ফটাঢোল

সাম্প্ৰতিক-অবিনাশ পীড়াকটা

পূজাৰ বতৰত অসমত পেট্ৰলে মাৰিলে শতক

তেল দিপুত আমি প্ৰজাই টুকিছোঁ লোতক

তেল মাৰক, তেল কিনক

চৰকাৰী আঁচনিবোৰ জিনক

সমানে গৈছে ডিজেলভাই পেট্ৰলৰ হেনো জাতক।

 

পাকঘৰত লাগিল জুই, গেছ চিলিণ্ডাৰত হাজাৰ

ধনী হৈছে আমাৰ দেশ, নকৰিবা কিন্তু বেজাৰ

তথাপিও নাই অহংকাৰ

লাগিলে বন্ধকত দি অলংকাৰ

আহিনৰ ভৰ ৰ’দটো গা ধুলোঁ লগাই গিজাৰ।


পূজাৰ বতৰত মনলৈ নানিবা দুখৰ ভাৱ

অনাটনক নেওচি ফূৰ্তি কৰাটো আমাৰ স্বভাৱ

হাতত মস্ত জেলেপি টোপোলা

নেদেখাবা আনক ৰূপ ফোপোলা

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.

error: Content is protected !!