ভাগ্যৱান – চন্দামিতা শৰ্মা
গভীৰ নিদ্ৰাত থকাৰ পিছত আচম্বিতে ভূইকঁপৰ জোকাৰণি খালে যেনেকুৱা অৱস্থা হয়, এক বিকট যান্ত্ৰিক শব্দত মোৰ আৰু মই কাম কৰা পশু চিকিৎসালয়খনৰ আন কৰ্মচাৰীবৃন্দৰো সেই একে অৱস্থাই হ’ল।
সৰুতে ভয় খালে মায়ে থু-থুৱাই দিছিল, আজিও তাকে কৰিলোঁ। চাৰিওফালে চালোঁ।
বাকী দুই এজনেও তেনে নকৰা নহয়।
: হয়, হয়। চাৰ, সেইজনেই হয়।
ডেকাই বাহিৰৰ পিনে চাই মুখত এক বিৰক্তিভৰা অভিব্যক্তিৰে চালে।
: সেইজনেই মানে? কোনজননো? আচৰিত হৈ সুধিলোঁ।
: কিয় সেই যে ৰজাৰ পুতেকজন, ৰাজকুমাৰ।
মিচিকিয়া হাঁহি এটা বিৰিঙাই ডেকাই লাহেকৈ ক’লে।
হয়, মনত পৰিছে। একদম সঠিককৈ মনত পৰিছে। কিছুদিন আগতে ‘ভেলেণ্টাইন দে’ ক জাতীয় উৎসৱ হিচাপে পালন কৰিবৰ বাবে চান্দা সংগ্ৰহ কৰিবলৈ আহিছিল। অফিচত সদলবলে সোমায়ে যে কৈছিল “হ্যাই আই এম ৰাজকুমাৰ।”।
আৰু কি কি কৈছিল সেয়া মনত পেলাবলৈ মই প্ৰমস্তিকত আৰু অলপ জোৰ দিম বুলি ভাবোঁতেই ল’ৰাজন অফিচৰে কৰ্মচাৰী ৰাজবংশীৰ লগত আহি মোৰ কোঠালীত প্ৰৱেশ কৰিলে।
: চাৰ আপোনাক বিচাৰি আহিছে।
ৰাজবংশীয়ে মোৰ ফালে চাই কথাষাৰ ক’লে।
ভয়ে ভয়ে ল’ৰাজনৰ শৰীৰটোলৈ চালোঁ।
বাপৰে কি চেহেৰা ! চিক্স পেক্ নে কি কয়, একদম সেই লেখীয়াই। সঁচাকৈয়ে ৰাজপ্ৰসাদৰ হাৱা-পানী খাই গঢ় লোৱা চেহেৰা। নহ’বনো কিয় আফটাৰ অল ৰজাৰ ল’ৰা।
এশটকীয়া দৰত দালি কিনি সপ্তাহটোলৈ হিচাপ কৰি, হালধি মিহলোৱা পানীৰ দৰে দাইল খোৱা সাধাৰণ প্ৰজাৰ ল’ৰাৰ দৰে হ’ব নেকি!
চাবি এপাট ঘূৰাই ঘূৰাই আমাৰ অফিচলৈ সোমাই অহা ল’ৰাটোলৈ চালোঁ।
দেহত লিপিট খাই থকা ৰঙা টিকটিকীয়া টি-চাৰ্ট এটা।
“ৱান্না কিল ইউ?” পিন্ধি থকা টি-চাৰ্টটোত খোদিত কথাষাৰ একেবাৰে ছয় ইঞ্চি বহল বুকুখনত জলজল পটপটকৈ জিলিকি আছে।
অলপ ভয় খালোঁ। আজি বা কি “জাতীয় উৎসৱ” পালনৰ বাবে সহযোগিতা বিচাৰি আহিছে?
হঠাতে “তেখেত’ৰ পিছে পিছে খাওঁ খাওঁ মূৰ্ত্তি ধৰি প্ৰৱেশ কৰা কুকুৰ দুটাক দেখি কলিজা কঁপি উঠিল।
বাপৰে কি চেহেৰা !
ঠিক ঠিক, ৰজাঘৰীয়া কুকুৰ।
আমাৰ দৰে সাধাৰণ মানুহৰ ঘৰত থকা ফপৰা কুকুৰটো নহয়।
হ’বই এনেকুৱা চিৰি-চেহেৰাৰ।
ল’ৰাজন আহি মোৰ টেবুলৰ সন্মুখত থকা প্লাষ্টিকৰ চকীখনত বহিল।
“জীৱন ভৰ কা সাথ দেনে কা ৱাদা” কৰা চকীখন কেৰমেৰাই উঠিল।
: কিবা লাগিলে মাতিব চাৰ।
বুলি কৈ ৰাজবংশী লাহেকৈ কোঠাৰ পৰা বাহিৰ ওলাল।
কেৰমেৰাই উঠা চকীখনত গাটো এইবাৰ 45 ডিগ্ৰী কোণ কৰি গলগলীয়া মাতেৰে সুধিলে,
: টম্-ক্ৰুজক অলপ চেক আপ কৰিব লাগিছিল।
: টম ক্ৰুজক?
মই ইফালে সিফালে চালোঁ, কোঠাটোত সুবিধা পালেই নেফানেফ কৰিবলৈ সাজু হৈ থকা কুকুৰ দুটা, সেই দুটাক শৰীৰৰ সমস্ত শক্তিৰে কিবাকৈ চম্ভালি থকা ফাপৰে খোৱা চেহেৰাৰ মানুহজন আৰু খোদ ল’ৰাজন।
তেন্তে?
মই জনাত টম ক্ৰুজটো হলীউদৰ এখন প্ৰখ্যাত অভিনেতা।তেখেত কিবাকৈ এই অসম মুলুকত বিৰাজমান হ’ল নেকি ?
কিন্তু তেনেকুৱা হ’লেচোন আজি এমাহ আগৰ পৰা নিউজ চেনেলত এখন যুদ্ধকালীন প্ৰস্তুতিৰ বিষয়ে গম পোৱা গ’লহেঁতেন।
ডিঙিৰ শিৰ ফুলাই ফুলাই গ্ৰাউণ্ড জিৰো ৰিপোৰ্টিত এক্সপাৰ্ট সাংবাদিক কেইজনমানৰ কৃপাত(?) চেণ্ট্ৰেল নাৰ্ভাছ চিষ্টেমৰ বিজুতি ঘটি ইতিমধ্যে অসমৰ সেই বিখ্যাত চিকিৎসালয়খনত ভৰ্তি হ’ব লাগিলহেতেন য’ত একো ন’হলেও ‘মেনেজ’ কৰি আইচিউ-ত থাকিব পাৰি!
কিমান যে টক শ্ব’ চাব পাৰিলোহেঁতেন!
এনেয়ে এইকেইদিন মুখ্যত: ক’ৰ ছোৱালী ক’লৈ পলাই গ’ল, তেনেকুৱা টকা শ্ব’ ট্ৰেণ্ডত আছে।
তাতে আকৌ চকুচৰহাকেইটামানৰ আপত্তি !
লগে লগে বুকুখন দুই ইঞ্চি ফুলি গ’ল।
টম ক্ৰুজ আহিব মোক লগ ধৰিবলৈ!
পিছে উৰহী গছৰ ওৰ বিছাৰি পাবলৈ বেছি পৰ নালাগিল। হাতত বজাৰৰ আটাইতকৈ নামী আৰু দামী স্মাৰ্টফোনটো এক বিশেষ কায়দাৰে নচুৱাই নচুৱাই থকা তেওঁৰ পৰা গম পালোঁ টম ক্ৰুজ মানে সেই বিখ্যাত অভিনেতাজনৰ কথা তেওঁ কোৱা নাছিল। মোৰ সম্মুখত বিৰাজমান সেই বাঘৰলেখীয়া কুকুৰ দুটাৰ নামহে টম আৰু ক্ৰুজ।
ছিৰিবিষ্টু, ছিৰিবিষ্টু!
: ইয়াতচোন বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ নেমপ্লেট লগোৱা নাই?
ল’ৰাজনে চিধাচিধিকৈ সোধা প্ৰশ্নত থতমত খালোঁ।
: বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ মানে? এইখনটো…
মোৰ মুখৰ কথা শেষ হ’বলৈ নিদিলেই ল’ৰাজনে তৎক্ষনাত কৈ উঠিল,
: আই ন’ এইখন ভেটেনেৰী হস্পিতাল। বাট্, ইহঁত দুটাৰ বাবে বেলেগে বেলেগে চেক আপ্ কৰিব লাগিছিল।
: মানে বুজি নাপালোঁ?
: ইয়াত বুজি নাপাবলগীয়া একো কথাই নাই। এক্সুৱেলি টমৰ মাতটো আই মিন ভুকভুকনিটো এই কেইদিনমান ধৰি অলপ কম হোৱা যেন ফিল হৈছে। ক্ৰুজৰ আকৌ এইকেইদিনত লেলাৱতি বৰ বেছিকৈ ওলাইছে। সেয়ে ভাবিলোঁ দুয়োটাৰে হাৰ্ট, ষ্ট্’মাক আদিৰো ভালকৈ চেক আপ কৰি লওঁ। দুয়োটাই কেইদিনমানৰ পৰা খালী মাংসহে খাব বিচাৰে। চ’ ভাবিলোঁ দুয়োটাৰে ডিটেইল চেক-আপ এটা কৰি লওঁ।
সিদিনা ৰাজকুমাৰীয়ে খাটি খোৱা শ্ৰমিককেইজনক মহতিয়াই নিওঁতে যিমান উচপ খাই উঠিছিলোঁ এতিয়াও সিমানেই উচপ খাই উঠিলোঁ।
মই কিবা ক’বলৈ মুখখন মেলিবলৈ লওঁতে ল’ৰাজনে পুনৰ কৈ উঠিল,
: এনেয়ে মই ইহঁতক আমাৰ হোম ডাক্তৰৰ চেম্বাৰত দেখুৱাওঁ। বাট্ এইকেইদিন তেওঁলোক আউট অব্ ষ্টেচন। ডে আৰ্ বিজি উইথ ইন এ কনফাৰেঞ্চ।
ঠিক ঠিক তেনেকুৱা ডাক্তৰবিলাকটো মাজে মাজে কনফাৰেঞ্চত বিজি থাকিবই!
ল’ৰাজনলৈহে বেয়া লাগিল।
বেচেৰাই ইমান কষ্ট কৰি এইহেন চৰকাৰী চিকিৎসালয়লৈ আহিব লগা হৈছে।
: পিচে আজি ইয়ালৈ যে?
কোনোমতে সুধিলোঁ।
: ও ইয়েচ। পাপাই ক’লে আজিকালি হেনো আমাৰ দৰে মানুহৰ বাবে চৰকাৰী সুবিধা বহুত তাতে আকৌ আজি এটা বৰ দৰকাৰী কাম আছে। চ’…।
: দৰকাৰী কাম?
বুকুখন চিৰিংকৈ গ’ল।
যোৱাবাৰৰ দৰে সেই ‘দৰকাৰী’ কাম নহ’লেই হ’ল।
পিচে ‘আমাৰ’ দৰে বুলি কি বুজাব খুজিলে তাকেহে নুবুজিলোঁ।
মোৰ প্ৰশ্নবোধক চাৱনিতে বুজি গ’ল মোৰ মনৰ কথা।
: আমাৰ দৰে মানে বি পি এলখিনিৰ।
: বি পি এল?
বুকুৰ বাঢ়ি অহা ধপধপনিটো “মুন্নাভাই এমবিবিএছ” ৰ ডাঃ জে চি আস্থানাৰ দৰে হাঃ হাঃকৈ হাঁহি কমাব খুজিয়ো ৰৈ দিলোঁ।
নাই, এয়া সঠিক সময় নহয়, এইবোৰ কামৰ বাবে।
এতিয়া এই ৰাজকুমাৰজন কেনেকৈনো “বি পি এল” ৰ শাৰীত পৰিল তাক উদ্ঘাটন কৰাৰহে সময়।
সুধোঁ-নুসুধোঁকৈ ঘৰ ক’ত সুধিলোঁ।
এখন ভৰি পাক মাৰি আনখন ভৰিৰ ওপৰত উঠাই ক’লে,
: এক্সুৱেলি মই বেলতলাৰ ফ্লেটত থাকোঁ, ভণ্টি থাকে গণেশগুৰিৰ ফ্লেটত। ভাইটি পিচে ডেল্হীৰ আমাৰ ফ্লেটটোত থাকে। মা আৰু দেউতা মাজে মাজে জালুকবাৰীৰ ফ্লেটত থাকে যদিও এট্ প্ৰেজেন্ট গাঁওৰ ঘৰত। ইউ ন’ সকলোকে প্ৰাইভেট স্পেচ লাগে ত’।
: হয় হয়। নিশ্চয় লাগে।
পিচে টম আৰু ক্ৰুজ ক’ত থাকে সেয়া নুসুধিলোঁ।
ইতিমধ্যে ডেকা আৰু তালুকদাৰক চম্ভালিব আৰু ক্ৰুজৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগে লগে “ৰাজকুমাৰ” একেবাৰে বিছাই ডকা মানুহৰ দৰে জাঁপ মাৰি উঠিল।
: ন’ ন’। আই ডণ্ট ৱাণ্ট টু টে’ক এনি ৰিস্ক। পাপাৰ কথামতেহে মই ইয়ালৈ আহিছোঁ। আই অনলি বিলিভ অনলি অন দ্যা ডক্টৰ নট দ্যা আদাৰছ।
উজাই অহা খঙটো কোনোমতে দমাই গহীন মাতেৰে ক’লোঁ,
: চিন্তা কৰিবলগীয়া একো নাই। মই নামৰ আগত ডাঃ লিখিলেও, এখেতসকল ব্যৱহাৰিক ক্ষেত্ৰত মোতকৈ ওপৰত।
অলপ আশ্বস্ত হোৱা যেন দেখিলোঁ।
আচলতে মই বাকীবোৰ বাদ দি “ৰাজকুমাৰ” কেনেকৈ বি পি এল হ’ল তাৰ আঁৰৰ ৰহস্য জনাতহে মনে মনে আগ্ৰহ দেখুৱালোঁ।
: পিচে আৰু এটা বেলেগ কাম থকা বুলি কোৱা যেন পাইছিলোঁ। কি কামনো?
: অ ইয়াহ। মানে এই যে লাখ লাখ নিবনুৱাক চাকৰি দিব, সেয়ে পাপাই ক’লে ময়ো হেনো এপ্লাই কৰিব লাগে। আই মিন গৱৰ্ণমেণ্ট জব কৰিব লাগে। বাট মোৰ এনেকুৱা জব কৰিব মন নাছিল, আফটাৰ অল্ মোৰ নিডতকৈ চেলাৰী অলপ কমটো। বাট পাপাৰ মতে তেনেকুৱা জব হেনো গ’ল্ডেন এগ লায়িং কৰা ডাকৰ দৰে। চ’ এখন এন ছি এল লাগে।
“গোল্ডন এগ লায়িং? এন ছি এল …”
কোনোদিনে শুনি নোপোৱা শব্দই ভিৰ কৰিলেহে মূৰত।
ছেঃ নিজৰ ওপৰতে ধিক্কাৰ জন্মিল।
এই যে মাজে-সময়ে কাকত-আলোচনীত নামটো প্ৰকাশ হয় সেইবোৰৰ আচলতে একো মূল্য নাই, নহ’লেনো এই সৱ শব্দৰ অৰ্থ বুজি নাপাওঁনে?
যিহেতু লাওখোলাই ঢুকি নাপালে গতিকে ‘ৰাজকুমাৰ’ ৰ শৰণাপন্ন হ’লোঁ।
ভাগ্য ভাল, মোক সুন্দৰকৈ বুজাই দিলে।
গ’ল্ডেন এগ লায়িং মানে সোণৰ কণী পৰা!
ছিৰিবিষ্টু!
আজিৰ যুগৰ হৈয়ো হিংলিছমীয়া বুজি নাপাওঁ, বৰ লাজৰ কথা মোৰ বাবে।
: আৰু এন ছি এল মানে?
: নন্ কৃমি লেয়াৰ, ৰাজকুমাৰে তপৰাই মাত দিলে।
: কৃমি মানে পেলু!
: ন’ ন ‘ এইখন এখন এনে চাৰ্টিফিকেট যিখন ল’ ইনকাম গ্ৰুপৰ পিপলবোৰেহে পায়।
: বুজিলোঁ।
লগাতকৈ বেছি ভালকৈ বুজিলোঁ। তাৰমানে এইখনৰ মতে ‘ৰাজকুমাৰ’জন দুখীয়া।
অলপ বয়সো হ’ব ধৰিছে, প্ৰেছবায়’পিয়া হ’ল নেকি?
চকুদুটা মোহাৰি লৈ পুনৰ চালোঁ।
তাৰমানে মই ভবাৰ দৰে ‘এখেত’ ধনী নহয়, একেবাৰে দাল-দৰিদ্ৰ ।
: তাৰমানে এইখন আপুনি…
চশমাযোৰ এবাৰ খুলি পুনৰ পিন্ধি লৈ সুধিলোঁ।
: ইয়েছ, ইয়েছ। লগৰবোৰতকৈ এটা এক্সটা সুবিধা পাইছোঁ। উই আৰ ছ’ লাকী। ত’… এভেইলটো কৰিমেই ন’?
: হয়, একেবাৰে সঠিক কথা। পিচে মই এতিয়া কি কৰিব লাগে?
: অ ইয়েছ। আপুনি চহী এটা কৰক। মিনছ চাৰ্টিফাইড কৰক।
মনতে ভাবিলোঁ কুকুৰৰ নামত দিনে হাজাৰ টকা খৰচ কৰা মানুহ, দুখীয়া নহৈ পাৰেনে?
আচলতে ‘এখেত’ সকলৰ দৰে কম(?) উপাৰ্জনৰ লোকসকলে যাতে ৰজাঘৰীয়া “ক্ৰীম” খাব পাৰে সেয়েহে এই ব্যৱস্থা।
ইতিমধ্যে টম- ক্ৰুজৰ গো-গোৱনিৰে গোটেই অফিচটো মুখৰিত হৈ পৰিছে।
চহী কৰিবলৈ চাৰ্টৰ জেপত কলমটো খেপিয়ালোঁ।
টম ক্ৰুজৰ মাংস খাবলৈ মন যোৱাৰ আগেয়ে !
☆ ★ ☆ ★ ☆
11:11 am
অতি উন্নত মানৰ।অতি ৰসাল উপস্হাপন ।