ফটাঢোল

বৰপেটা জিলাৰ নাৰীকেন্দ্ৰিক গালিশপনি-ড° অৰ্চনা কলিতা

লোকসংস্কৃতি হৈছে এখন সমাজৰ দাপোণ৷ চহা জীৱনৰ সুখ-দুখ, লোকাচাৰ, জনবিশ্বাস ইত্যাদি লোকসংস্কৃতিত পৰিস্ফুট হয়৷ লোকসংস্কৃতিক মূলতঃ মৌখিক সাহিত্য বা লোকসাহিত্য, ভৌতিক সংস্কৃতি, সামাজিক লোক ৰীতিনীতি আৰু লোক পৰিবেশ্য কলা – এই চাৰিভাগত ভাগ কৰিব পাৰি৷ লোক সংস্কৃতিৰ অন্যতম এটা বিভাগ হৈছে লোক সাহিত্য৷ মুখে মুখে চলি অহা লোক সাহিত্য সমূহে সময়ৰ লগে লগে লিখিত সাহিত্যৰ ৰূপ লয়৷ গীত-মাত, সাধুকথা, মালিতা আদিৰ দৰে গালি শপনিসমূহেও অসমীয়া লোক সাহিত্যত উল্লেখযোগ্য স্থান লাভ কৰিছে৷ যদিও যুগৰ পৰিৱৰ্তনৰ লগে লগে মৌখিক সাহিত্য সমূহৰ প্ৰায়ভাগেই লোপ পাবলৈ লৈছে, গালি শপনিসমূহো আজিকালি বৰকৈ প্ৰচলিত ৰূপত দেখা নোপোৱা হ’ল৷ নামনি অসমৰ অন্যতম এখন জিলা হ’ল বৰপেটা জিলা৷ বৰপেটা জিলাৰ উপভাষা মন কৰিবলগীয়া৷ আলোচ্য লেখাটিত বৰপেটা জিলাৰ অসমীয়াভাষী নাৰীকেন্দ্ৰিক গালিশপনিসমূহ আলোচনা কৰা হৈছে৷ লোকসাহিত্যৰ উত্তৰণত নাৰীসকলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে৷ নাৰীকেন্দ্ৰিক গালি শপনিসমূহতো নাৰীমনৰ মূৰ্ত প্ৰকাশ ঘটে৷ অতীজৰে পৰা সমাজ তথা এচাম লোকৰ মাজত নাৰীক লৈ ঋণাত্মক ভাৱধাৰাৰ প্ৰকাশ ঘটি আহিছে৷ যদিও বিশ্বায়ন, আধুনিকীকৰণৰ ফলত নাৰীও পুৰুষৰ সমানেই আগুৱাই যাবলৈ সক্ষম হৈছে তথাপিও কোনোবাখিনিত যেন নাৰী এতিয়াও লাঞ্চিতা, বঞ্চিতা৷ বৰ্তমান সময়ত কাৰোবাৰ সৈতে কথাৰ উখনাউখনি লাগিলে কাজিয়া কৰা, তৰ্ক কৰা স্বভাৱবোৰ প্ৰায় লুপ্ত হ’ল যদিও এসময়ত প্ৰতিবেশীৰ মাজত কাজিয়া হ’লে বা কেইবাগৰাকীও তিৰোতা লগ হৈ তৰ্ক কৰিলে বাটৰ মানুহেও ৰৈ ৰৈ চাইছিল আৰু কাজিয়া উপভোগ কৰিছিল৷ তেনে কাজিয়াবোৰত বিভিন্নধৰণৰ অশ্লীল গালিগালাজ প্ৰচলিত হৈছিল য’ত নাৰীচৰিত্ৰক ঋণাত্মক ৰূপত প্ৰকাশ কৰা হৈছিল৷ বৰপেটা অঞ্চলত গালি শপনিক লৈ মুখৰোচক জনশ্ৰুতি প্ৰচলিত আছে৷ বৰপেটা অঞ্চলত সাধাৰণতে চকুত পৰা এটা দৃশ্য আছিল কাজিয়া লাগিলে দুয়োপক্ষৰ তিৰোতাই কঁকালত হাত দি বিশেষ ভংগীত হাতৰ চেও দি তৰ্কাতৰ্কি কৰি কাজিয়া কৰে৷ জনশ্ৰুতি মতে কোনোবা পৰিয়ালত দ্বন্দ্ব, খৰিয়াল লাগিলে ওৰে দিনটো অবাইচ মাত মাতি গালি গালাজ কৰে৷ কাজিয়া কৰি থাকোতে দুপৰীয়া ভাত ৰান্ধিবৰ সময় হ’লে পাঁচি এটা চোতালত ওলোটাকৈ থৈ “দ্বন্দ্ব ইয়াতে থাক” বুলি কৈ কাজিয়াখন কামবন হোৱালৈ স্থগিত ৰাখে আৰু দুপৰীয়াৰ বন হৈ আজৰি হ’লে পাঁচিটো উঠাই আকৌ কাজিয়াত ধৰে৷ দুগৰাকী তিৰোতাৰ মাজত কাজিয়া হ’লে কঁকালত ধৰি সুৰ লগাই গালি পাৰে এইদৰে –

অ’ বেটী ভায়েৰ মূৰা খাইতী
বেটী বাপেৰ্ মূৰা খাইতী
অ’ বেটী পুতেৰ্ মূৰা খাইতী
বেটী তোৰ বংশ নহ হ’ক
বেটী তোৰ ভিঠাত দুৱৰি গাজক”৷

দন্দুৰী তিৰোতাই সুৰ লগাই গায় –

“কাচা কল কুটু তোৰ লাইলেৰ মূৰোত মূতো
পানী লাউ কুটু তোৰ জঙেৰ মূৰোত মূতো৷”
(লোকসংস্কৃতিৰ দাপোন, ফুলকুমাৰী কলিতা)

জনশ্ৰুতিত আছে যে বিৰেলি নামৰ মহিলা এগৰাকীয়ে এগৰাকী বুঢ়ীৰ দুই কাম কৰি চাউল জাৰিবলৈ লৈ সুৰ ধৰি গাইছিল –

“কুলাৰ আগোত
চাউল থলু
মই বিৰেলি
গালি পাল্লু
কাণ পাতি শুন এ
তোৰ লাইলে মৰক৷” (লোকসংস্কৃতিৰ দাপোন, ফুলকুমাৰী কলিতা, পৃ. ৮১)

প্ৰত্যেক ক্ষেত্ৰতে নাৰীৰেই দোষ দেখি থকা এচামে গালি দিয়ে-হাড়ীত খাইটি, চৰুত খাইটি ইত্যাদি৷ অবৈধ কৰ্মৰ সৈতে নাৰীগৰাকীক সাঙুৰি বেশ্যা, নটিনী, বাজেৰী, লুতুৰী ইত্যাদি শব্দ ব্যৱহাৰ কৰি গালি দিয়ে৷ পতিৰ মৃত্যু হ’লে নাৰীগৰাকীক কটাক্ষ কৰি কয় – ফুলতে বাৰী হোৱা, জীয়া বাৰী হোৱা৷ সমাজৰ ঠাট্টাসুচক মন্তব্যলৈ ভয় নকৰি কোনো নাৰীয়ে অকলে ফুৰিবলৈ গ’লে, বজাৰ-সমাৰ কৰিলে নানাধৰণৰ উপলুঙাসুচক গালিগালাজ কৰে৷ উদাহৰণস্বৰূপে বাজেৰী, পাখেৰী৷ কাকো ভয় নকৰিলে কয় – বাঘৰ তেলখাতী৷ এলেহুৱা বুজাবলৈ কয় – ঘুমে খাইতী৷ অবৈধ কৰ্মৰ সৈতে সম্পৰ্ক থকা গালিবোৰ দিয়ে এনেধৰণে – বেশ্যা, নটিনী, নটি৷ অবৈধ যৌন সম্পৰ্কৰ সৈতে ৰিজনি দি গালিগালাজ কৰে – বাউদেনী, ব্যভিচাৰিণী, ভায়েৰ ধেমনী, বাপেৰ ধেমনী ইত্যাদি৷
উপৰোক্ত গালিশপনিসমূহৰ জৰিয়তে এটা কথা লক্ষ্য কৰিব পাৰি যে কাজিয়া পেচালবোৰত নাৰীসমূহে মুখ্য ভূমিকা পালন কৰিছিল৷ নাৰীয়েই নাৰীৰ দোষ খুচৰি ফুৰি বিভিন্ন ধৰণৰ গালি শপনিৰে পৰস্পৰে কথাৰ কটাকটি কৰিছিল৷ সামাজিক প্ৰেক্ষাপটেও নাৰীমনস্তত্বৰ দিশসমূহক ঋণাত্মক ৰূপত প্ৰকাশ কৰাত অৰিহণা যোগাই আহিছে৷ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ প্ৰভাৱ নাৰীকেন্দ্ৰিক গালিশপনিসমূহতো পৰিস্ফুট হোৱা চকুত পৰিলেও গালিশপনিসমূহ চহা লোকজীৱনৰ অন্যতম সম্পদ৷ সমাজ পৰিৱৰ্তনৰ ধামখুমীয়াত লোকসাহিত্যৰ অন্যতম সম্পদসমূহ বৰ্তমান হেৰাই যোৱাৰ উপক্ৰম হোৱাৰ পৰতে সেইবোৰ লিখিত ৰূপত সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ প্ৰয়োজনীয়তা আছে৷

শব্দাৰ্থ –
১. লালে – গিৰিয়েক
২. জঙে – জোঁৱায়েক
৩. ভিঠা – ঘৰৰ ভেটি
৪. বাজেৰী – বজৰুৱা
৫. ঘুমে খাইতী – এলেহুৱা, শুই থকা
৬. ধেমনী – আগতে বিয়া হৈ দ্বিতীয় গৰাকী তিৰোতা হৈ যি বিয়া নোহোৱাকৈ ঘৰ সোমায়৷

তৎস উৎস
১. নাথ, শশীধৰ, পশ্চিম অসমীয়া শব্দকোষ
২. কলিতা, ফুলকুমাৰী, লোকসংস্কৃতিৰ দাপোন
৩.পাঠক, গুণেশ্বৰ, বৰপেটা জিলাৰ লোকসাহিত্য : সমীক্ষাত্মক অধ্যয়ন

☆ ★ ☆ ★ ☆

3 Comments

  • প্ৰৱন্ধটি প্ৰকাশ কৰা কাৰণে সম্পাদক আৰু সম্পাদনা মণ্ডলীলৈ ধন্যবাদ৷

    Reply
  • দ্বিজেন তামুলী

    ইমিন বেয়া গালি জানা তুমি?

    Reply
  • Anonymous

    Bahut din ar murat maan khuli hahilo, gali sapanire bhara likhani Tu asamiya xahityak ek natun matra dise

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!