ফটাঢোল

তেতিয়া প্ৰেমিক ৰূপত জিত-বিনীতা বৰশইকীয়া 

জিত : মায়া, তোমাৰ গভীৰ নিশাৰ দৰে কিচকিচিয়া মোলায়েম চুলিটাৰি মেলি ৰাখিবাচোন। মোৰ খুব ভাল লাগে তোমাৰ চুলিটাৰিত আঙুলি বুলাই …

মায়া : অস্ ! কি যে ৰোমাণ্টিক তুমি! মোৰো খুব ভাল লাগে জানা তুমি মোৰ চুলিত আঙুলি বোলালে। সেয়ে তোমাক লগ কৰিবলৈ আহিলে মই চুলি নফনিওঁৱাকৈয়ে আহোঁ। 

বিয়াৰ পিছত পতি ৰূপত জিত: 

জিত : দাদা, অলপ ভাল চাই আৰু মজবুত চাই ফণী এখন দিবচোন …

দোকানী : এইখন লওক দাদা। ইমানেই মজবুত যে ভগাৰ কোনো চাঞ্চেই নাই।

ঘৰলৈ আহি,

জিত : মায়া অ’ মায়া …

এইখন লোৱা 

মায়া : কিনো এইখন?

জিত : বেগটো  খুলি চোৱা …

মায়া : এইখন জবকা যে? কিয় আনিছা? খেতিত লাগিবা নেকি এইবাৰ?

জিত : নহয় অ’ সোণজনী, আজিকালি কামৰ তাগিদাত তোমাৰ চুলিত আঙুলি বুলাবলৈ সময়ে নাপাওঁ যে আৰু তোমাৰো চুলি ফণিওঁৱাৰ অভ্যাস সেই তেতিয়াৰ পৰাই নাইকিয়া হৈ গ’ল; গতিকে বহুত দিনৰ পিছত অকল আঙুলি বুলালে জঁট নাভাঙিবতো, সেয়ে জবকাখনেৰে প্ৰথমে জঁটবোৰ ভাঙি ল’বলৈ এইখন আনিছোঁ।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *