ফটাঢোল

কবিতাৰ টিউচন-হিমাংশু ৰাজখোৱা

আচৰিত টিউচন এটা কৰাৰ প্ৰস্তাৱ পাইছে পদ্মলোচন ভৰদ্বাজে। তাৰ পিছৰপৰাই আচলতে তাৰ মূৰটো গৰম হৈ আছে।

চহৰখনৰ এজন প্ৰতিপত্তিশালী লোকৰ কন্যা বাগ্মীতা নামৰ ছোৱালী এজনীক ‘কবিতা’ লিখিবলৈ শিকাব লাগে। যোৱা সংখ্যাৰ ‘ক্ৰান্তি’ নামৰ আলোচনীখনত ছপা হোৱা পদ্মলোচনৰ এটা কবিতা হেনো খুব পছন্দ হৈছে এই ধনীৰ দুলালীৰ। সপ্তাহত এদিনকৈ মাহত চাৰি দিনৰ এই টিউচনৰ বাবে পদ্মক আগবঢ়োৱা হৈছে এটা মোটা অংকৰ মাননি। যিটো মাননি উপেক্ষা কৰিবলৈ পদ্মৰ আচলতে কষ্ট হৈছে। অৱশ্যে, তাৰ পাছতো সি ঠিক কৰিছে যে, সি টিউচনটো নকৰে। প্ৰথমদিনা টিউচন কৰিবলৈ গৈয়েই বাগ্মীতা নামৰ এই ছোৱালীজনীক কিছুমান কথা শুনাই থৈ সি গুচি আহিব। 

”কথা হ’ল নেকি? কবিতাৰ টিউচন! কবিতা কি ইমান সহজ? টিউচন কৰি কবিতা শিকিব পৰাহেঁতেন পৃথিৱীৰ অনেক মানুহ কবি হ’লহেঁতেন। টিউচন কৰি এলজেব্ৰা শিকিব পাৰি, টিউচন কৰি নিউটনৰ তিনিওটা সূত্ৰ শিকিব পাৰি, টিউচন কৰি চিকেন ললিলপৰ ৰেচিপি শিকিব পাৰি, কিন্তু কবিতা? কবিতা লিখিবলৈ এটা জন্মগত প্ৰতিভা থাকিব লাগে। কবিতা যদি কাৰোবাক শিকাই দিলেই লিখিব পাৰিলেহেঁতেন, তেন্তে ভাৰতত সাহিত্যৰ দ্বিতীয়টো নোবেল বঁটা পালেহেঁতেন কবিগুৰুৰ পুত্ৰই। পদ্মৰ মতে কবিতা এটা শিল্প আৰু এই শিল্পক যিয়ে ধনেৰে কিনিব খোজে তেনে মানুহক অত্যন্ত ঘৃণা কৰে পদ্মলোচনে।” 

ঠিক এনেকুৱা এটা ভাষণেই মনে মনে আওৰাই গ’ল পদ্মই। কিন্তু আচৰিতভাৱে, বাগ্মীতাৰ সন্মুখত এটা শব্দও উচ্চাৰণ নহ’ল তাৰ মুখৰ পৰা। বাগ্মীতাক সন্মুখত দেখি মোটামুটি হতভম্ব হৈ থিয় দি থাকিল পদ্মলোচন ভৰদ্বাজ। যিজনী ছোৱালী নিজেই জীৱন্ত এটা জীৱনানন্দ দাসৰ কবিতা, সেই ছোৱালীজনীক ইমান কটু কথা শুনোৱাটো টান। হঠাৎ তাৰ মনত খেলালে পৃথিৱীত যদি কিবা এটা মাত্ৰ কাৰণত কবিতাৰ সৃষ্টি হৈছে, তেন্তে কাৰণটো হ’ল বাগ্মীতা নামৰ এই অত্যন্ত সুন্দৰী যুৱতীজনী।

ছোৱালীজনীৰ সন্মুখত বহি থকা সময়তে স্বভাৱজাত কবি পদ্মলোচনৰ মনলৈ এটা ‘ইনষ্টেণ্ট’ কবিতা আহিল, যেন কবিতা নহয় দুই মিনিটতে তৈয়াৰ হোৱা মেগী নুদলচৰ পেকেটহে!

”তোমাকলৈ কবিতা লিখিবলৈ কি কাৰণ আছে?

কবিতাই হাতত কলম লৈ তোমাকেইতো লিখে।

তোমাক লৈ ছবি অঁকাৰ কি কাৰণ আছে?

ৰং তুলিকাৰে ছবিয়ে তোমাকেইতো আঁকে।

তোমাৰ সপোন দেখাৰ প্ৰয়োজন কি আছে?

সপোনে সুযোগ পালে, তোমাকেইতো দেখে।

তোমাৰ লগত প্ৰেম কৰাৰ কি কাৰণ আছে? 

প্ৰেমে নিজেইতো তোমাৰ ভালপোৱাত ককবকাই আছে।”

ক্ৰমশঃ

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *