ভাৰতবৰ্ষত মহিলাৰ সুৰক্ষা ব্যৱস্থা-কুমকুম শৰ্মাবৰুৱা
বৈদিক যুগৰপৰা বৰ্তমান যুগলৈকে ভাৰতবৰ্ষত মহিলাৰ সুৰক্ষা ব্যৱস্থা সন্তোষজনক নহয়। সীতাৰ অগ্নি পৰীক্ষা, দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পৰা দিল্লীৰ নিৰ্ভয়া কাণ্ডলৈকে প্ৰতিদিনে ভাৰতবৰ্ষত অসংখ্য মহিলা নিৰ্যাতিতা হৈ আহিছে।
ভাৰতবৰ্ষত নাৰীক দুৰ্গতিনাশিনী দশভুজা দূৰ্গাৰ ৰূপত, মা লক্ষ্মীৰ ৰূপত, আই সৰস্বতীৰ ৰূপত অথবা কালী গোঁসানীৰ ৰূপত পূজা কৰা হয়। কিন্তু সেই পূজা কেৱল মাটিৰ মূৰ্তিটোতে সীমাবদ্ধ হৈ থাকে।পিতৃপ্ৰধান ভাৰতীয় সমাজত নাৰী বিয়াৰ আগত পিতৃৰ অধীন, বিয়াৰ পিছত স্বামীৰ অধীন আৰু স্বামীৰ অবৰ্তমানত পুত্ৰৰ অধীন হিচাবে চলিব লাগে। এইখন সমাজত এগৰাকী বিধবাই বহুতো লাঞ্চনা-গঞ্জনা সহ্য কৰাৰ বিপৰীতে এজন বিপত্নীক পুৰুষে পত্নী ঢুকুৱাৰ কেইদিনমানৰ পিছতেই পুনৰ বিবাহ কৰিব পাৰে। মৃত স্বামীৰ চিতাত জীয়াই জীয়াই পুৰি মৰাৰ প্ৰথাও আনকি এইখন ভাৰতবৰ্ষতেই আছিল। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাক আৰু মাহীমাক দুয়ো এনেদৰেই চিতাত সতী গৈছিল। এইটো কথা অৱশ্যে মই কিতাপত পঢ়াহে।
ঘৰ এখনত এগৰাকী গৃহিনী হিচাবে নাৰীয়ে পুৱাৰপৰা ৰাতি শোৱাপাটীত পৰালৈকে অক্লান্ত পৰিশ্ৰম কৰিব লাগে। ঘৰ-দুৱাৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা, ৰন্ধা-বঢ়া কৰাৰ পৰা ল’ৰা-ছোৱালীৰ সকলো জঞ্জাল মৰালৈকে এগৰাকী নাৰীয়ে ঘৰখনত বহুতো কাম কৰিব লগা হয়। কিন্তু তথাপি তেওঁ নিজৰ ঘৰখনত উপযুক্ত মৰ্যদা আৰু সন্মান নাপায়। আজিৰ যুগতো শিক্ষিতা বহুতো নাৰীয়ে চাকৰি কৰিও ঘৰৰ সকলো দায়িত্ব পালন কৰিবলগীয়া হয়। বহুতে ঘৰুৱা দায়িত্বৰ বাবেই চাকৰি ত্যাগ পৰ্যন্ত কৰিব লগা হয়। নাৰীক কেৱল উপভোগৰ সামগ্ৰী আৰু ঘৰুৱা চাকৰণী বুলি ভবা পুৰুষৰ অভাৱ নাই।
ভাৰতবৰ্ষত যৌন নিৰ্যাতন অথবা দলবদ্ধ ধৰ্ষণৰ ঘটনা অতি বেছি। সন্ধ্যাৰ পিছত এগৰাকী নাৰী সৰু ছোৱালীয়েই হওক বা পঞ্চাশোৰ্দ্ধই হওক, গাঁৱতেই হওক বা নগৰতেই হওক ক’তো চলা-ফুৰা কৰা নিৰাপদ নহয়। ইয়াৰপৰা বিদেশী ভ্ৰমণকাৰীও বাদ নপৰে। ভাৰতীয় সংস্কৃতিত অতিথিক দেৱতাৰ লগত তুলনা কৰা হয়।অথচ বিদেশী নাৰী এগৰাকীয়েও ইয়াত যথোপযুক্ত নিৰাপত্তা নাপায়। দিনে দিনে এই ধৰ্ষণৰ ঘটনাবোৰ বাঢ়িহে গৈছে, কমা নাই।ইয়াত জড়িত আছে একেবাৰে নাবালক ল’ৰাৰে পৰা ষাঠিৰ উৰ্দ্ধৰ পুৰুষলৈকে।
বৈদিক যুগৰপৰা নাৰীক শিক্ষাৰ ক্ষেত্ৰত বঞ্চিত কৰি দমাই ৰখা হ’ল। আজিকালি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িছে যদিও শিক্ষানুষ্ঠান অথবা চাকৰিৰ ঠাইতো নাৰী নিৰাপদ নহয়। কৰ্মৰত নাৰীৰ সংগঠন থাকে যদিও অসংখ্য নাৰী কৰ্মৰত অৱস্থাত নিৰ্যাতনৰ বলি হৈ আত্মহত্যা পৰ্যন্ত কৰিবলগা অৱস্থা হয়। আইন আছে যদিও আইনে নাৰীক নিৰাপত্তা দিয়াত ব্যৰ্থ হয়।কিয়নো নাৰীগৰাকীয়ে অকলে যুঁজিবলগা হয়। বিয়াৰ পিছত পিতৃ-মাতৃৰ ঘৰৰপৰা নাৰীগৰাকী প্ৰায় বিচ্ছেদিত হয় আৰু শহুৰৰ ঘৰেও সাধাৰণতে সহায় নকৰে।
সম্পত্তিৰ অধিকাৰৰ পৰাও নাৰী সদায়েই বঞ্চিত। অথচ যৌতুক সম্পৰ্কীয় গোচৰত ভাৰতত অসংখ্য নাৰীয়ে প্ৰতিদিনে প্ৰাণ দিয়েই আছে। ছোৱালীক ভ্ৰুণ অৱস্থাতে হত্যা কৰা হয় কেৱল যৌতুকৰ কাৰণেই।অথচ যৌতুক বন্ধ কৰা আইন ১৯৬১ চনতেই বলবৎ হয়। হিন্দু, মুছলিম, শিখ ইত্যাদি সকলো ধৰ্মতেই যৌতুক প্ৰথা প্ৰচলিত হৈ আহিছে। যৌতুক নথকা অসমতো আজিকালি সঘনাই যৌতুকৰ কাৰণে বোৱাৰীক অত্যাচাৰ কৰাৰ বাতৰি পোৱা যায়।
২০০৫ চনত যদিও ‘গাৰ্হস্থ্য সুৰক্ষা আইন’খন বলবৎ হয়, ই মহিলাক বিশেষ সহায় কৰা নাই। ঘৰৰ সকলো মিলি মহিলাগৰাকীক অত্যাচাৰ কৰিলেও তেওঁ নীৰৱে সহি থাকে।কিয়নো ই গোচৰৰ পৰ্যায়লৈ গ’লে সেইখন ঘৰত তেওঁৰ সন্মান আৰু অৱনমিত হোৱাৰহে ভয় থাকে। বিবাহ বিচ্ছেদ হ’লেও সমাজে সদায়েই মহিলা গৰাকীকহে দোষ দিয়ে।
ভাৰতত নাৰীক দেৱী বুলি পূজা কৰা হয়, অৰ্দ্ধাঙ্গিনী বুলি কোৱা হয়, বিয়াত হোমৰ গুৰিত মন্ত্ৰ মতা হয়, “মোৰ হৃদয়খন তোমাৰ হৃদয়ৰ লগত এক হৈ গ’ল, আজিৰপৰা তোমাৰ সুখ-দুখেই মোৰো সুখ-দুখ” বুলি, কিন্তু কাৰ্যতঃ বিয়াৰ পিছদিনাৰপৰাই তাৰ ওলোটাটোহে প্ৰতিফলিত হয়। নাৰীয়ে বাহিৰত সন্মান পালেও ঘৰখনত উপযুক্ত মৰ্যদা আৰু সন্মান নাপায়। পুৰুষজন মহিলা গৰাকীৰ বাবে ঈশ্বৰসদৃশ বুলি সৰুৰেপৰাই শিক্ষা দিয়া হয়। গতিকে ভাৰতত মহিলাৰ সুৰক্ষা ব্যৱস্থা সন্তোষজনক নহয়। তাৰ বাবে মহিলাসকল শিক্ষা-দীক্ষাত আগবাঢ়ি গৈ স্বাৱলম্বী হোৱাৰ লগতে সমাজৰ মানসিকতা সলনি কৰিবলৈ যত্নপৰ হোৱা উচিত। অন্যথা কেৱল আইন প্ৰণয়ন কৰি সুৰক্ষা ব্যৱস্থা উন্নত কৰিব নোৱাৰি। মাতৃসকলে নিজৰ কন্যাসন্তানক সৰুৰেপৰাই যত্নসহকাৰে ডাঙৰ-দীঘল কৰি, সৎ শিক্ষাৰে সু-শিক্ষিত কৰি, স্বাৱলম্বী আৰু সাহসী হোৱাত সহায় কৰা উচিত।
☆ ★ ☆ ★ ☆