ফটাঢোল

হৰ এক ফ্ৰেণ্ড কামিনা হোতা হ্যে-মৃদুল নাথ

সুনয়নাক প্ৰথমবাৰ দেখোঁতেই তাইৰ দুচকুলৈ বহু পৰ চাই ৰৈছিলোঁ। চকুত এক গভীৰতা আছে তাইৰ, এক কথাত মাক দেউতাকে ৰখা নামটো সাৰ্থক হৈছে। ঘন ক’লা চুলি, দুচকুত কাজল আৰু লয়লাস ভংগিমাৰে যেতিয়া খোজ দিয়ে মোক ক’বলৈ মন যায়, ‘আপকে ইয়ে প্যেৰ জমীন পে মত ৰখনা……’।

তাইৰ চকুলৈ চাই চগাটোৰ দৰে জাহ যাবলৈ অকল ময়েই যে উত্ৰাৱল হৈ আছিলোঁ, তেনে নহয়। কলেজত বহুতৰে চকুৰ মণি হৈ পৰিছিল সুনয়না। সুনয়না স্বল্পভাষী, কিন্তু মৃদুভাষী। সেয়া মোৰ বন্ধু সুমনে কোৱা কথা। হোষ্টেলত আমি একেলগে থাকোঁ। সুমন আৰু সুনয়নাৰ মেজৰ একেটা বিষয়ত হোৱাৰ বাবে দুয়োৰে মাজত মাতবোল হোৱাটো মাজে মাজে মই দেখা পাওঁ।

হোষ্টেলমেট হিচাপে সুমন মোৰ বন্ধু, এই বন্ধুত্ব বেছি গাঢ় হৈছে লাহে লাহে। সুমনৰ মুখত সুনয়নাৰ কথাবোৰ শুনি ভাল লাগে। গধূলি প্ৰায়ে আমি একেলগে চাহ খাবলৈ ওলাই যাওঁ, আজিকালি সুমনৰ চাহৰ পইচা বেছিভাগ ময়েই দিওঁ। কাৰণ সুমনৰ লগত মোৰ বন্ধুত্ব বৰ্তমান বেছ গাঢ়, মজবুত। চাহকাপৰ জুতি লৈ থাকোঁতে সুমনে কৈ যায়, সুনয়নাই কি কৰি ভাল পায়, সুনয়নাই কি খাই ভাল পায়, সুনয়নাৰ প্ৰিয় ৰং কি, সুনয়নাৰ প্ৰিয় অভিনেতা কোন। আগতে চকু পাৰি দেখিব নোৱাৰা শ্বাহৰুখ খান এতিয়া মোৰো প্ৰিয়, কাৰণ শ্বাহৰুখ খান সুনয়নাৰ আটাইতকৈ প্ৰিয় অভিনেতাজন। কেতিয়াবা যদি হাতত ভায়’লিন লৈ ঐশ্বৰ্য্য ৰায়ক বলীয়া কৰে, কেতিয়াবা মেণ্ডলীন লৈ কাজলক। ময়ো কিবা এটা বজাব পাৰিলে ভাল আছিল। এবাৰ ভাবিলোঁ পানবজাৰত গানৰ স্কুলত নামভৰ্তি কৰি লওঁ, পিচে কোনটো বজাবলৈ শিকিম, ভায়’লিন নে মেণ্ডলীন? ভাবিলোঁ, সুমনৰ মতামত লোৱাটো ভাল হ’ব। যিহেতু সুমনে ভাবি চিন্তি মতামত দিব, সেয়া চিন্তা কৰিবলৈ ভাল পৰিবেশ এটাৰ দৰকাৰ হ’ব। ভাবিলোঁ চাহ চিংৰা খাই সি এনে চিন্তা কৰিব নোৱাৰিব, তাক এইবাৰ ৰেবটিলৈ লৈ যাম। নাককটা পুখুৰীৰ পাৰত চিকেন চাউমিনৰ সোৱাদ ল’লে তাৰ চিন্তাৰ পৰিসৰ বৃদ্ধি পাব। 

সুনয়নাৰ লগত এষাৰ কথা পাতিবলৈ খুব মন যায়। সুমনক কথাটো কোৱাৰ পিছতে সি ক’লে, “কিছুমান কামত খৰখেদা নকৰাই ভাল।”

 ময়ো ভাবিলোঁ কথাটো নোহোৱা নহয়, কাছটোৱেও চঞ্চল শহাটোক হৰুৱাই দিছিল। তথাপি মনত খু-দোৱনি এটা থকা বাবে সুমনক ক’লোঁ,

 “আজিকালি শহাবোৰ আগৰ দৰে হৈ থকা নাই নহয়!”

সুমনে ক’লে, “শহাটোৰ আগত লাগিলে এমুঠিমান গাজৰ পেলাই থৈ দিম। মুঠতে কাছই জিকিব শেষত।” 

সিদিনা সেই কথাষাৰে মনত সাহ দিছিল। চিকেন চাউমিনৰ লগতে এগ ৰোল এটাও খুৱাইছিলোঁ সিদিনা তাক।

সুমনৰ লগত কথা পাতোঁতে সুমনে ক’লে, “আব্বে ভায়লিন, মেণ্ডলীন আউটডেটেড, আচল চ্যাল গীটাৰৰহে। তই গীটাৰ শিক। বাকী মই আছোঁ নহয়।”

পিছদিনাই ৰাজগড়ৰপৰা গীটাৰ এখন কিনি আনিছিলোঁ। দেউতাক ফ’ন কৰি কৈছিলোঁ, প্ৰেক্টিকেলৰ বাবে কিছুমান বস্তু কিনিব লাগে, তিনি হেজাৰ টকা লাগে। দেউতাই পিছদিনাই একাউণ্টত পইচাকেইটা ভৰাই দিলে।

মোৰ গীটাৰৰ ক্লাছ আৰম্ভ হ’ল। সুমনেও মেজৰ বিষয়টোৰ বাবে টিউশ্যন লৈছে। সুনয়নায়েও একেজন ছাৰৰ ওচৰত টিউশ্যন লৈছে। কথাটো মোক সুমনে কোৱা নাছিল, মই দুয়োকে পানবজাৰত দেখি ৰাতি হোষ্টেলত সোধাৰ পিছত গম পালোঁ। সি ব্যস্ত হৈছে পঢ়াশুনাৰ বাবে, হয়তো সেইবাবে মোক ক’বলৈ পাহৰিলে। আজিকালি সি মোৰ লগত চাহ খাবলৈ খুব কমেই যায়, লগ ধৰিলে কেতিয়াবাহে যায়। মই ভাবিলোঁ, সদায় কাছ হৈ থাকিব নোৱাৰি। কিবা এটা কৰিব লাগিব। 

সুমনক মাতি আনি ক’লোঁ, “কাইলৈ গধুলি অশোকালৈ যাম, তই ওলাবি। দুয়ো ভালকৈ খাম।”

সুমনে অলপ সময় মোৰ মুখৰফালে চালে আৰু পাছত ৰাজী হৈ গ’ল।

সাধাৰণতে ৰাতি মোৰ সোনকালেই শোৱা হয়। ৰাতি ভাত সাঁজটো খাই উঠাৰ পিছতে তন্দ্ৰাৰ ভাৱ এটা আহে। পিচে এইবাৰ কথাটো অলপ বেলেগ, চিঠি এখন লিখিব লাগে সুনয়নাৰ বাবে। কামটো কৰিব লাগিব আটাইকেইজন শোৱাৰ পাছত। দোভাগ ৰাতি নীৰৱতাৰ মাজত অনুভৱবোৰে হেনো প্ৰাণ পাই উঠে। টেবুলৰ কাষৰ খিৰিকীখন খুলি দি টেবুল লেম্পটো জ্বলাই ল’লোঁ, মনলৈ ভাৱ আহিছে ময়ো যেন লিখিবলৈ লৈছোঁ মমতাৰ দৰে হৃদয় উজাৰি, 

“মৰমৰ…” সন্মুখত টেবুল লেম্পটো জ্বলি আছে মমডালৰ দৰে।

এইবাৰ হীৰুদাৰ কবিতাৰ শাৰী এটা মনলৈ আহিল।

 “মমডাল এনেদৰে গলি যোৱা দেখিলে মোৰ দুখ লাগি যায় / তাতকৈ ব’লা আন্ধাৰতে বহোঁ।”

 কোনোবাই কৈছিল ছোৱালীবোৰে কবি কবি ভাবৰ ল’ৰাবোৰ ভাল পায়। ভাবটো নাথাকিলেও মোৰো দুই/এফাঁকি কবিতা মনত নথকা নহয়। কিন্তু আনৰ কবিতা কিয়? মই নিজে কি ক’ম! সুনয়নাৰ বাবে গীটাৰ শিকিলোঁৱেই। কবিতাও হ’ব।

দুৱাৰখন খুলি বাহিৰখন চালোঁ‌গৈ এবাৰ। হেহ! ঘিটমিট তৰাবোৰ একেই। গুপগুপীয়া গৰম। জোনক যে কোন ফটিচৰ কবিয়ে ৰুটিৰ লগত তুলনা কৰিছিল! ৰুটিৰ উপমাটো মনলৈ আহোঁ‌তেই ভোক লাগিল। ৰুমলৈ আহি টেমাৰ পৰা বিস্কুট তিনিখন উলিয়াই খাই ছন্দ মিলাই মিলাই কাব্য ভাৱনাৰে চিঠিখন আৰম্ভ কৰিলোঁ‌ – 

“মোৰ মৰমৰ সুনয়না, উজাগৰী ৰাতি সপোন দেখিছোঁ‌ মই/মোৰ পৃথিৱী আজি কেৱল তুমিময়….” 

মনৰ সমস্ত অনুভৱ  সজাই সজাই, ছন্দ মিলাই চিঠিখন লিখিলোঁ। শেষ কৰি দীঘল উশাহ এটা ল’লোঁ। এনে কাব্যময় প্ৰেমপত্ৰ লিখিব কি সকলোৱে পাৰে!  

ক্লাছৰ মাজে মাজে ব্ৰেক পালেই সুমনহঁতৰ ক্লাছৰফালে যাওঁ, সুনয়নাৰ হাঁহি কিজানি দেখা পাওঁ! সুমনে দূৰৰ পৰা মোক দেখি অলপ অপ্ৰস্তুত হোৱা যেন লাগিল, নাজানোঁ কিয়!

অশোকাত সুমনে ময়ে ভালদৰে খালোঁ। মোৰ উচাহবোৰ উথলি পৰিব খুজিছে। তাৰ তুলনাত সুমন আজি আচৰিতভাবে শান্ত, ধীৰ, স্থিৰ। যেন মোৰ সন্মুখত কাছ এটাহে বহি আছে। মই লাহেকৈ চিঠিখন উলিয়াই সুমনৰ হাতত দিয়াত সুমনে আচৰিত হৈ ক’লে, “কি এইখন?”

মই উৎসাহেৰে ক’লোঁ, “চা ভাই, বহুত দিন ৰ’লোঁ, সুনয়নাৰ লগত চিনাকি হ’ম বুলি ভাবি থাকোঁতে বছৰটোৱে যাব এতিয়া। ইপিনে মই গীটাৰত গান বজাব পৰাও হ’লোঁ। এই চিঠিখন কালি ৰাতি লিখিছোঁ। তই সুনয়নাক দিবি আৰু মোৰ লগত চিনাকি কৰি দিবি যেনে তেনে।”

কথাখিনি শুনি সুমনে মোৰ ফালে বহু দেৰি চাই থাকিল। শেষত চিঠিখন সি ল’লে আৰু লাহেকৈ মোক ক’লে,

 “বন্ধু, তোক কথাষাৰ কেনেকৈ বুজাম মই ধৰিব পৰা নাই। তোৰ প্ৰতি মোৰ সম্পূৰ্ণ সহানুভূতি আছে। আচলতে প্ৰেম-ভালপোৱা এয়া কৰোঁ বুলি কৰা কাম নহয়, হৈ যায়। আমাৰ ক্ষেত্ৰতো তেনেকুৱাই হৈ গ’ল……।”

মোৰ মূৰে কাম কৰা নাই। তথাপি সুধিলোঁ, “মানে?”

“মানেটো হ’ল, সুনয়না মোৰ অকল ভাল বন্ধুৱেই নহয়, আমি বহুখিনি আগবাঢ়ি গৈছোঁ। আশা কৰোঁ তই বুজি পাবি। বাকী আজিৰ ট্ৰিটটো মোৰ ফালৰপৰাই বুলি ধৰি ল, পেমেণ্ট মই কৰিম। আৰু কিবা খাৱ যদি অৰ্ডাৰ কৰ। এনি থিং ইউ লাইক, বাট টেক দ্যা হ’ল থিং স্পৰ্টিংলি। বাৰু বাদ দে এইবোৰ, গীটাৰত গান বজাব পাৰ যে কোনটো শিকিলি কচোন?”

মোৰ মুখৰ পৰা ওলাল, “জোনাকী পৰুৱা… কি হ’ব আৰু কবিতা পঢ়ি, গীটাৰ বজাই।”

☆ ★ ☆ ★ ☆

7 Comments

  • উৎপলা কৌৰ

    ভাল লাগিল।

    ৰ’ল, চাওমিনৰ পইচা উলিয়াই ল’ব লাগিছিল। ??

    Reply
  • জিতু

    ভাল‌ লাগিল

    Reply
  • হেমন্ত কাকতি

    বঢ়িয়া লাগিল মৃদুল৷ তোমাৰ লেখাটোৰে মেগাজিন পঢ়া আৰম্ভ কৰিছো৷

    Reply
    • কাবেৰী মহন্ত

      দেহি!
      ভাল লাগিল দেই

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া লাগিল৷

    Reply
  • Anonymous

    অকৃত্তিম প্ৰেম । সুন্দৰ ।

    Reply
  • miranda

    বঢ়িয়া??

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *