাছে এই গোলপী আৰো ৰাজোৰ পৰা ঘৰত আহিও শান্তি নাপঙ। তথাপিও গোলাপীৰে ভাল হওক, তাই সুখত থাকক বুলিয়ে তাইৰ বিয়াখেন মণ্ডলৰ লগত পাতু বুলি ভাব্ছিলু। এই ম’ৰ কৰুনাটুৰ পৰা সেইও নহল। ইফালে হৰেণটুইও বুলে টাউনত কাবাৰ প্ৰেমত গল্টা খাই পুণৰ গাউক আহা গাড়ীত উঠ্ছিয়ে বুলে! ইফালে গোলাপীয়েতু তাৰ সপোন দেখিয়ে আছে! কি যে হ’ব! শান্তি নহো হৈছি😁

    Reply
  • জয়ন্ত দাস

    বাঃ বৰ সুন্দৰ চিনেমা এখন চালো৷ বৰ ভাল লাগিল

    Reply
  • হিমাংশু ৰাজখোৱা

    আৰে বাপৰে!
    মোৰ নামো আছে চোন চিনেমাত!
    মাই ডগছ!!

    Reply
  • হেমন্ত কাকতি

    চুপাৰ ডুপাৰ হিট ডলী৷ টেৰিফিক প্লট বনাইছা৷ শেষত কৰোনাই সব বৰবাদ কৰিলে৷ পিচে মণ্ডলৰ টুৰু লাভ, গতিকে মণ্ডলে গোলাপীক নিবই বুলি আমি আশাবাদী পাঠক৷

    বাকী হেটচ অফ!

    Reply
    • Anonymous

      ধন্যবাদ। ক’ৰনাই চব বৰ্বাদ কৰিলে।

      Reply
  • মুকুট ভট্টাচাৰ্য্য

    তামাম লিখিছে হে । এখন সম্পূৰ্ণ দুঘণ্টাৰ চিনেমা চাই থকা যেন লাগিল। প্ৰযোজক ঠিক কৰাহে কথা। এইখন দুবাৰ লিখা কথাটোহে ভাবি আচৰিত হৈ আছো।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া চিনেমা৷

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!