ফটাঢোল

লিমাৰিক-অনসূয়া বৰঠাকুৰ

                    (১)

থোলোকৰ মাকে নাখাই হ’লেও লোণ,

দিব পাৰিবনে বাৰু এণ্ড্ৰইড ফোন?

দামী হ’ল আজিৰ শিক্ষা,

খুজিব নোৱাৰে ভিক্ষা,

“কৃষকৰ পো তই, খেতিতে ধৰ সোণ”।

                   (২)

আকাশেৰে ফুৰাজনৰ আছে জানো কাম?

লাজ নালাগেনে বাৰু পালে বদনাম?

খাটিখোৱা ডুবে পানীত,

তেওঁৰ ধান্দা ‘মানি’ত

নিমখতকৈও সস্তা জীৱনৰ দাম!

               (৩)

এম. এল.এৰ প্ৰাৰ্থী ৰমণী বৰুৱা,

সহজ নহয় পিচে বপুৰাক হৰুৱা, 

‘সূতা-কম্বল’ ৰাজনীতি,

আড্ডা চলে প্ৰতি ৰাতি,

কাকোকে নক’ব দেই কথাটো ঘৰুৱা!

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply to ধনজিৎ বৰুৱা Cancel reply

Your email address will not be published. Required fields are marked *