ফটাঢোল

লিমাৰিক- স্বপ্নালী কলিতা

১/

ভঁৰালত লিমাৰিক সাঁচতীয়া নাই

ভাবিগুণি অতপৰে হাবাথুৰি খাই

আহি আছোঁ বাটে বাটে 

কিনো হ’ব সাতে পাঁচে

ৰঙামাটি গুৱাহাটী যিয়ে হয় হায়।

২/

কৰ’ণা বাইদেউৰ লুকাভাকু খেল 

ইলেক্‌চন আহিলে নামাৰেহি মেল  

ক’তনো সোমাই থাকে

কাকত টিভিতো নাহে 

হায় বিধি আমাকেই সজালেহি বেল।

৩/

বৰুৱাৰ ফেমিলি ফুৰিবলে ওলাল 

লাগেজ-পাতিৰে ভৰিলে গোটেই চোতাল

গাড়ীয়ে বুলিলে হায়

মানুহনে লাগেজ যায়

কথা দেখি বৰুৱাৰ  মূৰেই ঘূৰাল।

 

৪/

কণমায়ে ভাল পাই ভজা পুঠিমাছ

খালে মনে মনে নুগুণিলে আগ-পাছ

ঘনেপতি অহা যোৱা

ৰাতিটো নহ’ল শোৱা

ককাই-ভনীহঁতে কৰিলে ফুচ্‌-ফাচ্‌।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *