সপোনৰ জগতত-ৰাজশ্ৰী শৰ্মা
‘মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ পুৱা।’ – এই কথাষাৰ নুশুনা মানুহ বৰ কমেই আছে এইখন মুলুকত। কিন্তু দিন ৰাতি, পুৱা-গধূলি ছেদভেদ নোহোৱাকৈ টোপনি মৰা প্ৰতিভাটোও অমুকীৰ কম নহয়। এই দিনে ৰাতিয়ে শুব পৰা প্ৰতিভাটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই ‘ঘুমেগেইৰা’ উপাধিৰে বিভূষিত কৰা হৈছিল এসময়ত মোক। আৰু বিধাতাৰ কি আশীৰ্বাদ যে এতিয়ালৈকে সেই উপাধিৰ মৰ্যাদা সম্পূৰ্ণৰূপে ৰাখিবলৈ সক্ষম হৈছোঁ। এনেই মানুহে কয় যে টোপনি মৰাটো ভাল কথা, চিন্তা ভাৱনা কমি থাকে। মনৰ শান্তি বাঢ়ে। মোৰ চিন্তা ভাৱনাৰ দৌৰটো এনেই ছোৱালীহঁতৰ লগত কাৰ্টুন চাই চাই এতিয়া ডৰেমনৰ পকেটত থকা গেজেটবোৰ যদি পালোঁ হয়, তেতিয়া কি কি কৰিলো হয় বা ছোটা ভীমে যে অনবৰতে লাড্ডু খাই থাকে, তাৰ পেটত কৃমি নহয় নেকি – এইবোৰতে সীমাবদ্ধ আজিকালি। কাৰ্টুনৰ দুনিয়া, দুই এটা ৰাইমচ, পাকঘৰত আজি কি ৰান্ধিম দুপৰীয়া, এইবোৰ চিন্তাৰ বিষয় এৰি দেশৰ দহৰ চিন্তা কৰিবলৈ মোৰ সময়ো নাই, ইচ্ছাও নাই। তাতকৈ আজি দুপৰীয়া শোওঁতে দেখা সপোনটোৰ দ্বিতীয় খণ্ড ৰাতিলৈ দেখিম নে নাই সেইটো প্ৰশ্ন বেছি জৰুৰী মোৰ বাবে। শোৱাৰ প্ৰতি মোৰ আগ্ৰহৰ বাবে পতিদেৱতাৰ খং উঠে মাজে মাজে, কিন্তু দাম্পত্য কলহৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি তেৱোঁ আজিকালি ‘যি ইচ্ছা কৰি থাকা’ নীতিত বিশ্বাসী হৈ পৰিছে। টোপনিৰ প্ৰতি থকা আন্তৰিক ভালপোৱা স্বত্ত্বেও এই টোপনিয়েই মাজে মাজে মোক লটিঘটিতো নেপেলোৱা নহয় বাৰু।
স্কুলীয়া দিনৰ কথা, গড়চুকত হাইৱেৰ কাষত তেতিয়া বালাজী মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈ দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া বেছি দিন হোৱা নাই। গৰম বন্ধৰ দিন, মঙলদৈৰ পৰা মামাহঁতৰ ছোৱালী ভণ্টিহঁতো আছেহি আমাৰ ঘৰত। এদিন আবেলি ভাত খাই উঠাৰ পাছত আটায়ে বালাজী মন্দিৰ চাবলৈ ওলাল। মোৰ অলপ কিবা লিখিব আছিল বাবে নগ’লোঁ। মায়ে ক’লে দুৱাৰখন বন্ধ কৰি ল’বলৈ ভিতৰৰপৰা। সিহঁত যোৱাৰ পাছত ভাবিলোঁ অলপ আৰাম কৰি লওঁ, তাৰ পাছত উঠি পঢ়িম। হঠাৎ পিঠিত কিহবাই খুচি দিয়াৰদৰে লগাত যেতিয়া চকু মেলিছোঁ, বাহিৰত দেখোন বহুত হাল্লা, আন্ধাৰ হৈ আছে ৰুমটো। জাপ মাৰি উঠি চাওঁ যে খিৰিকীৰে দাদাই এডাল দীঘল লাঠি লৈ মোক খুচি খুচি জগাইছেহি। লৰালৰিকৈ দুৱাৰ খুলি দিয়াত চবৰে গালি শপনি থ’বলৈ ঠাই নোহোৱাৰ দৰে! মই মানে সেই দুপৰীয়া দুই বজাৰপৰা সন্ধিয়া সাত বজালৈ শুলোৱেই আৰু দুৱাৰত ঢকিওৱা, কলিং বেল, চিঞৰি চিঞৰি মতা ইত্যাদি একোৱেই সেই টোপনি ভাঙিব নোৱাৰিলে। মাহঁতে গালি পাৰিলেনো হ’ব কি, ইমান শান্তিত যে শুব পাৰিলোঁ অন্ততঃ!
ডাঙৰ হোৱাৰ পাছতো কলেজত ক্লাছত টোপনিওৱা কামত সিদ্ধহস্ত আছিলোঁ। কিতাপত মনোযোগ দিয়াৰ ভাও জুৰি মূৰটো নুদুপিওৱাকৈ শুব কেনেকৈ পাৰি সেই বিষয়ত একপ্ৰকাৰৰ ব্যুৎপত্তিয়েই লাভ কৰিছিলোঁ বুলি ধৰক। ক্লাছৰ মাজত যিদিনা ৰুম আন্ধাৰ কৰি প্ৰেজেণ্টেচন দিয়ে, সিদিনাতো ক’বয়েই নালাগে। সপোনত উৰি ফুৰোঁতে মাষ্টৰৰ গেমেহা কিল পিঠিত পৰা নাই বুলিও নকওঁ কিন্তু সেইটো ত্যাগ কৰিবই লাগিব যদি এগৰাকী সফল টোপনি বিশেষজ্ঞা হ’ব বিচাৰোঁ। কেতিয়াবা কেতিয়াবা আগতে লগৰ ছোৱালীবোৰ আহে পৰীক্ষাৰ আগতে একেলগে পঢ়িম বুলি। কলেজৰপৰা বাহিৰে বাহিৰে আহি আমাৰ ঘৰত পঢ়া শুনা কৰিবলৈ লোৱা হয় আটায়ে মিলি। বাকীকেইজনীৰ ভাগৰ নালাগেই নেকি, মোৰ পিছে কিবা এটা খোৱাৰ পাছত ইমান টোপনি ধৰে যে শেষত সদায় গৃহস্থই শুই থাকোঁ, সিহঁতে নিজে নিজে পঢ়ি মেলি শেষত মোৰ এচাইনমেণ্টৰো অন্ততঃ ছবিকেইটা আঁকি দি থৈ যায়। (শুই থকা শিশুক জগাব নাপায় বুলিয়েই কিজানি)
পিছে টোপনিৰ লগত মোৰ প্ৰেমৰ নামত এবাৰ এটা ডাঙৰ লটিঘটিৰ সন্মুখীন হৈছিলোঁ। কলিকতাৰ কলেজত পঢ়ি থাকোঁতে আমি ‘থাৰ্ড ইয়েৰ’ত সপ্তাহৰ দুদিন এখন হস্পিতেলত ক্লাছ কৰিবগৈ লাগিছিল। ৰোগী চোৱা ইত্যাদি অভিজ্ঞতা হ’বলৈ আৰু তাতে আমাৰ ক্লাছো হৈছিল দুটামান। এটাই অসুবিধা আছিল যে ঘৰৰ পৰা বহুত দূৰ আছিল। বাছতে ডেৰ দুঘণ্টা লাগে। লোকেল ট্ৰেইনত উঠাৰ ভয়ৰ বাবে নগৈছিলোঁ মই, কিন্তু তুলনামূলকভাৱে কম সময়তে হয়। বাছেৰে দুঘণ্টা ঘূৰি ঘূৰি আহিব লাগে। এদিন হ’ল কি, হস্পিতেলত থিয়’ৰী ক্লাছ, তাৰ পাছত তিনি ঘণ্টাৰ থিয় হৈ হৈ কৰা প্ৰেক্টিকেল ক্লাছৰ পাছত ভোকে পিয়াহে জৰ্জৰিত মই। গৰমো বহুত পৰিছিল, কোনোমতে বাছ এখনত বহিছোঁ খিৰিকীৰ কাষৰ ছিট এটাত। বতাহ পাই আৰাম লাগি আহিছিলহে, যেতিয়া চকু মেলোঁ, বাহিৰত দেখোন সদায় অহা ৰাস্তাটো নহয়। ভুল বাছতে উঠিলো নেকি বুলি ভালদৰে লৰচৰ হৈ বহিছোঁ, এনেতে বাহিৰত দেখিলোঁ আমি দেখোন বিৰলা প্লেনেটৰিয়াম পাৰ হৈ আহিছোঁ। মোৰ ঘৰলৈ অহা বাটততো প্লেনেটৰিয়াম নপৰে। তেন্তে? অ’, মানে মই শুই আছিলোঁ আৰু আমাৰ বাছষ্টপো কেতিয়াবাই পাৰ হৈ আহিলোঁ। কি হ’ব এতিয়া! দৌৰাদৌৰিকে নামিছোঁ বাছৰ পৰা। কণ্ডাক্টৰক কৈছোঁ মোক কিয় কোৱা নাই ইমান দূৰ আহিলোঁ বুলি! সি কৈছে এনেকৈ মুখ মেলি শুই আছে, আপোনাক ভাৰাই খোজা নহ’ল। কেনেকৈ জানিম ক’ত নামে। হ’লেও জানিব লাগিছিল বুলি তাক দম এটা দি নামিলোঁ। নামিলোঁহে, এইবোৰ বা কি জেগা। আগতে দেউতাৰ লগতহে আহোঁ, ইপিনে মোবাইলত পইচাও নাই অলপো, কলেজৰপৰা যাওঁতে ভৰাম বুলিহে ভাবি আছিলোঁ। এতিয়া মই যাওঁৱেই বা ক’ত! বাছেইবা পাওঁ ক’ত? বেগত চালোঁ দুশ টকা এটা আছে, কিন্তু টেক্সীত বেছিও ল’ব পাৰে। যদি বেছি লয়, কি কৰিম! ইপিনে ভোকো লাগিছে, আবেলিও হৈছে। হেৰায়ে গ’লোঁ নেকি বুলি ভয়ো লাগিছে খুব। অচিনাকি ঠাই, কিয় আহিছিলোঁ ইয়াত পঢ়িবলৈ। তাতকৈ ঘৰতে থাকিব লাগিছিল মাৰ লগত। হে ভগৱান বচোৱা মোক! ইত্যাদি ইত্যাদি হাজাৰটা চিন্তা কৰি কৰি ৰাস্তাৰে বাছষ্টপ বিচাৰি হাবাথুৰি খালোঁ। শেষত এজন বয়সিয়াল মানুহক সুধি আমাৰ তালৈ অহা বাছ ক’ত পাম সোধাত তেওঁ সহায় কৰিলে যেনিবা। একেবাৰে বাছত উঠাই দি হে গৈছিল মানুহজন। বাছত উঠি ইফালে সিফালে চাওঁ যে ৰাস্তাৰ সিটো পাৰেই দেখোন মেট্ৰো ষ্টেচন এটাও আছিল। তাতে আহিলেও হ’ল হয়, সোনকালেও পালোঁ হয়। কি যে মানে! কিন্তু আকৌ নামি যাবলৈ বাছ ষ্টাৰ্ট দিলেই। এইবাৰ ভালদৰে বহি ল’লোঁ। আকৌ টোপনি গ’লে বা ক’ত গৈ পাওঁ!
☆ ★ ☆ ★ ☆
1:27 pm
হা হা। টোপনিৰ লগতো লটিঘটি হয় তোমাৰ। মজা লাগিল।
8:27 pm
হা হা বা???
1:37 pm
তোমাৰ বিছনাখনৰ বহুত পৰিশ্ৰম হয়৷? চকুকেইটাৰ আৰাম অৱশ্যে৷ মজা মজা হে৷
1:58 pm
‘ঘুমেগেইৰা’ বাইদেউ। বৰ ভাল লাগিল পৰা।?
1:59 pm
পঢ়ি বৰ ভাল লাগিল।
8:26 pm
ধন্যবাদ জনালোঁ
3:05 pm
মজ্জাআ।
8:26 pm
ধন্যবাদ দাদা
6:48 pm
মজা ??
8:26 pm
ধন্যবাদ বা
8:46 pm
এ মজা! ঘুমেগাইৰা৷
8:25 pm
ধন্যবাদ দাদা
10:52 pm
??মজা লাগিল
10:48 am
নিদ্ৰাপুৰত যিমান সময় কটালে ভাগ্য ভাল তাত স্টেচন নাপালে যে ????
10:14 am
ভাল লাগিল পঢ়ি।
4:53 pm
মজ্জা লাগিলে পঢ়ি ??? হৈ যায় এনেকুৱা ধুনীয়া দূৰ্ঘটনা কেতিয়াবা ???