ফটাঢোল

মূল :প্ৰেচক্ৰিপশ্যন,লিখক-:হুমায়ূন  আহমেদ, ভাৱানুবাদ-অঞ্জু মহন্ত

প্ৰচণ্ড মূৰৰ বিষ। বহুত চেষ্টা কৰিলোঁ মূৰৰ বিষটোক গুৰুত্ব নিদিবলৈ। অৱহেলা কোনেও সহ্য কৰিব নোৱাৰে। বেমাৰেও নোৱাৰে। বেমাৰে যেতিয়া ভাবে বেমাৰক গুৰুত্ব দিয়া হোৱা নাই, অৱহেলা কৰা হৈছে তেতিয়া মন-মেজাজ বেয়া কৰি গুচি যায়। মোৰ ক্ষেত্ৰত সেয়া নহ’ল। গুৰুত্ব নাপাই  মূৰৰ বিষ আৰু বাঢ়িল। এটা সময়ত লক্ষ্য কৰিলোঁ মূৰৰ বিষে মেৰুদণ্ড বগাই তললৈ নমাৰ পৰিকল্পনা কৰিছে। ত্বৰিত ব্যৱস্থা লোৱাৰ প্ৰয়োজন– মই এখন ফাৰ্মাছিলৈ  সোমাই গ’লোঁ। চাৰিটা পেৰাচিটামল কিনিবলৈ। দুটা খাম আৰু দুটা ভবিষ্যতৰ বাবে পকেটত থৈ দিম।

মোৰ বহুদিনীয়া অভ্যাস যিকোনো দোকানত সোমোৱাৰ আগেয়ে দোকানখনৰ নামটো চাই লওঁ। মাজে মাজে ধুনীয়া ধুনীয়া নাম চকুত পৰে। বৰ মজাৰ লাগে। এখন ষ্টেশ্যনাৰী দোকান দেখিছিলোঁ নামটো- ‘নীলাচল’ আৰু এখন ৰেষ্টুৰেণ্টৰ নাম- ‘জ‌্বলা-ঝোল’। সাধাৰণতে দেখা যায় যে সুন্দৰ নামৰ দোকানবোৰ বেছিদিন নচলে। জ্বলা-ঝোল এমাহৰ বেছি নচলিলে। নতুন এখন ৰেষ্টুৰেণ্ট আৰম্ভ হ’ল। নাম– ‘দি নিউ মদিনা বিৰিয়ানী এণ্ড কাবাব ঘৰ’। ছাইনবোৰ্ডত হাস্যমুখী দাড়িৱালা ছাগলীৰ ছবি। এই ৰেষ্টুৰেণ্টখন  খুব চলিছে।

অভ্যাস  মতেই ফাৰ্মাছিত সোমোৱাৰ আগেয়ে পটককৈ নামটো চাই ল’লোঁ। ভাৱ হ’ল নামটো যে আধুনিক সেইটোৱেই অকল নহয়, বেছ মিলি যোৱা নাম। প্ৰেচক্ৰিপশ্যন মানেইতো ফাৰ্মাছি। চাৰিটা পেৰাচিটামলৰ দাম চাৰি টকা। মূৰৰ বিষ নামৰ অতি যন্ত্ৰণাদায়ক ব্যাধিৰ বাবে অতি কম খৰচী  চিকিৎসা। ছেলচমেনজনক পানী দিবলৈ ক’লোঁ। তেওঁ গিলাছত পানী আনি দিলে। দুটা টেবলেট লগে-লগে খাই দিলোঁ। ঔষধৰ দাম দিবলৈ গৈ মই উচপ খাই উঠিলোঁ। মানিবেগটো লগত নাই।

পকেটমাৰে নিয়া নাই, নিশ্চয় ঘৰতেই এৰি আহিছোঁ মানিবেগটো। টেবলেট দুটা গিলি নেপেলোৱা হ’লে ঘূৰাই দিব পাৰিলোঁহেঁতেন। মই বৰ লাজত পৰিলোঁ। কি কওঁ ভাবি পোৱা নাই। হঠাৎ অনুভৱ হ’ল ছেলচমেনজনে যেন অলপ বেলেগ ধৰণেৰে মোলৈ চাই আছে। দোকানৰ মালিকজনে বোধকৰোঁ দূৰৰ পৰা ঘটনাটো চাই আছিল। তেওঁ আগুৱাই আহি গম্ভীৰ মুখেৰে ক’লে, 

: আপুনি ঘৰৰ ভিতৰলৈ আহিবনে? 

চাৰি টকাৰ বাবে টান কথা কিবা শুনিব লাগিব নেকি বুজিব পৰা নাই। মই তেওঁৰ ঘৰৰ ভিতৰলৈ সোমায়েই কৈ উঠিলোঁ,

: ঔষধৰ দাম দিব পৰা নাই। কালি ৰাতিপুৱা আহি দি যাম।

মালিকজনে ক’লে,

: সামান্য দুটা টেবলেটৰ দাম দিব নোৱাৰি আপুনি এনেকুৱা কৰিছে কিয়? ভাই, এটা কাম কৰক দুই পাতা টেবলেট লৈ যাওক। দাম দিব নালাগে। আৰু শুনক আপুনি মোৰ সন্মুখৰ চকীখনত বহক। চাহ দিবলৈ কৈছোঁ, গৰম চাহ খাওক, মূৰৰ বিষ কমিব।

মই ভদ্ৰলোকৰ ব্যৱহাৰত মুগ্ধ হৈ পৰিলোঁ। দিনকাল সলনি হৈ গৈছে, প্ৰিয়জনৰ পৰাই আজিকালি ভাল ব্যৱহাৰ পোৱা নাযায়, আৰু এই মানুহজন নিতান্তই অপৰিচিত এজন ব্যক্তি। মই ক’লোঁ,

: আপোনাৰ নামটো জানিব পাৰোঁনে?

ভদ্ৰলোকজনে ক’লে,

: নিশ্চয় পাৰে। মোৰ নামটো এনেকুৱা নাম যে এবাৰ শুনিলে কেতিয়াও নাপাহৰিব। মোৰ নাম ‘কয়লা’।

মই অবাক হৈ ক’লোঁ,

: কয়লা?

: হয় কয়লা। ধেমালি কৰা নাই। সঁচাকৈয়ে মোৰ নাম কয়লা। জন্মৰ সময়ত গাৰ ৰং আছিল খুবেই অপৰিষ্কাৰ। মোৰ দেউতাই ৰহস্য কৰি কৈছিল, “মোৰ  ল’ৰা এনেকুৱা কয়লাৰ দৰে ক’লা হ’ল কেনেকৈ?” তেতিয়াৰ পৰাই মোৰ নামটো কয়লা হ’ল। ঠাট্টা কৰি কয়লা বুলি মাতোঁতে মাতোঁতে কয়লা নামটো ৰৈ গ’ল। ভাল নাম মহম্মদ চানোৱাৰ হুছেইন।

চানোৱাৰ চাহাবৰফালে ভালকৈ চালোঁ। ভদ্ৰলোকৰ শৰীৰৰ ৰঙটোৱেই যে সুন্দৰ সেইটো নহয়,‌ দেখিবলৈও তেওঁ বৰ সুন্দৰ। বয়স চল্লিশমান হ’ব। চুলিত ৰূপালী ৰং ধৰিছে। তাৰ বাবে তেওঁক যেন বেছি ধুনীয়াহে লাগিছে। কিছুমান মানুহ আছে যিসকলক পকাচুলিৰেল ধুনীয়া লাগে।

: আপোনাৰ মূৰৰ বিষ অলপ ভাল পাইছেনে?

: অলপ কমিছে।

চনোৱাৰ চাহাবে ৰহস্যময় কণ্ঠেৰে ক’লে,

: এক মিনিটৰ বাবে চকু বন্ধ কৰিব নে?

: কিয়?

: আপোনাৰ কপাল আৰু চকুত এটা মলম লগাই দিম? বাৰ্মিজ মলম। নামটো হৈছে টাইগাৰ বাম। লগোৱাৰ তিনি মিনিটমানৰ ভিতৰতে মূৰৰ বিষ নোহোৱা হৈ যাব।

মই চকু বন্ধ কৰিলোঁ। ভদ্ৰলোকজনে চকুৰ পতা আৰু কপালত বাম ঘঁহি দিলে। বৰ আৰামদায়ক মালিচ। মালিচৰ কাৰণেই চাগৈ বিষ ভালেখিনি কমি গ’ল।

: তিনি মিনিট চকু মুদি থাকিব। চকু নেমেলিব।

মই চকু মুদিয়েই সুধিলোঁ,

: আপোনাৰ দোকানলৈ মূৰৰ বিষ লৈ যিসকল আহে তেওঁলোকৰ আটাইৰে চকুত আপুনি টাইগাৰ বাম ঘঁহি দিয়ে নেকি?

: নাই, নিদিওঁ। আপুনি লিখক মানুহ আপোনাৰ বাবে এয়া ব্যৱস্থা।

: অ’ আচ্ছা।

চাহ আহি পালে। চাহৰ লগত গৰম চিংৰা। গৰম‌ চিংৰা সকলো সময়তে ভাল লাগে—ভাৱ‌‌ হ’ল এইটো যেন আৰু ভাল। চাহ কাপ চিংৰাৰ দৰে ভাল নহ’লেও বেয়া নহয়। লিখক হিচাপে মাজে সময়ে অপ্ৰত্যাশিত কিছু খাতিৰ-যত্ন পাওঁ। উচ্চ পৰ্যায়ৰ  লেখকসকলে এই ধৰণৰ খাতিৰ-যত্নত বিব্ৰত আৰু বিৰক্ত হয়। যিহেতু মই  অতি নিম্ন পৰ্যায়ৰ এজন- মই আনন্দিত হওঁ। অৱশ্যে চেষ্টা কৰোঁ আনন্দ চেপি ৰাখিবলৈ।

চাহ খাই খাই মই ভদ্ৰলোকৰ বহাকোঠাটো চালোঁ। তেখেতৰ ফাৰ্মাছিৰ নামত যেনেকৈ ৰুচিৰ পৰিচয় পোৱা যায়, তেনেকৈ ঘৰৰ পৰিবেশৰ পৰাও ৰুচিৰ পৰিচয় পোৱা যায়। সুন্দৰকৈ সজোৱা ঘৰ। মজিয়াত কাৰ্পেট। চাৰিওফালে নানা ধৰণৰ ইনডোৰ প্ল্যাণ্ট। এডাল প্ল্যাণ্টত ধুনীয়া বুতামৰ দৰে নীলা ফুল ফুলিছে। বৰ ধুনীয়া লাগিছে। ব্যৱসায়ী মানুহৰ বহা কোঠাত সাধাৰণতে প্ল্যাণ্ট দেখা নাযায়। ভদ্ৰলোকৰ টেবুলত দুখন কিতাপ, এখনৰ নাম—-

Doomsday And Life after death.

আনখনৰ নামটো ভালকৈ ধৰিব পৰা নাই। সেইখনো নিশ্চয় গল্প-উপন্যাস নহয়, ধাৰাবাহিক কোনো কিতাপ। দেৱালত ভদ্ৰলোকৰ ডেকাকালৰ ফটো। চাইকেলত ভেঁজা দি উঠা ফটো। ওঁঠত চিগাৰেট।

চানোৱাৰ চাহাবে ক’লে,

: মোৰ  বাবাৰ ফটো।

: মই  ভাবিছিলোঁ আপোনাৰ ডেকাকালৰ ফটো।

: বহুতেই  তেনেকৈয়ে ভাবে। অফিচৰূমত নিজৰ ফটো সজাই ৰাখিবলৈ ইমান অহঙ্কাৰ এতিয়াও  মোৰ হোৱা নাই।

মই ক’লোঁ,

:  আপোনাৰ বাবা অত্যন্ত সু-পুৰুষ আছিল। চিনেমাৰ নায়কৰ দৰে চেহেৰা।

চানোৱাৰ চাহাবে হাঁহি হাঁহি ক’লে,

: মোৰ দেউতাই জীৱনৰ বেছিভাগ সময় ব্যয় কৰিছিল চিনেমাত সোমোৱাৰ কৌশল উলিয়াবলৈ। তেওঁ ৰাতিপুৱা এফডিচিত প্ৰবেশ কৰে আৰু ৰাতি এঘাৰটা-বাৰটাত ঘূৰি আহে। খুব সুন্দৰকৈ সাজি-কাচি যায়। পৰিচালকসকলৰ এচিচটেণ্টসকলক চিগাৰেট খুৱায়। তেওঁলোকৰ যিকোনো ফৰমাইচ নিমিষতে কৰি দিয়ে। ইয়াৰ বিনিময়ত মাজে মাজে ‘পাচিং শ্বট’ত সুযোগ পাইছিল।

: পাচিং শ্বট মানে?

: পাচিং শ্বট হৈছে—ধৰক কোনো চিনেমাৰ দৃশ্য এটা চলি আছে। নায়ক-নায়িকাই কথা পাতি আছে। অলপ দূৰেৰে এজন মানুহে খোজকাঢ়ি গৈ আছে। মূল ঘটনাৰ লগত সেই মানুহজনৰ কোনো সম্পৰ্ক নাই। মানুহজনে খোজকাঢ়ি যোৱাটো চিনেমাৰ দৃশ্যটোত দেখিবলৈ পোৱা যাব। সেই মানুহজনৰ শ্বটটোক পাচিং শ্বট বুলি কোৱা হয়।

: অ’ আচ্ছা।

: পৰিচালক বা প্ৰযোজকৰ দৃষ্টিত পৰাৰ চেষ্টা একেবাৰে বিফলে নগ’ল। বাবা তেওঁলোকৰ দৃষ্টিত নপৰিলেও এজনী এক্সট্ৰা ছোৱালীৰ দৃষ্টিত পৰিল।

: এক্সট্ৰা ছোৱালী মানে কি?

: নায়িকাৰ অসংখ্য বান্ধবীবোৰ হ’ল এক্সট্ৰা। নায়িকাই যেতিয়া পানী তুলিবলৈ যায় তেতিয়া তেওঁলোকো যায়। পানী তোলা পৰ্বত যি কঁকাল নচুৱাই নৃত্য কৰা হয় সেই নৃত্যত এওঁলোকে অংশগ্ৰহণ কৰে। বুজি পাইছে  নে?

: হয় পাইছোঁ।

: এক্সট্ৰা ছোৱালীজনীৰ লগত বাবাৰ ঘনিষ্ঠতা অতি সোনকালেই তুঙ্গ স্পৰ্শ কৰিলে। আৰু এটি শুভ দিনত বাবাই তেওঁৰ লগত  বিয়া পাতিলে। বাবাৰ তেতিয়া সম্বলৰ ভিতৰত আছিল তেওঁৰ সুন্দৰ চেহেৰা আৰু এখন হাৰকিউলিচ চাইকেল। চাইকেলত ভেঁজা দি উঠা ফটোখনতো দেখা পাইছেই। পাইছে নে?

: পাইছোঁ।

: বাবাৰ বিষয়ে কৈ আপোনাক বোধহয় খুব বিৰক্ত কৰিছোঁ। অলপ সময় পিছতেই কথা শেষ কৰিব লাগিব। মোৰ ড্ৰাইভাৰজন আহি আছে। আপুনি  য’লৈকে যাব বিচাৰে  আপোনাক তাতেই নমাই দি আহিব।

: গাড়ী নালাগে। মই একেবাৰে ওচৰতে থাকোঁ, খোজকাঢ়ি গুচি যাম।

: আপোনাক খোজকাঢ়ি যাবলৈ দিয়া নহ’ব। আপোনাক জোৰকৈ হ’লেও গাড়ীত তুলি দিম। মোৰ দেউতাৰ সম্পদৰ ভিতৰত আছিল এখন চেকেণ্ডহেন্ড চাইকেল আৰু মোৰ এতিয়া তিনিখন গাড়ী। মই গাড়ী কেইখন ডিচপ্লে নকৰিম নে?

: আপোনাৰ তিনিখন গাড়ী?

: এই মুহূৰ্তত অৱশ্যে দুখন। এখন বিক্ৰী কৰি দিলোঁ। অৱশ্যে এখন লাক্সাৰি মাইক্ৰো বাছ কিনিম বুলি ভাবিছোঁ। আপুনি নাভাবিব যে এই সৰু ফাৰ্মাছিখনৰ পৰা ইমান আয় হয়। মোৰ আন ব্যৱসায় আছে। গুলচন এলেকাত এখন চাইনিজ ৰেষ্টুৰেণ্ট আছে। এক্সপোৰ্ট-ইমপোৰ্টৰ দালালি টাইপৰ কিছুমান কামো কৰোঁ, অৱশ্যে মই ব্যৱসায় আৰম্ভ কৰিছিলোঁ ফাৰ্মাছিখনেৰে।

: অ’ আচ্ছা।

: মূল কাহিনীটো শেষ কৰোঁ। লওক চিগাৰেট খাওক। চিগাৰেট খাই খাই কাহিনী  শুনি যাওক। কাহিনীৰ শেষভাগ ইণ্টাৰেষ্টিং।

মই চিগাৰেট জ্বলালোঁ। ইয়াৰ মাজতে আকৌ চাহ আহিল। এইবাৰৰ চাহকাপ ভাল হৈছে। চাহত চুমুক দি দি কাহিনী শুনিছোঁ। চানোৱাৰ চাহাবৰ কাহিনী কোৱাৰ ধৰণটো সুন্দৰ। হুৰমূৰকৈ কাহিনী আৰম্ভ কৰে আৰু মোক্ষম ঠাইত আহি দম লয়। আকৌ আৰম্ভ কৰে। কাহিনীটো এনেকৈ কয় যেন ভাব হয় কাহিনীটোৰ প্ৰতি তেওঁ কোনো আকৰ্ষণ বোধ কৰা নাই। এনেয়ে ক’ব লাগে বাবেই যেন কাহিনীটো কৈছে। কাহিনীটো ক’ব নালাগিলে তেওঁ ভাল পালেহেঁতেন।

: বাবা থাকিছিল তেওঁৰ এজন দূৰসম্পৰ্কীয় খুড়াকৰ ঘৰ খিলগাঁৱত। যিজন খুড়াকৰ ঘৰত থাকিছিল তেওঁৰ সৰু ছোৱালীজনীক তেওঁ বিয়া পাতিব এনেকুৱা ধাৰণা বাবাই সম্ভৱত দি থৈছিল। নহ’লে বাবাৰ সেই ধুৰন্ধৰ খুড়াকে বাবাক ইমান দিন তেওঁৰ ঘৰত নাৰাখিলেহেঁতেন। হঠাৎ এক্সট্ৰা ছোৱালীজনীক বিয়া কৰোৱা বাবে বাবাৰ সেই খুড়াকে তৎক্ষণাৎ বাবাক ঘৰৰ পৰা বাহিৰ কৰি দিলে। নতুন কইনাৰ সৈতে বাবা বৰ বিপদত পৰিল। এঘৰ আত্মীয়ৰ ঘৰত কেইদিনমান, আন এঘৰৰ ঘৰত কেইদিনমান এনেদৰে দিন কটাবলৈ ধৰিলে। ঢাকা চহৰত যিমান আত্মীয় আছিল, সকলোৰে ঘৰত থকা হৈ গ’ল। বাবাই ফিল্মপাৰাত কাম যোগাৰ কৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। শ্ব’ বিজনেচৰ সৈতে জড়িত কোনো কামতেই তেওঁৰ আপত্তি নাই। ফ্লোৰ সৰা-মোচা, আৰ্টিষ্টৰ মূৰত ছাতি ধৰা, মেডামৰ চেণ্ডেল আগুৱাই দিয়া– সকলোতেই তেওঁ ৰাজী। প্ৰডাকচন বয়ৰ কামত  গাধৰ দৰে খাটনি, সেই তুলনাত বেতন নামমাত্ৰ। খোৱা-লোৱা অৱশ্যে ফ্ৰি। সামান্য চুৰিৰ সুযোগও পোৱা যায়। বাবাই সেই সুযোগ কেতিয়াও ল’ব পৰা নাছিল। কাৰণ মানুহ হিচাপে তেওঁ আছিল বুৰ্বক। বুৰ্বক মানুহবোৰ সৎ হয় সেয়া জানেই চাগৈ? বুৰ্বকবোৰৰ ভিতৰত চোৰ নাই বুলিয়েই ক’ব পাৰি।

এই মহা দূৰ্যোগত বাবাৰ এজন ল’ৰা হ’ল। ল’ৰাৰ নাম ৰখা হ’ল চানোৱাৰ হুছেইন। বাবাই মৰম কৰি ল’ৰাক মাতে কয়লা বাবা।

: আপুনিয়েই সেই কয়লা বাবা?

: হয়।

: আপোনালোকে তেতিয়া  ক’ত থাকিছিল?

: বাবাই এফডিচিৰ কাষৰ এটা বস্তিত ঘৰ ভাড়া কৰিছিল। ঘৰৰ ভাড়া নামমাত্ৰ। তথাপিও সেই নামমাত্ৰ ভাড়াৰ টকা যোগাৰ কৰাও বাবাৰ বাবে অসম্ভৱ হৈ পৰিছিল। কাহিনীটো প্ৰায় শেষ অংশ পাইছে। আৰু এটা চিগাৰেট খাওক। চিগাৰেট শেষ হ’বলৈ ধৰোঁতেই কাহিনী শেষ হৈ যাব।

মই ক’লোঁ,

: আপুনি ধীৰে সুস্থিৰে কাহিনী শেষ

কৰক। মোৰ একো লৰালৰি নাই। তাৰোপৰি কাহিনীটো শুনি ভাল লাগিছে।

চানোৱাৰ চাহাবে হাঁহি মুখে কাহিনী আৰম্ভ কৰিলে,

মোৰ জন্ম হৈছিল ঈদৰ দিন এটাৰ পুৱতি নিশা। সেইবাবে বাবাৰ ধাৰণা হৈছিল তেওঁৰ ল’ৰা সৌভাগ্যবান। সি তাৰ বাপেকৰ ভাগ্য সলনি কৰি দিব। তেনেকুৱা অলপ লক্ষণ দেখাও দিলে। মই জন্মৰ সাত দিন বয়সৰ পৰাই উপাৰ্জন আৰম্ভ কৰিলোঁ। মোতকৈ কম বয়সত আন‌ কোনোবাই উপাৰ্জন কৰিছে বুলি মই নাজানো। গিনিছ বুকত মোৰ নাম অন্তৰ্ভুক্ত হোৱাটো উচিত আছিল।

: সাতদিন বয়সত উপাৰ্জন মানে? কেনেকুৱা ধৰণৰ উপাৰ্জন?

: অভিনয় কৰি উপাৰ্জন। ফিল্ম লাইনত নৱজাত শিশুৰ প্ৰায়েই দৰকাৰ হয়। নায়িকাৰ কেঁচুৱা হয়। সেই কেঁচুৱা চুৰি হৈ যায়। এনেকুৱা ধৰণৰ কাহিনীত  কেঁচুৱাৰ দৰকাৰ হয়। মই হ’লোঁ সেই কেঁচুৱা। অভিনয় কৰাৰ কোনো দৰকাৰ নাই। হাত-ভৰি লৰাব পাৰিলেই হ’ল, চিঞৰি চিঞৰি কান্দিব পাৰিলেই হ’ল। সাতদিন বয়সত মই প্ৰথম ছবিত অভিনয়  কৰিবলৈ আৰম্ভ কৰিলোঁ– ছবিৰ নাম ডালিম কুমাৰ। ময়েই সেই ডালিম কুমাৰ।

: বৰ ইণ্টাৰেষ্টিং!

: হয় ইণ্টাৰেষ্টিং। মোৰ দ্বিতীয়খন ছবিৰ নাম—কমলা সুন্দৰী। দ্বিতীয়খন ছবি কৰিবলৈ গৈ মই অসুস্থ হৈ পৰিলোঁ। শীতৰ  ৰাতি শ্বুটিং হৈছিল। দৃশ্যটো এনেকুৱা—- জন্মৰ পিছত মোক এটা পাচিত ভৰাই মোৰ দুঃখিনী মায়ে কান্দি কান্দি গুচি যায়। মই পাচিৰ ভিতৰত টোপনিত মগ্ন । বনৰ পশু-পক্ষীয়ে মোক চাই চাই গৈছে। এসময়ত মোৰ টোপনি ভাঙিল। মই কান্দিবলৈ আৰম্ভ কৰিলোঁ। সেই দেশখনৰ ৰজাই আকৌ ঠিক সেই সময়তে মৃগয়ালৈ আহিছিল। তেওঁ মোৰ কান্দোন শুনি মোক পাচিৰ পৰা তুলি লৈ গ’ল। তেঁৱেই মোৰ কমলাৰ দৰে ৰূপ দেখি মোৰ নাম দিলে কমলা সুন্দৰী। এই ছবিখনত মই ছোৱালীৰ ভূমিকাত অভিনয় কৰিছিলোঁ। আশাকৰোঁ আপুনি বুজি পাইছে।

: হয় বুজি পাইছোঁ।

: কমলা সুন্দৰীত অভিনয় কৰিবলৈ গৈ মই অসুস্থ হৈ পৰিলোঁ। শীতকালৰ ৰাতি। বহুবাৰ টেক ল’ব লগা হৈছে। মোৰ গাত একো কাপোৰ নাছিল। বুকুত ঠাণ্ডা সোমাই গ’ল। জীৱন-মৰণৰ সমস্যাই দেখা দিলে। মোক হস্পিটেলত ভৰ্তি কৰোৱা হ’ল। ইয়াৰ ভিতৰত বস্তিৰ ঘৰ ভাড়া দিব পৰা নাই। ঘৰৰ মালিকে ৰাতিপুৱা-গধূলি দুই বেলা আহি হুলস্থূল কৰিছে– সাহিত্যৰ ভাষাত যাক কোৱা হয়- “ঘোৰ অমানিশা”। তেতিয়াই  হঠাৎ মোৰ বাবাৰ কপাল ফুলিল। চিত্ৰজগতৰ এজনৰ হত্যা হ’ল।

মই বিস্মিত হৈ ক’লোঁ,

: চিত্ৰজগতৰ এজনৰ হত্যাৰ সৈতে আপোনাৰ বাবাৰ কপাল ফুলাৰ ঘটনাটো ধৰিবলৈ পৰা নাই।

চানোৱাৰ চাহাবে হাঁহি মুখে ক’লে,

: বুজাই দিওঁ ৰ’ব। এনেকুৱা একো জটিল কথা নহয়। আপুনি জানেনে শাস্তি যে কিনা-বেচা হয়? এজনৰ শাস্তি অন্যজনে টকাৰ বিনিময়ত নিজে কান্ধ পাতি লয়। প্ৰকৃত অপৰাধীৰ শাস্তি নহয়– টকা লৈ যিজনে অপৰাধ নিজে কান্ধ পাতি লয় তেওঁৰ শাস্তি হয়।

: মই এতিয়াও ভালদৰে বুজি পোৱা নাই।

: আৰু সহজকৈ ব্যাখ্যা কৰি দিওঁ। ধৰক আপুনি শ্ৰেণীত পঢ়া পৰা নাই। শাস্তি হিচাপে আপুনি  গালত চৰ খাব লাগে। সেই চৰ আপোনাৰ হৈ অন্য কোনোবাই খালে। আপোনাৰ একো শাস্তি নহ’ল।

: এনেকুৱা হ’ব পাৰেনে?

: অৱশ্যেই হয়। শাস্তি কিনা-বেচাৰ মাৰ্কেট আছে। আপোনাৰ যদি বহুত টকা আছে আপুনি হত্যা কৰিব পাৰে। নিজ হাতে কৰিব পাৰে। আপুনি তাৰ বাবে শাস্তি ভোগ কৰিব নালাগে। অন্য এজনে আপোনাৰ হৈ ফাঁচীকাঠত ওলমিব।

মই হতম্ভৱ হৈ চানোৱাৰ চাহাবৰ ফালে চাই ৰ’লোঁ। তেওঁ সহজ ভাবে  ক’লে,

: মোৰ বাবাই ঠিক এই কামটোৱেই  কৰিলে। তেওঁ পুলিচৰ ওচৰত ক’লে, তেওঁ হত্যা কৰিছে। কেনেদৰে হত্যাকাণ্ডটো কৰিছে তাৰ বিশদ বৰ্ণনা দিলে। তেওঁৰ কথামতে যিখন চুৰীৰে হত্যাকাণ্ডটো কৰা হৈছিল সেই চুৰীখন বাবাৰ বস্তিৰ ঘৰৰ মুড়িৰ টিনৰ ভিতৰত পোৱা গ’ল।‌ অন্যৰ অপৰাধৰ বিচাৰ  তেওঁৰ বিচাৰ হিচাবে আৰম্ভ হ’ল। বিনিময়ত তেওঁ তেওঁৰ পৰিয়ালৰ বাবে থৈ গ’ল চাৰি লাখ দহ হাজাৰ টকা।

: আপোনাৰ বাবাৰ কি শাস্তি হৈছিল?

: তেওঁৰ ফাঁচী হৈছিল। মোৰ কাহিনী শেষ হ’ল। আপোনাৰ বাবে গাড়ী সাজু হৈ আছে। আপোনাক লৈ যাব।

মই বিৰবিৰ কৈ ক’লোঁ,

: আই এম চৰী।

চানোৱাৰ চাহাবে মোৰ ফালে ঘোপাকৈ চালে। ভাব হ’ল তেওঁৰ হঠাৎ খং উঠি গ’ল। মুহূৰ্ততে খং দমন কৰি আকৌ ক’লে,

: বাবাৰ বিচাৰ চাৰে চাৰি বছৰ ধৰি চলিছিল। বাবাৰ যেতিয়া ফাঁচী হৈছিল তেতিয়া মোৰ বয়স পাঁচ। ফাঁচী দিয়াৰ আগে আগে মোক কোলাত লৈ মায়ে বাবাক দেখা কৰিবলৈ গ’ল। বাবাই  মোক বহুত মৰম কৰিলে। বাবা সম্পৰ্কে মোৰ কোনো স্মৃতি নাই– মাথোঁ মৰমখিনি মনত আছে। মৰম কৰি কৰি তেওঁ কৈছিল—কুটু কুটু মুটু মুটু ভুটু ভুটু।

মই মনে মনে আছোঁ। কাহিনীৰ শেষ যে এনেকুৱা নাটকীয় হ’ব ভাবিব পৰা নাছিলোঁ। ভদ্ৰলোকৰ সন্মুখত বহি থাকিবলৈ তেতিয়া আৰু ভাল লগা নাছিল। কিবা বাহানা কৰি উঠি যাব পাৰিলে ভাল আছিল। তেনেকুৱা একো বাহানাও নোপোৱা হ’লোঁ।

চানোৱাৰ চাহাবে ক’লে,

: কাহিনীটো কেনেকুৱা লাগিল?

মই প্ৰশ্নৰ উত্তৰ নিদিলোঁ। মনে মনে ৰ’লোঁ। চানোৱাৰ চাহাবে অলপ ৰৈ ক’লে,

: আপুনি গল্পকাৰ মানুহ। আপোনালোকে ইণ্টাৰেষ্টিং গল্প লিখিব পাৰে–সৰু প্ৰাণ সৰু কথা, সৰু সৰু দুখ কথা টাইপ। মোৰ কাহিনীটো  আপোনালোকৰ চুটিগল্পৰ থিয়ৰিত পৰেনে?

মই ক’লোঁ,

: আজিলৈ উঠোঁ, আন এদিন আহি কথা পাতিম।

চানোৱাৰ চাহাবে শান্তস্বৰেৰে ক’লে,

: কাহিনী শেষ হোৱাৰ পিছতো কিন্তু অলপ বাকী থাকে। সেইখিনিক কোৱা হয় পৰিশিষ্ট। মোৰ কাহিনীটোৰ এটা পৰিশিষ্ট আছে। পৰিশিষ্টখিনি শুনি যাওক।

: কওক শুনি আছোঁ।

: আমাৰ বাবা আচলতে ভাগ্যৱান মানুহ আছিল। সাধাৰণ মানুহৰ বেছিভাগ সপোনেই অপূৰ্ণ হৈ ৰয়। মাথোঁ ভাগ্যৱানসকলৰহে সকলো সপোন পূৰ্ণ হয়। বাবাৰ সকলো সপোন পূৰ্ণ হৈছিল সেয়েহে তেওঁ ভাগ্যৱান। তেওঁ তেওঁৰ পুত্ৰক লৈ সপোন দেখিছিল পুত্ৰ জীৱনত প্ৰতিষ্ঠিত হ’ব। মই প্ৰতিষ্ঠিত হৈছোঁ। তেওঁ নিজক লৈ সপোন দেখিছিল চিনেমাৰ নায়ক হ’ব। তেওঁৰ নিজৰ সপোন পূৰ্ণ নহ’লেও তেওঁৰ স্ত্ৰীৰ মাধ্যমেৰে সেই সপোন পূৰ্ণ হয়। মোৰ মায়ে কেইবাখনো চিনেমাত নায়িকাৰ ভূমিকাত অভিনয় কৰিছিল।

: অ’।

: যিজনৰ হত্যাৰ শাস্তি বাবাই গাত পাতি লৈছিল— সেইজন মানুহেই মাক এই সুযোগ দিছিল। মজাৰ কথাটো হ’ল মায়ে তেওঁৰ লগত বিয়াও হৈছিল। নায়িকাসকলে চিনেমাৰ প্ৰডিউচাৰৰ লগত

বিয়া পতাটো তেনেকুৱা একো গুৰুত্বপূৰ্ণ ঘটনা নহয়। আপুনি কি কয়?

চানোৱাৰ চাহাবে উত্তৰৰ আশাৰে মোৰ ফালে চাই আছে। মই চাই আছোঁ হাৰকিউলিচ চাইকেলত ভেঁজা দি থিয় হৈ থকা তেওঁৰ বাবাকৰ ফালে।


☆ ★ ☆ ★ ☆

3 Comments

  • ৰাজশ্ৰী শৰ্মা

    কি সুন্দৰ গল্প! বৰ ভাল লাগিল পঢ়ি খুড়ী।ই

    Reply
  • Anonymous

    সঁচা কাহিনী লাগিছে। চুবুৰীয়া দেশৰ প্রত্যাহিক ঘটনা। তেহা ৰ বাবে সকলো কৰিব পাৰে সিহঁতে।

    Reply
  • কৰবী দেৱী

    বৰ সুন্দৰ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *