মূল : শেষৰাতি বৰষুণ পেলালে,কবি : জয় গোস্বামী, ভাষান্তৰ-মুনমুন সৰকাৰ
শেষৰাতি বৰষুণ পেলালে,
বৰষুণৰ শব্দত দুয়ো উঠি বহিলোঁ,
আমাৰ দুয়োৰে মাজত আমাৰ কণমানিজনী শুই আছে,
সাৰ পাই যাব, কথা নাপাতোঁ,
কাজিয়া আধাতে সামৰি মাজ ৰাতি দুয়ো শুইছোঁ,
দুটামান গধুৰ লোহাৰ বস্তা যেন বুকুত হেঁচা মাৰি থৈ দুয়ো শুইছিলোঁ
এতিয়া খিৰিকীত বৰষুণৰ ছিটিকনি, দুয়ো একেথৰে চাই আছোঁ।
এতিয়ানো ক’ত দম লোৰ দৰে গধুৰ অভিযোগেৰে ভৰি থকা টোপোলা?
আও উঠাকে লে যাও কোই ইছে, নিবলৈ কোনো নাই,
টোপোলা খুলি ভিতৰৰ যাৱতীয় বস্তু পকাত পাৰিয়েই বহা যাওক!
শেষৰাতিৰ বৰষুণৰ টোপাল সৰি সৰি মাজত নৈ এখন বোৱালে,
সেই নদীৰ শেষ সীমনাত ডাৱৰীয়া আকাশখন আজি উকা,
শেঁতা পৰা।
লেতেৰা পোহৰ দিয়া ৰ’দ এচেৰেঙা ওলাব
আৰু অলপ দেৰি পিছতেই আৰম্ভ হ’ব
ক্ৰমান্বয়ে অভাৱ অভিযোগ শাস্তি ব্যস্ততা
অশান্তি আঙুলিৰ মূৰত গণিব পৰাকৈ
আধাতে এৰি অহা কাজিয়াখন লেঙেচিয়াই লেঙেচিয়াই আহিব
আকৌ আৰম্ভ হ’ব একেবোৰ কথা,
একেলগে থাকিম নে নাথাকিম,
কোনে কাক কি কষ্ট দিলে,
কি পালোঁ তোমাৰ ওচৰলৈ আহি
ৰূপালী অচল পইচা ঝনঝনাই উঠিব ঘৰত
এটা সময়ত যাক তুমি সোণৰ মুদ্ৰা বুলি ভাবিছিলা
ছোৱালীজনী সাৰ পাব এতিয়া
তাইৰ সন্মুখত কাজিয়াখন নকৰিবা।
☆ ★ ☆ ★ ☆
10:09 pm
সুন্দৰ অনুবাদ