ফটাঢোল

ইটো সিটো আৰু কিবাকিবি বহুতো-সুস্মিতা দাস

সম্পাদকীয় লিখিবলৈ বহি কলমটো খুলি বহি ৰৈছোঁ। কি লিখোঁ, কেনেকৈ লিখোঁ, ক’ৰপৰা আৰম্ভ কৰোঁ, চাৰিওফালে দেখোন অশান্ত সময়ৰ কথা।  সেয়ে কথাবোৰ নিজৰ পৰাই আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। বছৰটোৰ মাজভাগত মা আৰু দেউতা একেদিনাই ক’ৰোণাত আক্ৰান্ত হৈছিল। দেউতাৰ ভাইৰেল লোড বহুত বেছি আছিল। খবৰটোৱে আমাৰ তিনিও ভাই-ভনীকে জোকাৰি গৈছিল। মাহঁতক ঘৰতে ৰখাৰ সিদ্ধান্ত লোৱা হ’ল। সৰু ভাইটিটোৱে এমাহকাল ছুটি লৈ অকলে যি ধৰণেৰে মা দেউতাৰ পৰিচৰ্য্যা কৰিলে সেয়া হয়তো মই ছোৱালী হৈয়ো কেতিয়াও  কৰিব নোৱাৰিলোঁহেঁতেন। দুঃসময়ৰ এই সময়ছোৱাতেই ঘৰৰ কাষৰ মানুহ এজন যাক আমি খুড়া বুলি মাতিছিলোঁ ক’ৰোণাত আক্ৰান্ত হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে নাইকিয়া হৈ গৈছিল। এই সময়খিনিতেই জীৱনে এটা বৰ ডাঙৰ শিক্ষা দি গ’ল যিটো শিক্ষা আমৃত্যু কঢ়িয়াম। আমি ৰাতিপুৱা শুই উঠাৰ পৰা নিশা শেতেলিত পৰা সময়লৈকে ব্যস্ততাৰ অযুহাতত যিমানেই দৌৰি নুফুৰোঁ কিয় সকলো বৃথা যদিহে আমাৰ আপোনজন আমাৰ কাষত নাথাকে, সুস্থ নাথাকে। 

 বয়স বঢ়াৰ লগে লগেই আমি মানুহবোৰ জোখতকৈ বেছি ভাবুক হৈ পৰোঁ, প্ৰায়োগিক হৈ পৰোঁ। সৰু সৰু কথাবোৰতেই  অন্য অৰ্থ বিচাৰি ফুৰোঁ, কথাৰ, মতৰ অমিল হ’লেই তেওঁৰ প্ৰতি অৱজ্ঞাৰ ডাঙৰ প্ৰাচীৰ গঢ়ি তোলোঁ। সিদিনা ক’ৰবাত পঢ়িলো, “কেতিয়াও কাকো নুসুধিবা, তেওঁ কিয় তোমাক অকাৰণতে দুখ দিছে, যাতনা দিছে। নিজক সোধা তুমি কিয় তেওঁক  দুখ দিবলৈ, তোমাক যাতনা দিবলৈ অনুমতি দিছা।” কথাষাৰ মিছাতো নহয়! আমি গৰল নিজে জানি বুজি পিওঁ, কোনোৱে আমাক বাধ্য নকৰায় গৰল পিবলৈ| জীৱনটো আমি নিজে পৰিচালিত কৰোঁ, আপুনি বা মই ভবাৰ দৰে জীৱনে আমাক পৰিচালিত নকৰে।  সাধু এটা মনত পৰিল।  এবাৰ সন্ত পুৰুষ এজন এখন গাঁওলৈ আহিল। ৰাইজে তেওঁক যথাবিধি আদৰ-যত্ন কৰিলে। এপাকত সাধুজনে ওখ গম্বুজ এটা জোৰেৰে ধৰি চিঞৰিবলৈ ধৰিলে, “এৰি দিয়া, মোক এৰি দিয়া।”  উপস্থিত ৰাইজ আচৰিত হ’ল। এজনে ক’লে, “বাবা আপুনি কি কয়, গম্বুজটোৱে আপোনাক ধৰি ৰখা নাই, আপুনিহে  সেইটোক জোৰেৰে খামোছ মাৰি ধৰি আছে।” সাধুজনে তেতিয়া ধীৰ স্বৰৰে ক’লে, ” ঠিক কৈছা বাছা, মইহে গম্বুজটোক ধৰি আছোঁ। আমাৰ দুখবোৰো ঠিক গম্বুজটোৰ নিচিনা। আমিহে দুখবোৰক ধৰি থাকোঁ, দুখবোৰে আমাক আৱৰি নাথাকে, বাহিৰলৈ ওলাই চোৱা, পৃথিৱীখন বহুত ধুনীয়া !

উৎসৱৰ বতৰ, মনবোৰ এনেই ভাল লাগি থাকে। এই সংখ্যাটো মেলি লোৱাৰ পৰত সকলো ব্যস্ত থাকিব উৎসৱৰ ব্যস্ততাৰ মাজত।

” য়াদো ম্যে উন বাতো ম্যে

জীৱন কে ৰংগ বৰছতে  হ্যেয়

খুচী কে ৰংগ লায়ী হ্যেয় ঘড়িয়া

 খুচী কে ৰংগ চে সজী হ্যেয়  দুনীয়া”——-

কিছু বছৰ আগতে “এছিয়ান পেইণ্টৰ” বিজ্ঞাপনৰ বাবে সুৰেশ ৱাডেকাৰে গোৱা গীত আছিল এয়া। 

সঁচাকৈয়ে উৎসৱৰ সময়ত আপোনজনৰ সান্নিধ্যই আনি দিয়ে বুজাব নোৱাৰা অনুভৱ। বহু আগ্ৰহৰে, হেঁপাহেৰে অপেক্ষা কৰা যায় উৎসৱৰ সময়লৈ। এসাঁজ সুদা ভাতো অমৃতসম ৰাজভোগ হৈ পৰে আপোনজনৰ উমাল সাহচৰ্যত। কি বিচাৰে আপোনজনে? কি হ’ব পাৰে আপোনজনক দিব পৰা শ্ৰেষ্ঠতম উপহাৰ? এযোৰ ধুনীয়া মেখেলা চাদৰ, এটা গপছ চাৰ্ট নে আন কিবা বিলাসী সামগ্ৰী ? সাহচৰ্য্যৰ বাদে আন কিবা বিচাৰে জানো আমাৰ নিকট আত্মীয়ই। সাহচৰ্য্য এটা বৰ বিশাল শব্দ, যিয়ে  কৰিব পাৰে বুকুখন শাওনৰ চিপচিপিয়া পথাৰৰ দৰে সিক্ত, আনৰ ঈৰ্ষা লাগি যোৱাকৈ।

এই সম্পাদকীয় যুগুতাই থকা সময়তে এটা লোমহৰ্ষক হত্যাকাণ্ডই  গোটেই ৰাজ্য জোকাৰি গৈছে। অশীতিপৰ বৃদ্ধ দম্পতীক নিজ বাসগৃহতেই হত্যা কৰি  আঁতৰি যায় কোনো দুৰ্বৃত্তই। লগে লগে আঙুলি উঠিল সন্তানলৈ। খেনোৰ মতে সন্তানৰ বিদ্যায়তনিক মানবোৰ ডাঙৰ হয়, ডাঙৰ চাকৰি, বিশাল ঘৰ হয় কিন্তু সেই বিশাল ঘৰবোৰত পিতৃ মাতৃক নিজৰ লগত নিজৰ উমাল সান্নিধ্যৰে ৰাখিবলৈ ঠাই আৰু মনৰ অভাৱ হয়। কিন্তু প্ৰকৃততে সদায়েই তেনে হয় জানো? ইমান সহজ জানো শিপাৰ অস্তিত্বক আওকাণ কৰাটো? যি মাটিত, যি উশাহত শিপাৰ টান তেজৰ দৰে অহৰহ বৈ থাকে ইমান সহজ জানো তাক উলাই কৰি আন ঠাইত নিজকে বিলীন কৰি দিয়াটো। গছলৈ ৰূপান্তৰিত হোৱা তুলসীক তুলি নি আন ঠাইত ৰুলে আগৰ দৰে জানো সজীৱ হৈ থাকিব? 

কেতিয়াবা বতাহে লৈ আহে চিনাকি সুবাস, জীৱনৰ লগে লগেই আগবাঢ়ে, তেজত কি থাকে কেৱল লোহিত ৰক্ত কণিকা আৰু স্বেত ৰক্ত কণিকা, এণ্টিবডি তৈয়াৰ কৰিবলৈ, নে তেজত মিহলি হৈ থাকে চিনাকি সুবাসৰ অক্ষয় ভাণ্ডাৰ, সৱ উশাহৰ খেল, পৰি নোযোৱালৈকে গৈ থাকে, গৈয়েই থাকে!

উৎসৱবোৰ আন একো নহয়, উৎসৱবোৰ হ’ল জীৱন নামৰ জংছনটোত এপলক ৰৈ এৰি অহা দিনবোৰ খেপিয়াই চোৱা, আইৰ হাতেৰে ৰন্ধা অমৃতৰ সোৱাদ লোৱা।

উৎসৱত ঘৰ যাবলৈ নোপোৱা মানুহবোৰলৈ দুখ লাগে। উৎসৱত ঘৰলৈ যাবলৈ নিদিয়া মানুহক হিটলাৰ আৰু জান্তিপ যেন লাগে। অকলশৰীয়া মানুহবোৰক উৎসৱৰ বতৰত ইচ্ছাকৃতভাৱে আৰু অকলশৰীয়া কৰি তোলাবোৰ মানুহ নামৰ অযোগ্য। উৎসৱবোৰে জী তোলে খন্তেকলৈ, বছৰ জুৰি মৰি থকা মানুহখিনিক, মৰি মৰিও কাৰোবাৰ বাবে দৌৰি থকা মানুহখিনিক। 

সকলোলৈ পোহৰৰ উৎসৱ দিপান্বিতাৰ অলেখ শুভকামনা থাকিল। পোহৰ হৈ থাকক মনবোৰ আত্মাবোৰ।

সম্পাদক

ফটাঢোল ই আলোচনী

পঞ্চম বৰ্ষ,চতুৰ্থ সংখ্যা

☆ ★ ☆ ★ ☆

6 Comments

  • Pranita Goswami

    সুন্দৰ সময়োপযোগী সম্পাদকীয়।‌‌ ভাল লাগিল।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    সম্পাদকীয়ৰে আলোচনী পঢ়িবলৈ আৰম্ভ কৰিছোঁ৷ ভাল লাগিল পঢ়ি৷

    Reply
  • rintumoni dutta

    সুন্দৰ আৰু সময়োপযোগী সম্পাদকীয়। খুব ভাল লাগিল পঢ়ি সুস্মিতা

    Reply
  • সুন্দৰ সম্পাদকীয়৷ কথাবোৰে মন চুলে৷

    Reply
  • অৰবিন্দ গোস্বামী

    সুন্দৰ সম্পাদকীয়।কেইবাটাও কথা সাঙুৰি লিখিলা।ভাল লাগিল পঢ়ি।

    Reply
  • উজ্জ্বল দিপ্লু

    ভাল পালোঁ পঢ়ি৷

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!