ফটাঢোল

লিমাৰিক-অনসূয়া বৰঠাকুৰ

                    (১)

টীয়কৰ টিংকল টিকটক ৰাণী,

পুৱাতেই সাজু হয় লিপষ্টিক সানি।

সপ্তাহত একে সাজ,

পিন্ধিবলৈ লাগে লাজ।

সেইবুলি আনিলে শাৰী ছখন কিনি।

                     (২)

অতনুৰ বৰ চিন্তা কি হয় বা আজি!

শ্ৰীমতী গৈছে ল’বলৈ কৰ’নাৰ বেজী।

জ্বৰত যদি কয় তাই,

“ভাত খাব মন নাই”,

কেনেকৈ খুৱাব ৰান্ধি ৰুটি আৰু ভাজি!

                      (৩)

সৰুকণ চেতিয়া খাই-বৈ ফিটিং,

আজি হেনো নাই অনলাইন মিটিং।

ঘৈণীৰ লাগোতে ভেম,

কৰিলে অকণ প্ৰেম,

‘ফেচবুক লাইভ’ হ’ল ভুল হৈ ছেটিং!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *