চটৌপ-অমিতাভ মহন্ত
সঞ্জীৱে হাঁহিব নে কান্দিব ঠিক ধৰিব পৰা নাই৷
অথচ ‘অফাৰ লেটাৰ’খন হাতত লৈ সঞ্জীৱে খুব আনন্দ পোৱা তাৰ স্পষ্ট মনত আছে৷
ঘটনাতো খোলাকৈ কোৱাই ভাল হ’ব৷
সঞ্জীৱ… মানে আমাৰ সঞ্জীৱ ভট্টাচাৰ্য৷ দোস্ত হিচাপে একে আষাৰে চমৎকাৰ, দিলদাৰ৷ কেৱল পানীটোপা খালে মাজে মাজে অলপ বেছিকৈ ধেমালি কৰে আৰু। বাকী একদম গুলাই ল’ৰা৷ মাজতে বিজয়ৰ ৰুমত পাৰ্টী দিছিল৷ কেনে জঘন্য দিলদাৰ পাৰ্টী! খা যি ইচ্ছা৷ বাগৰি বাগৰি খাই হাগনী নোহোৱালৈকে খুৱাইছিল৷
ভাল ল’ৰা! গুড বয়!
জীৱনে সঞ্জীৱক সকলো দিছে৷ দুখ মাত্ৰ এটাই৷ ঘৰৰ পৰা প্ৰায় পাঁচশ কিল’মিটাৰ আঁতৰত অকলে থাকি চাকৰি কৰে৷ ৰাতি ৰাতি পত্নী আৰু ছোৱালী দুজনীলৈ খুব মনত পৰে তাৰ৷ পানী খোৱাৰ দিনা বাগৰি বাগৰি কান্দিবলৈ মন যায়৷
এনেকৈয়ে জীৱন চলি আছে৷ জিৰণিত পানী, মহন্তৰ ঘৰত হাঁহ, অফিচৰ প্ৰেছাৰ… এইবোৰৰ মাজতে দিনবোৰ পাৰ হৈ গৈ আছিল৷ মাজে মাজে সুবিধা বুজি ইণ্টাৰভিউবোৰো দি আছে৷ গুৱাহাটী নহ’লেও ঘৰৰ অলপ ওচৰলৈ আহিব পাৰিলেও!
ছিক্স! মাজত ছিঙ্গল লোৱা, ফ’ৰ মৰাৰ লেঠাই ৰখা নাই৷ ডাইৰেক্ট ছিক্স। ছেমছাং, গুৱাহাটী হেড কোৱাৰ্টাৰ৷ এৰিয়া ছেলছ মেনেজাৰ, মডাৰ্ন ট্ৰেড৷ ইতিহাস সাক্ষী থাকিব, বন্দিতা মাকৰ ঘৰলৈ যোৱাৰ সুযোগতে পাছদিনা বিজয়ৰ ভাড়াঘৰত গোটেই ৰাতি মুজৰা চলিছিল৷ নৰ্তকীৰ ৰূপত খোদ সঞ্জীৱ আৰু বিজয়৷ বিজয়ৰ বাৰু নানাচি উপায়ো নাছিল৷ নচা বন্ধ কৰিলেই সৰৌপকৈ কুৱেইটী শ্বেখৰ বেল্টৰ কোব৷ জেক ডেনিয়েল আফটাৰ অল৷
গল্পটো ইয়াতেই প্ৰায় শেষ হৈছিল৷ মাত্ৰ মেডিকেল টেষ্ট বাকী৷ তাতেই লাগিল লেঠা৷
পুৱাতেই বিজয়ৰ ঘৰৰপৰা ছেমছাঙে পঠিওৱা লেবৰ মানুহ আহি সঞ্জীৱৰ ব্লাড, ইউৰিন ইত্যাদি লৈ গ’ল৷ পাছদিনা ৰিপ’ৰ্ট আনিবলৈ সঞ্জীৱ নিজেই গ’ল৷ লগে লগে ডাক্তৰৰ চেম্বাৰলৈ চমন পৰিল৷
– দিনে কেইপেগ?
ডাক্তৰৰ প্ৰশ্ন শুনি সঞ্জীৱে থতমত খালে৷
– নাই ছাৰ৷ বহু বছৰ আগেয়ে এৰা৷ আজিকালি মাত্ৰ লাল চাহ…..আৰু মানে…
ডাক্তৰৰ তীব্ৰ চাৱনিত সঞ্জীৱে মূৰ তল কৰিবলৈ বাধ্য হ’ল৷
– তিনি পেগ চাৰ…
ডাক্তৰে এইবাৰ গহীনকৈ আৰম্ভ কৰিলে৷
– ক্ৰিয়েটিনাইন, ট্ৰাইগ্লিচাৰাইড, কলেষ্ট্ৰল তিনিওটা গৈ এভাৰেষ্টত বহি আছে৷ খবৰ আছে? তথাপি মই এইবোৰ লৈ বৰ চিন্তা কৰা নাই৷ চিন্তা বেছি হৈছে কাৰণ আপোনাৰ ইউৰিনত প্ৰ’টিন পোৱা গৈছে৷
– হেঃ হেঃ, ভালহে ছাৰ৷ মানে মোৰ শৰীৰত হেভী প্ৰ’টিন আছে৷ নে কি কয় ছাৰ?
ডাক্তৰে কি ভাবি বা হাতত পেপাৰৱেইটটো তুলি লৈছিল সঠিককৈ ক’ব নোৱাৰিম৷ বোধ হয় বহুত ভাবি-চিন্তি সেইটো সঞ্জীৱলৈ মাৰি পঠিওৱাৰ ইচ্ছাক সম্বৰণ কৰি লাহেকৈ মাত দিলে,
“নহয়৷ ইয়াৰ মানে আপোনাৰ কিডনীয়ে ঠিক-ঠাক কাম কৰা নাই৷ এই অৱস্থাত মই আপোনাক ফিটনেছ চাৰ্টিফিকেট দিব নোৱাৰিম৷ আই এম ভেৰী ছ’ৰী৷”
সঞ্জীৱে কিছু সময় চলচলীয়া চকুৰে ডাক্টৰলৈ চাই হাওহাওকৈ কান্দি দিলে৷ ই চাল্লা ডাক্তৰে এইবোৰ কি কৈছে! আজি পুৱাই সি বছক থেকেচি দি আহিছে৷ এতিয়া ছেমছাঙত চাকৰি নাপালে বছে তাক এৰিবনে?
– কিবা কৰক ডাক্তৰ বাবু৷ নহ’লে মই শেষ৷
– কৰিব পৰাকৈ বিশেষ নাই৷ তথাপি আপুনি ইচ্ছা কৰিলে কাইলৈ আকৌ এবাৰ চেম্পল দিব পাৰে৷ মেক চিঅ’ৰ আজি ৰাতি আপুনি মদ নোখোৱাকৈ সোনকালে শুৱে যেন৷ চাওঁচোন যদি কিবা মোটামুটি ৰিজাল্টো পাওঁ, মই বাকীখিনি টানিবলৈ চেষ্টা কৰিম৷
সঞ্জীৱৰ মন চন বেয়া৷ আজি আৰু বিজয়ৰ ৰুমলৈ নাযায়৷ সিঁহতেই পাৰ্টী কৰক৷ সি সোনকালে শুব লাগে৷
প্ৰায় সাত বজাত বিজয়ৰ ফোন৷
– ক’ত ঔ মানুহটো৷ হাঁহে কেৰাহীত জপিয়াই আছে৷ জল্ডি আহক৷
– মই নাযাওঁ বে ! মোৰ লাইফত বহুত টেনশ্যন৷
বহুত কামোৰা-কামুৰি কৰাৰ পাছত শেষত সঞ্জীৱে ঘটনাবোৰ ক’লে৷
– আপুনিও মানে ৰাম্ফা মক্কেল৷ এনেকুৱা সৰু কথাত কোনোবাই টেনশ্যন লয় নেকি? আহি যাওক পাৰ্টীলৈ৷ মই পুৱা আমাৰ গুডাম ষ্টাফৰ তজবজীয়া কাৰোবাৰ ইউৰিন লৈ আহিম৷ ডাক্টৰৰ মুখত দলি মাৰি দি আহিব৷ একদম তজবজীয়া ৰিপৰ্ট আহি যাব আবেলিলৈ৷
পৰৱৰ্তী দৃশ্যত সঞ্জীৱ আৰু অভিজিতে “দোলা ৰে দোলা” গানটোত গোটেই ৰাতি নাচিছে৷ ৰিণ্টুদা দেৱদাস আৰু বিজয় চুন্নী বাবুৰ ৰূপত৷
পাছদিনা গধুলিৰ দৃশ্য৷ বেডৰুমত বিজয়ে কাণত ধৰি উঠা-বহা কৰি আছে৷ ৰৈ দিলেই তপিনাত দুচাট৷
– আৰে নকয় কেলেই৷ হৈছে কি আফটাৰ অল?
আকৌ চটৌপ৷
– তই মোৰ কেৰিয়াৰ শেষ কৰি দিলি৷
– আৰে কি হৈছে কওকনা৷
– তই বোলে মোক তজবজীয়া কোনোবাৰ চেম্পল আনি দিয়? কি কৰিলি?
– আনিছোঁতো৷ অফিচৰ আটাইতকৈ স্বাস্হ্যবানগৰাকীৰ ইউৰিন খুজি আনিছোঁ৷
– কি নাম?
– মীৰা আকৌ৷ আমাৰ চুইপাৰগৰাকী৷
– কুলাংগাৰ! মানুহ নাপালি মূত খুজিবলৈ?
– আৰে নকয় কিয় কি হ’ল? ইমান মজবুত মানুহগৰাকীৰ ইউৰিন আনি দিলোঁ৷
– মজবুত! অধম তই জাননে ৰিপৰ্ট কি?
– নক’লে কেনেকৈ জানিম৷
– মই প্ৰেগনেণ্ট!
☆ ★ ☆ ★ ☆
12:49 pm
ধেই??
1:43 pm
বিজয়ৰ লগত পৰিয়েই বেয়া হ’ল সঞ্জীব
2:02 pm
কিচ্নঅ
2:42 pm
এ মজা দেই
4:05 pm
ধেৎ তেৰি