ফটাঢোল

এক বাল্টি কাপোৰৰ দাম-উজ্জ্বল দিপ্লু গগৈ

গুৱাহাটীৰ জু-ৰ’ডত ভাড়াঘৰ এটা লৈছিলোঁ৷ কৰ্মস্থলীলৈ যাবলৈ মটৰেৰে ১৫মিনিট সময়ৰ দূৰত্ব৷ ৰাতিপুৱা ওলাই যাওঁ, গধূলি আহি সোমাওঁ৷ কাপোৰবিলাক তেনেকেই জমা হৈ যায় দিনকদিনে৷ প্ৰথম কথাটো হ’ল ধুবলৈ সময় নাপাওঁ আৰু দ্বিতীয়টো হ’ল মোৰ এলেহুৱা স্বভাৱটো৷ কাপোৰ খচি খচি ধুবলৈ বহাটো মোৰ কাৰণে পৰ্বত খহোৱাতকৈ কোনো গুণে কম কষ্টৰ কাম নাছিল৷ কেতিয়াবা কাপোৰ তেনেদৰেই জমা হৈ থাকি যায়৷ এসপ্তাহ, দুসপ্তাহ, তিনিসপ্তাহ……এইদৰেই৷ কেতিয়াবা চাৰ্ট-পেণ্টকেইটাই বিদ্ৰোহ ঘোষণা কৰি ৰূমটোত গোন্ধ বিয়পাই দিয়ে৷ বিদ্ৰোহ দমন কৰিবলৈ তেতিয়া কাপোৰকেইটাক বিসৰ্জন দিয়াৰ বাহিৰে আন উপায় নাথাকেগৈ৷

ঠিক তেনেকুৱা দিনতে মোৰ ৰূমলৈ আহিছিল মোৰ ভাইটিটো৷ আহিছিল মানে সি টালি-টোপোলাৰে সৈতে গুৱাহাটী পাইছিলহি; ককায়েকৰ লগত থাকি পঢ়া-শুনা কৰিব বোলে৷ তাক এনেই মই মোতকৈ চাফ-চিকুণ বুলিয়েই ভাবিছিলোঁ৷ সেই হিচাপত সি পাৰদৰ্শিতাও দেখুৱাইছিল৷ গালি-ধমক দি কেইদিনমান খুউব কাপোৰ ধুবলৈ দিলোঁ৷ ককায়েকৰ ধমক খাই বন্ধৰ দিনকেইটাত সি কাপোৰবোৰ ধুই দিয়ে৷ মোৰো আৰামৰ দিন পৰিছিল৷ পাছে সময়বোৰ সুখৰ নাযায়৷ কাপোৰ ধোৱাৰ কষ্টকণৰপৰা আঁতৰি মই যি সুখৰ জীৱন অতিবাহিত কৰিছিলোঁ, সেই সুখকণ এদিন মুদা মৰিল৷ ভাইটিয়ে ঘৰত লগাই দিলে,

: দাদাই মোক ঠিকচে কাপোৰ ধোৱায়৷

ঘৰৰপৰা মাৰ গালিমিশ্ৰিত মৰমবোৰ পালোঁ৷ আকৌ সেই কাপোৰ ধোৱাৰ দিনবোৰ ঘূৰি আহিল৷ লাহে লাহে মন কৰা হ’লোঁ, মোৰ ভাইটোও কম খিলাড়ী মাল নহয়! সি মোতকৈও এলেহুৱা৷ মোৰ কাপোৰ পাঁচদিন পৰি থাকিলে তাৰ কাপোৰ দহদিন পৰি থাকে৷ অঘোষিত এখন প্ৰতিযোগিতা৷ 

