ফটাঢোল

এমুঠি লিমাৰিক-সুৰেন্দ্ৰ মোহন দাস

 (১)

বস্তুৰ  দাম  বাঢ়ি  গৈ  চুইছে  আকাশ

ভাবি ল’ব পাৰো নেকি, এয়াই বিকাশ?

বজাৰত লাগে জুই

চৰকাৰ থাকে শুই

এনেখন  দেশতেই  কৰো  আমি  বাস ৷


(২)

বিদ্যুৎ  উৎপাদন  নোৱাৰে  বঢ়াব

মাচুল বঢ়োৱাৰ পিচে ধুম কি চাব!

ল’ড শ্বেডিং হৈয়ে থাকে

আন্ধাৰে  সকলো ঢাকে

গৰমত ছাটিফুটি, কোনেনো বচাব?

 

 (৩)

বান্দৰৰ উপদ্ৰৱ বাঢ়িয়েই আছে

সিহঁতৰ লগ লাগি বহুতেই নাচে

নিৰ্বিকাৰ  চৰকাৰ

নাই একো কাণসাৰ

জনসাধাৰণ বাৰু কেনেকৈনো বাচে?

 

 (৪)

আধাৰশিলাবোৰ কিমান আৰু কৰে?

ইফালে  ইণ্ডাষ্ট্ৰীবোৰ  সদায়েই  মৰে

কি হ’ল কাগজকল,

নাই  নেকি ধনবল?

জীয়াই তোলাৰ চেষ্টা কেতিয়াকৈ ধৰে?

 

 (৫)

একোতেই  নকৰিলে  চৰকাৰে  মন

কেনেকৈ’ চলিব পাৰে জনসাধাৰণ?

লেঠা লাগে কথা ক’লে

ভোটেই  সৰ্বস্ব  হ’লে

দুখ-দুৰ্দশাক  কোনে  কৰিব  বাৰণ ?

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *