ফটাঢোল

প্ৰশান্তৰ চুমা-নাজিফ হাজৰিকা

: তই মুঠতে প্ৰমিজ কৰ।

: নকৰোঁ।

: কৰ, কৰিবই লাগিব।

: নকৰোঁ।

: গাড়ী ৰখা, এতিয়াই গাড়ী ৰখা। ৰখা গাড়ী। 

প্ৰণামিকাৰ চিঞৰ বাখৰত প্ৰশান্তই গাড়ীখন ৰাস্তাৰ কাষলৈ নি ৰখাই দিলে। খিৰিকীৰ গ্লাছ দুখন নমাই দিয়াত দেওপাহাৰৰ চেঁচা বতাহ এজাক সোমাই আহিল ভিতৰলৈ। প্ৰণামিকাৰ কপালৰ ওপৰৰ দুডালমান চুলি বতাহত উৰি উৰি কোবাই গ’ল প্ৰশান্তৰ মুখমণ্ডলত। মুখখন পিৰপিৰাই গ’ল তাৰ। প্ৰণামিকাই কিন্তু বকিয়েই থাকিল – 

: তই মুঠতে কেতিয়াও পলিটিক্সত জইন কৰিব নোৱাৰ। মই বেয়া পাওঁ এইবোৰ। প্ৰমিজ কৰ জইন নকৰোঁ বুলি।

: হেই এইজনী! কিনো বকি আছ, মনে মনে থাকচোন।

: নাই নহ’ব। তই প্ৰমিজ কৰ…

: হেই ৰহ, মনে মনে থাক। চাওঁ এইফালে..

প্ৰশান্তই বাওঁহাতেৰে প্ৰণামিকাৰ ঠুতৰিত ধৰি তাইৰ মুখখন নিজৰ ফালে ঘূৰাই ল’লে। প্ৰণামিকা দুৰ্বল হৈ পৰিল। কিছুসময় প্ৰণামিকাৰ চকুলৈ চাই প্ৰশান্তই তাইৰ কপালৰ ওপৰৰ চুলিকেইডাল আলফুলে নি কাণখনৰ পিছফালে পাৰ কৰি দিলে। চকুহাল মুদি দিলে তাই। আৰু তাৰ পিছতেই কপাল আৰু চুলিৰ ঠিক মাজত লাহেকৈ চুমা এটা আঁকি দিলে সি। 

অলপ সময়ৰ কাৰণে চকুহাল মুদ খাই থাকিল তাইৰ। গাল দুখন ৰঙচুৱা হৈ উঠিল, ওঁঠত মৃদু হাঁহি এটা ফুটি উঠিল। পিছমুহূৰ্ততে নিজকে চম্ভালি ল’লে তাই। ভেকাহি মাৰি কৈ উঠিল – 

: হ’ব যা, তেল মাৰিব নালাগে। এইবোৰ সব তোৰ তেল হয়, গম পাওঁ মই। মুঠতে তই পলিটিক্স জইন কৰিব নোৱাৰ। প্ৰমিজ কৰ।

প্ৰশান্তই একো নকৈ মাথোঁ হাঁহি থাকিল।

:  তথাপি একো এটা নক’লি ন তই?  – প্ৰণামিকাই খঙেৰে ক’লে।

প্ৰশান্তই গাড়ীখন ষ্টাৰ্ট দি মিচিক মাচাক হাঁহি হাঁহি চলাই লৈ গ’ল। প্ৰণামিকাই মুখখন ওন্দোলাই বিপৰীত দিশে চাই নীৰৱে থাকিল। 

                               *      *      *

২০২৬ চন। 

“দিলীপ বৰা জিন্দাবাদ! 

জিন্দাবাদ জিন্দাবাদ।

দিলীপ বৰাক ভোট দিয়ক, 

ভোট দিয়ক ভোট দিয়ক।”

মনোনয়ন পত্ৰ দাখিল কৰিয়েই দিলীপ বৰাই প্ৰচাৰ আৰম্ভ কৰি দিলে। ৰঙিলীপাৰা সমষ্টিত প্ৰশান্তৰ বিপক্ষে প্ৰচাৰ কৰিবলৈ শাসকপক্ষই সকলো ডাঙৰ ডাঙৰ নেতাক নিৰ্বাচনী প্ৰচাৰত নমাইছে। শাসকপক্ষই বুজি উঠিছে যে কেনেবাকৈ প্ৰশান্ত বিধানসভালৈ গ’লে দিগদাৰ আছে। প্ৰশান্তৰ বিৰুদ্ধে প্ৰচাৰ কৰিবলৈ গৈ আজি শক্তিমন্ত্ৰীয়ে বিশাল জনসভাত কৈ উঠিল – 

: শ্ৰদ্ধেয় ৰাইজ! আজি ৰঙিলীপাৰা সমষ্টিৰ দুৰ্ভাগ্য যে,  এই সমষ্টিৰ পৰা এনে এজন ব্যক্তিয়ে প্ৰতিদ্বন্দিতা কৰিছে যিজনে “ভাৰত মাতা কি জয়” বুলি ক’বলৈ সংকোচ কৰে। যিজনে “জয় আই অসম” বুলি ক’বলৈ সংকোচ কৰে। তেনে এজন ব্যক্তি ৰঙিলীপাৰাত থকাটোৱেই লাজৰ কথা। মই আশা কৰিছোঁ, যোৱা তিনিবাৰৰ দৰে এইবাৰো আপোনালোকে মাননীয় দিলীপ বৰা ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰে যেন। আৰু প্ৰশান্ত হাজৰিকাৰ দৰে কীটবোৰ সমাজৰ পৰা উলিয়াই পঠিয়াই দিয়ে যেন……

“ভাৰত মাতা কি!

জয় 

জয় আই অসম 

জয় আই অসম।”

কোটি কোটি টকা খৰচ কৰি নিৰ্বাচনী সভা পতা দিলীপ বৰাৰ বিপৰীতে প্ৰশান্তই মাত্ৰ নগণ্যসংখ্যক মানুহ লৈ গাঁৱৰ বুথ কমিটিয়ে কমিটিয়ে প্ৰচাৰ চলায়। 

ৰাইজে দৌৰি দৌৰি প্ৰশান্তক চাবলৈ যোৱাতকৈ প্ৰশান্তই নিজে ৰাইজ পদূলিয়ে পদূলিয়ে যায়। প্ৰশান্তই কৈ যায় : – 

: শ্ৰদ্ধেয় ৰাইজ। আপোনালোকক আচলতে কি লাগে? মই দিনটোত দহবাৰ “ভাৰত মাতা কি জয়” বুলি শ্লোগান দিয়াটো লাগে নে যোৱা পোন্ধৰ বছৰে আধৰুৱা হৈ পৰি থকা বগীজান দলংখন সম্পূৰ্ণ হোৱাটো লাগে?

: আমাক দলংখন লাগে প্ৰশান্ত ! আমাক দলং লাগে। – ৰাইজে কৈ উঠিল।

: ৰাইজ আপোনালোকক কি লাগে? মই সকলো সময়তে “জয় আই অসম” বুলি শ্লোগান দি থকাটো লাগে নে চৈধ্যবছৰ ধৰি বন্ধ হৈ থকা জলসিঞ্চনৰ পানী লাগে? কওক ৰাইজ।

: আমাক পানীৰ ব্যৱস্থা লাগে প্ৰশান্ত। আমাক পানীহে লাগে। – ৰাইজে কৈ উঠিল।

: ধন্যবাদ ৰাইজ। মই এতিয়াও মনোনয়ন পত্ৰ দাখিল কৰা নাই। হয়তো আজি কৰিম। তথাপিও কওঁ এইবাৰ আপোনালোকৰ মূল্যবান ভোটটো নষ্ট নকৰিব।

ভিতৰুৱা প্ৰচাৰ সামৰি প্ৰশান্তই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাল। ভগীমুখত তিনিআলিৰ আঁহতজোপাৰ তলত তাৰবাবে অপেক্ষা কৰি আছিল প্ৰণামিকাই। সি গাড়ীৰ পৰা নামিল। তাইৰ হাতখন নিজৰ হাতত লৈ কৈ উঠিল –

: যাওঁ, submit কৰি আহোগৈ।

: তই নুশুনিলি ন মোৰ কথা। এবাৰো নুশুনিলি। – চলচলীয়া চকুৰে প্ৰণামিকা কান্দো-কান্দো হৈ পৰিল। 

প্ৰশান্তই একো নক’লে। বতাহত বাউলি হৈ থকা প্ৰণামিকাৰ চুলিকেইডাল ঠিক কৰি তাইৰ মূৰটো নিজৰ বুকুত গুজি ল’লে। ঠিক কপাল আৰু চুলিৰ মাজতে চুমা এটা আঁকি দিলে। 

“হ’ব যা, তেল মাৰিব নালাগে। ভাল পাৱ জানো তই মোক? হাঁ, ভাল পাৱ জানো?”

কান্দি কান্দি তাই প্ৰশান্তৰ বুকুত জোৰে জোৰে ঢকিয়াই থাকিল। প্ৰশান্ত মাথোঁ নীৰৱে থাকিল। 

                        *        *       * 

২০২৭ চন। 

১৪৩৩২ টা ভোটৰ ব্যৱধানত প্ৰশান্ত বিজয়ী হ’ল। কোটি কোটি টকা খৰচ কৰিও, দেশৰ গৃহমন্ত্ৰী, প্ৰতিৰক্ষামন্ত্ৰী আহি প্ৰচাৰ কৰিও দিলীপ বৰাক জিকাব নোৱাৰিলে। 

ইতিমধ্যে প্ৰশান্ত আৰু প্ৰণামিকাৰ বিয়া হৈ গ’ল। প্ৰণামিকা এতিয়া সুখী। কাৰণ তাই ভাবিছিল পলিটিক্সত থাকিলে প্ৰশান্তই তাইক ভালকৈ সময় দিব নোৱাৰিব, পাৰ্টি- Assembly এইবোৰ কৰি থাকোঁতেই যাব। পিছে প্ৰশান্তই ধুনীয়াকৈ সময় মিলায়। কামৰ সময়ত কাম, প্ৰণামিকাৰ সময়ত প্ৰণামিকা। সেয়েহে তাই সুখী। আটাইতকৈ ডাঙৰ কথা, প্ৰশান্তই কোনো ধৰণৰ গাৰ্ড নাৰাখে লগত। আৰু সেইটো কাৰণতেই দুয়ো যথেষ্ট স্বাধীন। 

পিছে মূৰ কামোৰণি হৈছে শাসক পক্ষৰ। প্ৰশান্তৰ কাৰণে এতিয়া এখনো বিল ধুনীয়াকৈ পাছ কৰিব নোৱাৰে। প্ৰশান্তৰ তীক্ষ্ণ দৃষ্টিৰ পৰা একো বাছি নাযায়। বিধানসভাত প্ৰশান্তই To the point কথা কৈ যায় – 

: মাননীয় অধ্যক্ষ মহোদয়, প্ৰথমেই মই প্ৰশ্ন কৰিব বিচাৰিছোঁ বিত্তমন্ত্ৰী মহোদয়ক। Indus Vista প্ৰকল্পৰ বাবে ধার্য্য কৰিছে ১৩০০ কোটি টকা। মোৰ প্ৰথম প্ৰশ্নটো হৈছে ১২mm ৰডৰ কেজি ৩২৫ টকা বুলি দেখুৱাইছে। কিন্তু বৰ্তমান মাৰ্কেটত ১৭৮ টকাতকৈ এটকাও বেছি নহয় ৰডৰ দাম। কি যুক্তিত ৩২৫ টকা হ’ল, আমাক জনাব লাগে। আৰু মোৰ দ্বিতীয় প্ৰশ্নটো হৈছে, কোনোধৰণৰ নিবিদা অবিহনে এইটো প্ৰজেক্টৰ কাম শ্যামপ্ৰসাদ আগৰৱালাই কেনেকৈ পালে? কি যুক্তিত তেওঁক এইটো কাম দিয়া হ’ল? উত্তৰ লাগে আমাক। 

বিত্তমন্ত্ৰীৰ মুখৰ মাত নাইকিয়া হৈ গ’ল। উত্তৰ দিব নোৱাৰা বাবে অধ্যক্ষয়ো ককৰ্থনা কৰিলে। বিত্তমন্ত্ৰীৰ লাজত মুখখন ৰঙা পৰিল। 

ইমানদিনে শাসকপক্ষই গৰু মাংস, ছাগলী মাংস, গাহৰি মাংস, সাজ-পোচাক, নাম পৰিৱৰ্তন জাতীয় বিষয়বোৰ উলিয়াই সদন আৰু বিৰোধীক ব্যস্ত ৰাখিছিল আৰু তলে তলে বিলবোৰ ধুনীয়াকৈ পাছ কৰি আছিল। পিছে প্ৰশান্ত অহাৰ পৰা শাসকপক্ষৰ মূৰ কামোৰণি হৈ পৰিল। 

সেইদিনা বিধানসভাৰ পৰা ঘৰলৈ ঘূৰি আহোঁতে প্ৰশান্ত বৰ ভাগৰুৱা হৈ পৰিল। আহিয়েই গাটো ধুই আৰামী চকীখনত আউজি চিগাৰেট এটা জ্বলাই মুখত ল’লে। চিগাৰেটৰ গোন্ধ পাই প্ৰণামিকাই ভিতৰৰ পৰা চিলনী অহাদি আহি তাৰ মুখৰ পৰা চিগাৰেটটো লৈ বাহিৰলৈ দলিয়াই দিলে।

: হেই! হেই, কি হ’ল আকৌ? – প্ৰশান্তই বিদ্ৰোহ কৰিলে।

: আজিৰ পৰা চিগাৰেট খাব নোৱাৰ তই।

: উৱা, কি হ’ল আকৌ? মই সদায় নাখাওঁ নহয়।

: নাই, নোৱাৰ মুঠতে।

: ধেই, মাথা গৰম কৰি নাথাক। – প্ৰশান্তৰ খং উঠি গ’ল।

: নাই নোৱাৰ মুঠতে।

: আব্বে কিয়?

: কাৰণ I am pregnant.

: হাঁ? – প্ৰশান্তৰ চকু টেলেকা টেলেক হৈ গ’ল।

: আৰু আমাৰ সন্তানৰ কাৰণেই তই চিগাৰেট এৰিব লাগিব। 

অলপ সময় তলকা মাৰি ফুৰ্তিতে প্ৰশান্ত জঁপিয়াই উঠিল।

“য়েছ”, “য়েছ”! – চিঞৰি দিলে সি। যেন কিবা অলিম্পিক মেডেল হে জিকিল।

: হেই এইডাল, চিঞৰিছ কিয়? মানুহে শুনিলে কি বুলি ভাবিব? 

অলপ পিছত প্ৰশান্ত শান্ত হ’ল। প্ৰণামিকাৰ মুখখন আঁকোৱালি লৈ নিজৰ বুকুত গুজি দিলে। ঠিক কপাল আৰু চুলিৰ মাজতে এটা চুমা আঁকি দিলে সি। 

প্ৰণামিকাৰ গাল দুখন ৰাঙলী হৈ উঠিছিল তেতিয়া। 

                            *        *       * 

বিধানসভাত ফালি আছে প্ৰশান্তই। প্ৰশান্তই এনেই একো নকয়, পৰিসংখ্যা আৰু যুক্তিৰে কয় – 

: মাননীয় অধ্যক্ষ মহোদয়, মোৰ এটা অভিযোগ আছে। এই অভিযোগ শাসক পক্ষৰ লগতে বিৰোধী তথা আপোনাৰ প্ৰতিও আছে।

: মোৰ প্ৰতি? – অধ্যক্ষ আচৰিত হ’ল।

: হয় মহোদয়, আপোনাৰ প্ৰতিও। বিধানসভাৰ যোৱা পাঁচটা দিনৰ তথ্য উলিয়াই চাওক, তেতিয়াই বুজিব। 

বিধানসভাত গৰুৰ ওপৰত আমি সৰ্বমুঠ ১৮ ঘণ্টা আলোচনা কৰিছোঁ, সাজ-পোচাকৰ ওপৰত ৪ ঘণ্টা আলোচনা কৰিছোঁ, ধৰ্মীয় কামকাজৰ ওপৰত ৬ ঘণ্টা ৩৩ মিনিট কথা পাতিছোঁ। কিন্তু নিবনুৱাৰ ওপৰত মাত্ৰ ৩৭ চেকেণ্ড আলোচনা কৰিছোঁ। মূল্যবৃদ্ধিৰ ওপৰত মাত্ৰ ৫৪ চেকেণ্ডৰ প্ৰশ্ন কৰিছোঁ, শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত সৰ্বমুঠ ৩ মিনিট ৩০ চেকেণ্ড আলোচনা কৰিছোঁ। এতিয়া অধ্যক্ষ মহোদয়, আপুনিয়েই কওকচোন উচিত হৈছেনে এয়া? মানুহৰ ভোটেৰে জিকি আমি মানুহৰ কথা পাতো মাত্ৰ ৫ মিনিট, আৰু গৰু ছাগলীৰ কথা পাতো ৩০ ঘণ্টা। আপুনিয়েই কওক মহোদয়, এইয়া উচিত নে?

প্ৰশান্তৰ কথাবোৰে শাসক, বিৰোধী, অধ্যক্ষ সকলোকে বিন্ধি যোৱাদি গ’ল। শাসক পক্ষৰ দুজনমানে খঙেৰে চালে প্ৰশান্তলৈ। 

সেইদিনা বিধানসভাৰ পৰা লৰালৰিকৈ ওলাই আহিল প্ৰশান্ত। আজি প্ৰণামিকাক Check up ত নিব লাগিব। 

ঘৰলৈ আহিয়েই সি দেখিলে তাই  কাপোৰ পিন্ধি সাজু হৈ আছে।

: অলপ দেৰি হৈ গ’ল। কিবা অসুবিধা পাইছ নেকি?

: নাই, একো অসুবিধা হোৱা নাই। মাজে মাজে অলপ বিষ এটা হয়।

: বাৰু উঠ গাড়ীত।

: উমম। 

প্ৰণামিকা উঠিল গাড়ীত। প্ৰশান্তই এক্সেল ডবাই দিলে মেডিকেললৈ।

: তই কিন্তু Assembly ত বৰ Direct Direct  কৈ দিয় কথাবোৰ। চাবি আকৌ, ৰুলিং পাৰ্টিৰ মানুহৰ গাত লাগিব।

: আৰুনো কেনেকৈ ক’ম? এনেকৈ ক’লেহে বুজিব অলপ।

: উমম। 

প্ৰণামিকা মনে মনে থাকিল। হঠাৎ প্ৰশান্তৰ অলপ সন্দেহ হ’ল কিবা এটা। সি ইচ্ছা কৰি গাড়ীখন কেঁকোৰাপুলৰ ফালেদি সুমুৱাই দিলে। Rear-view গ্লাছখনত চাই দেখিলে তিনিখন Scorpio গাড়ীয়ে পিছ লৈছে তাৰ। প্ৰশান্তই speed বঢ়াই দিলে।

: কি হ’ল? ইমান ফালিছ যে ? -প্ৰণামিকাই সুধিলে।

: ৰহ, মনে মনে থাক। 

প্ৰণামিকাই যেন কিবা এটা বুজি উঠিল। ভিতৰি ভিতৰি ভয় খাই উঠিল তাই। প্ৰশান্তই পুৰা ফালি চিৰি চলাইছে, ১৩০…..১৪০….।  Scorpio কেইখনেও তীব্ৰবেগেৰে খেদি আহিছে তাক। ৰজাবাহৰৰ কেঁকুৰিটোৰ ওচৰ পাওঁতেই এখন Scorpio গাড়ীয়ে ঠিক খুন্দিয়াবলৈ লওঁতেই সি Steering পকাই হেণ্ডব্ৰেক কচি দিলে জোৰেৰে। পিছচকা-আগচকা সমানে চুচৰি কেঁকুৰিৰ নতুন ৰাস্তাটোত সোমাই গ’ল সি। প্ৰণামিকাৰ মুখৰ মাত হৰিল। একো ক’ব নোৱাৰা হৈ পৰিল তাই ভয়ত। এইবাৰ প্ৰশান্ত তীব্রবেগেৰে গৈ ৰাজপথত উঠিলেগৈ। প্ৰশান্তই মাথোঁ এটাই বুজিলে যে যেনেতেনে জনসমাগম থকা ঠাই এডোখৰ পালেই সিহঁত বাছি যাব। প্ৰশান্তই পুৰা ফালিছে গাড়ী।

“ধাম”…..”ধাম”….

দুই ৰাউণ্ড গুলি চলিল প্ৰশান্তৰ গাড়ীৰ চকালৈ। এটা চকা ফুটি গ’ল। গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলালে সি। এখন Scorpio ই প্ৰচণ্ড জোৰেৰে প্ৰশান্তৰ গাড়ীত  খুন্দিয়াই দিলে। এহাতেৰে প্ৰণামিকাক জোৰেৰে ধৰি আনখন হাতেৰে Steering চম্ভালি ল’লে সি।

“ধাম…ধাম”….

আৰু দুইৰাউণ্ড গুলি চলিল সন্মুখৰ পৰা। গ্লাছ ফাটি গ’ল সন্মুখৰ। 

কিবা এটা বুজি উঠিল প্ৰশান্তই। গাড়ীখন পথাৰলৈ নমাই দিলে সি। জাঁপমাৰি প্ৰণামিকাৰ গাৰ ওপৰত পৰি তাইক নিজৰ বুকুৰ মাজত সুমুৱাই ল’লে সি। ঢাকি দিলে তাইৰ শৰীৰটো নিজৰ শৰীৰেৰে। 

“ধাম…..ধাম…..ধাম……ধাম……..ধাম…………………ধাম…..ধাম……” 

এফালৰ পৰা গুলি চলিল automatic বন্দুকৰ।  থকা-সৰকা কৰি গ’ল প্ৰশান্তৰ শৰীৰ। পিঠি, কঁকাল, তপিনা, কান্ধ, ভৰি একো বাছি নগ’ল। প্ৰত্যেকটো গুলিত জোকাৰ খাই খাই উঠিল প্ৰশান্তৰ শৰীৰ। অতি ক্ষিপ্ৰতাৰে কামটো কৰি তিনিওখন Scorpio আঁতৰি গ’ল তাৰ পৰা। তেজেৰে ৰাঙলী হৈ উঠা প্ৰশান্তৰ শৰীৰৰ পৰা গাড়ীৰ চিটলৈ তেজৰ নৈ বৈ গ’ল। বাছি গ’ল প্ৰণামিকা আৰু সিহঁতৰ সন্তান। নাবাছিল মাথোঁ প্ৰশান্ত। প্ৰশান্ত ওঁঠখনে তেতিয়াও প্ৰণামিকাৰ কপাল আৰু চুলিৰ মাজত চুমা দিয়েই আছিল। 

“জান উঠ না। 

       উঠ না জান। 

              জান প্লিজ ধেমালি নকৰ না , 

                       উঠ না জান প্লিজ…..”

কি হৈ গ’ল একোৱেই তলকিব নোৱাৰা প্ৰণামিকাই আঁকৰি ছোৱালীৰ নিচিনাকৈ প্ৰশান্তৰ গাত ধৰি জোকাৰি জোকাৰি চিঞৰি থাকিল। তেজেৰে লুতুৰী হৈ পৰা প্ৰশান্তৰ নিথৰ শৰীৰটো প্ৰণামিকাৰ গাৰ ওপৰত পৰি আছিল। শেষবাৰৰ বাবে তাইৰ কপাল আৰু চুলিৰ মাজত এটা শীতল চুমা আঁকি দি……।

প্ৰশান্তৰ হৃদপিণ্ডই তেতিয়াও ধপ ধপাই আছিল। হৃদস্পন্দনবোৰ প্ৰণামিকাৰ কাণত পৰিছিল। আৰু প্ৰশান্তই কেতিয়াও মুখফুটাই নোকোৱা কথাবোৰ তাৰ হৃদস্পন্দনে কৈ আছিল….

“ধপ্ ..ধপ্” …

         ভালপাওঁ এই ভাৰতভূমিক। 

“ধপ্.. ধপ্” ….

           ভালপাওঁ মোৰ অসমী আইক। 

“ধপ্.. ধপ্” …..

           ভালপাওঁ তোক প্ৰণামিকা। 

লাহে লাহে হৃদস্পন্দন বন্ধ হৈ আহিল প্ৰশান্তৰ। হয়তো গৰ্ভত থকা সন্তানটোৱেও তেতিয়া ফেঁকুৰি ফেঁকুৰি কান্দিছিল।

☆ ★ ☆ ★ ☆

2 Comments

  • ৰেকিব শইকীয়া।

    নজিফ হাজৰিকাৰ গল্প ই কন্দোৱাই দিলে। বাঃ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বেদনাদায়ক৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *