ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা

আগষ্ট মাহৰ কোনোবা এটা দিন,সঠিককৈ মনত নাই।ভাতৃসম দেৱজিত শৰ্মাৰপৰা মেছেঞ্জাৰত এটা মেছেজ  পালোঁ।তেওঁ ফোন নম্বৰটো বিচাৰিছে।কিয় নাজানো,লগে লগে মনটোৱে কৈছিল,হয়তো ‘ফটাঢোল ই-আলোচনী’ৰ  সম্পাদকৰ দায়িত্ব ল’বলৈ ক’ব।ইয়াৰ দুইবছৰমান আগতেই এবাৰ ৰিণ্টুদাই এইটো প্ৰস্তাৱ আগবঢ়াইছিল।কিন্তু তেতিয়া মই টেকনিকেল বহুতো কথা জনা নাছিলোঁ বাবে ৰিণ্টুদায়ো বুজিলে যে এইজনাই নোৱাৰিব।সেইবাৰৰ কথা সিমানতে সমাপ্ত হ’ল।

দেৱজিতে ফোন নম্বৰ বিচৰাৰ কেইদিনমানৰ পাছত এদিন বজাৰত থাকোঁতে হঠাৎ ফোনটো বাজি উঠিল।দেখিলোঁ দেৱজিতৰ ফোন।দেৱজিতৰ নম্বৰ মোৰ চেলত চেভ আছিল।

: হেল্ল’ দাদা, নমস্কাৰ।

সদায় হাস্যবদনে থাকি ভাল পোৱা মই হাঁহিৰেই সম্ভাষণ জনালোঁ।

:কোৱা দেৱজিত, খবৰ কি?

:ভালে আছো দাদা।কথা এটাৰ বাবে ফোন কৰিলোঁ।আপুনি ‘না’ ক’ব নোৱাৰিব।

ইতিমধ্যে মই বুজিলোৱেই যে ইয়াৰ পিছত দেৱজিতে কি ক’ব।আৰু মই ভবাখিনিয়েই দেৱজিতে কোৱাৰ পিছত ক’লো—–

: খুবেই ব্যস্ত মানুহ যদিও ‘না’ নকওঁ,তুমি চিন্তা নকৰিবা।প্ৰত্যাহ্বান গ্ৰহণ কৰি ভাল পোৱা মানুহ।সেয়ে যিমান কষ্ট হ’লেও সম্পাদনা কৰিম,একেবাৰে নিশ্চিন্ত থাকা।

:ৰিণ্টুদাই আপোনালৈ ফোন কৰিব।

:ঠিক আছে বাৰু।

দুদিনমানৰ পিছত সঁচাকৈ ৰিণ্টুদাৰ ফোন আহিল।ফোনটো উঠোৱাৰ লগে লগে  সিফালৰপৰা ক’লে—–

:ডাইৰেক্ট পইণ্টলৈ আহোঁ,নহয় জানো?

: হয় দাদা কওক।

ৰিণ্টুদাই খুব সংক্ষেপতে আলোচনীখনৰ অক্টোবৰ সংখ্যা(পূজা সংখ্যা)টো সম্পাদনাৰ দায়িত্ব মোক অৰ্পন কৰিলে।সকলোৱে জানেই নহয়—-সেইজনাক ‘হয় দাদা,হয় দাদা…’ বুলি কোৱাৰ বাহিৰে উপায়তো নাথাকেই।কি ঠিক!কেতিয়া কোনোবাই পিছফালৰপৰা বন্দুকৰ নলী মূৰত লগায়….এটা ফোনকলৰ কামহে!সেইটো অধ্যায় ২০ ছেকেণ্ডমানৰ ভিতৰতে সমাপ্ত।

সেই মাহৰে হয়তো শেষলৈ অথবা অক্টোবৰৰ  প্ৰথমতেই সম্পাদক হিচাপে মোৰ নামটো ঘোষণাও কৰা হ’ল।৫ ছেপ্তেম্বৰৰ দিনা মোক ‘ফটাঢোল ই-আলোচনী টিম’ৰ হোৱাটছ এপ গ্ৰুপত আনুষ্ঠানিকভাৱে নাম লগাই দিয়া হ’ল।

বাপ্ৰে!বিশাল টিম দেখোন!বঢ়িয়া।মজা লাগিব।নিজকে কৈ উঠিলোঁ।সকলোৱে সম্ভাষণ জনালে।লাহে লাহে দেৱজিত,যোগেশ ভট্টাচাৰ্য আৰু হিমাংশু ৰাজখোৱাৰ লগত ফোনতে কথাবোৰ পাতি আওভাওবোৰ ল’লোঁ।যোৱা সংখ্যাৰ সম্পাদক ভাতৃসম দিম্পলকো কিছুমান কথা সুধি ল’লোঁ।টিমৰ প্ৰায়সকলেই মোৰ আগৰেপৰা চিনাকি,সেয়ে অলপো দ্বিধাবোধ মনলৈ নাহিল।

১৫ ছেপ্তেম্বৰ তাৰিখে লেখা বিচাৰি ৰাইজক গোহাৰি জনালোঁ।ইয়াৰ পিছত ফোন,হোৱাটছ এপ,মেছেঞ্জাৰ সকলোতে যেনেকৈ পাৰোঁ লেখা বিচৰা আৰম্ভ কৰিলোঁ।প্ৰচলিত নিয়ম অনুসৰিয়েই লেখা নোপোৱাৰ ‘দুখত’ ২৩ তাৰিখে ‘ঘৰিয়ালৰ চকুপানী’ টুকিলোঁ।কিন্তু এটা কথা সঁচা আছিল যে ২৩ তাৰিখলৈকে লেখাৰ সংখ্যাই দহকৰ ঘৰ স্পৰ্শ কৰা নাছিল।ইমান চিন্তাও কৰা নাছিলোঁ কাৰণ ফটাঢোল গ্ৰুপৰ সদস্য/সদস্যাসকলৰ ওপৰত মোৰ অগাধ বিশ্বাস আছিল।

‘ফটাঢোল ই-আলোচনী’খনৰ মূল আকৰ্ষণ ‘সাক্ষাৎকাৰ’ যদিও সঁচা কথা ক’বলৈ গ’লে এই ক্ষেত্ৰত মই একো কষ্ট কৰিবই লগা  নহ’ল কাৰণ হিমাংশুৱে মোক ইতিমধ্যে ‘বেহাৰবাৰী আউটপ’ষ্ট’ৰ সকলোৰে প্ৰিয় চৰিত্ৰ ‘মোহন’ৰ সাক্ষাৎকাৰ যুগুত কৰি দিয়াৰ দায়িত্ব লৈছিল।এইবাৰৰ সাক্ষাৎকাৰ যুগুত কৰাত সহযোগিতা কৰিলে দিম্পল কলিতাই আৰু লেখাটি প্ৰস্তুত কৰি উলিয়ালে হিমাংশু ৰাজখোৱাই।দুয়োলৈ মোৰ আন্তৰিক ধন্যবাদ।আটাইতকৈ জটিল যেন লগা কামটো তেওঁলোকৰ বাবেই মোৰ কাৰণে সহজ হৈ পৰিল।

ইয়াৰ মাজতে এদিন দেৱজিতে মোক  ‘শিল্পীৰ পৃথিৱী’ শিতানটোৰ কথা জনালে।ইয়াৰ বাবে দায়িত্ব দিলো মোৰ যোগ্য ছাত্ৰ মহেশ দাসক।মই জানিছিলোঁ যে সি কিবা প্ৰকাৰে কোনোবা এজন অখ্যাত শিল্পীৰ বিষয়ে মোক সুন্দৰ লেখা এটা যোগাৰ কৰি দিব পাৰিব।আমি দুয়ো আমাৰ বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ এজনৰ সৈতে যোগাযোগ কৰি এজন অপৰিচিত অথচ ব্যতিক্ৰমী শিল্পীৰ বিষয়ে জানিব পাৰিলোঁ।মহেশক অকলে যাবলৈ দিছিলোঁ যদিও সি ময়ো লগত যোৱাটো বিচাৰিলে।এদিন দেওবাৰে দুয়ো গৈ শিল্পীজনাৰ বিষয়ে জানি আহিলোঁ।সি চুটিকৈ অথচ  সুন্দৰকৈ লেখাটো প্ৰস্তুত কৰি উলিয়ালে।ছাত্ৰ মহেশ দাসলৈও মোৰ আন্তৰিক ধন্যবাদ থাকিল।

এখন আলোচনী সম্পাদনা কৰোঁতে আচলতে বহুকেইজন ব্যক্তিৰ নিস্বাৰ্থ আৰু নিৰলস প্ৰচেষ্টা থাকে,যিসকলৰ নাম প্ৰায় উহ্য হৈ থাকে।সঁচা কথা ক’বলৈ গ’লে সম্পাদক নিমিত্তহে।

বেনাৰ,অলঙ্কৰণত আৰাধনা বৰুৱা অাৰু দিগন্ত ভট্টাচাৰ্যই  নিজৰ কামখিনি সুন্দৰকৈ আৰু সময়মতে কৰি গৈছে।মই বিশেষ একো গমেই নাপাওঁ।দুয়োলৈকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ।

বৰ্ণাশুদ্ধি হ’ল আলোচনীখন প্ৰস্তুত কৰোঁতে সন্মুখলৈ অহা এটা অন্যতম ডাঙৰ প্ৰত্যাহ্বান,তাতে আজিকালি সময় সকলোৰে কম।এইবাৰৰ সংখ্যাটো প্ৰস্তুত কৰোঁতে ‘বৰ্ণাশুদ্ধি টিম’ৰ পৰিস্মিতা গগৈ,প্ৰণীতা গোস্বামী বৰঠাকুৰ বাইদেউ আৰু ঋতুপৰ্ণা মহন্তই যিদৰে সহযোগিতা আগবঢ়ালে,সেয়া দেখি মই সঁচাই নিজকে ধন্য মানিছোঁ।কোনো বাৰ্তালাপ নকৰাকৈয়ে মই তেওঁলোকলৈ লেখাবোৰ পঠাইছোঁ আৰু তেওঁলোকে বৰ্ণাশুদ্ধি কৰি মোলৈ ঘূৰাই পঠাইছে।আপ্লুত হ’লো সহযোগিতা দেখি।

প্ৰচাৰ,প’ষ্টাৰ আৰু ডিজাইনিঙৰ কামখিনি হিমাংশু ৰাজখোৱা,যোগেশ ভট্টাচাৰ্য আৰু চন্দন বৰিয়ে নিৰৱে কৰি আছে।সঁচাই এইটো টিমত কাম কৰি বুজিছোঁ যে ‘টিমৱৰ্ক’ আচলতে কি।

কিবা অসুবিধা পালেই ওলৰত উল্লেখ কৰা টিমৰ সদস্যসকলৰ উপৰিও হেমন্ত কাকতিদা,অভিজিত কলিতাদা আৰু ৰিণ্টুদা আছেই।তিনিওজনলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।

ইয়াৰোপৰি ‘ফটা প্ৰশ্ন’ যুগুতাই দিয়া নিদ্ৰাকন্যা ৰাজশ্ৰী শৰ্মা আৰু এগালমান স্কুলীয়া প্ৰশ্নৰ উত্তৰ বিচাৰি কিতাপৰ পাত লুটিয়াই ‘মাছ ধৰিব নোৱাৰিলেও পানী ঘোলা কৰা’ ডলী তালুকদাৰৰ নাম নল’লে পাপে চুব।দুয়োলৈকে আন্তৰিক ধন্যবাদ।

সঁচাই সুন্দৰ টিম,অনন্য টিম।এয়া মোৰ জীৱনৰ বাবেও অনন্য অভিজ্ঞতা।

ইয়াৰোপৰি আলোচনীখনৰ মূলস্তম্ভ ‘লেখাসমূহ’ আগবঢ়োৱা সকলো লেখক লেখিকালৈ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।আপোনালোক সকলোৰে সহযোগিতাৰ বাবেই মহৎ কৰ্মখিনি সম্ভৱ হৈছে।আপোনালোকৰ এই মাতৃভাষা চৰ্চা অব্যাহত থাকক আৰু সপৰিয়ালে সকলো কুশলে থাকক।

জয়তু ফটাঢোল

অৰবিন্দ গোস্বামী 

সম্পাদক,ফটাঢোল ই-আলোচনী

পঞ্চম বৰ্ষ, তৃতীয় সংখ্যা

☆ ★ ☆ ★ ☆

One comment

  • ৰাজশ্ৰী শৰ্মা

    কি ধুনীয়া নাম দিছে মোক??..

    অভিনন্দন আকৌ এবাৰ আৰু ধন্যবাদ দাদা ইমান সুন্দৰ সংখ্যা এটা উপহাৰ দিয়াৰ বাবে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *