শিল্পীৰ পৃথিৱীত ৰমেন মুদৈ-মহেশ দাস
‘ফটাঢোল ই-আলোচনী’ৰ এটি সুন্দৰ শিতান ‘শিল্পীৰ পৃথিৱী’ত আমি চিনাকি হওঁ এনে কিছু শিল্পীৰ সৈতে, যাৰ বাবে জীৱনৰ অন্য নাম সাধনা।শিল্পীৰ পৃথিৱীখনত এনে কিছু শিল্পী আছে,যি কেৱল আৰ্থিক অনাটনৰ বাবেই কাৰো পৰিচিত নহয়।
আহকচোন,তেনে এজন অখ্যাত শিল্পীৰ বিষয়ে জনাৰ প্ৰয়াস কৰোঁ।
ৰমেন মুদৈ।লক্ষীমপুৰৰ ঘাগৰ নদীৰ পাৰৰ ৰমেনদাৰ ঘৰত উপস্থিত হৈ অনুভৱ কৰিছিলোঁ যে ঘৰখনৰ প্ৰতিটো আচবাবপত্ৰই ব্যতিক্ৰমী।বাহিৰত দেখিছিলোঁ এখন আৰামী চকী আৰু এখন বিছনা।প্ৰথম দেখি ধৰিবই পৰা নাছিলো কিন্তু পিছত গম পালো যে সেই আৰামী চকী আৰু বিচনাখন কাঠেৰে নহয়,বাঁহৰেহে তৈয়াৰী।মাত দিয়াত বয়োজ্যেষ্ঠ মহিলা এগৰাকী ওলাই আহি আমাক বহিবলৈ দিলে।ড্ৰয়িং ৰুমত বহি অভিভূত হৈ পৰিছিলোঁ।বাঃ!কি সুন্দৰ সুন্দৰ ফুলদানি আৰু সজাব পৰা সুন্দৰ সুন্দৰ চানেকিবোৰ! বুজা নাছিলো যে সেইবোৰ কিহৰপৰা বনোৱা।
ৰমেনদাহঁতৰ ঘৰখন মাজুলীৰপৰা উঠি আহিছিল।ৰমেনদাৰ পিতৃৰ নাম
ঁ নন্দেশ্বৰ মুদৈ আৰু মাতৃ ঁ হেমদা মুদৈ।ঘৰখন দেখিয়েই বুজিব পাৰি যে তেওঁলোক আৰ্থিক অনাটনত ভোগা ব্যক্তি।কেঁচা ঘৰ কিন্তু ঘৰখনৰ প্ৰতিটো বস্তুৱেই অত্যন্ত কলাসুলভ।যিফালেই চাইছিলোঁ তাতেই কলাৰ উৎকৃষ্ট নিদৰ্শন দেখিবলৈ পাইছিলোঁ।
ৰমেনদা প্ৰধানতঃ এজন বাঁহ শিল্পী যদিও তেওঁ এই শিল্পকলাৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল।হয়তো ভগৱানপ্ৰদত্ত কলাসুলভ মন এটা ৰমেনদাই জন্মতেই লাভ কৰিছিল আৰু সেয়ে প্ৰথমে তেওঁ কোনো আনুষ্ঠানিক শিক্ষাৰ অবিহনেই ছবি আঁকিছিল।ইয়াৰ পিছত লাহে লাহে তেওঁ গাঁৱতে সহজে পোৱা বাঁহৰপৰা নানা সামগ্ৰী প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে।আমাৰ হাতলৈ মোবাইল ফোনবোৰ অহাৰ আগতেই ৰমেনদাই বাঁহেৰে বনাইছিল এখন টাইটানিক জাহাজ,এখন এৰ’প্লেন আৰু এখন হেলিকপ্তাৰ, যিকেইপদ বস্তু সময়ৰ কোবাল সোঁতে নষ্ট কৰি থৈ গ’ল।সেইবোৰৰ ফটোও ৰাখিব পৰা নগ’ল।
পঢ়া শুনাৰ প্ৰতি ধাউতি থকা ৰমেনদাই আৰ্থিক অনাটনৰ বাবেই উচ্চতৰ মাধ্যমিক পৰীক্ষা দি পঢ়া সমাপ্ত কৰে।আই.টি. এ. পঢ়িবলৈ প্ৰবল ইচ্ছা আছিল যদিও আৰ্থিক অনাটনৰ বাবে সেয়া সম্ভৱপৰ হৈ নুঠিল।
পেটৰ ভাতমুঠি মুকলি কৰিবলৈ ৰমেনদাই শাক পাচলিৰ বেপাৰ কৰিবলৈ আৰম্ভ কৰে।পঢ়া জীৱনত ছবি অঁকাৰ প্ৰতি ধাউতি থকা ৰমেনদাৰ ঘৰটো সেই সময়ত বিভিন্ন সুন্দৰ সুন্দৰ ছবিৰে ভৰি আছিল, কিন্তু সেই সময়ত সেই ছবিসমূহৰ ফটো ধৰি ৰাখিবলৈ না ৰমেনদাৰ হাতত কেমেৰা আছিল আৰু না সেই সময়ত মোবাইলফোন আমাৰ হাতলৈ আহিছিল।লাহে লাহে তেওঁ নিজৰ কল্পনাৰ ছবিবোৰ বাঁহৰ জৰিয়তে ৰূপ দিয়াৰ প্ৰয়াস কৰিলে।
এতিয়া বাঁহেৰে তেওঁ বিচনা,টেবুল,এটা খুটাৰ টেবুল,আৰামী চকী আদি বস্তুবোৰ বনাই বিক্ৰী কৰে যদিও তেওঁৰ কলা ইমানতে সীমাবদ্ধ নহয়।তেওঁৰ কেতিয়া কি বনাবলৈ মন যায়,তেওঁ নিজেও নাজানে।অৰ্থাৎ তেওঁ বাঁহেৰে সজাবপৰা ভিন্ন ভিন্ন চানেকিবোৰ মনলৈ আহিলেই প্ৰস্তুত কৰে আৰু বিক্ৰী কৰে।উল্লেখযোগ্য যে তেওঁ এই বাঁহৰ সামগ্ৰীবোৰ প্ৰস্তুত কৰোঁতে কোনোধৰণৰ গজাল ব্যৱহাৰ নকৰে।কেৱল বাঁহৰ শাল আৰু বেতেৰে আচবাবপত্ৰবোৰ খুবেই মজবুতকৈ সাজি উলিয়ায়।
ৰমেনদাই প্ৰস্তুত কৰা সামগ্ৰীসমূহৰ ভিতৰত ফুলদানি বা অন্যান্য সজাবলৈ ব্যৱহাৰ কৰা সামগ্ৰীকেইটা শীতল পানীয়া স্প্ৰাইটৰ বটলৰপৰা প্ৰস্তুত কৰা।তাত কাগজ আৰু টিউবেলৰ ৱাছাৰো ব্যৱহাৰ কৰা হৈছে।
ৰমেনদাৰ বহুতো কল্পনাক সাকাৰ ৰূপ দিবলৈ প্ৰয়োজনীয় উপযুক্ত হাথিয়াৰ পত্ৰবোৰ কিনিবলৈ তেওঁৰ হাতত পইচা নাই।কথাখিনি শুনি মনটো বেয়া লাগিল।কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ ইমান সুন্দৰ সুন্দৰ কলত্মক আচবাবপত্ৰ বা অন্যান্য সামগ্ৰী প্ৰস্তুত কৰিবপৰা কলাকাৰ এজনে আনুষ্ঠানিক শিক্ষা লাভ কৰাহেঁতেন আৰু আৰ্থিক অৱস্থা কিছু টনকিয়াল হোৱাহেঁতেন হয়তো আজি বহুজনেই তেওঁক চিনি পালেহেঁতেন।ৰমেনদাই হাতেৰে সজা সৰু সৰু বহুতো বস্তু মানুহে লৈ যায় আৰু কোনো ধন নিদিয়ে।সৰল মানুহজনে কোনোবাই বিচাৰিলে বস্তুবোৰ দি দিয়ে।
অখ্যাত শিল্পী ৰমেনদাৰ দৰে ব্যক্তিসকলক সমাজত চিনাকি কৰাই দিয়াৰ ‘ফটাঢোল ই-আলোচনী’ৰ এই প্ৰয়াস সঁচাই শলাগিবলগীয়া।আন্তৰিকতাৰে ‘ফটাঢোল ই-আলোচনী’ৰ উত্তৰোত্তৰ কামনা কৰিলোঁ আৰু লগতে ৰমেনদাৰো সুন্দৰ ভবিষ্যত কামনা কৰিলোঁ।
☆ ★ ☆ ★ ☆
7 Comments