অৱশেষত দুয়োটাৰ মাজত হেস্ত-নেস্ত কৰিবলৈ বহিলোঁ৷ তুমুল বাক-বিকণ্ডাৰ অন্তত সিদ্ধান্ত লোৱা হ’ল যে আমি কাপোৰ ধুবলৈ এগৰাকী মানুহ বিচাৰিম তেতিয়া আমাৰ দুয়োৰে আৰাম হ’ব৷ কথামতেই কাম৷ কাষৰ ভাড়াঘৰটোত কাম কৰিবলৈ অহা মানুহজনীক সুধিলোঁ কাপোৰ ধুই দিয়াৰ কথা৷ তেখেতে পাৰিম বুলি ক’লে৷ পইচাৰ কথা সুধিলত ক’লে,

-দেওবাৰৰ দিনটোত ধুবলৈ আহিম, এবাল্টি কাপোৰৰ দাম পঞ্চাচ টকাকৈ লাগিব৷

আমিও মান্তি হ’লোঁ৷ দেওবাৰ আহিল, ৰাতিপুৱাৰপৰা কাপোৰ-কানিবোৰ সাজু কৰিলোঁ৷ প্ৰায় ন মান বজাত কলিং বেল বাজিল৷ দুৱাৰ খুলিলোঁ, মানুহগৰাকী সোমাই আহিল৷ বাথৰূমত চাৰ্ফ দি থোৱা কাপোৰৰ বাল্টিটো তেখেতে টানি লৈ হাতত কাপোৰ ধোৱা ব্ৰাচডাল ল’লে৷ টুলখনত বহি লৈ এটাৰ পাছত এটা কাপোৰ থুকুচিবলৈ ল’লে৷ কাপোৰ ধোৱাৰ শব্দ প্ৰথমে লাহে লাহে হ’ল, তাৰ পাছত ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিলে৷ কাপোৰ আৰু হাতৰ যুগলবন্দীৰ শব্দবোৰত যেতিয়া তেখেতৰ মুখখনে সংগ দিলেগৈ তেতিয়ালে আমাৰ দুয়োটাৰে অৱস্থা ‘দুৱাৰ মেলা কোঠালি বিছনাৰ তলত সোমাওঁ’ যেন পৰিস্থিতি হ’লগৈ৷ 

ধামকৈ শব্দ এটা শুনিবলৈ পালোঁ বাথৰূমৰ পৰা৷ ভাইটিয়ে ক’লে,

: কি বা হ’ল চাই আহোঁ ব’ল৷ 

মই ক’লোঁ,

: বাদ দে, তাই কিবা কোৱালৈ ৰৈ দে৷

আচলতে ‘ৰৈ দে’ খিনি মই ক’বলৈ নাপালোঁ৷ দুৱাৰখন খুলি মানুহগৰাকী সোমাই আহিল৷ বকনিৰ তীক্ষ্ণবাণে আমাক থকা-সৰকা কৰিলে,

: একবাল্টি কাপোৰত কিমান কাপোৰ ধৰে তহঁতি জাননে! চাল্লা ফাল্টুসৱ বেলেগ মানুহ বিচাৰি ল’বি এনেকে কাপোৰ ধোৱাবলে হ’লে৷ এই ত্ৰিশ-চল্লিশটা কাপোৰ এক বাল্টি পঞ্চাচ টকাৰ হিচাপত কোনো মহামূৰ্খই ধুবলৈ নাহে৷ 

কথাখিনি শেষ কৰি তেখেত ওলাই যাবলৈ লৈছিল৷ ভাইটিয়ে বিছ টকা এটা আগুৱাই দিছিল,

“বাইদেউ আধা বাল্টি মানহে ধুলে আপুনি……গতিকে এইটোকে ৰাখকচোন বাৰু৷” 

পইচাটো গোটা হৈ তাৰপাছতে ভাইটিৰ মুখত পৰিছিলহি……৷

☆ ★ ☆ ★ ☆

4 Comments

  • Pranita Goswami

    হাঃ হাঃ। ঠেচি ঠেচি কাপোৰ ভৰাইছিলা তাৰমানে

    Reply
  • বন্দিতা জৈন

    ??

    Reply
  • বৰ্ণালী এচ মূদৈ

    তামাম

    Reply
  • জ্যোতিৰূপা

    ঠিকেই! এক বাল্টি মানে একবাল্টিয়ে ধুব লাগিছিল৷?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *