ফটাঢোল

কৌতুক-পদ্মলোচন ভৰদ্বাজ

ৰঘুৰ ঘৰৰ বাহিৰত এখন চাইনবোৰ্ড ওলমাই থোৱা আছে। তাত লিখা আছে,

: ইয়াত ঘৈণীক বশ কৰা তাবিজ পোৱা যায়।

দেখা গ’ল এই ঘৰৰ বাহিৰত প্ৰায় দুই কিলোমিটাৰ লাইন। এই লাইনত থিয় নোহোৱাকৈ কোনেও আগুৱাই যাব নোৱাৰে।

লাইনৰ মাজত থিয় হৈ থকা দুজন মধ্য বয়স্কলোকৰ কথা-বাৰ্তা মোৰ কাণত পৰিল।

১ম ব্যক্তি: মোক দুই ঘণ্টা আগতে এজন বন্ধুৱে ফোন কৰি এই ঠাইখনৰ কথা কৈছিল। মই খবৰ পায়েই প্ৰায় ২৫ কিলোমিটাৰ দূৰৰ পৰা পাগলৰ দৰে আহিলোঁ। তথাপিও ইমান দীঘল লাইন।

২য় ব্যক্তি: ময়ো ২৫ মিনিট আগতে খৱৰ পাই ইয়াত উপস্থিত হৈছোঁ।

১ম ব্যক্তি: আপোনাৰ ঘৰ ক’ত?

২য় ব্যক্তি: এইটোৱেই মোৰ ঘৰ, নেজানো কোন হাৰামজাদাই এই চাইনবোৰ্ডখন ওলমাই ৰাখিছে। মানুহে পাগলৰ দৰে আহি লাইনত থিয় হৈছে। এতিয়া লাইনত থকা কোনেও মোক ঘৰত সোমাবলৈ নিদিয়ে। এয়া  অৱস্থা মোৰ।

☆ ★ ☆ ★ ☆

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *