মূল কবিতা:এতিয়া, কবি: তাৰাপদ ৰায়,ভাষান্তৰ-মুনমুন সৰকাৰ
মনত নপৰে,
মই নিজেই উভতি গৈছিলো, নে
তোমাক ওভোতাই পঠাইছিলো,
এতিয়া
মোৰ একো মনত নাই, তথাপি দুখ লাগে
এতিয়া , যেতিয়া হঠাৎ বৰষুণ দিয়ে
এতিয়া, যেতিয়া হঠাৎ শীতকালি চেঁচা বতাহ বয়
সৰাপাতবোৰ উৰুৱাই ফুৰে
মোৰ কেওপিনে বৰষুণ আৰু শীতৰ বতাহজাকে;
আনকি সেই আদিম যুগৰ বগা ঢেকঢেকীয়া ৰ’দ
হঠাৎ পুৱাই আহি মোৰ ঘৰ ভৰাই তোলে ,
আৰু সোধে, ‘কি? ক’লৈকো ওলাই নোযোৱা?’
এতিয়া আৰু ক’লৈকো যোৱা নহয়
এতিয়া কেৱল চেঁচা বতাহ, বৰষুণ, পানী
মোক কেন্দ্ৰ কৰি সৰাপাতবোৰ উৰে আৰু পানী পৰে।
এতিয়া তোমালৈ দুখ লাগে,
নিজকে চালেও দুখ হয়,
মই নিজে উভতি গৈছিলো , নে
তোমাক ওভোতাই পঠাইছিলো, এতিয়া দুখ লাগে।
☆ ★ ☆ ★ ☆
10:02 pm
সুন্দৰ অনুবাদ