ফটাঢোল

বিদ্যালয়ত সৃজনীশীলতাৰ পাঠ-সমীৰজ্যোতি মেধি

Creativity is a drug I cannot live Without. – Cecil B De Mille. 

আমেৰিকান চিত্ৰনিমাৰ্তা চিচিল বি ডি মিলিৰ এই উক্তিটোৰ অসমীয়া অনুবাদ হ’ব,

“সৃজনীশীলতা হ’ল নিচাজাতীয় ঔষধ যিবিধ নহ’লে মই জীয়াই থাকিব নোৱাৰোঁ।”

যিকেইটা কথা আৰু ঘটনাই মোৰ মন আৰু মগজুক আন্দোলিত কৰে সেইকেইটাৰ ভিতৰত চিচিল বি ডি মিলিৰ এই উক্তিটো অন্যতম।

মই এনে বহু মানুহ লগ পাইছোঁ যিয়ে পুৱাৰ বাতৰি কাকতখন পঢ়িবলৈ অস্থিৰ হৈ পদূলিমুখত হ’কাৰজনলৈ অপেক্ষা কৰি থাকে। এনে মানুহো লগ পাইছোঁ – কিবা এটা নিলিখিলে বা শোৱাৰ সময়ত কিতাপ এখন নপঢ়িলে তেওঁৰ টোপনি নাহে। এয়া একধৰণৰ আসক্তি, ইংৰাজীত যাক Addiction বুলি কোৱা হয়। আজি বহু মানুহ ফেচবুক আৰু হোৱাটছএপত আসক্ত। কিন্তু চিচিল বি ডি মিলিয়ে অনুভৱ কৰাৰ দৰে আমাৰ সমাজত সৃজনীশীল কামৰ প্ৰতি থকা আসক্তি সাধাৰণতে কম। বহুক্ষেত্ৰত আমাৰ নিচা আৰু পেচাই একেটা বিন্দুত সহাৱস্থান নকৰাটোও ইয়াৰ অন্যতম প্রধান কাৰণ। কিন্তু আমাৰ সমাজত এনে ব্যক্তি একেবাৰে নাই বুলি ক’ব নোৱাৰি৷ অৱশ্যে সংখ্যাত ই খুবেই কম। এই মুহূর্তত তেনে কিছু ব্যক্তিৰ নাম মোৰ মনলৈ আহিছে। তাৰ ভিতৰত প্রথমে মই প্রথিতযশা সাহিত্যিক হোমেন বৰগোহাঞি আৰু যোগেন্দ্ৰনাৰায়ণ ভূঞাৰ বিষয়ে অলপ ক’ব বিচাৰিম। দেহত পেচমেকাৰ স্থাপন কৰাৰ পাছত হোমেন বৰগোহাঞিদেৱক তেওঁৰ ডাত্তৰ বন্ধুকেইজনে কৈছিল-‘তেওঁক পেচমেকাৰৰ প্ৰয়োজন নহ’লহেঁতেন, যদিহে, তেওঁ জীৱনৰ বাকী থকা দিনকেইটা কোনো কাম-বন নকৰাকৈ শুই বহি থাকিব পাৰিলেহেঁতেন। কিন্তু কামেই জীৱনৰ সকলো শূন্যতা পূর্ণ কৰে বুলি বিশ্বাস কৰা সাহিত্যিকজনে কোনো কামৰ দায়িত্ব নোলোৱাকৈ শুই বহি দিন কটাব পাৰিলেহেঁতেন বুলি মই নাভাবোঁ। বৰগোহাঞিদেৱৰ লেখাসমূহ পঢ়িলে সহজে বুজিব পাৰি যে, তেওঁ লিখা প্ৰতিটো লেখা লিখিবলৈ, তেওঁ সাহিত্যৰ হাজাৰখন কিতাপ পঢ়ি তাৰ ৰস আৰু গভীৰতা পান কৰিছে। বৰগোহাঞিদেৱৰ দৰে অসমীয়া সমাজ-সাহিত্যৰ আন এগৰাকী নিৰৱিচ্ছিন্ন সাধক হ’ল যোগেন্দ্ৰনাৰায়ণ ভূঞা। বিশ্বকোষৰ ভাৰতীয় তথা অসমীয়া সংস্কৰণটো সম্পাদনা কৰাৰ সময়ত তেওঁ কেইবাটাও জটিল শাৰীৰিকক সমস্যাৰ সৈতে যুঁজি থকাৰ উপৰি স্পণ্ডিলাইটিছৰ দৰে বেদনাদায়ক যন্ত্রণাত ভূগি আছিল। বৰগোহাঞিদেৱে তেওঁৰে এটা লেখাত উল্লেখ কৰা অনুসৰি সেই নিদাৰণ যন্ত্রণাৰ সময়তো এবাৰো উস্ বুলি উচ্চাৰণ নকৰাকৈ যোগেন্দ্ৰনাৰায়ণ ভূঞাদেৱে বিশ্বকোষৰ সম্পাদনা কার্য অতি নিষ্ঠাৰে সম্পন্ন কৰিছিল। যোগেন্দ্ৰনাৰায়ণ ভূঞাৰ শাৰীৰিক যন্ত্রণাৰ বিষয়ে লিখি থাকো‍ঁতে মোৰ মনত পৰিছে বিশ্ববিখ্যাত তাত্বিক পদার্থবিজ্ঞানী তথা গণিতজ্ঞ ষ্টিফেন হকিঙৰ যন্ত্ৰণাদায়ক জীৱন কাহিনীৰ কথা। সৃজনীশীলতা কিদৰে জীয়াই থকাৰ অনুপ্ৰেৰণা তথা মহৌষধ হ’ব পাৰে, সেই কথা ষ্টিফেন হকিঙৰ জীৱন কাহিনী পঢ়িলেই সহজে অনুমেয়। মাত্র একৈশ বছৰ বয়সতে মগজুৰ নিয়ন্ত্রক স্নায়ুকোষৰ এক দূৰাৰোগ্য ব্যাধিত আক্ৰান্ত হকিঙে জীয়াই থকাৰ নিজৰ প্ৰবল ইচ্ছাশক্তিৰ বলত স্পিচ্চ ছিনথেছাইজাৰ সন্নিৱিষ্ট বিশেষ হুইল চেয়াৰৰ কম্পিউটাৰ ব’ৰ্ডত শৰীৰৰ একমাত্ৰ কার্যক্ষম অংগ হাতৰ আঙুলি দুটাৰেই কম্পিউটাৰৰ বুটাম টিপি উদ্ঘাটন কৰি গৈছিল বিশ্বব্ৰহ্মাণ্ডৰ এটাৰ পাছত এটা ৰহস্য। চিকিৎসকে তেওঁ মাত্র দুই বা তিনি বছৰ জীয়াই থাকিব বুলি কৈছিল; কিন্তু শক্তিশালী মন তথা দৃঢ়তাৰ প্ৰতীক কিংবদন্তি বিজ্ঞানী হকিঙে ইয়াৰ পাছতো ৫৪ বছৰ কাল জীয়াই থাকি আৱিষ্কাৰ কৰি গ’ল বিজ্ঞানৰ ন-ন তত্বৰ, যি আৱিষ্কাৰে তেওঁক পৰিগণিত কৰিলে বিজ্ঞান জগতৰ এক চমৎকাৰী সত্ত্বাৰূপে।

অসাধাৰণ মনৰ দৃঢ়তা তথা সৃজনীশীলতাৰ প্ৰতি থকা দুবাৰ অনুৰাগে শাৰীৰিক যন্ত্রণাকো কিদৰে পৰাস্ত কৰিব পাৰে, সেই কথা বুজিবলৈ ওপৰৰ উদাহৰণকেইটাই যথেষ্ট। চিচিল বি ডি মিলিৰ উল্লেখিত আপ্তবাক্যশাৰীৰ প্রাসঙ্গিকতাও এই উদাহৰণকেইটাৰ মাজতেই অন্তনির্হিত হৈ আছে। এতিয়া প্ৰশ্ন হয় সৃজনীশীলতা কি? ইয়াৰ সংজ্ঞা কিদৰে দিব পৰা যায়? সৃজনীশীলতাৰ আভিধানিক অর্থ – নতুন কিবা এটা জন্ম দিয়া, সৃষ্টি কৰিব পৰা গুণ বা ক্ষমতা, নির্মাণ বা উদ্ভাৱন কৰিব পৰা, প্রচলিতখিনিৰ মাজলৈই নতুন কিবা এটা কঢ়িয়াই অনা ইত্যাদি। কোনো ব্যত্তিয়ে নিজস্ব চিন্তা-ভাৱনাৰ আলোকেৰে কিবা এটা নতুন সৃষ্টি কৰাৰ অথবা কোনো এটা বিষয়ক নতুন নতুন তথ্য আৰু যুক্তিৰে উপস্থাপন কৰাৰ চিন্তাকে সৃজনীশীলতা বোলে। মূলতঃ ইয়াৰ অৰ্থ সৃষ্টি বিষয়ক আৰু ই সৃজনধর্মী মনৰ ব্যক্তিৰ কাৰ্যৰ লগত জড়িত। বিজ্ঞানৰ বিভিন্ন আৱিষ্কাৰ, গল্প, কবিতা, গীত আৰু উপন্যাসৰ ৰচনা, সংগীতৰ সৃষ্টি, চিত্ৰ নিৰ্মাণ,ডিজাইন, এনিমেশ্যন তৈয়াৰ কৰা ইত্যাদি একধৰণৰ সৃষ্টিশীলতা৷

আমি সকলোৱে বিশ্ববিখ্যাত চিত্রশিল্পী পাবলো পিকাছোৰ বিষয়ে জানো বা তেওঁৰ কীৰ্তিৰ বিষয়ে কেতিয়াবা হ’লেও কাৰোবাৰ মুখত শুনিছোঁ। বিংশ শতিকাৰ খ্যাতনামা স্পেইনৰ এই চিত্রশিল্পীগৰাকী তেখেতৰ চিত্ৰশৈলীৰ বিস্তৃত ভিন্নতাৰ বাবে পৰিচিত আছিল। ‘গোৱেৰ্নিকা’ তেখেতৰ দ্বাৰা অংকিত শতিকাটোৰ অন্যতম শ্রেষ্ঠ চিত্ৰৰ এখন। এই চিত্ৰখন চালে আপুনি মই সকলোৱে আজিও মন্ত্রমুগ্ধ হৈ যাওঁ। যোৱা শতিকাৰ যাঠী আৰু সত্তৰৰ দশকত খ্যাতনামা অসমৰ চিত্ৰশিল্পী নীলপৱন বৰুৱায়ো চিত্ৰশিল্পৰ এক বিশেষ শৈলীৰে চমক সৃষ্টি কৰিছিল। তেওঁ ‘চাৰমিনাৰ’ চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত কিছুমান ক্ষুদ্র ক্ষুদ্র চিত্র অংকণ কৰিছিল। এই দুয়োগৰাকী চিত্রশিল্পীৰ কৰ্মৰাজিয়ে অমৰত্ব পাইছিল একমাত্র তেখেতসকলৰ অনন্য সৃজনী শক্তিৰ বাবে। যোৱা শতিকাৰ আন এগৰাকী শ্রেষ্ঠ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ ভৰ শক্তিৰ সমীকৰণটোও আছিল তেখেতৰ অভূতপূর্ব সৃজনীশীলতাৰ অনুপম ফচল। আইনষ্টাইনৰ এই আপেক্ষিকতাবাদৰ তত্ত্বৰ পৰাই পৃথিৱীবাসীয়ে বস্তুৰ ভৰ আৰু শক্তিৰ মাজৰ পাৰস্পৰিক সম্পৰ্কটো বুজি উঠিছিল। এই সূত্ৰই পৰৱৰ্তী সময়ত বিগ বেং তত্ত্বকে ধৰি বিজ্ঞানৰ আন যুগান্তকাৰী অনুসন্ধানত এক নতুন দিগন্তৰ সূচনা কৰিছিল।

প্ৰশ্ন হয়, পাবলো পিকাছো, নীলপৱন বৰুৱা অথবা এলবাৰ্ট আইনষ্টাইনৰ দৰে আমাৰ মনটোক সৃজনীশীল কৰিবলৈ প্ৰশিক্ষিত কৰিব পাৰি নেকি? গৱেষকসকলৰ মতে, সৃজনীশীলতা জন্মসূত্রে লাভ কৰা কোনো বিশেষ দক্ষতা নহয়। ধাৰাবাহিক অনুশীলন আৰু চেষ্টাৰ জৰিয়তে সৃজনীশীল শক্তিক উদ্ভাসিত কৰিব পাৰি। প্ৰকৃততে, সৃজনীশীলতা মানুহৰ অন্তর্নিহিত গুণৰ মাজৰ অন্যতম এটা গুণ। কম বেছি পৰিমাণে প্ৰতিজন মানুহৰ দেহত সৃজনীশীলতাৰ বীজ থাকে। কিন্তু প্ৰতিজনৰ ক্ষেত্ৰত ই বিকশিত নহয়। কেতিয়াবা ই অপ্রকাশিত হৈ থাকে৷ ই অপ্রকাশিত হৈ থকাৰ অন্যতম প্রধান কাৰণ, শিশু অৱস্থাত অনুকূল পৰিৱেশৰ অভাৱ অথবা পাৰদৰ্শী জ্যেষ্ঠজনৰ অনুপস্থিতি। অর্থাৎ, ইয়াৰ আন এক অর্থ হ’ল, এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ মনৰ মাজত সৃজনীশীলতাক উদ্ভাসিত কৰিব পাৰে। যিদৰে বীজ এটাক অংকুৰিত কৰি এজোপা ফলদায়ক গছ কৰি তুলিবলৈ প্রয়োজন উর্বৰা মাটি আৰু পানীৰ, ঠিক সেইদৰে ব্যক্তিৰ মাজত থকা সৃজন ক্ষমতাক বিকশিত কৰিবলৈ প্ৰয়োজন অনুকূল পৰিৱেশৰ। ইংৰাজীত যাক কোৱা হয় ফ্যাসিলিটেশ্যন, অসমীয়াত সহায়তা।

ফ্যাসিলিটেশ্যন শব্দটো লিখি থাকোতে হঠাৎ মিছাইল মানৱখ্যাত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামে কোৱা এষাৰ কথা মনলৈ আহিছে। তেওঁ কৈছিল – “In the present context, the Education System has to be designed to see that we generate a large number of employment generators and not employment seekers.” আনহাতে, প্রতিজন শিশুক ভৱিষ্যতে এজন Entrepreneur হিচাপে গঢ়িবলৈ হ’লে শিশুৰ সৃজনধর্মী মনটোক উদ্ভাসিত কৰিবই লাগিব। সৌভাগ্যৰ কথা যে, কালামদেৱৰ এইকথাষাৰৰ মহত্ত্ব ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্রী মোদীয়ে অন্তৰ্কৰণেৰে উপলব্ধি কৰিছিল। সেইবাবেই হয়তো প্রধানমন্ত্রী মোদীয়ে দেশত যুৱচামৰ মাজত কৌশল বৃদ্ধিৰ উদ্দেশ্যেৰে ২০১৪ চনৰ ৯ নৱেম্বৰ তাৰিখে Ministry of Skill Development and Entrepreneurship নামেৰে এটা নতুন বিভাগ পোন প্ৰথমবাৰৰ বাবে খুলিছিল আৰু এই বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব দিছিল সেইসময়ৰ ৰাজ্যিক কেন্দ্রীয় মন্ত্রী তথা অসমৰ পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

কিন্তু, ইয়াৰ পাছতো বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈ আহিছে যে, আমাৰ প্ৰচলিত শিক্ষা ব্যৱস্থাই নৱপ্ৰজন্মক এজন Entrepreneur হিচাপে গঢ় দিয়াত ব্যৰ্থ হৈছে। অভিযোগ অনুসৰি আমাৰ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীৰ দক্ষতা আৰু প্ৰতিভাক চিনাক্ত কৰি পথ প্ৰদৰ্শন কৰাত এতিয়াও সমর্থৱান হোৱা নাই। এয়া অধিকাংশ চিন্তাবিদ, শিক্ষাবিদৰ মত। অৱশ্যে ইয়াৰ প্ৰকৃত কাৰণ বিশ্লেষণ কৰিবলৈ হ’লে বিভিন্ন দিশৰ ওপৰত ব্যাপক অধ্যয়নৰ প্ৰয়োজন হ’ব। কিন্তু সততে আমাৰ মাজত হৈ থকা আলোচনাবোৰত শিক্ষক সমাজৰ পঢ়োৱাৰ ধৰণ বা প্ৰক্ৰিয়াৰ ওপৰতে অধিকাংশ চিন্তাবিদ, শিশু মনোবিজ্ঞানী বা বিশ্লেষকে প্রশ্ন উত্থাপন কৰে। তেওঁলোকৰ মত অনুসৰি, কম বেছি পৰিমাণে বহু শিক্ষকে ছাত্র-ছাত্রীক বিষয়টোৰ ওপৰত ব্যুৎপত্তি বৃদ্ধি কৰাৰ পৰিৱৰ্তে, যন্ত্ৰৰ দৰে জ্ঞান প্ৰদান কৰাৰ ফলত (ইংৰাজীত যাক Mechanical Teaching বুলি কোৱা হয়) এনে বিসংগতি হোৱা দেখা যায়। প্রকৃততে, নম্বৰকেন্দ্ৰিক শিক্ষা-ব্যৱস্থাই ইয়াৰ বাবে প্রধানতঃ দায়ী। কিন্তু, শিক্ষকৰ অধ্যয়ন স্পৃহা আৰু বিষয় এটাৰ অন্তৰ্গত কোনো ধাৰণাৰ গভীৰতম জ্ঞানবোধ আৰু প্ৰয়োগৰ কৌশলৰ অভাৱ, অজ্ঞতাই—দ্বিতীয় প্রধান তথা প্রকৃত কাৰণ। যাৰ ফলত, ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকজনৰ পৰা প্ৰয়োজনীয় ফ্যাসিলিটেশ্যন পাবলৈ অসমর্থ হয়। অর্থাৎ, অঞ্চলবিশেষে পাৰদৰ্শী শিক্ষকৰ অভাৱে ইয়াৰ মূল কাৰণ। গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষাৰ ক্ষেত্ৰত ই আৰু অধিক পয়ালগা, দুখজনক। যাৰ বাবে, শিক্ষাৰ্থীৰ ভিন্নমুখী চিন্তাৰ দুৱাৰ মুকলি নহয়। প্রকৃততে, শিক্ষার্থীক ভিন্নমুখী চিন্তাৰ অৱকাশ প্ৰদান কৰি; যুক্তি আৰু কল্পনা শক্তিৰ সঠিক প্রয়োগেৰে নতুন ধাৰণা, চিন্তা আৰু তত্ত্ব আৱিষ্কাৰৰ বাবে আগবঢ়াই নিয়াই ফ্যাসিলিটেশ্যনৰ মূল উদ্দেশ্য। সেয়ে, শিশুৰ সৃজনীশীলতাৰ বিকাশত আনুষ্ঠানিক শিক্ষা আৰু শিক্ষকৰ ভূমিকা গুৰুত্বপূর্ণ। অর্থাৎ, সৃজনীশীলতাৰ সৈতে ধাৰাবাহিক শিক্ষাৰ এক ওতঃপ্রোত সম্পর্ক আছে। সেয়ে, এগৰাকী শিশুৰ সৃজনধর্মী মনটোক আগবঢ়াই নিবলৈ সৃজনীশীল শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তা অনস্বীকার্য। শিক্ষা ব্যৱস্থাক সৃজনীশীল কৰিবলৈ লগতে শিক্ষার্থীক আগ্রহী আৰু অনুপ্রাণিত কৰিবলৈ প্রচলিত শিক্ষা ব্যৱস্থাৰ সৈতে বিদ্যালয়-মহাবিদ্যালয়সমূহে সৃজনীমূলক,মৌলিক চিন্তাক উৎসাহিত কৰা শিক্ষাক অগ্ৰাধিকাৰ দিয়া উচিত৷

বর্তমান সময়ত শিক্ষাত যি নৱতম ধাৰাৰ সৃষ্টি হৈছে অথবা প্রযুক্তিয়ে যিধৰণে শিক্ষাৰ আদান-প্রদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, সেই ধাৰাৰ সৈতে আমাৰ শিক্ষকসমাজ একাত্ম হৈ প্ৰযুক্তিৰ ন-ন কৌশলৰ ব্যৱহাৰৰ মাজেৰে শিশুৰ মনটোক সৃজনশীল কৰি তুলিবলৈ যত্নপৰ হ’ব লাগিব। তেহে, অসমৰ ভৱিষ্যত প্রজন্মক সঠিক দিশত আগবঢ়াই নিয়াত শিক্ষা সফলকামী হ’ব। এতিয়াও আমি বাঞ্চিত লক্ষ্যৰ পৰা বহু নিলগত। বিজ্ঞানৰ মৌলিক বিষয়সমূহৰ অধ্যয়নৰ ক্ষেত্ৰত আমি এতিয়াও যুৱচামক সঠিকভাৱে উৎসাহিত কৰিব পৰা নাই অথবা এইক্ষেত্ৰত আমাৰ যুৱচামৰ আগ্ৰহ নিৰাশাজনক। এক কথাত ক’বলৈ হ’লে সাম্প্ৰতিক সময়ত অসমৰ বিজ্ঞান শিক্ষাই এক হতাশাগ্রস্ত সময় পাৰ কৰি আছে। ইয়াৰ বাবে চৰকাৰে প্রচলিত শিক্ষা-ব্যৱস্থা আৰু শিক্ষা-নীতিত পৰিৱর্তন সাধিবই লাগিব। নতুন শিক্ষানীতিয়ে এইক্ষেত্ৰত কিমান দূৰ সফলকামী হয়, সেয়া লক্ষণীয় হ’ব। ইয়াৰোপৰি, প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰতো শিক্ষকসকলক উপযুক্ত প্রশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ বাবে এক সু-পৰিকল্পিত আঁচনিৰ প্ৰয়োজন হ’ব। এয়া সময়ৰ আহ্বান।
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *