ফটাঢোল

দৰব-জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ

ধুমুহাত দেওধনী নচা তামোল গছৰদৰে হালিজালি আছোঁ, মূৰটো কোনোপধ্যেই ডিঙিৰ ওপৰত পোন কৰি থ’ব পৰা নাই৷ কি জানো হৈছে কালিৰ পৰা, দেহাটোৰ দায়িত্ব চকীখনক দিলেই টোপনিয়ে কোলাই বোকোচাই তুলি নচুৱাই লৈ ফুৰে৷ ঠিক তেনেকুৱাতে উধাতু খাই ওলালেহি পিতৌ৷ এক্সৰে নকৰাকৈ হাড় গণিব পৰা তাৰ দেহাটোত গেঞ্জী এটাও নোহোৱাকৈ লৰি অহা দেখি মোৰ টোপনি মাকৰ ঘৰলৈ পলাল৷ এইকণ বাট আহোঁতেই অবস্থা কাহিল হোৱা পিতৌলৈ পানীৰ বটলটো আগবঢ়াই দিলোঁ৷

“কি হ’ল পিতৌ? কোনোবাই জোৰকৈ হাঁচিয়াই দিয়াত এইখিনিলৈ ছিটিকি আহিলি নেকি?“

হোৱা দিয়া শিয়ালৰ দৰে ডিঙিটো ওপৰলৈ কৰি মেলা মুখত পানী বাকি থকা পিতৌক এনেই এপাক জোকাই চালোঁ৷ 

“ডাঙৰ কথা হ’ল দাদা৷“

খালী পানী বটলটো মোলৈ আগুৱাই দি পিতৌৱে পাতনি মেলিলে৷ আগেপিছে কেতিয়াও এনেকৈ নহা পিতৌক দেখি মোৰ গা চেবাইছিলেই যে কথা ডাঙৰেই হ’ব৷ 

“আমাৰ আইতাৰ টনা-আঁজোৰা চলি আছে৷“

মই বোলো, “কাৰ লগত?“

“যমৰ লগত৷“ পিতৌৰ গধুৰ উত্তৰ৷

এইবাৰ মোৰ আচৰিত হোৱাৰ পাল৷ কাৰণ যোৱাৰাতি ভাত এপেট খাই মানুহজনীৰ খেচখেচনিত এশ এটা খোজ কাঢ়িবলৈ যাওঁতে আইতাক মই নিজেই তেওঁলোকৰ পদূলিত লগ পাই আহিছোঁ৷ টিভিৰ ট’ক শ্ব’ত যুদ্ধ কৰা কেইটাক একে আষাৰতে বৰফ কৰি দিব পৰা মুখৰ আইতাক নিবলৈ অহা যমৰ অবস্থা কল্পনা কৰি সেপ গিলি ৰ’লো৷

“ডাক্তৰ আনিছেনে পিতৌ?“

“এতিয়ালৈকে নাই, সেইকাৰণেই আপোনাৰ তালৈ আহিছোঁ- আপোনাৰ ওচৰত থাকেই নহয় ডাক্তৰৰ নম্বৰ৷“

পিতৌৰ কথাত মই লাজেই পাব লাগে নে গৌৰৱেই কৰিব লাগে বুজি নাপালোঁ৷ সঁচা কথা, আমাৰ চহৰৰ এনেকুৱা এজনো ডাক্তৰ নোলাব যাৰ ওচৰলৈ মই এপাক যোৱা নাই বা যাৰ নম্বৰ মোৰ ওচৰত নাই৷ বাৰমহীয়া মধুৰিৰ দৰে মোৰ দেহটো লমালমে বেমাৰ উলমিয়ে থাকে৷ এতিয়াতো চুবুৰীৰ নিজে পেন্ট পিন্ধিব নজানা কেইটায়ো জানে যে মই দৈনিক এবাটিমান টেবলেটে খাওঁ, পেটৰ এফাল ঔষধেৰে ভৰাওঁ৷ ডাক্তৰৰ চেম্বাৰ মোৰ বাবে দ্বিতীয় ঘৰ৷ ওচৰতে থকা শহুৰৰ ঘৰলৈ সিমান নাযাওঁ, যিমান মই ডাক্তৰ ওচৰলৈ যাওঁ৷ চুবুৰীৰ কাৰোবাৰ কিবা হ’লে মানুহবোৰ সেয়েহে চিধাই মোৰ ঘৰ পায়হি৷ কেতিয়াবা ডাক্তৰৰ নাম, নম্বৰ লৈ যায় আৰু কেতিয়াবা মোৰ ওচৰত মজুত থকা দৰৱ দুই এপালিকে নিয়ে৷ কেতিয়াবা মোৰ এনেকুৱা লাগে যে মই ডাক্তৰতকৈ বেছিহে দৰৱৰ নাম জানোঁ৷ কি বেমাৰত কি ঔষধ খাব লাগে বা নালাগে,সেই নামবোৰ মোৰ জিভাৰ আগত ঢাৰি পাৰি বহি থাকে৷ ল’ৰা ছোৱালী তিনিটাক ডাঙৰ কৰোঁতে শিশুৰোগ বিশেষজ্ঞই হৈ গৈছিলোঁ। এসময়ত আৰু এতিয়া নিজৰ বাবে দৰৱ গোটাওঁতে গোটাওঁটে দৰৱ কুবেৰ হলোঁ৷ 

পিতৌক কাগজ এখনত ডাক্তৰ কেইজনমানৰ নম্বৰ লিখি পঠিয়াই দিলোঁ৷ মই গৈ আছোঁ বুলি কোৱাত সি সকাহ পাই ঘৰলৈ বাট ললে৷ ঘাট মাউৰা পিতৌ সৰুৰে পৰা মোৰ বন্ধু জগতৰ ঘৰতে থকা৷ সি হ’ল জগতৰ আইতাক মানিকি বুঢ়ীৰ সোঁহাত৷ পিতৌ নহ’লে জগতহঁতৰ ঘৰ নচলে আৰু পিতৌক চলাব পাৰে কেৱল আইতাকেহে৷ ফুটবল খেলিব পৰাকৈ সবল হৈ থকা মানিকি আইতা হঠাৎ এনেকৈ অসুস্থ হৈ পৰাত মোৰ মনটো সেমকি গ’ল৷ 

লৰালৰিকৈ মানুহজনীক খুজি ভাত কেইটামান খাই কালিৰপৰা নতুনকৈ লগ লোৱা এলৰ্জিৰ দৰৱ খাওঁ বুলি  মোৰ কুবেৰৰ টোপোলাটো মেলি ললোঁ৷ 

“বিছাই ডাকিলেও দৰৱ খায়! আপুনি বেমাৰ হৈ নহয় দৰৱ খাইহে মৰিব কোনোবাদিনা৷”

নাক মুখ এটা বিন্দুলৈ থুপাই আনি মানুহজনীয়ে মুখ ভেঙুচাই দিলে৷ খং উঠি আহিছিল যদিও একো নকলোঁ, কোদোৰ বাহত এতিয়া জুই দি থৈ গ’লে দুপৰীয়া ভাতৰ ঠাইত মাল্টি ভিটামিন কেইচামুচমান খাই থাকিব লাগিব৷ খালী পেটত কিছুমান দৰৱ খাব নালাগে বাবে লখিমীক একো নকলোঁ৷ আৰু বিছাই ডাকিলেও যে দৰব খাব পাৰি, সেইটো তাইক বুজোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা একেই৷ লখিমীৰ মতে বিছাই ডাকিলে কাণত প্ৰথমে চূণ এলেপাৰে কাণফুলি গঢ়াই পিন্ধিব লাগে তাৰ পিছত কলগছৰ কেঁচা চোঁচনিৰ মালা এডাল পিন্ধি মাইকী মানুহৰ দীঘল চুলিৰে মিঠাতেল অকণ ডবলা ডবল হোৱা জেগাত সানিব লাগে৷ কিন্তু মোৰ কথা হ’ল, বাবাজীৰ নিচিনাকৈ এনেকুৱা কিম্ভুত ৰূপ লৈ বিছাৰ প্ৰকোপ নোহোৱা কৰাতকৈ ডাক্তৰৰ ওচৰলৈ গৈ কেলামাইন ল’চন, চুথল আৰু দৰৱ পাতি আনি খোৱাটো বেছি জৰুৰী৷ লখিমীৰ মতে মই এটা মস্ত ভয়াতুৰ মানুহ- মোৰ দৰে, এটা কাহ মাৰিলেও ডাক্তৰ ওচৰলৈ লৰ মৰা মানুহ হেনো গোটেই পৃথিৱীত বিচাৰি চলাথ কৰিলেও ক’তো নোলাব৷ তাইৰ মতে মই হেনো স্বাস্থ্যৰ যতন ল’বই নেজানোঁ- মুখখন বাচিলেই মোৰ সব বেমাৰ বোলে অন্তৰ্ধান হৈ যাব৷ কিন্তু মইহে জানো, দুদিনীয়া জীৱনটো খাই, বহি, শুই  উপভোগ কৰিবৰ বাবে বেমাৰত সময় নষ্ট কৰাতকৈ  দৰৱ খোৱাটো কিমান বুধিয়কৰ কাম৷ 

“মই আহিলোঁ“

লখিমীক মাত লগাই ওলাই আহিলোঁ ঘৰৰপৰা৷ জগতৰ ঘৰ আমাৰপৰা আঠঘৰমান পাৰ হৈ৷ মই গৈ পোৱালৈ ঘৰখনত মানুহ জমা হৈছে কেইজনমান৷ যিয়ে যেনেকৈ পাৰে নিজৰ সুবিধা হোৱাকৈ ঘৰে বাহিৰে বহি লৈছে৷ মোক দেখি আগুৱাই আহিল জগত৷ 

“কি হৈছে ক’চোন?“

“একো ধৰিব পৰা নাই৷ শুৱাৰ পৰলৈকে ঠিকেই আছিল৷ মায়ে কৈছে ৰাতি মাত্ৰ এবাৰমান কাহ মাৰিছিল৷ তাৰ পাছত এতিয়ালৈ একো সাৰ-সুৰ নাই৷“

“মাত দিয়েনে?“

“প্ৰথমতে দিয়া নাছিল৷ অলপ আগতে কন পেহীয়ে মাতোঁতে ‘ওঁ ওঁ’ বুলিছে যদিও চকু মেলা নাই৷“

জগতৰ কথাবোৰ শুনাৰ পিছত এপাক নিজেই আইতাক চাওঁ বুলি তেওঁৰ কোঠাটোলৈ সোমাই গ’লো৷ কন পেহীয়ে শিতানত বহি ফেচেক ফেচেককৈ নাক উজোৱাই  আছে৷ কোঠাৰ এচুকত চাকি এগছিও জ্বলাই থৈছে কোনোবাই৷ বিছনাৰ কাষৰ টেবুলত ৰসগোল্লাৰ টোপলা এটাও চকুত পৰিল৷ তুলসী পানী এঘটিও কাষতে থোৱা আছে৷ মানুহ মৰিব বুলি জানিলে ভালকৈ খোৱাই বোৱাই পঠিওৱাৰ নিয়মটো আমাৰ মুলুকতে আছে নে বেলেগতো আছে নাজানোঁ৷ কোঠাত থকা মাইকী মানুহবোৰ এন্ধাৰমুৱা হৈ বহি আছে৷

“অ’ই দুলু, তই ইমান বেমাৰৰ লক্ষণ জান, আহচোন চা হি  কি হৈছে আইতাৰৰ৷“

মোক দেখি মাকন জেঠায়ে আইতাৰ কাষত বহিবলৈ চকী এখন আনি দিলে- মই যেনিবা ডাক্তৰহে৷ আইতাৰ কাণৰ ওচৰলৈ গৈ মাত এষাৰ দি চালোঁ৷ তেওঁ ‘ওঁ’ বুলি কৈ  চকুহাল মেলিবলৈ খুব চেষ্টা কৰিলে যদিও নোৱাৰিলে৷ কোঠাটোৰপৰা ওলাই মই চোতালত বহা পুৰুষ সমাজত আসন গ্ৰহণ কৰিলোঁ৷ কোনোবা এজনীয়ে এপাকত সকলোকে চাহ বিস্কুট দি থৈ গ’ল৷ অসমীয়া মানুহক এনেই অতিথিপৰায়ণ বুলি নকয় নহয়!- ঘৰত যমৰ সৈতে জীৱ টনা খেল খেলি থকা বেমাৰী থাকিলেও খবৰ ল’বলৈ অহা মানুহক চাহ একাপ যাচিবই আৰু খবৰ ল’বলৈ অহাজনে দুখৰ মেহফিলত চামিল হৈ হৈ চাহ গিলিবই৷ খবৰ ল’বলৈ অহা মানুহক ভালকৈ চাহৰ সৈতে পিৰিচত সজাই দিবলৈ আনবোৰ বস্তুৰো যোগাৰ কৰে৷ চাহ খাই থাকোঁতে ভিতৰত জীৱটো মুখতে লৈ থকা বেমাৰীৰ কথা লংকা পায়গৈ৷

“অজামিলৰ উপাখ্যান পঢ়ি শুনাব লাগে এনেকুৱা সময়ত৷“

চুবুৰীৰ বিজ্ঞ এজনে মতামত আগবঢ়ালে৷ বাকীবোৰে পুথি এভাগি পঢ়াৰ কথাটোত হয়ভৰ দিলে৷ ডাক্তৰ আহি একো এটা নকওঁতেই ৰাইজে মানিকি আইতাক সিফলীয়া কৰিবলৈ আধ্যাত্মিক যাত্ৰাৰ আড়ম্বৰপূৰ্ণ আয়োজনৰ চিন্তা কৰিছে  আৰু বেছি সময় হ’লে হয়তো ভোজৰ মেনুখনো ঠিক কৰি পেলাব৷

“আইতা উঠি বহিছে, কিন্তু চকু কোনোমতে টানি টানিহে মেলিছে৷“

জগতে ভিতৰৰ পৰা আহি খবৰটো দিয়াত, চিটি বাছত উঠিবলৈ লৰ মৰা যাত্ৰীৰদৰে গোটেইজাক ভিতৰলৈ লৰ মাৰিলে৷ বগলীটোৰ দৰে ময়ো ডিঙি মেলি চাই আইতাক বিছনাত ঘটিৰে চকু মুদি মুদিয়ে পানী পি থকা দেখিলোঁ৷ প্ৰভুৰ কি মহিমা, হেন সময়তে ডাক্তৰো আহি ওলাল৷ গোটেইবোৰ সুৰসুৰকৈ আহি আকৌ চোতাল পালে৷ মাইকী মানুহবোৰো ওলাই আহিল৷ বাপেকী হ’বলৈ ওলোৱা মানুহে হস্পিতালত অ’ টিৰ বাহিৰত ৰৈ থকাৰ সমান উৎকণ্ঠাৰে ডাক্তৰ ওলাই অহালৈ বাট চাই ৰ’ল৷ মৰিব নে বাচিব সেইটো হেস্তন্যস্ত হোৱালৈ বাট চাই ৰোৱা মানুহখিনিৰ উৎকণ্ঠাৰ অন্ত পেলাই ভোৰভোৰাই ভোৰভোৰাই ওলাই আহিল ডাক্তৰ৷ 

“কোন পণ্ডিতে কৈছিল কাহৰ ঔষধ তেনেকৈ খাবলৈ৷ সব নিজে নিজে ডাক্তৰ ওলাইছে৷“ 

খঙে ৰাগে ডাক্তৰে জগতক আৰু কিবাকিবি কৈ গুচি গ’ল৷ জগতে ৰাইজক জনালে যে মানিকি আইতাই কাহ অহাত যোৱাৰাতি আধা বটল কাহৰ দৰৱ খাই এই অৱস্থা৷ তেওঁৰ মৰাৰ প্ৰগ্ৰামটো অনিৰ্দিষ্ট কাললৈ পিছুৱাই যোৱাত ৰাইজ ঘৰাঘৰি গ’লগৈ৷ ডাক্তৰে “কোন পণ্ডিতে“ বোলা কথাষাৰে মোক বেয়াকৈ বিন্ধিলে৷ 

“তই কলৈ যাৱ? আহ আইতাক মাত লগাই যা৷“

জগতে মোক পাছফালৰপৰা ৰখালে৷ মই সেপ ঢুকি, মোৰ দৰৱ খোৱাৰ সময় হৈছে বুলি গুচি আহিলোঁ৷ যোৱাৰাতিৰ দুটা চৰিত্ৰ থকা দৃশ্য এটা ভাঁহি উঠিল- এটা পদূলি, ৰাতিৰ সময়৷

আইতা- কুহুৰ ,কুহুৰ, কুহুৰ৷

মই- আইতা, দুদিনমান আগতে জগতক মই  কাহৰ দৰবৰ বটল এটা দিছিলোঁ৷ ৰাতি ভালকৈ খাই দিবি ৰাতিপুৱালৈ কাহ চাফা৷

☆ ★ ☆ ★ ☆

One comment

  • ৰাজশ্ৰী শৰ্মা

    মজা লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *