চোৰৰ বিলৈ-অৰবিন্দ গোস্বামী
আন্ধাৰত দুয়োখন পিঠিয়ে খুন্দা মৰাৰ ফলত দুয়ো উচপ খাই উঠিল। দুয়োৱে তৎক্ষণাৎ ঘূৰি চালে। এজনক দেখি আনজনে আকৌ দুজাপকৈ মাৰিলে। ইয়াৰ পিছত এটা ছাঁয়ামূৰ্ত্তিয়ে আনটো ছাঁয়ামূৰ্ত্তিক টানি বাৰীৰ এচুকলৈ লৈ গ’ল।
প্ৰথম ছাঁয়ামূৰ্ত্তি : তই কিয় আহিছ ইয়ালৈ?
দ্বিতীয় ছাঁয়ামূৰ্ত্তি : চা ভাই, মই আজি চোৰ কৰিবলৈ অহা নাই। অনামিকাক এবাৰ চাই যাওঁ বুলি আহিলোঁ।
প্ৰথম ছাঁয়ামূৰ্ত্তি : বলিয়া হ’লি নেকি তই? চোৰৰ ছোৱালীৰ লগত কি কথা থাকিব পাৰে?
দ্বিতীয় ছাঁয়ামূৰ্ত্তি : কি কৰিবি ভাই, প্ৰেমত পৰিছোঁ। এতিয়া মই তেজ মঙহৰ মানুহ অনামিকাকহে চোৰ কৰিম।
প্ৰথম ছাঁয়ামূৰ্ত্তি : তেনেকৈ নক’বি। অনামিকা মোৰ। বহুত ভাল পাওঁ তাইক।
এই কথা শুনি দ্বিতীয় ছাঁয়ামূৰ্ত্তিটোেৱে কাষতে থকা হেন্দালিখনত ওলমি থকা জাতিলাউ এটাতে মূৰটো থেতালি থেতালি চিঞৰি উঠিল –
: হে ভগৱান! এই শনিটোৱে মোৰ গাত কেতিয়া লম্ভিবলৈ এৰিব!
এনেতে কোনোবাই ‘চোৰ চোৰ’ বুলি চিঞৰে। দুয়োটা ছাঁয়ামূৰ্ত্তি উধাতু খাই জেওৰাৰ ওপৰেৰে জঁপিয়াই লৰ দিলে। দ্বিতীয় ছাঁয়ামূৰ্ত্তিটোৰ ভৰি জেওৰাখনৰ একেবাৰে ওপৰ অংশত লাগি ৰাতিৰ নিস্তব্ধতা ভেদ কৰি মেৰেককৈ ভাগি থাকিল। হামখুৰি খাই পৰা ছাঁয়ামূৰ্ত্তিটো বাগৰি পৰিও অাকৌ উঠি পুনৰ প্ৰাণেপ্ৰণে দৌৰিবলৈ ধৰিলে।
ছাঁয়ামূৰ্ত্তি দুটা আন কোনো নাছিল, সিহঁত আছিল সেই অঞ্চলৰ দুটা প্ৰখ্যাত চোৰ। প্ৰথম ছাঁয়ামূৰ্ত্তিৰ নাম আছিল হিমু আৰু দ্বিতীয় ছাঁয়ামূৰ্ত্তিৰ নাম দেবু। আচলতে দেবুৰ অনামিকাৰ সৈতে প্ৰেমো হৈছিল আৰু অনামিকাও দেবুৰ সৈতে পলাই যাবলৈ ৰাজী আছিল। পিছে হিমু থাৰ্ড পাৰ্টিহে। হিমুৱে আকৌ মনে মনে অনামিকাক ভাল পাইছিল, যিটো কথা অনামিকাই জনাই নাছিল।
দুয়োটা চোৰ হ’লেও দুয়োটাৰে এটা গৌৰৱ কৰিবলগা বিষয়ো আছিল। সিহঁতে চোৰ কৰি কেতিয়াও কোনোদিন ক’তো ধৰা পৰা নাছিল।
এই ঘটনাৰ পিছত এদিন দুয়োৱে দুয়োকে আকৌ দিন দুপৰতে লগ পালে। এইবাৰ দুয়োৰে মাজত তুমুল তৰ্ক চলিল। দেবুৱে অনামিকাই তাক ভাল পোৱাৰ প্ৰমাণ হিচাপে তালৈ বুলি লিখা চিঠি পত্ৰবোৰো দেখুৱালে। পিছে হিমু নাচোৰবান্দা। হিমুৱে নামানে। হিমুৰ মতে চিঠিৰ আখৰবোৰ অনামিকাৰ নহয়েই। চোৰ হ’লেও দুয়োৱে কাম চলাই দিব পৰাকৈ লিখা পঢ়া জানিছিল। সিদিনাৰ তৰ্কৰ শেষত এটাই সিদ্ধান্ত হ’ল। জ’ জিতা ৱহী চিকণ্ডৰ।
বচ! দুয়ো চোৰৰ বাজী লাগিল যে যি অনামিকাক পতাই পলুৱাই নিব, সিয়েই অনামিকাৰ পতি পৰমেশ্বৰ হ’ব।
কথা মতেই কাম। পিছে দেবুৰ বাবে কামটো বৰ জটিল নাছিল। হিমুৱেও বুজি পাইছিল যে দেবুৰ কথাত দম আছে। সেয়ে হিমুৱে সেই ৰাতিয়েই অনামিকাক শোৱাপাটীৰপৰাই উঠাই নিয়াৰ পৰিকল্পনা কৰিলে। ইফালে দেবুৱে ভাবিলে যে হিমু তাৰ বাবে যিহেতু শনি, গতিকে শনিৰ প্ৰতিকাৰৰ বাবে সি কৰ্মযজ্ঞ কৰিবই লাগিব আৰু সেই কৰ্মযজ্ঞ হ’ল অনামিকা হৰণ।
দেবুৱে অনামিকাক সিদিনা ভৰ দুপৰীয়া সিহঁতৰ বাৰীৰ চুকৰ আমজোপাৰ তলতে লগ কৰি গোটেই কথাখিনি ভাঙি ক’লে। লগ কৰোঁতে অৱশ্যে সি সদায় বৰ ভয় খায়। নিজৰ বাবে নহয়, অনামিকাৰ বাবে। তাই দেবুক ভাল পোৱাৰ কথা গম পালে ঘৰৰ মানুহে তাইক নচচা শূলত দিব। দেবু চোৰ বুলি তায়ো জানিছিল। পিছে দেবুৰ যিহে শশী কাপুৰহেন চেহেৰা, প্ৰেমত নপৰি পাৰেনে! শেষত যেনিবা অনামিকাই ক’লে যে তাই ৰাতি ঘৰৰ মানুহে ভাত পানী খাই শোৱাৰ পিছত সিহঁতৰ পিছফালৰ ছাগলীৰ গঁড়ালত লুকাই থাকিব। দেবুৱে গঁড়ালৰ দৰ্জাখন খুলিলেই তাইক লগ পাই যাব।
সেইদিনা ৰাতি ঘৰৰ সকলো মানুহে নিঃপালি দি শোৱাৰ পিছত অনামিকাই লেপখনকে লাডু বনাই এনেকৈ ৰাখিলে যাতে কোনোবাই দেখিলে তাত তাই শুই আছে বুলিয়েই ভাবে। অৱশ্যে তাই ভয়ো খাইছিল আৰু দেৰি হ’ব বুলি ভাবি কিছু আগতেই ক’লা শাৰী এখন পিন্ধি ছাগলীৰ গঁড়ালত লুকাই থাকিলগৈ।
ইফালে হিমুৱে ভাবিলে সকলো শুইছে যেতিয়া অনামিকাৰ কোঠাত সিন্ধি দিয়াৰহে কথা। চিপৰাঙৰপৰা আদি কৰি জৰুৰী সকলোকেইপদ বস্তু সি যোগাৰ কৰি লৈয়েই আহিছিল। হাতত সাৰে ভৰিত সাৰে সি বঢ়িয়াকৈ সিন্ধি খান্দি অনামিকাৰ কোঠাত সোমাল। প্ৰথমে দুৱাৰখন কোনফালে আছে, উমান লৈ দৰ্জাখন খুলি ল’লে। ভালদৰে উমান লৈ গম পালে যে দৰ্জাৰপৰা ওলাই দৌৰ মাৰিলেই সি নঙলামুখেই পাবগৈ। ভালেই হ’ল। এইবাৰ সি বাহিৰলৈ আহি নঙলাডালো খুলি থৈ আহিল যাতে কোনো স্পীড ব্ৰেকাৰ নোহোৱাকৈ দৌৰিব পাৰে। ঘূৰি আহি হিমুৱে পলম নকৰি একে জাপে অনামিকা বুলি ভাবি অনামিকাই নিজৰ বিচনাত লাডুৰ দৰে সজাই থোৱা লেপখনকে মেকুৰীয়ে নিগনী থপিওৱাদি থপিয়াই কান্ধত লৈ ভিৰাই দৌৰ মাৰি নঙলা পাৰ হৈ গ’ল বিনা স্পীড ব্ৰেকাৰেৰে। চোৰ বিদ্যাত পাকৈত হিমু খালী ভৰিৰে আহিছিল। সেয়ে বিশেষ কোনো শব্দ নহ’ল।
আনফালে তেতিয়া ক’লা শাৰী পিন্ধি ছাগলীৰ সৈতে শাৰী পূৰাই প্ৰেমিকা অনামিকা ছাগলীৰ গঁড়ালত বহি অাছিল। এনেতে গঁড়ালৰ দৰ্জা খোল খালে। অনামিকাই ৰাজকুমাৰ দেবুদাই তাইক হৰণ কৰিবলৈ অহা বুলি জানি বিশেষ লৰচৰো নকৰিলে। মনতে ভাবিলে ইমান ভাল পায় যদি ছাগলীৰ মাজৰপৰা মোক চিনি নিয়ক। ছাঁয়ামূৰ্ত্তিটোৱেও ভুল নকৰিলে। শেন চৰায়ে চিকাৰ ধৰাৰ দৰে অনামিকাক কান্ধত তুলি ভিৰাই পথাৰৰ দিশে দৌৰিবলৈ লাগিল। অনামিকাৰো নিজকে ঘোঁৰাৰ পিঠিত উঠাৰ নিচিনাই লাগিল। এৰ’প্লেনত উঠিলেও হয়তো ইমান আমেজ নাপালেহেঁতেন। মনতে ভাবিলে আঃ! প্ৰিয়জনৰ কান্ধত উঠি পলাই যোৱাৰ কি আমেজ!
পিছে এইখিনিতে আচল দুৰ্ঘটনাটো ঘটিল। ক’লা শাৰী পিন্ধিবলৈ দেবুৱেই অনামিকাক বুদ্ধিটো দি গৈছিল। আচলতে অনামিকাক কান্ধত উঠাই নিয়াটো দেবু চোৰ নাছিল। অনামিকাক অন্য কোনোবাই উঠাই লৈ যোৱাৰ পিছতহে দেবু আহি পাইছিল। দেবুৱে গঁড়ালত সোমায়েই গঁড়ালৰ আটাইতকৈ ডাঙৰ ক’লা পাঠা ছাগলীটোকে অনামিকা বুলি ভাবি পিঠিত উঠাই লৈ ভিৰাই দৌৰ মাৰিলে। পিছে অলপ দূৰ যোৱাৰ পিছতে ছাগলীয়ে বে…বে…..কৈ বেবাবলৈ লাগিল।
ইন্সপেক্টৰ কমলা দাসৰ টিমটোৱে সিদিনা গাঁৱত চোপ লৈ আছিল। দুই তিনিখন গাঁৱত সঘনাই চোৰ হোৱাৰ কথা ৰাইজে পুলিচক অৱগত কৰাত পুলিচেও সেইদিনা চোৰ ধৰা পেলাম বুলি নিশা গোপনে জাল তৰিছিলহি। পুলিচ টিমটোৱে তিনিটা ভাগত বিভক্ত হৈ চোপ লৈ আছিল। ছাগলীয়ে বেবোৱা শব্দ শুনি প্ৰথম টিমটোৱে দেবুক খেদি গৈ ধৰি পেলালে। শুভবিবাহৰ এই শুভক্ষণত হঠাৎ ছাগলী আৰু পুলিচৰ পাল্লাত পৰি দেবু চোৰৰ সকলো মান ইজ্জত পানী হৈ গৈছিল। ক’ৰ ছাগলী, ক’ৰ পুলিচ! তাৰ কপালখনত বাৰু বিয়াৰ দিনা এইগালহে লিখা থাকিব লাগে নে! ইতিমধ্যে পুলিচে দেবুক গ্ৰেপ্তাৰ কৰিছিল।
আন এটা টিমে এক্সপ্ৰেছ ট্ৰেইনৰ বেগত দৌৰি অহা হিমুক আগচি ধৰিলে।
সন্মুখত ৰিভলভাৰ টোঁৱাই থিয় হ’ল চাব ইন্সপেক্টৰ বন্দিতা জৈন।
বন্দিতা : ভালে ভালে ক, এই ৰাতিখন ক’ৰপৰা আহিছ তই? নাম কি তোৰ? আৰু কান্ধত কি উঠাই অানিছ?
হিমুৰ মুখত সন্মুখৰপৰা টৰ্চৰ পোহৰ পৰিল। পিছে হিমুক দেখি চাব ইন্সপেক্টৰ বন্দিতা জৈন আচৰিত হ’ল। ই দেখোন লাজহে কৰাৰ নিচিনা লাগিছে! কি বিপদ! চোৰেও লাজ কৰে!
বন্দিতা : ক সোনকালে। নহ’লে গুলীয়াই দিম।
হিমু : না না মেডাম, গুলী নকৰিব। আজি মোৰ বিয়া। এইৰ নাম অনামিকা। মই তাইক ভাল পাওঁ। শোৱাপাটীৰপৰা আলফুলকৈ উঠাই আনিছোঁ। মোৰ সপোন ভাঙি নেপেলাব।
চাব ইন্সপেক্টৰ বন্দিতা আৰু লগত থকা হাবিলদাৰ তিনিজন আচৰিত হ’ল। চোৰৰ কান্ধত থকা বস্তুটো দেখোন মানুহ যেন লগা নাই। ভালদৰে তালাচী চলাই দেখিলে যে সেইখন দেখোন লেপহে!
বন্দিতা : তই কি লেপখনক বিয়া কৰাবি নেকি?
হিমুৰ মুখৰ মাত হৰিল। হিমুক বন্দিতাই হাত কেৰেয়া লগাই পুলিচ জীপখনত উঠাই লক কৰি থ’লে। ইফালে একেখন জীপতে দেবুকো হাতকেৰেয়া লগাই লক কৰি থোৱা হৈছিল। অৱশ্যে কোনেও কাকো মাতবোল নকৰিলে।
তৃতীয়টো পুলিচ টিমৰ নেতৃত্বত আছিল ইন্সপেক্টৰ কমলা দাস নিজে। আঁতৰৰপৰা পথাৰৰ মাজেৰে কোনোবা এটা দৌৰি অহা যেন গম পাই চাৰিজন সহকৰ্মীৰ সৈতে ইন্সপেক্টৰ কমলা দাসে মানুহটোক অাগচি ধৰিলে।
কমলা দাস : হেণ্ডচ আপ! কোন তই?
আন্ধাৰৰপৰা ছাঁয়ামূৰ্ত্তিটোৱে ক’লে –
: তই কোন?
ইন্সপেক্টৰ : আই আম ইন্সপেক্টৰ কমলা দাস। হেণ্ডচ অাপ।
ছাঁয়ামূৰ্ত্তি : এঃ মেডাম, প্লিজ মাফ কৰি দিয়কনা! মই ছাগলী এটাহে চোৰ কৰি আনিছোঁ! নেতাবোৰে কিমান কৌটি কৌটি সৰকাই অাছে! মোৰ নিচিনা সাধাৰণ ছাগলী চোৰ এটা ধৰি আপুনি একো প্ৰমোচন নাপায়।
মোক যাবলৈ দিয়ক।
এনেতে এটা নাৰী কণ্ঠস্বৰ গৰজি উঠিল –
ঐ কোন পাষণ্ড তই? নমা মোক কান্ধৰপৰা। তই মানে মোৰ দেবুদা নহয়! ধূৰ্ত, বদমাছ, চোৰ, ডকাইত, লম্পট নমা মোক তোৰ কান্ধৰপৰা।
ছাঁয়ামূৰ্ত্তিটোৱে হঠাৎ ছাগলীটোৱে এনেদৰে মাইকী মানুহৰ মাত মতা বুলি ভাবি কিবা ভূত লম্ভিল বুলি অনামিকাক কান্ধৰপৰা পেলাই দি…..
‘আই ঔ এইডাল কি ঔ’ বুলি জাপ মাৰি ইন্সপেক্টৰ কমলা দাসৰ সন্মুখতে হামখুৰি খাই পৰিলহি। ইতিমধ্যে ছাঁয়ামূৰ্ত্তিৰ মুখত টৰ্চৰ পোহৰ পৰিল। কেইবাখনো হাতে ছাঁয়ামূৰ্ত্তিটো জব্দ কৰি পেলালে। টৰ্চৰ পোহৰত কমলা দাসে কিন্তু তাক ঠিকেই চিনি পালে।
ইন্সপেক্টৰ : তই চন্দনপুৰৰ গভাইত চোৰ চনু নহয় জানো।
চনু : (উৎফুল্লিত হৈ) মানে আপুনি মোক চিনি পাইছে! থেংক গড!
ইন্সপেক্টৰ : চুপ! তোৰ পূৰা নামটো অৰ্চন নহয় জানো?
অৰ্চন : ঠিক ধৰিছে বাইদেউ। ভাল মনত ৰাখিছে মোক। মোৰ নাম অৰ্চন শৰ্মা ওৰফে চনু। মই এতিয়া যাওঁনে?
ইন্সপেক্টৰ : (হাবিলদাৰজনলৈ চাই) ইয়াক জীপৰ পিছফালে বান্ধক। ইয়াক আজি হিন্দী চিনেমাৰ ষ্টাইলত জীপৰ পিছফালে বান্ধি চোঁচোৰাই নিম। ছোৱালী চোৰ তই।
আৰু ছোৱালীজনীকো উঠাই লওক।
চনু চোৰে চিঞৰিলে – ‘না…না… নহয় বাইদেউ, মই একেবাৰে গ্ৰেডলেচ চোৰ। মোৰ কেৰিয়াৰেই খাৰাব। মই ছাগলীও চোৰ কৰিব নাজানিলোঁ। ছাগলী বুলি ছোৱালীকে উঠাই আনিলোঁ…. প্লিজ মোক এৰি দিয়ক…. প্লিজ…..প্লিজ…..পি….লি…..জ।
নন্দনপুৰ আৰু চন্দনপুৰ গাঁৱৰ বিখ্যাত ব্যৱসায়ী হেমন্ত কাকতি আৰু অনামিকাৰ মাক দেউতাক পিছদিনা থানাত উপস্থিত হ’ল। তিনিও থানাৰ ভিতৰতে ইন্সপেক্টৰ কমলা দাসৰ সৈতে কথা পাতিলে। দুয়ো গাঁৱৰ দুই এজন গঞাও আহিল। ছোৱালীজনীৰ ভবিষ্যতৰ কথা ভাবি কেচটো ডিচমিচ কৰা হ’ল। অনামিকাক মাক দেউতাকে আৰু তিনিও চোৰক বিখ্যাত ব্যৱসায়ী হেমন্ত কাকতিয়ে জামিনত ল’লে। মিষ্টাৰ কাকতিৰ এটাই কথা, অপৰাধীবোৰকো সংশোধন হ’বলৈ এটা সুবিধা দিয়া উচিত।
তিনিওকে চোৰ বৃত্তি এৰি হেমন্ত কাকতিৰ সৈতে কাম কৰিবলৈ ইন্সপেক্টৰ কমলা দাসে পৰামৰ্শ দিলে। থানাতেই কেইবাজনো গঞাৰ উপস্থিতিত অনামিকাক দেবু মানে দেৱজিত শৰ্মালৈ ভবিষ্যতে বিয়া দিব বুলি অনামিকাৰ মাক দেউতাকে কথা দিলে। হিমু মানে হিমাংশু ৰাজখোৱাৰ মনটো ভাগিবলৈ লৈছিলেই। পিছে নতুনকৈ পুলিচত জইন কৰা অনামীক দেখি হিমাংশু পুনৰ প্ৰেমত পৰিল। হিমাংশুৱে অৰ্চনক কাণে কাণে ক’লে –
“ভগৱানে যি কৰে ভালৰ বাবেই কৰে। মই এই ধুনীয়া পুলিচজনীকে বিয়া পাতিম।”
অৰ্চন : আপোনালোকৰ বাৰু চেটিং হৈ গ’ল। পিছে মই কাক বিয়া কৰাম?
এনেতে থানাৰ বাহিৰত ছাগলী এজনীয়ে বেবাই উঠিল – বে…হে…হে…হে…..
☆ ★ ☆ ★ ☆
3:05 pm
বৰ ধুনীয়া লিখিলে।অৰ্চনলৈহে হেভি দুখ লাগিছে।
11:01 pm
ধন্যবাদ।
3:54 pm
হে হৰি, কি আছিলে এইটো ? ??? হাঁহি হাঁহি পাগল হৈ গৈছো অ দাদা
11:09 pm
ধন্যবাদ ৰাজশ্ৰী।মন্তব্যই আনন্দিত কৰিলে।
4:10 pm
এইটো মাজৰাতি পঢ়ি আছিলোঁ । টোপনিত থকা শ্ৰীমানৰ ঢকা এটাও খালো জোৰকৈ হাঁহি দিয়া বাবে
11:08 pm
সেয়াও এক সৌভাগ্য।
সুন্দৰ মন্তব্য পাই বৰ ভাল লাগিল।
4:23 pm
মজা মজা!
11:06 pm
ধন্যবাদ দাদা।
4:47 pm
হে ভগৱান, কমলা দাসে এতিয়াও চাকৰি কৰিয়ে আছে! মই আক’ অৱসৰ পালে বুলি হে ভাবি আছিলোঁ।
11:04 pm
দুই নম্বৰী কৰি চাকৰিত টিকি আছে বোলে।
মন্তব্যৰ বাবে আন্তৰিক ধন্যবাদ।
8:58 pm
চোৰত মোৰে পালে ৷ ধুনীয়া কল্পনা শক্তি ৷
11:03 pm
ধন্যবাদ দাদা।
11:21 pm
এইটো বৰ ভাল লিখিলি…
5:29 pm
ভগৱান?